Gajari: the Best of Indian Jokes: December 2012

December 02, 2012

কোনে বেছি ভাল পায় ?


নবীন, থুলুক আৰু ভলং তিনিওটাই ৰঙিলীক ৰূপ সদায় দেখি দেখি তাইৰ প্ৰেমত পৰিল আৰু তাইক প্ৰপ’জ কৰিলেগৈ ৷ 

ৰঙিলীয়ে এটা চালীয়া হাঁহিৰে তিনিওটালৈ চাই ক’লে:~
তোমালোক কোনে মোক বেছি ভাল পোৱা আগতে তাৰ পৰীক্ষা কৰিম…. ফার্ষ্ট কোৱাচোন মোৰ বাবে তোমালোকে কি কি কৰিব পাৰিবা…??

নবীন : মই তোমাৰ বাবে নিজৰ জীৱনটোও শেষ কৰি দিব পাৰিম..
ৰঙিলী : সেইটোতো চবেই কয়..

থুলুক : মই তোমাৰ বাবে আকাশৰ জোন-তৰা আনি দিব পাৰিম..
ৰঙিলী : পুৰাণা ডায়লগ ..

ভলং: মই তোমাক মোৰ ফেচবুক পাচৱর্ডটো দি দিব পাৰিম..
ৰঙিলী : হায়.. পাগলটো কৰ’বাৰ !! … ইম্মান ভাল পাৱনে মোক..

by Abhijit Dehingia

প্ৰাৰ্থনা


ভক্ত : নাজানোহোঁ আৱাহন, নাজানোহোঁ বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্ছিত .....

ভগৱান : একোৱে নাজান যদি কি কৰিবলৈ টেটু ফালি মাতি আছ’ মোক... ??

by Bornaly H

থুলুকৰ হেয়াৰ কাটিঙ


থুলুক ফুৰিবলৈ গৈছিল মুম্বাইলৈ। পুৰা ফুৰিছে, অমিতাভৰ ঘৰৰ পৰা একেবাৰে শ্বাহৰুখৰ বাংলোলৈকে চব চাইছে। লগত নবীন। বান্দ্ৰাত ফুৰি থাকোঁতে দেখিলে এখন আটক ধুনীয়া ছেলুন। নাম হালিম'ছ্। চুলিয়েই কাটে নে আৰু কিবা কিবিও কৰে তাকে ভাবোতেই ধেৰ সময় গ'ল। যি হ'ব হ'ব বুলি থুলুকে নবীনক লগত লৈ সোমাল হোটেল যেন লগা ধুনীয়া ছেলুনখনত। মৰমলগা(!) ছোৱালীজনীয়ে আহি সুধিলে এপইন্টমেণ্ট আছে নে নাই। চুলি কাটিবলৈও এপইন্টমেণ্ট?

 "হয়, এই গোটেই সপ্তাহটোৰ বুকিং সমাপ্ত হৈছে। আপুনি অহা সপ্তাহৰ কাৰণে বুকিং কৰিব পাৰে।"
"কিমান টকা লাগিব?"
"চুলি কাটিলে ১৫০০.০০ টকা, চুলিৰ ষ্টাইলিং ৩০০০.০০ টকাৰ পৰা ৬০০০.০০ টকা ইত্যাদি। আপুনি কি কৰিব বিচাৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব।"
থুলুকে অলপসময় চিন্তা কৰিলে। তাৰ পাছত ক'লে: "অহঃ, অহা সপ্তাহলৈ মই মুম্বাইত নাথাকিম। পাছত আকৌ আহিলে কাটিম বাৰু। এনেয়ে মই 'ইটালেয়ান' ছেলুনত কাটো মোৰ চুলি, ইয়াত আপোনালোকৰ ছেলুনখন দেখি ভাল লগাত সোমাইছিলো। হ'ব, আজিলৈ আহোঁ।"
ধুনীয়া হাঁহি এটাৰে ছোৱালীজনীয়ে বিদায় দিলে দুয়োকে।
বাহিৰলৈ আহি নবীনৰ প্ৰশ্ন:"তই ইটালীয়ান ছেলুনত চুলি কাটো বুলি ক'লি যে? আমাৰ তাত ইটালীয়ান ছেলুন ক'ত আছে অ'?"
থুলুক: "ইটালীয়ান নহয় অ', ইটালেয়ান। ইটা-লে-আঁ। মানে সেই গোলোকৰ দোকানৰ সমুখৰ গছডালৰ তলত আকৌ। ৰাম সিঙৰ ছেলুন। ইটা এচপৰা পাৰি বহিলৈ ছুলি কটায়েই এই বয়স পালোহি দেছোন।"
(সঁচা কথা ক'লে থুলুক বেয়া)


