Gajari: the Best of Indian Jokes: May 2012

May 11, 2012


AGAR MEIN KAHOON...

'ৰা : অগৰ মে কহু....... মুঝে তুমছে মোহবত হে......... মেৰি বছ য়েহি চাহত হে ত' ক্যা কহোগে ??

ছোৱালী: মে তুমঝে কহোংগি...... য়েই বাত অগৰ তুম কহি খানা খিলাকে কহতে.... জাৰা মবাইল মেঁ বেলেঞ্চ দালৱাকে কেহতে ত' আচ্চা হোতা...............

Contributed by Ishanjyoti

Plz Don't Change the Topic
পুখুৰীৰ পাৰত কচুপাত এখিলাত বহি ভেকুলী এযোৰাই ডেটিং মাৰি আছিল . . .

১নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
২নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্

আকৌ……
১নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
২নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্

আকৌ . . .
১নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
২নং ভেঃফাৰ্...ৰ্..ৰ্..ৰ্...ৰ্

১নং ভেঃটাৰ্...টাৰ্...টাৰ্...টাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
সোণজনী Topic change নকৰিবিচোন....

Contributed By Abhijit Dehingia


অনুশোচনা
বেংকৰ পৰা ঋণ লৈ ৰাকেশে বলেৰএখন কিনিলে। কিন্তু কি হব। ঋণ পৰিশোধ কৰিব নোৱাৰাত এদিন বেংকৰ পৰা মানুহ গৈ বলেৰখন টানি লৈ গল। ৰাকেশৰ আক্ষেপজীৱনত ডাঙৰ ভুল এটা কৰিলোঁ। বন্ধুৱে ভাবিলে ঋণ লৈ গাড়ী কিনা বাবে ৰাকেশে এতিয়া দুখ কৰিছে। বন্ধুৱে ৰাকেশক সান্ত্বনা দি কলেযি হ, ল আৰু দুখ কৰিব নালাগে। এতিয়া গাড়ীখন কিদৰে ওভতাই আনিব পাৰি, সেই ব্যৱস্থা কৰিব লাগে।

ৰাকেশঃ মই সেইটো চিন্তা কৰা নাই। মোৰ ভুল হল; বিয়াখনো বেংকৰ পৰা লো্ন লৈ কৰিব লাগিছিল।

Contributed By Ranjit KB

An Intelligent Husband
পত্নীয়ে আলোচনী এখন পঢ়ি আছিল। আগেয়ে আলোচনীত fill up the gap  কৰি মানে গল্প, উপন্যাস আদি পেজত লগোৱাৰ পিচত খালী ঠাই থাকিলে তাতে এটা কবিতা লগাই অসমীয়া কবিতাৰ সেৱা কৰা বুলি সভাই সমিতিয়ে গামোছা লোৱা ধুৰন্ধৰ সম্পাদকে আজিকালি সেইটো কৰিব নোৱাৰা হল। কবিতাৰ followers  বাঢ়িল। বেপাৰৰ সুবিধাও অলপ বঢ়িল। গতিকে এটা সম্পূৰ্ণ পৃষ্ঠাৰ ব্যৱস্থা হল। খালী হৈ থকা তেনে এঠাইত লগাই থোৱা বিচিত্ৰ বাৰ্তা এটা পঢ়ি বিবাহিতৰ পত্নীৰ মূৰতো অলপ গৰমেই হল। স্বামীক কলে “চাওকচোন আজিও পৃথিৱীত এনে জাতি আছে হেনো, ঘোঁৰাৰ বিনিময়ত পত্নী বিক্ৰী কৰে। এইখনতে লিখিছে, কেনিয়াত হেনো তেনে জাতি আছে। কথাখিনি পঢ়ি ভয়েই লাগিছে। তুমিও যদি মোক তেনেকুৱা কৰা |”

স্বামীঃ ইচচ্ মোক কিবা তুমি ইমানেই বুৰ্বক বুলি ভাবিছা নে। তোমাক ঘোঁৰাৰ বিনিময়ত বিক্ৰী কৰিম? সেয়া হবই নোৱাৰে। কমচে কম মাৰুতি এখন লম|”
সমীয়া মানুহৰ বুধিয়েই বেলেগ।


