Gajari: the Best of Indian Jokes: December 2014

December 19, 2014

মেগীৰ জন্ম কি দৰে হ’ল [Assamese Jokes]

সম্পাদকৰ টোকা: আপোনালোকৰ প্ৰত্যেকেই হয়তো মেগী খাই পাইছে| কিন্তু মেগী নুডলছৰ জন্ম কি দৰে হ’ল আপুনি জানে জানো? জানিবলৈ পঢ়ক চূড়ান্ত গাফু শশাংকৰ এই খুহুতীয়া কাহিনী:

মেগীৰ জন্মৰ আঁৰৰ কথা
হিউৱেন চাঙে ভাৰত আক্ৰমণ কৰিব অহাৰ সময়ৰ কথা| পাটকাই পৰ্বতৰ দাঁতিকাষৰীয়া ঠাই এখনত কিং লিঅনাইডিছ নামৰ এজন পৰাক্ৰমী ৰজাই ৰাজত্ব কৰিছিল| ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীত হিউৱেন চাঙে তেওঁৰ সৈন্য-সামন্ত লৈ হাদিৰাচকীত উপস্থিত হয়|
জ্যোতিষাচাৰ্য্য কিৰো ইয়ংৰ হতুৱাই ভাল দিন এটা চাই দুয়ো পক্ষই তয়া-ময়া ৰণ কৰে| কিৰো ইয়ঙে উচিত মূল্যত দিয়া খাটি ৰত্ন পিন্ধাৰ ফলত যুদ্ধত হিউৱেন চাঙৰ জয় হয়| আনহাতে হিউৱেনৰ সেনাপতি আলেকজেণ্ডাৰে কিং লিয়নাইডাছক বন্দী কৰি ৰাজসভালৈ লৈ আহে|
হিউৱেন চাঙ: সেনাপতি, এইয়া কি কৰিলা? তুমি ৰানী লক্ষ্মীবাঈক বন্দী কিয় কৰিলা? নাৰীক সন্মান কৰিবলৈ নিশিকিলা|
আলেকজেণ্ডাৰ: মহাৰাজ, এইজন কিং লিয়নাইডাছ| স্পাৰ্টাৰ ৰজা| 
হিউৱেন চাঙ: ইমান দীঘল কাৰ্লি চুলি থকা এইজন ৰজা নে তেওঁৰ দুহিতা?
আলেকজেণ্ডাৰ: মহাৰাজ, এইয়া ক্লিনিক প্লাছ শ্বেম্পুৰ হে কামাল| 
হিউৱেন চাঙ: এজন পুৰুষে যদি ইমান সুন্দৰ চিল্কি চুলি ৰাখিব পাৰে আমাৰ ৰান্ধনি থমাছ কুকে কিয় সুস্বাদু আহাৰ তৈয়াৰ কৰিব নোৱাৰে?
থমাছ কুক: মহাৰাজ মাৰকেই বা কাটকেই| মই দুই মিনিটত ‘কাৰ্লি ফুড আইটেম’ এটা তৈয়াৰ কৰিছোঁ| নামটো মেগি ৰাখিছোঁ| খাই চাওকচোন| 
হিউৱেন চাঙ: ৱাহ! মগেম্ব খুছ হুৱা| আজিৰে পৰা সমগ্ৰ ভাৰততে মেগীৰ প্ৰচলন হ’ব লাগে...

~ মেধি

বীৰবলৰ দৰে প্ৰখৰ বুধিসম্পন্ন তপোধৰৰ সাধু

শিলাপ্ৰস্তৰ যুগত উত্তৰ প্ৰদেশৰ অযোধ্যা নামে গাঁৱত কিং শান্তনু নামৰ এজন বৰ পৰাক্ৰমী ৰজাই ৰাজত্ব কৰিছিল| তেওঁ বৰ প্ৰজা হিতেষী আৰু ধাৰ্মিক ৰজা আছিল|
তেওঁৰ ৰাজসভাত ৯ জন মহান পণ্ডিত আছিল আৰু তেওঁলোকক একেলগে নৱৰত্ন বুলি জনা গৈছিল| তেওঁলোক ক্ৰমে- শক্তিমান, আৰ্যভট্ট, কলম্বাছ, কুশল বড়া, তপোধৰ, মাফলাৰ মেন, টিক টিক ৰোচন, অমিতাভ বচন আৰু ট’গ’|