by Rajib Ranjan

নগেনৰ বাইক

আমাৰ নগেন যোৱা বৄহস্পতিবাৰে গৈছিল এটিএমলৈ নিজৰ pleasure বাইকখন লৈ ... পইচা পাতি উলিয়াই মহানন্দে চিগাৰেট এটা জ্বলাই এক ফাৰ্লং মান দুৰৈৰ অফিচলৈ খোজ কাঢ়ি ঘুৰি আহিল । গধূলি থকা ঠাইলৈও (এক কি.মি. মান হ'ব) লগৰ এটাৰ লগত ফুটপাথেদি খোজ কাঢ়ি গ'ল, যাওঁতে এটা হাফ লগত । পিছদিনা আকৌ অফিচ আহিল খোজ কাঢ়ি । ঘুৰি গ'ল একেদৰেই । শনিবাৰে পূৱাই অফিচৰ ক্রিকেট মেচ এখন খেলিবলৈ দিচপুৰ প্লে গ্রাউণ্ডলৈ যাব লগা হোৱাতহে মনত পৰিল বাইকখনৰ কথা ; ভাবিলে আগদিনাখন অফিচতে এৰি আহিল হবলা ... সোমবাৰে অফিচ আহি আহি দেখে বাইকখন নাই । লাগিল হুৱাদুৱা ; সি আন্দাজ কৰিলে বাইক চুৰি হ'ল । ইনচুৰেঞ্চৰ কাৰণে পুলিচ থানাত এখন এজাহাৰো দিলে ।
 গধুলী মনৰ দুখতে পুনৰ এটিএম লৈ গ'ল । পইচা উলিয়াই চুৰট এটা ধৰাইছেহে ... ওৱা তাৰ বাইকখন দেখোন ফুটপাথৰ দাতিত ৰখাই থোৱা আছে । নগেনে ভোৰভোৰালে 'আজিকালি চোৰবোৰ বৰ ভদ্র হৈছে দেই । কাম চাম হৈ যোৱাৰ পিছত জেগাৰ বস্তু আকৌ জেগাত...' । 
[বি.দ্র. - এই নগেন মোৰ সহকৰ্মী, ৰাঁচিত ঘৰ । আহমেদাবাদ আই আই এমৰ পৰা এম.বি.এ. কৰি আমাৰ প্র্তিস্থানত দুবছৰ ধৰি কৰ্মৰত । পোছাকী নামটো নকওঁ; এনেই তাক আমি apeman বুলিয়েই refer কৰো । সময়, ঘটনা, ঠাই সম্পুৰ্ণ সচাঁ ।]
by Surajit Neog
x

ৰঙিলী আৰু পমিলী

ৰঙিলী আৰু পমিলী এবাৰ ট্ৰেইনত উঠি চানাচুৰ চোবাই চোবাই গৈ আছিল..
পমিলী : অই ৰঙিলী… ক’ চোন তোক কেনেকুৱা হাজবেন্দ লাগিব..
ৰঙিলী : উ..ম..ম… কোটিপতি এটা লগিব..
পমিলী : আৰু যদি কোটিপতি নাপাৱ ..
ৰঙিলী : তেন্তে ৫০ লাখৰ দুটাৰে চলি যাব…
পমিলী : তেনেকুৱাও যদি নাপাৱ..
ৰঙিলী : তেন্তে ২৫ লাখৰ চাৰিটাৰে চলি যাব….
ইমান পৰে উপৰৰ বার্থত শুই থকা থুলুকে মাত লগালে …
: অই পমিলী… এই হাজাৰ পাই গ’লে মোক জগাই দিবি দেই..
তাৰ লগতে শুই থকা ভলঙেও লাহেকৈ মাত দিলে…
: আৰু মোক ৫০০ পালে..


by Abhijit Dehingia

সুখ শান্তি্ৰ ৰহস্য


কলিতা: তোমালৈ মোৰ হিংসাই হয় বুজিছা নে

চেংমাই: অ’ ... কিয় ?