Contributed By Ranjit KB

Shop like a Wise Man


Ranjit দা আজি গধূলি পাচলি আনোগৈ বুলি বজাৰৰ ফালে ওলাই গৈছিল । ইটো সিটোকে পাচলিৰ দামবোৰ সোধিলে । জিকা দুটামান দেখি খুব মন গ'ল দাদাৰ মাছৰ স'তে জিকা দিয়া এসাঁজ খাবলে'
ভবা মতেই কাম, বেপাৰীক সুধিলে __ বোলো ককাই জিকাৰ দাম কিমান ?
বেপাৰীয়ে ক'লে __ আধা কেজিত ২৫ টকা দাদা ।
আমাৰ ৰণজিৎদাই 'লে __ আউ বৰ দাম হে, ইমান দামী পাচলি খাব নোৱাৰিম দেই ।
জিকা খোৱাৰ কথা মনতে সামৰি দাদাই বেপাৰীক সোধিলে: দাংবদিৰ দাম কিমান ?
বেপাৰী কাইটিয়ে ক'লে __ পোৱাত ১৫ টকা দাদা ।
;"> আমাৰ দাদাই ক'লে__ দিয়া তাকেই এপোৱা দিয়া, জিকা বৰ দাম ! আজি দাংবদিকে খাওঁ ।
 Contributed by Tulika


An Honest Judgement 
ট্ৰেফিক আইন উলংঘা কৰি দ্ৰুতগতিত ছেন্ট্ৰচলাই যোৱা দেখি নবীনক বাটতে ট্ৰেফিক পুলিচে ধৰিলে। গুৱাহাটীৰ ট্ৰেফিক পুলিচ। এশ-ডেৰশ টকাৰ তলত কথাই নাপাতে। কেছ গৈ আদালত পালে। এতিয়া আদালতৰ কক্ষত কি হল শুনো আহক। 
বিচাৰকমিঃ নবীন, আপুনি যে স্পীডত গাড়ী চলোৱা নাছিল, সেই বিষয়ে আপোনাৰ হাতত কিবা প্ৰমাণ আছেনে? আপুনি কলৈ গৈ আছিল?
(
বিচাৰকে মিষ্টাৰ নবীনবুলি মতাত নবীনৰ বুকুখন চাৰি ইঞ্চিমান ফুলি গল। লগতে আপুনিবুলিও কলে। সি অলপ আৱেগিক হৈ পৰিলইমান সন্মান! মোক এনে সন্মান কোনেও কেতিয়াও যঁচা নাই। সৰু মানুহ বুলি সকলোৱে পেংলাইহে কৰে।)

উৎফুল্লিত নবীনৰ স্পষ্ট উত্তৰ (অলপ ইংৰাজীও লগাই দিলে। উকিলজনে কৈ থকা শুনি আছে যে)মাই লৰ্ড, মই সিদিনা পত্নীক শহুৰৰ ঘৰৰ পৰা আনিবলৈহে গৈ আছিলো।

কথা শুনি বিচাৰকে দ্বিতীয়বাৰ সুধিলেসঁচা কথা কওক। শহুৰৰ ঘৰলৈ মিছেছক আনিবলৈ গৈ আছিল নে?
নবীনসঁচা, সঁচা। এক্কেবাৰেৰে সঁচা।
বিচাৰকতেতিয়া হলে ঠিকেই আছে। কেছ ডিছমিছড।
Contributed by Ranjit KB


Supreme Knowledge

এবাৰ এজন জীৱ-বিজ্ঞানৰ শিক্ষক,গণিতৰ শিক্ষক আৰু ৰসায়ন বিজ্ঞানৰ শিক্ষকে তেওঁলোকৰ পাণ্ডিত্য দেখুৱাবলৈ নদী এখনলৈ গ'
জীৱ-বিজ্ঞানৰ শিক্ষক জনে ক'লে : মই নদীত থকা সকলোবোৰ প্রাণী আৰু উদ্ভিদৰ তথ্য দিব পাৰিম | (এইবুলি কৈ নদীত জাঁপ দিলে)
.
গণিতৰ শিক্ষক জনে ক'লেঃ মই নদী খনৰ দৈর্ঘ্য আৰু প্ৰস্হ উলিয়াব পাৰিম |(এইবুলি কৈ পানীত জাঁপ দিলে)
.
ৰসায়ন বিজ্ঞানৰ শিক্ষক জনে ক'লে (তেওঁলোকে উঠি আহিব বুলি ৫ ঘন্টা ধৰি অপেক্ষা কৰি থাকিল আৰু নদীৰ পৰা উঠি নহা দেখি): মই নিশ্চিত হৈ ক'ব পাৰো যে তেওঁলোক দুজন পানীত দ্রৱণীয়..!!