ৰাজসভাত চানি লিয়নৰ "হো বেবি ডোল মে চোনে ডি" শীৰ্ষক গান শুনি শুনি ব’ৰ হোৱাত কিং শান্তনুৱে এখন কুইজ কম্পিটিশ্যন cum বুদ্ধি পৰীক্ষা পতাৰ ইচ্ছা প্ৰকাশ কৰিলে|
তেও নৱৰত্নলৈ প্ৰশ্ন কৰিলে- “মোৰ ৰাণী অনাৰকলিৰ মুৰ্গীটোৱে ডিচেম্বৰ মাহত যদি ত্ৰিশটা কণী পাৰে, তেনেহ’লে জানুৱাৰী মাহত কিমানটা কণী পাৰিব? যিয়েই শুদ্ধ উত্তৰ দিব তেওঁক দুশ সোণৰ মোহৰেৰে পুৰস্কৃত কৰা হ’ব|”

কলম্বাছ: মহাৰাজ মই জানুৱাৰীত আমেৰিকা ভ্ৰমণ কৰিবলৈ যাম| সেয়েহে নাজানো|
অমিতাভ: হেই! হৰ চৱাল কা দু অপচন হোতা হে| উচকো হম লাঈফ লাইন কেহতে হেয| হায়...!
শক্তিমান: মহাৰাজ গংগাধৰেহে জানিব| মই শক্তিমানহে|
মাফলাৰ মেন: মহাৰাজ, কুহুঁৰ কুহুঁৰ কুহুঁৰ (কাঁহি থাকে)
কুশল বড়া: এইটোৰ লগত হিন্দুত্ববাদী তত্বৰ মিল আছে| যদি জেহাদিবোৰ খেদো, অসমত শান্তি স্থাপন হ’ব আৰু আমি পদুম ফুলৰ ছবিত ভোট দিম|
টিক টিক: কহিনুৰ চোৰ হু| থোড়া ইজ্জত তু কৰ|
আৰ্যভট্ট: শূণ্যৰ লগত যিয়েই পূৰণ নকৰক শূণ্যই ওলাব| সেয়েহে কেলকুলেটৰ এটা লাগিব|
ট’গ’: বাদ দিয়া হে| কণী হাঁহেও পাৰে
তপোধৰ: মহাৰাজ এটাও কণী নাপাৰে|

কিং শান্তনু: কিয়?
তপোধৰ: মহাৰাজ ৩১ ডিচেম্বৰত মুৰ্গীটো খাই দিলে ক’ত কণী পাৰিব?

~ এচ. মেধি

মোৰ জীৱনৰ লক্ষ্য

স্কুলত মেডামে সুধিলে – কোৱাচোন তোমালোকে ডাঙৰ হৈ কি হব খোজা?

জুই :- মই ফটোগ্ৰাফাৰ হম, ফুটু ছুপ খুৱাই খুৱাই সকলোকে স্বাস্থ্যবান বনাই দিম।
ধেমা: - মই পৱনহন্সৰ পাইলট হম
মেডাম:- ভেৰি গুড, আৰু তুমি বিজুই
বিজুই:- মই নাচা’ৰ ইঞ্জিনিয়াৰ হম, চন্দ্ৰলৈ যাব পৰা টাটা মেজিক সাজিম।

চানী লিয়ন :- মেডাম, মই এগাৰাকী মাতৃ হম, এগৰাকী আদৰ্শ মাতৃ, কাৰণ পৃথিৱীত মাতৃয়েই সকলোতকৈ সন্মানীয় লোক, মাতৃয়ে সন্তানৰ কাৰণে নিজৰ সকলো ত্যাগ কৰে।
ছেংমা: মেডাম, মই চানীক তাইৰ লক্ষ্যত উপনীত হবলৈ সহায় কৰিম। :) :)

