Gajari: the Best of Indian Jokes: August 2012

August 25, 2012

Hair- Care, Assamese joke চিন্তা আৰু চুলি


চিন্তা আৰু চুলি


জুনমুন: - মাম্মী মাম্মী... পাপ্পাৰ কেলে চুলি ইমান কম? আগ তপা যে?

মাম্ম্মী: - পাপাই বেছি বেছি চিন্তা কৰে যে.. চিন্তা কৰিলে চুলি সৰেই।  যিমান চিন্তা, সিমানেই চুলি-সৰণ । 

জুনমুন: - অ’ ওৱাও....।  এতিয়া হে বুজিলোঁ তোমাৰ চুলিকোচা কিয় ইমান দীঘল।  খিক খিক । 

by Changmai#

আচল অৰ্থ 

ছোৱালীয়ে কোৱা কিছুমান কথাৰ আচলতে কি অৰ্থ থাকে জানেনে ?আহক,জানি লঁও:

মুখেৰে কয় :মই তোমাক এৰি কেতিয়াও থাকিব নোৱাৰো ৷ 
আচল অৰ্থ: মই তোমাক এৰি কেতিয়াও থাকিব নোৱাৰো যেতিয়ালৈকে বেলেগ এজনক নাপাঁও ৷ 

মুখেৰে কয় :তোমাক এৰি কেতিয়াও নাযাঁও ৷
আচল অৰ্থ: তোমাক এৰি কেতিয়াও নাযাঁও যেতিয়ালৈকে তোমাল লুটি-পুটি শেষ কৰি নিদিঁও ৷

মুখেৰে কয় :তুমি অনলি মোৰহে ৷
আচল অৰ্থ: তুমি অনলি মোৰহে ,বাট মই চবৰে ৷ 

মুখেৰে কয় : ভালপোৱাত টকা-পইচা এইবোৰ মই নামানো ৷ 
আচল অৰ্থ: ভালপোৱাত টকা-পইচা এইবোৰ মই নামানো ৷ কিন্তু কোনোবাই দিলে মই বেয়া নাপাঁও ৷ 

মুখেৰে কয় : তুমি মোক বিয়া পাতিবানে ?
আচল অৰ্থ: তুমি মোক বিয়া পাতিবানে ? নাপাতিলেও নাই !! মোৰ পিছত ঢেৰ ল’ৰা পৰি আছে 

জাগা ল’ৰাবোৰ জাগা !!!!

by Ishaanjyoti

ভাড়াঘৰ

ভাড়াঘৰৰ মালিক: মাহে ৫০০ টকা দিব ৷

ভাড়াতীয়া: সেইটো বাৰু ঠিকেই আছে, কিন্তু আপোনাৰ ঘৰত নিগনিয়ে নাচি আছে দেখোন ৷

ভাড়াঘৰৰ মালিক: চাল্লা.. ৫০০ টকাত নিগনিয়ে নানাচি কি শীলাই “শীলা কী জৱানী” নাচিব নেকি.....

contributed by Abhijit Dehingia

মুৰ্গী অৱতাৰ [Assamese Best Jokes]

পুনৰজনম



কলিতাই এদিন খাই বৈ ফিটিং হৈ ঘৰলৈ উভতিলে | ইমানেই ফিটিং যে খবৰ নাই একো, চিধাই আহি বিচনাত লাং খাই দিলে | 


অলপ পিছত কলিতাৰ আত্মা টো উৰি গৈ স্বৰ্গ পালেগৈ ... কলিতাই দেখে কথা বিষম | যেনে তেনে কাও বাও কৰি মেলি ভগৱানক কাকূতি কৰি আৰু এবাৰৰ বাবে চান্স এটা দিবলৈ সৈমান কৰিলে | ভগৱানে কলিতাক মুৰ্গী বনাই পৃথিৱীলৈ পঠাই দিলে |

কলিতা একদম খুচ... আহিয়েই কণী এটা পাৰিলে; খুব ভাল লাগি গ’ল মনটো | দ্বিতীয় কণীটো পাৰিবলৈ লৈছে হে, তেনেতে মূৰতে কোনোবাই টঙনিয়াই দিলে |

উঠি দেখে- বেলনা মাৰি হাতত লৈ উগ্ৰচণ্ডী কলিতানী:- গেলাসোপা খাই আহিছে তো আহিছেই, এতিয়া টোপনিতে বিচনাতে হাগুও কৰি দিছে... বিপ বিপ বিপ (মানে গালিবোৰ বিপ কৰি দিছোঁ ) বিপ বিপ |

by Changmai#