Contributed By Jyoti Rekha

May 07, 2012

What a Style


আমাৰ নয়নে কেইদিনমান আগতে বাইক কিনাৰ কথাটো জানে নহয় ? কালি সি বাইকখন বিৰৰাট ষ্টাইলত চলাই গৈ আছিল |
বাটত ধুনীয়া ছোৱালী এজনী দেখি চকু আঁতৰাবকে নোৱাৰা হ’ল |
গৈ গৈ ৰাস্তাৰ কাষত বাগৰি পৰিল ...

নয়ন পৰা দেখি ছোৱালীজনী তাৰ ওচৰলৈ দৌৰি আহিল ... "দাদা, ইচ, দুখ পালে নেকি বাৰু ? "

আমাৰ নয়নো জানো কম ?

টিকাত লাগি থকা বোকাবোৰ হাতেৰে লাহেকৈ মোহাৰি মোহাৰি উত্তৰ দিলে, " এইটো মোৰ বাইকৰ পৰা নমাৰ ষ্টাইলহে "


Contributed by Bijoy Mahanta
The GABBAR Effect

গব্বৰঃ ঐ মুৰ্গি তোক মই ২টা কনী পাৰিবলৈ কৈছিলো নহয়, 
এটাহে পাৰিলি যে? তই মোক ভয় নকৰ নেকি ?

মুৰ্গিঃ ভয় কৰো কাৰনেহে ১টা পাৰিলো মালিক। দয়া কৰি মোক নামাৰিব।
মই আচলতে মতা কুকুৰাহে হয়...


Contributed by Nayanjit
English Alphabet: 52 Letters‎


নয়নৰ
 মতে ইংৰাজী বর্ণমালাৰ সংখ্যা ৫২ টা।

কেনেকৈ?

সৰুফলা ২৬ টা আৰু ডাঙৰফলা ২৬ টা।

এদিন মনে মনে তাৰ ডায়েৰীখনৰ পাত কেইটামান লুটিয়াই চাওতে দেখিলো।
লগতে লিখা আছে - ইউৰেকা, ইউৰেকা।





Contributed by Pranab Jyoti
Smartness Unlimited

‎Santanu দা Nayan ৰ ঘৰলৈ গলে সদায় এটা বস্তু দেখি আচৰিত হয়। নয়নে ৱালক্লকটোৰ বেটেৰি দুটা সদায় খুলি থয়। শান্তনু দাই কথাটো ধৰিব নোৱাৰি এদিন নয়নক সুধিলে-

: নয়ন, তোৰ ঘড়ীটোৰ বেটেৰি দুটা সদায় কেলে বাহিৰত পৰি থাকে?

নয়নৰ স্মার্ট উত্তৰ_

: আজি-কালি যিহে বেটেৰিৰ দাম, সময় চাব লগা হলেহে বেটেৰিকেইটা লগাই লও নহলে বেচি দিন নাযায় নহয়।

নয়নৰ বুদ্ধি দেখি শান্তনু দা সেইখিনিতেই বেহুঁচ... 




Contributed by Pranab Jyoti Das

 চিনাকি অচিনাকি


সৰুকালৰে কথা-


মন জিত : - মা, মোক মোৰ জন্মৰ আগতে দেখিছিলা নে ?
মাক : - নাই দেখা সোণ
মন জিত : - তেনেহ’লে জন্মৰ পিছত কেনেকৈ চিনি পালা ?