~ অভি. কলিতা

HAPPY NEW YEAR 2015: Assamese Joke

পত্নী: জানু!
পতি: কি জানা?
পত্নী: আৰে, মৰমত মাতিছোঁ জানু বুলি; জানো নহয়...
পতি: ময়ো "তু নে মেৰা জানা..." ৰ নিচিনাকৈ মৰমত মাতিছোঁ....
পত্নী: হুৱাট এভাৰেষ্ট... শুনা না| ম‍ই যদি ২০১৪ত তোমাক ভুলতে, খঙতে বেলনাৰে দুই-চাৰিকোব দিছোঁ... তুমি কিন্তু ২০১৫ত...
পতি: থেংক গ’ড... এইবেলি বাচিলোঁ :)
পত্নী: আৰে, ভালকৈ তো শুনা.... ম‍ই যদি ২০১৪ত তোমাক ভুলতে, খঙতে বেলনাৰে দুই-চাৰিকোব দিছোঁ... তুমি কিন্তু ২০১৫ত... মাৰ নাখাওঁ বুলি নাভাবিবা...| কাৰণ কেলেণ্ডাৰ হে সলনি হৈছে... ম‍ই তো হোৱা নাই? :) :)

~ Changmai

সজ পৰামৰ্শ

এজন মানুহে ফুটপাথত আমন জিমনকৈ বহি আছে ।
মই সুধিলোঁ," হেৰি আপুনি কিয় এনেকৈ বহি আছে ।"
মানুহজনে কলে," নক’ব আৰু ,কালি ৰাতি এজনে ফোন কৰি দিগদাৰ কৰি আছিল ।আজি শ্ৰীমতীয়ে মোবাইলটো ভাঙি পেলালে ।"
মই: আপোনাৰ ৰুমাল আছে নে?
তেওঁ: কিয়?
মই: কাষত পাতি থোৱা মবাইলৰ দাম আহি যাব....
তেওঁ: আউ, আপুনি দেখোন অভিজ্ঞপুষ্ট ভিখাৰী :)



~ ভাৰ্গৱ কাকতি

ASSAMESE JOKES

শব্দ বিভ্ৰাট

মাষ্টৰ: - ৰামস্বৰূপৰ বেমাৰ হ’ল... ফলস্বৰূপে মৰি থাকিল|
শশাংক: - এইটো কি কথা? ৰামস্বৰূপৰ হে বেমাৰ হৈছিল; ফলস্বৰূপ বোলা টো নো কেনেকৈ মৰিল?
মাষ্টৰ: - বৰ গাধ দেই ত‍ই! ম‍ই ক’ব খুজিছোঁ যে ৰামস্বৰূপৰ বেমাৰ হ’ল... আৰু পৰিণামস্বৰূপে মৰি থাকিল| বুজিলি?...
শশাংক: - আপুনি নিজেই কনফুজিয়াই গৈছে দেই... ফলস্বৰূপ মৰিল নে পৰিণামস্বৰূপ?

এগৰাকী কনফিউজড পত্নীৰ চিঠি (অসমীয়া কৌতুক)

আমাৰ ব্ল’গটো ইমানেই জনপ্ৰিয় হৈছে যে আমি এনেধৰণৰ চিঠিও মাজে মাজে লাভ কৰোঁ: -


চিঠি: ---

"এদিন নহয় ম‍ই মোৰ পোৱালি টোক লৈ ডাক্তাৰৰ তালৈ গ’লোং| পোৱালিৰ পেট চলি আছিল কাৰণে টেমা এটাত ৫০ গ্ৰাম মান "হাগু" লৈ গৈছিলোঁং| ডাক্তাৰক দিলোঁং| ডাক্তাৰটোৱে পৰীক্ষা কৰিলে...
তাৰ পিছত ক’লে- ওৱা! ও আই! এই খিনি দেখোন হাগু নহয়... হালৱা হে... গাজৰৰ হালৱা...
ও আই... ম‍ই পাগলা হৈ গ’লোঁং... কাৰণ ম‍ই তো মানুহটোক টিফিনত অফিছলৈ নিবৰ কাৰণে হালৱা ভৰাই দিছিলোঁং.... এইখিনি যদি হাগু নহয়, তেন্তে হাগু খিনি তেওঁৰ টিফিনত... হে ইচচৰ....

