Gajari: the Best of Indian Jokes: December 2013

December 11, 2013

পুনৰ দেবুদা... (অসমীয়া কৌতুক, Jokes from Assam)

অফিচত দেবুদাই বাদাম চোবাই চোবাই বহি আছিল|
তেনেতে লেণ্ডলাইন ফোনটো বাজি উঠিল|

দেবু দা: হেল্লো|
আনফালৰ পৰা চিন্তাজৰ্জৰিত মহিলাৰ কণ্ঠ: হেন্নো, জানা নে, মোৰ ইমান টেনছন হৈ আছে?

দেবুদা: কিয় নো?

মহিলা কন্ঠ: গোটেই ঘৰটো লেতেৰা হৈ আছে| কাপোৰ এগাল ধুবলৈ আছে| কিনিবলৈ আছে চাউল, আটা, পাচলি, মচলা, মাংস, মাছ| কামৱালী বাই জনীও নাহিল| আৰু সন্ধিয়ালৈ আহিব আলহী ৪ জন| টেনশ্যন নহ’ব নেকি?

দেবুদা: চিন্তা নকৰিবা| ম‍ই হাফ ছুটী লৈ ল’ম| আহোতে চব বজাৰ কৰি আনিম| আহি কাপোৰ ধুম, ঘৰ চাফা কৰিম| তুমি বহি টিভি চাই থাকিলেই হ’ল| আনকি তৰাকো ময়েই টিউছনলৈ লৈ যাম|

[Do not steal our jokes]

মহিলা: তৰা? তৰা কোন?

দেবুদা: আমাৰ বেটী আক’

মহিলা: এইটো ০৩৬১-২৫১২৩৪ হয় নে?

দেবু দা: এইটো ০৩৬১-২৫১২৩৫ হে হয়...

মহিলা: সেইবোৰ নাজানো, তুমি হাফ ছুটী লৈ জলদি আহি কাম খিনি কৰি পেলোৱা হি...

By Changmai

গাজা চুৰি আৰু গাজা চোৰ: অসমীয়া কৌতুকৰ চুৰি


[1]
এই বিষয়ে আগতে লিখা হৈ গৈছে, আলোচনাও হৈছে|
গাজাৰ মৌলিকতা লৈ, Authenticityক লৈও কথা বতৰা হৈছে|

এই ধৰক আজি গধূলিৰে পৰা ইনবক্সত তিনিজন বন্ধুৱে (সপ্তাহত তিনিবাৰমান এই গোচৰ বিধ পাওঁৱেই) বিভিন্ন গোটৰ লিংকৰ সতে গাজাৰী ডট কমৰ গাজা/কৌতুক বেলেগ গোটত আনে পোষ্ট কৰাটো পৰিলক্ষিত কৰোৱাইছে|

আজিকালি চোৰ ধৰাটো একেবাৰে উজু| কৌতুকটোৰ লাইন দুটা উঠাই গুগ’ল কৰি চাওক- গুগ’লে নিজেই দেখুৱাই দিব ক’ত ক’ত সেই পোষ্টটো আনে ব্যৱহাৰ কৰিছে| নিজেই আচৰিত হৈ যাওঁ, বিশেষ একোটা কৌতুক ফেচবুকৰ ৩-৬ টা গোটত মানুহে আমাৰ পৰা চুৰি কৰি বেলেগ বেলেগ নামেৰে পোষ্ট কৰি তালিয়াঁ লয়| আনকি দুই তিনিটা ব্ল’গ দেখা পাইছোঁ- য’ত হুবহু আমাৰ গাজা চুৰি কৰি পোষ্ট কৰে| তাৰে দুটাত Adsenseৰ বিজ্ঞাপনো আছে| মানে আমাৰ কষ্টৰে আনে টকাও ঘটিছে|

ফেচবুকৰ জনপ্ৰিয় গোট যেনে "ৰগৰ", ব্ল’গ যেনে axomiyajokes আদিত আমাৰ ব্ল’গ আৰু গোটৰ কৌতুক হুবহু ৰূপত বহুতে চুৰি কৰি পোষ্ট কৰা অনেক ৰাইজে দেখিবলৈ পাইছে|

এতিয়া আমি কি কৰিম?
গাজা লিখা বন্ধ কৰি দিম??
হাঁহিবলৈ বন্ধ কৰি দিম???

যি চোৰে চুৰি কৰি ক্ৰেডিট কণ দিয়াৰো সত্‍ সাহস নাৰাখে, তেওঁলোকক আৰু আমি কি ক’ম?

উদাহৰণ স্বৰূপে ধৰকচোন- চেংমা, দত্ত, দেবুদা, এইবোৰ লৈ তেওঁলোকে নো ক’ৰ পৰা কৌতুক লিখিবলৈ ধৰিলে? গতিকে Authenticityৰ টো কথাই নাহে|

চোৰে চোৰৰ কাম কৰক, আমি আমাৰ কাম কৰোঁ|

তেওঁলোকৰ কু-কাৰ্যৰ কাৰণে আমি ব্লাড প্ৰেছাৰ বঢ়াই হাঁহিবলৈ এৰি গোমোঠা মাৰি নাথাকোঁ|

[2]

একেবাৰে সৰল কথা: - আন গোটত কপি পেষ্ট হোৱা কৌতুক/ গাজা আৰু ডাইৰেক্ট অনুবাদিত কৌতুকৰ চাৰ্কুলেশ্যন হয়|

আৰু গাজাৰী ডট কমত গাজাৰীয়ান সকলে চিন্তা কৰি কৰি, মাথা মাৰি মাৰি, মাল-মছলা লগাই ধুনীয়া (হাহাপেনাডাডা) গাজাৰ সৃষ্টি কৰে যিবোৰ মৌলিক হয় বা মৌলিকতকৈও উত্তমম হয় আৰু সেইবোৰ ইয়াৰ পৰা চুৰি কৰি আনে আন গোট/ পেজত কপি- পেষ্ট কৰে|

[3]
গোট গোট আখৰেৰে লিখা আছে- Do not Copy without permission!

চোৰসকলক ঊদ্দ্যেশি: - আপোনাৰ মা দেউতাই মুঠেও বিচৰা নাছিল যে আপুনি এজন "চোৰ" হওক| বেজী চোৰো চোৰ, হাতী চোৰো চোৰ! গতিকে নিৰ্লজ্জৰ দৰে ইয়াৰ পৰা চুৰি কৰাৰ আগতে কথাষাৰ দুনাই ভাবিব|



*Assamese Jokes