Contributed by Jyoti Rekha
The Right Age
মহিলা/নাৰী/ছোৱালী বোৰে জীৱনত অংক কৰি খুব ভাল পায় ৷ কেনেকৈ কৰে চাও আহক ....
(ব্ৰেকেটত দিয়া বোৰহে শুদ্ধ উত্তৰ দেই ৷) 

:তোমাৰ বয়স কিমান ?
:২০ বছৰ(আচলতে বয়স ৩০ ৷ কিন্তু ৩০-১০=২০ কৰিলে )

:তোমাৰ এই কাপোৰযোৰৰ দাম কিমান?
:৫০০০ (আচলতে ৫০০ টকাহে দাম ৷ কিন্তু ৫০০x10=৫০০০ কৰিলে)

:তোমাৰ বেষ্টফ্ৰণ্ডৰ বয়স কিমান ?
:৩০ বছৰ (আচলতে বয়স ২৫ ৷ কিন্তু অংকত চোকা আমাৰ দেৱীসকলে ২৫+৫=৩০) কৰিলে)


দেখিলে ৰাইজ !!!! তেখেতসকলৰ মহিমা অপাৰ ৷

Contributed by Ishanjyoti

May 03, 2012

সুখৰ সংসাৰখন

The Happy-most Couple



কলিতাৰ একদম সুখৰ সংসাৰ !!!
অনবৰতে তেওঁলোকৰ ঘৰৰ পৰা হাঁহিৰ মাত উফৰি উফৰি আহে |
চুবুৰীয়াসকল হিংসাতে জ্বলি-পকি মৰে |

সেইদিনা হে গম পালোঁ ৰহস্যডাল - কলিতাৰ ওপৰত খং উঠিলে কলিতানীয়ে হেনো যিহকে পায় তাকে দলিয়ায়- বাচন বৰ্তন, ফুলদানী, মোবাইল ফোন, টিভিৰ ৰিম’ট...

কলিতাই জঁপিয়াই জঁপিয়াই বাচিবলৈ চেষ্টা কৰে, নালাগিলে প্ৰাণ খুলি হাঁহে | আৰু যদি কেনেবাকৈ লাগে, তেতিয়া কলিতানীয়ে হাত-তালি দি দি হাঁহে |

ইমান হাঁহি যে সংসাৰ একেবাৰে সুখত ডুব খাই আছে |


by Changmai#
 A Worried Ketenga 

কেটেঙা মহা চিন্তাত...

কেটেঙীয়ে যে তাক এৰি পেটেলাৰ লগত বিহু চাবলৈ গুছি গ’ল তাতে বৰ দুখ পালে | কিন্তু সেইটো চিন্তাৰ বিষয় নহয় | দুখতে সি বজাৰৰ পৰা প‍ইজনৰ বটল এটা কিনি আনিলে | ঘৰত আহি হে দেখিছে, এক্সপাইৰী ডেট এবছৰ আগতেই পাৰ হৈ গ”ল |

তাকে লৈ কেটেঙা চিন্তাত... প‍ইজনৰ বটল টো বেয়া হৈ যোৱা নাই তো ? 

অজলাটো কৰ’বাৰ .... 



by Changmai#
The most Romantic Place

কেটেঙা: ভাৰত চৰকাৰে Recently অসমক দেশৰ ভিতৰতে আটাইতকৈ ৰোমান্টিক ঠাই বুলি ঘোষণা কৰিছে

পেটুৱা: বাত কৰতা হ্যে!!! কেনেকৈ?

কেটেঙা: কেলেই, অসমত সদায় গধূলি মানুহবোৰে Candle-light ডিনাৰ কৰে আক’ ; সেই কাৰণে... 

পেটুৱা: তেমাম আৰু দেই... 



by Changmai#

পিকনিক

The Curious lad at a picnic

নদাই ভদাই আৰু নয়ন  এদিন পিকনিক খাবলৈ গ’ল |পিকনিক স্প’ট হ’ল ঘৰৰ পিছফালে থকা হাবিখনৰ মাজৰ খালী ঠাই এটুকুৰা | ঘৰৰ পৰা প্ৰায় ডেৰ কি.মি. বাট; গতিকে সকলোৱে ঘৰতেই খোৱা বস্তু ৰান্ধি মেলি লৈ গ’ল | তাত পাই হে দেখে যে পানী আনিবলৈ পাহৰিলে, বিনা পানীত নো কেনেকৈ জ্বলা জ্বলা চিকেন কাৰী আৰু কণীৰ দম খোৱা যায় ? 