তেতিয়াই মানুহটোৰ ফোন আহিল: "হে ৰা, ইমান কম কে কিয় দিছিলা হে টিফিন| খাই আমি চবে ইমান টেষ্টী পালুং... আজি ফাৰ্ষ্ট টাইম তোমাৰ হাতৰ ৰন্ধাৰ তাৰিফ কৰিছে জানা| কালিৰ পৰা বেছিকৈ দিবা হা হালৱা...!"


মহোদয়, এতিয়া ম‍ই তেওঁক কাইলৈ একেখিনি হালৱাকে পেক কৰি দিয়া উচিত নে অনুচিত?

ইতি,
নাম প্ৰকাশত অনিচ্ছুক মহিলা"

বুধিয়ক গিৰিয়েক

উমৰাংচুত্ এটা মানুহে এদিন গধূলি নিজৰ বন্ধু কেইজনমানৰ সতে বহি ৪-৫ ঘন্টা অলপ ফৄৰ্তিপানী কৰিলে|
ৰাতি ১১ বজাৰ ঢলং ঢলংকৈ আহি দুৱাৰত টোকৰ দিলে|

বেলনা মাৰিৰে দুৱাৰৰ খিলিটো খুলি মানুহটোৰ ঘৈণীয়েক: "ইমান ৰাতিলৈকে ক’ত আছিলা হয়?"
মানুহটো: " ম‍ই দীপলিপ ধুনু ছোৱালীজনীৰ কাৰণে পাহাৰৰ পৰা এথোপা ফুল আনিবলৈ গৈছিলোঁ"

ঘৈণীয়ক: (লাজ লাজ কৈ) ধেই কটা! এই বয়সতো... ক’ত আছে ফুল চাওঁ? ... উৱা... নাই দেখোন ফুল... ফুল ক’ত?

মানুহটো: দীপলিপ ছোৱালী ক’ত?


জলদস্যু ভাষ্কো আৰু মিচৰ নন্দিনী

Internetot ই-মেইলৰ যোগেদি কেতিয়াবা বহুধৰণৰ স্কেম, স্পাম মেইল পোৱা যায়| কিছুমান মেইলৰ উত্তৰ দি বহু ব্যক্তি সৰ্বস্ৰান্ত হোৱাৰ উদাহৰণো বিৰল নহয়| তেনে এক স্কেম ইমেইলৰ খুহুতীয়া ভাৰ্ছন আগবঢ়াইছে আমাৰ অভিজিত কলিতাই-

++++++++++++++++++++

মৰমৰ ভাষ্কো দাদা,

আপুনি মোক চিনি নেপাব, আচলতে মইয়ো আপোনাক আগতে চিনি পোৱা নাছিলো, কিন্তু আজি হঠাৎ ফেচবুকত আপোনাৰ প্ৰফাইল ফটোখন দেখি মোৰ এনে লাগিল, যেন, যেন, আপুনিয়েই সেই সহৃদয় , মৰমীয়াল, বিশ্বাসী, হাঁহিমুখীয়া মানুহজন; যাৰ অপেক্ষা মই জন্ম জন্মান্তৰৰপৰাই কৰি আহিছিলো। মোৰ সৰল অন্তৰৰ এই নিবেদনক আপুনি হয়তো বাতুলামি বুলিয়েই ভাবিব, তথাপি মই আপোনাক এই কথাখিনি কোৱাৰ পৰা নিজকে বিৰত কৰিব নোৱাৰিলোঁ, ভুল হ’লে ক্ষমা কৰিব।

মই আছলতে মিছৰৰ ৰাজবংশৰ এটা সৰু ঠেঙুলিৰ বংশোদ্ভৱ, আমাৰ পূৰ্বপুৰুষেই মিছৰত পিৰামিড নিৰ্মান কৰিছিল, আপুনি নিশ্চয় জানে, আৰু সেই পিৰামিডবোৰৰ কোঠালীয়ে কোঠালীয়ে আজিও শুণা যায়, সেইসকল কাৰিকৰৰ অতৃপ্ত আত্মাৰ হা-হুমুনিয়াহ, যাৰ প্ৰাণ অনায়াসে কাঢ়ি লৈছিল মোৰ পুৰ্বপুৰুষে, কাম শেষ হোৱাৰ পাছত, স্বাৰ্থ পুৰণ হোৱাৰ পাছত। আৰু সেই আত্মাৰ অভিশাপ বহন কৰিব লগা হৈছে আমি।