কলিতা: তোমালোকৰ সংসাৰখন ইমান সুখৰ কেনেকৈ ? অকণো কাজিয়া-পেছাল নাই, আমাৰ দেখোন ইমান খকা-খুন্দা লাগিয়েই থাকে !

 চেংমাই: অ’ ভেৰি ভেৰি চিম্প’ল | কিছুমান নিয়ম বনাই লৈছোঁ আমি আমাৰ মাজত | সেই খিনি মানি চলিলে শান্তিয়েই শান্তি | 
কলিতা: কি নিয়ম? মোকো শিকাই দিয়া হে |

চেংমাই: মানে আমি আমাৰ মাজত বুজা পৰা কৰি লৈছোঁ যে - সংসাৰৰ যিমান সৰু সুৰা সিদ্ধান্ত ল’ব লগীয়া থাকে, তেওঁ ল’ব আৰু ডাঙৰ ডাঙৰ সিদ্ধান্ত বোৰ ম‍ই ল’ম |

কলিতা: বাহ, পিছে কোনবোৰ সৰু কোনবোৰ ডাঙৰ কেনেকৈ গম পোৱা ? 
চেংমাই: এই ধৰা সৰু সৰু সিদ্ধান্ত মানে, দৰমহাৰ টকা কেইটা ক’ত খৰছ কৰা হ’ব, মাহটোত কেইখন শাৰী কিনা হ’ব, বিউটী পাৰ্লাৰত কিমান খৰছ হ’ব, ৰাতি-দিনৰ আহাৰত কি থাকিব, ল’ৰা-ছোৱালী কেইটা কোন স্কুলত পঢ়িব, ম‍ই অফিছলৈ যাওঁতে কি পিন্ধিম- এইবোৰ সৰু-সুৰা সিদ্ধান্ত আমাৰ এওঁ মানে মিছেজে লয় | 
আৰু ধৰা ডাঙৰ ডাঙৰ সিদ্ধান্ত, যেনে এইবাৰ বিজেপি জিকিলে ভাল নে কংগ্ৰ্ৰেছ; অ’বামা জিকাটো ভাল হ’ল নে বেয়া, অখিল গগৈয়ে কৰা কাম বোৰ কিমান যুক্তি পূৰ্ণ, আই.পি.এল.ত কোনটো টীমৰ কেপ্টেইন কোন হ’ব লাগে এইবোৰ ভাবি থকাতো মোৰ কাম | ডাঙৰ ডাঙৰ কথা চিন্তা কৰি থাঁকোতে সৰু সৰু কথাবোৰ মোৰ চিন্তা কৰিবলৈ সময়েই ক’ত? আৰু তেওঁৰ সিদ্ধান্তত মাতেই মাতিবলৈ সময় ক’ত ? গতিকে বুজিছাই নহয়- শান্তিয়েই শান্তি |

কলিতা: অ’ আই চি আই চি ...


by Changmai

ৰিণি আৰু মিনি


মিনি: ঐ ৰিণি, ত‍ই হেনো গোপালক এৰি দিলি?
ৰিণি: উপায় নাই, মোৰ তাৰ প্ৰতি থকা মৰমবোৰ কমি গ’ল |
মিনি: পিছে ত‍ই দেখোন এতিয়াও সি দিয়া আঙুঠি টোকে পিন্ধি আছ’ !!!
ৰিণি: তালৈ হে মৰম কমি গ’ল, আঙুঠি টোৰ কাৰণে থকা মৰম বোৰ একেই আছে |

by Changmai