অলপ পৰ গুণা গঁথা কৰাৰ পিছত সিদ্ধান্ত হ’ল যে পটকৈ দৌৰ মাৰি নয়নে পানীৰ বটল দুটা ঘৰৰ পৰা লৈ আহিবগৈ | নয়নো যাবলৈ মান্তি হ’ল, কিন্তু এটা চৰ্তত... যে সি উভতি নহালৈকে কোনেও একো খানাতে হাত দিব নোৱাৰিব | নদাই আৰু ভদাইও ৰাজী হ’ল | এতেকে, নয়ন ওলাল...

১০ মিনিট
২০ মিনিট
আধা ঘন্টা
.
.

.

দুঘন্টালৈকে নয়নৰ দেখাদেখি নাই...

আমনি লাগি লাগি নদায়ে ভদাইক ক’লে- এইটো ইমান দেৰি উভতি অহা নাই, সময় ইমান বেলি হ’ল, বৰ ভোক লাগিছে... পেটে সহিব নোৱাৰিছে আৰু... ব’ল আমি অলপ অলপ খাই লওঁ...

ভদায়েও সন্মতি দিবলৈ মুৰতো দুপিয়াই হে.... তেনেতে ডাঙৰ গছ এজোপাৰ পিছফালৰ পৰা নয়নে মাত লগালে- "চাবি আক’ তঁহতি এনেকৈ খাবলৈ আৰম্ভ কৰিলে ম‍ই পানীৰ বটল আনিবলৈ নাযাওঁ কৈ দিছোঁ.... "


by Changmai#
Easy Maths




কলিতাৰ পুতেকঃ দেউতা 1+2= কিমান হয়?

কলিতাঃ কটা নিধক্

গাধ

বুৰ্বক

নিলাজ

কুকুৰ

তই এই সাধাৰন কথাটোওঁ নাজান' নে
যা ভিতৰৰ প'ৰা কেলকুলেটৰটো লৈ আহ।


Contributed by Nayanjit

অকল মহিলাৰ বাবে [Assamese jokes]

Women are Insatiable




কেইজনীমান বান্ধৱী লগলাগি অলপ দূৰলৈ ফুৰিবলৈ গল। গৈ তাত এখন হোটেল দেখিলে যত লিখা আছিল "অকল মহিলাৰ বাবে"। যিহেতু সিহতে গিৰিয়েক বা বয়ফ্রেণ্ড কেইটাক লগত নিয়া নাছিল, তেওঁলোকে তাতেই থাকিব মন কৰিলে।

সোমায়েই মেনেজাৰক লগ পালে। মেনেজাৰে কথাটো বুজায় দিলে যে সৰ্বমুঠ ৫ টা মহলা আছে। যিটো মহলা ভাল লাগে সেইটোতে থাকিব পাৰিব। আৰু তেওঁলোকৰ সুবিধাৰ কাৰনে কোনটো মহলাত কি আছে তাৰ এখন ফলক প্রত্যক মহলাৰ দুৱাৰমুখত আছে।

বান্ধৱীকেইজনী ওপৰলৈ উঠিল আৰু প্রথম মহলা পালে। তাত লিখা আছিল "এই মহলাৰ সকলোবোৰ পুৰুষ চাপৰ আৰু কেটেঙা"। তেওঁলোকে থিকছে হাঁহিলে আৰু ২য় মহলালৈ গল। 

২য় মহলাত লিখা আছিল "এই মহলাৰ সকলোবোৰ পুৰুষ চাপৰ আৰু ধুনিয়া"। বান্ধৱীকেইজনী তাতেও নৰৈ আৰু ওপৰলে উঠিল।
৩য় মহলাত লিখা আছিল "এই মহলাৰ সকলোবোৰ পুৰুষ ওখ আৰু কেটেঙা"। তেওঁলোকে আৰু কিবা ভাল বিচাৰিছিল, সেইকাৰনে ২টা মহলা বাকি থকাত আকৌ ওপৰলৈ উঠিল।

৪ৰ্থ মহলাৰ ফলকখন পাৰফেক্ট আছিল "এই মহলাৰ সকলোবোৰ পুৰুষ ওখ আৰু ধুনিয়া"।
বান্ধৱীকেইজনী বহুত আনন্দিত হল আৰু ভিতৰত সোমাব খুজিলে। তেতিয়াই অনুভব হল যে এতিয়াও আৰু এটা মহলা বাকি আছে। ৫ম মহলাত নো কি আছে তাকে ভাবি ভাবি গোটেইকেইজনী ওপৰলৈ উঠিল।