মোৰ দেউতাৰ কাইৰোৰ ওছৰে পাজৰে ৫৯ টা সোণৰ খনি আছিল, আৰু মই এই অপৰম্পাৰ সম্পতিৰ একমাত্ৰ উত্তৰাধিকাৰী। কিন্তু ১৯৯৫ চনত উগ্ৰপন্থীয়ে মোৰ দেউতাক অপহৰণ কৰি নিয়ে আৰু আজি পৰ্যন্ত দেউতাৰ কোনো খবৰ নাই। মই সেই সময়ত সৰু আছিলো, গতিকে আমাৰ শুভাকাংক্ষী সকলে মোক ইউৰোপলৈ পলুৱাই পঠিয়াই।

আজি মোৰ ১৮ বছৰ সম্পূৰ্ণ হ’ল, আৰু মই মোৰ দেউতাৰ সম্পত্তিৰ ন্যায়সংগত অধিকাৰ লাভ কৰিলোঁ আৰু মিছৰলৈ ঘুৰি আহিলোঁ। কিন্তু আহি দেখিলোঁ, সেই অতৃপ্ত আত্মাৰ অভিশাপে এতিয়াও মোৰ পাছ এৰা নাই, উগ্ৰপন্থী, ৰাজনৈতিক মাফিয়াৰ পৰা মোক বাৰম্বাৰ ভীতি প্ৰদৰ্শন কৰা হৈছে, মোৰ পূৰ্বপুৰুষৰ সম্পত্তি মোৰ পৰা কাঢ়ি নিয়াৰ চেষ্টা চলিছে অহৰহ, আৰু সেয়ে মই আত্মগোপন কৰিব লগা হৈছে।

সেয়ে মই মোৰ চলিচিটৰ তথা শুভাকাংক্ষী সকলৰ লগত আলোচনা কৰি সিদ্ধান্ত লৈছো যে মই মোৰ প্ৰায় ৫০০ মিলিয়ন আমেৰিকান ডলাৰ মান সম্পত্তি দেশৰ পৰা বাহিৰলৈ পঠাই দিম। আৰু সেয়ে, হয়তো ভগৱানৰ ইচ্ছা অনুসাৰে মই আপোনাক লগ পালো।আপুনি মোক সহায় কৰক!! মই সকলো ধন সম্পত্তি আপোনাৰ দৰে এজন বিশ্বাসযোগ্য আৰু মানবীয়তাসম্পন্ন মানুহৰ হাতত তুলি দিব বিছাৰিছো!!! অনুগ্ৰহ কৰি আপুনি মোক আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ, ক্ৰেডিট কাৰ্ড নম্বৰ, এটিএমৰ নম্বৰ আৰু পিন, মেইল কৰি দিব। ১৫ দিনৰ ভিতৰত মোৰ সকলো সম্পত্তি আপোনাৰ একাউণ্টত জমা কৰি দিয়া হব।

যদি কেতিয়াবা মই ইয়াৰ পৰা বাচি ওলাই যাব পাৰো, তেন্তে সেই পইচাৰ পৰা আপোনাৰ যি ইচ্ছা মোক দিব, মোৰ কোনো দাবী নাই তাত। যদি আপোনাক এই জীৱনত লগ কৰিব নোৱাৰোঁ, তেন্তে আপুনি এই অভাগিণীক মাথোঁ কেতিয়াবা মনত পেলাব ! বিদায়. ..শূভৰাত্ৰি

ইতি
মাচাবা কাঁহিবা পাদিবা ফুৰুৎফা
কাইৰো

* ভাষ্কো- ভাস্কৰজ্যোতিক মৰমত গোটে দি লোৱা নাম