Gajari: the Best of Indian Jokes: April 2015

April 12, 2015

কাতি হৈ শুবা

বিজয়নী: তুমি সেইফালে মূৰ কৰি কিয় শোৱা? মোৰ ভয় লাগে| এইফালে কাতি হৈ শুবা|
.
.
.
.
.
.
.
বিজয়: হুহ! আৰু তেতিয়া যে মোৰ ভয় লাগিব?

-------------
by changmai in Assamese Jokes

প্ৰেমৰ জেনাৰেচন গেপ


  • আগতে প্রেমিক প্রেমিকা নিজৰ বেগ/মানিবেগত নিজৰ প্রেমিক/প্রেমিকাৰ ফটো ৰাখিছিলে... এতিয়া নিজৰ স্মার্টফোন, লেপটপ, ফেচবুক প্ৰফাইত হাজাৰে বিজাৰে চেল্ফি ৰাখে.... :)
  • আগতে প্রেমিক বা প্রেমিকাই বেছি তেৰিমেৰি কৰিলে চুইচাইড কৰাৰ ধমকি দিছিলে... আজিকালি প্রেমিক বা প্রেমিকাই স্ক্রিনশ্বট আৰু MMS পাব্লিক কৰাৰ ধমকি দিয়ে ... :)
  • আগতে প্রেমিক প্রেমিকাৰ ৰিলেশ্যনচিপ ষ্টেটাছৰ সম্পৰ্কে অতি কাষৰ দুই এজন বন্ধুৱেহে জানিছিলে... আজিকালিৰ প্রেমিক প্রেমিকাই ফেছবুকত "ইন এন অ’পেন ৰিলেশ্যন উইথ অমুক  বুলি ষ্টেটাছ দিয়ে ... :)
  • আগতে শ্ৰীমতাই শ্ৰীমতীৰ মন ভাল লগাবলৈ তাইৰ ৰন্ধাৰ প্ৰশংসা কৰিছিল...
    আজিকালি শ্ৰীমতাই শ্ৰীমতীৰ মন ভাল লগাবলৈ তাইক দামী ৰেষ্টুৰেণ্টলৈ লৈ যাব লাগে  ... :)
Researched by Joy chakraborty

কিৰপিণ বিজয় (Assamese #Jokes)

বিয়াৰ পিছত বিজয় আৰু বিজয়নী এদিন ফুৰিবলৈ গ’ল| 
তিতাবৰ তিনিআলিত বিজয়নীক লৈ বিজয় এখন চাহৰ দোকানত সোমাল| 

বিজয়: ঐ! চাহ একাপত কিমান দাম?
চেলচমেন: একাপত সাত টকা দাদা| দুকাপ দিওনে?
বিজয় (বিজয়নীক): দেখিলা আমাৰ কিমান লাভ হয়| যাওঁ আহা, গধুলিয়েই হ’ল|
_____________

By Shasanka Medhi

জেকি চেংমাইৰ অংক

মাষ্টৰ : ৫ - ৫ কিমান?
জেকি চেংমাই : (নিমাত)
মাষ্টৰ : ধৰ তোৰ পিলেটত ৫খন লুচি আছে, মই ৫খন লুচি লৈ গলো । কি থাকিল?
জেকি চেংমাই : (টপৰাই) ভাজি চাৰ ।

By Siddhanta M Kashyap

Assamese Toon

By Abhijit Kalita

জয় চক্ৰবৰ্তীৰ অত্যাধুনিক পদ্য

অত্যাধুনিক পদ্য 
----------------
যিদিনাই প্ৰেয়সীয়ে পাছ কৰিছিলে টেট, 
ভাবিছিলোঁ গুৱাহাটীত নিব পাৰিম এটি ফ্লেট 
প্ৰেমত লাগিছিল সিদিনা নতুন কনজাংচন, 
চাল্লা, তাতো দেখোন লাগিল কিবা কৰাপচন...!!
মইয়োতো কম পৈদ্যাৰু নহয় ভাই, 
মোৰ পদ্যৰেই কৰাপচন মুক্ত হব তাই...
পদ্য লিখি আজি মই সৰাম,
টোপাটোপে কাষলতিৰ ঘাম, 
ঘামৰেই এখনিনৈ বোৱাম...
তাতে মোৰ প্ৰেয়সীৰ চুলিও ধোৱাম!! 
পিছে ধুবনে মোৰ নৈত চুলিকোছা তাই? 
আকাশত আজি যে উৎকৃষ্টতা নাই,
কিয় আজি বইছে ঘাম ঘাম গন্ধৰ বতাহ?
কিয় আজি হেৰাল কাষলতিৰ দিয়া ডিয়োৰ সুবাহ?
কিয় ঘামৰ গন্ধত আজি মোৰ ৰোমাণ্টিক মাদকতা নাই?
কিয় ঘৰ মোৰ ভাঙিব খোজে বিকৃত বৰদৈচিলাই? 
আবে নিলাজ বৰদৈচিলা... মাঘ, ফাগুন, চ'ত,
যা মৰিবিগৈ তোৰ প্ৰেমীক আছে য'ত...
মোক কিয় ভাৱ বে তই ইমান পৰ... 
যা কচু গছ এটা বিছাৰি চিপলৈ মৰ!! 

বিহুৰ ঢোল

‎বিহু‬ বিহু গাজা**

পাংকদাৰ পুত্ৰ: পাপা পাপা! ঢোল এটা কিনি দিয়ানা
পাংকদাৰ পত্নী: দৰকাৰ নাই| দিনটো ঢোল বজাই বজাই শান্তি নোহোৱা কৰিব|
পাংকদাৰ পুত্ৰ: মই দিনত নবজাওতো| ৰাতিয়েই বজাম দিয়া|
___________
By Shasanka Medhi

চিকটা মাৰোৱাৰীজন

এজন মাৰোৱাৰীয়ে তেঁওৰ ককাকৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিবৰ বাবে বাতৰি কাকতৰ কাৰ্য্যালয়লৈ ফোন কৰিলে ...

বাতৰি কাকত কাৰ্য্যালয়ঃ Rs. 50/- per word ...
মাৰোৱাৰীঃ  Grandfather Dead

বাতৰি কাকত কাৰ্য্যালয়ঃ Sorry sir, minimum 5 words ...
মাৰোৱাৰীঃ "Grandfather Dead, wheelchair for sale"

By Sekhar J.B.
_________________________
Assamese Jokes

স্মাৰ্ট কৰূণা

টেট মাষ্টৰ: কৰুণা, কোৱাচোন গংগা ক’ৰ পৰা ওলাই ক’ত শেষ হৈছে গৈ?
.
.
.
.
.
কৰুণা: অ’ চাৰ! আমাৰ গংগা যে হলিৰাম বুঢ়াৰ ঘৰৰ পৰা ওলায়.... আৰু শেষ যে হোৱাও নাই মিছা!!!
___________________________

খাঁটি অসমীয়া কৌতুক

লাইক, কমেণ্টৰ কথা in Assamese Funny Jokes

কথোপকথন চলি আছে---- 

ফুকন (লাজ লাজকৈ):-  মই জানা তোমাক লাইক কৰোঁ|
হ’বলগীয়া ফুকননী:-  মইচোন লাইকৰ লগতে কমেণ্টো কৰোঁ| তুমিহে নকৰা|
____________________________________________________

ASSAMESE JOKES, Google jokes, facebook jokes, new jokes