৫ম মহলাত গৈ তেওঁলোকে এখন ফলক দেখিলে য'ত লিখা আছিল "ইয়াত কোনো পুৰুষ নাই।এই মহলাটো মাত্র এটা কথা প্রমাণ কৰিবলৈ বনোৱা হৈছিল যে মহিলাসকলক কেতিয়াওঁ কোনোপধ্যেই সন্তুষ্ট কৰিব নোৱাৰি"।

Contributed by Nayanjit Deka
Fast foods Fall Faaaster


এটা আপেল আৰু এটা পিজা ১৫ মহলাৰ পৰা পেলাই দিয়া হ'ল।

আগতে কোনবিধ বস্তু তলত পৰিবহি??
.
.
.
.
.
.
.
.

.
.
.
.
.
.
.

.
উত্তৰঃ পিজাটো পৰিব, কাৰন পিজা ইজ্ এ ফাষ্ট্ ফুড



Contributed by Nayanjit

May 02, 2012

Lost in translation

ভাষা-বিভ্ৰাট 

জোনমণিয়ে মেট্ৰিক পাছ কৰি ডিব্ৰুগড়ৰ নাম জ্বলা উচ্চতৰ মাধ্যমিক শিক্ষানুষ্ঠান এখনত নাম লগালে | ক্লাছৰ পৰা হোষ্টেললৈ এক কি.মি. | গোটেই দিনটো ক্লাছ কৰি ভাগৰ লাগে... গতিকে তাই ৰিক্সাতে অহা-যোৱা কৰে | 

এদিনৰ কথা, অনা-অসমীয়া ৰিক্সাৱালা এটাৰ ৰিক্সাত উঠি তাই হোষ্টেললৈ গৈ আছে ...

অলপ পিছত:

জোনমণি:- হ্যে ৰিক্সাৱালা, হাম গিৰেগা...
ৰিক্সাৱালা:- নাহি গিৰেগা মেডাম, হাম ভাল কৰে চালাতা হায়...
জোনমণি:- নাহি নাহি ৰুকৌ, হাম গিৰেগা...
ৰিক্সাৱালা:- আৰে, কাহে ডৰতানি, নাহি গিৰেগা !!!
জোনমণি:- আৰে, ৰুকৌ বোলতা হায় না, হামাৰা হোষ্টেল পহুঁচি গয়া, হামি য়েঁহী পে গিৰেগা ...



by Changmai#
Clueless



তুলিকা: যদি তুমি ক’ব পাৰা এই বেগটোৰ ভিতৰত কি আছে, তেনেহ’লে গোটেইকেইটা কণী তোমাৰ... 


আৰু যদি ক’ব পাৰা কেইটা কণী আছে, গোটেই আঠোটা কণী তোমাৰ...

যদি কৈ দিব পাৰা কণী কোনে পাৰিছে, তেনেহ’লে সেই মুৰ্গীজনীও তোমাৰ... 

শান্তিছাঁয়া : - ইমান টান ; কিবা এটা Hint দিয়া না পীলীজ....

by Changmai#
A Mad author & his book

Doctor: এইখন কি ?
পাগল: ম‍ই এইখন ৫০০ পৃষ্ঠাৰ কিতাপ লিখিছোঁ |
Doctor: তুমি ৫০০ পৃষ্ঠাত ইমানকৈ কি নো লিখিছা ?
পাগল : প্ৰথম পৃষ্ঠাত লিখিছোঁ - এজন ৰজাই এদিন ঘোঁৰাৰ পিঠিত উঠি জংগল এখনলৈ  গ’ল / আৰু শেষৰ পৃষ্ঠাত লিখিছোঁ- ৰজাই গৈ জংগল পালেগৈ |
Doctor:  তেনেহ’লে মাজৰ ৪৯৮ পৃষ্ঠাত নো কি কি লিখিছা ?
পাগল : টিগদিক টিগদিক টিগদিক ..... টিগদিক টিগদিক ...

contributed by Jyoti Rekha 
বগা চুলিৰ ৰহস্য 




বিজয়ঃ দেউতা তোমাৰ মাজে মাজে কেইডালমান চুলি বগা কিয় বাৰু ?

দেউতাঃ যেতিয়াই কোনো সন্তানে দেউতাকক কিবা কথাত দুখ দিয়ে তেতিয়াই দেউতাকৰ ১ ডাল চুলি বগা হৈ যায়।

বিজয়ঃ অ' এতিয়াহে বুজিলো আমাৰ ককাৰ গোটেইখিনি চুলি কেলে ব'গা।

contributed by Nayanjit
No more Sweet Talk




এবাৰ ছোৱালি এজনিয়ে তাইৰ বয়ফ্রেণ্ডক সুধিলেঃ

আমি যে ওজন-উচ্চতা-দূৰত্ব এইবোৰ জুখিব পাৰো, প্রেম-বন্ধুত্ব-বিশ্বাস এইবোৰ জুখিবলৈ একো সা-সৰঞ্জাম নাই কিয়?

ল'ৰাটোৱে মনে মনে অলপ সময় ভাবিলে...

তাইক দুবাহুত আকোৱালি ল'লে....

তাইৰ চকুলৈ গভিৰভাৱে চাই ক'লেঃ

.
.
চোৱা সোনজনি, মোৰ মোৰটো আৰু গৰম নকৰিবা। মই ইতিমধ্যে ফিজিক্সত ফেইল্ কৰিছোয়েই...


Contributed by Nayanjit

Double Take

Two to Tango

স্কুলত পঢ়ি থকাৰ দিনৰে কথা:-

১/ নয়নজিতৰ ৰিজাল্ট ওলাল, সি যেনেতেনে টানি-টুনি পাছ কৰিছে আৰু... 
দেউতাক:- গৰু, গাধ, $*#@##, ওচৰৰে দত্তৰ জীয়েকে ৮৯% লৈ পাছ কৰিছে, একেই স্কুল, একেই ক্লাছ, একেই টিউচন মাষ্টৰ, একেই ফেচিলিটী... ত‍ই নো কেনেকৈ ৩২% পাইছ ?

নয়ন:- দত্তৰ জীয়েকক বেছি প্ৰশংসা নকৰিব দেউতা... ক্লাছত, টিউচনত, ৰাস্তাত, ফেচবুকত তাইক চাই চায়েই তো মোৰ এই অৱস্থা ... || হি: হি:

২/ বিজয়: দেউতা দেউতা, ম‍ই পৰীক্ষাত পাচ কৰিলে কি দিবা নো ?
দেউতাক: তোক যি লাগে তাকে দিম... কি লাগে ক’
বিজয়: এখন চাইকেল দিবা?
দেউতাক: দিম দিম
বিজয়: আৰু ফেইল কৰিলে ? হি: হি:
দেউতাক: পোন্ধৰ খন চাইকেল দিম...
বিজয়: ওৱা... এইটো আক’ কেনেকুৱা কথা ?
দেউতাক: ফেইল কৰিলে আৰু স্কুললৈ গৈ ফালিব নালাগে... চাইকেলৰ দোকানকে খুলিবি | হি: হি: .... ||




by Changmai#
The Super Intelligent Chef


গুৱাহাটী ক্লাৱত থকা গাৰ্লচ হো্ষ্টেল এখনৰ ৰান্ধনী গৰাকীয়ে কেলেন্ডাৰখন বৰ মনোযোগেৰে চাই আছে ।আৰু চাই চাই অৱশেষত চিঞৰি উঠিল এইবাৰ চেকেন্ড চেটাৰডে টো সোমবাৰে পৰিছিল ।মই ঘৰৰ পৰাই আহিব পাৰিলোহেতেন ৷

Contributed by Bhabita

ৰাতি পুৱাবলৈ বহুপৰ [Assamese jokes]

Too Drunk!!!
গাজাৰী নহয়, মদাহীৰ কথা। অভাৰ খাই পূৰা আউট। ঘৰলৈ গৈ থাকোতে ৰাস্তাৰ কাষতে ধপংকৈ পৰিল। লগে লগে বমি। সেই সময়তে পথেৰে এটা কুকুৰে গৈ আছিল। তাজা তাজা বমি দেখি লোভ সামৰিব নোৱাৰিলে। জিহ্বা লকলকাই উঠিল। চেলেপ চেলেপকৈ চেলেকিব ধৰিলে। উহ! কি যে সোৱাদ। খাই খাই বপুৰাও শুই পৰিল। ইপিনে নিচাত বেহুচ মদাহীয়ে খেপিয়াই খেপিয়াই থাকোতে কুকুৰ নেজত হাত পৰিল। নেজডাল মোহাৰি মোহাৰি ক’বলৈ ধৰিলে—প্ৰিয়তমা, আনকালে খোপা বান্ধি থাকা। আজি দেখোন বেণী গাঁঠি আছা। তোমাক বৰ ধুনীয়া লাগিছে দেই। শুই থাকা। ৰাতি পুৱাবলৈ বহুপৰ আছে।

Contributed by Ranjit KB

গীটাৰ বজাব শিকিছো [Assamese jokes]

Play yourself on the TV

প্ৰানেশ্বৰ:মই গীটাৰ বজাব শিকিছো 
প্ৰানেশ্বৰী: তেন্তে তুমি টিভিত তোমাৰ টেলেন্ট দেখুৱালে ভাল হ’ব 
প্ৰানেশ্বৰ: মই ইমান ভাল বজাওনে ?? (বুকু ফিন্দাই)
প্ৰানেশ্বৰী:নট ৰিয়েলি ...তেতিয়া এটলিষ্ট মই টিভিটো অফ কৰি থব পাৰিম ৷

Contributed by Ishanjyoti
Tit for Tat


প্ৰানেশ্বৰে দেউতাকক দুখেৰে ক’লে : “দেউতা ৷ মোৰ গাৰ্লফ্ৰণ্ডে মোৰ লগত ব্ৰেক-আপ কৰিলে ৷ তাই নতুন ল’ৰা এটা পটালে ৷ সেই গাধটোৰ লগত উঠা ফটোবোৰ মোলৈ তাই পঠিয়াই দিছে আজি ৷ ”

প্ৰানেশ্বৰৰ দেউতাক: ইমান ছেন্টি ফালিলে নহ’ব ৷ হিম্মত নাহাৰিবি ৷ তই এটা কাম কৰ মোৰ সোনাই ৷ 

প্ৰানেশ্বৰ:কি কাম দেউতা ?

প্ৰানেশ্বৰৰ দেউতাক : ফটোবোৰ তাইৰ দেউতাকলৈ পঠিয়াই দে পষ্ট কৰি ৷ পাওক মজাটো ৷ 


Contributed by Ishanjyoti Bora

Mosquito Masti [Assamese jokes]



মহৰ পোৱালি এটা প্রথম উৰিবলৈ শিকিছে। 

এক পাক উৰাৰ পাছত বাপেকে সুধিলে:-উৰি উৰি কেনে লাগিল?

পোৱালি: খুব ভাল লাগিল পিতাই। যেনিয়ে যাওঁ তেনিয়ে মানুহবোৰে হাত চাপৰি বজায়, হি হি ...


Contributed by Tulika
ৰিচাৰ্জ/ডিছচাৰ্জ


আমাৰ গাজাৰী সকলৰ মাজৰে এজনে যোৱা তিনিবছৰ ধৰি ম’বাইল ফোন কোম্পানী এটাত যে কাম কৰি আছে, আপোনালোকে চাগে’ জানেই। ইমান দিনে গা-মূৰ ঠিকেই আছিল যদিও আজি হঠাৎ তেওঁৰ পেটৰ অসুখ হ’ল। অসুখ মানে অসুখেই__হাত নুশুকায় কোনো মতে। তেওঁ ডাক্তৰৰ ওচৰলৈ গৈ অসুখৰ বিৱৰণ দিলে এনেকৈ:-

: ছাৰ, পুৱাৰ পৰাই ব্যাপক হাৰত আউটগ’য়িং চলি আছে। অনবৰতে পেটৰ নতুন নতুন ৰিংটন শুনিবলৈ পাওঁ। পেটৰ বেলেন্স কেতিয়াবাই শেষ। চ’টা ৰিচার্জ কৰিব খুজিলেও লগে লগে ডিছচার্জ হৈ যায়। প্লিজ ছাৰ, যিমান সোনকালে পাৰে মোৰ এই স্কিমটো বন্ধ কৰক।




Contributed By Tulika