Gajari: the Best of Indian Jokes: January 2016

January 29, 2016

একচেন্স অফাৰ

গাজাৰী ডট কমত চাখৰী কৰি থখাৰ কথা। 
বৰ্ণালী ঘাণ্টা আৰু ঠৰালী জিতুল পাঠা নলে গলে লগা শত্ৰু। থীফিন সময়ত বাৰ & ৰেষ্টোৰেন্ত এখনত চুমাল। টেবুলত বহি কিনে সৰু থিফিন বাকচৰ পৰা দুয়ো দুটা পিয়াজ উলিয়াই খাবা ধৰলাক। 
বাৰৰ মালিক আহি কলাক " এতে নিজৰ বস্তু আনি খাবা নৰে। নহলি আমাৰ কি লাভ ? "

ঘান্টা আৰু পাঠাই নিজৰ পিয়াজ কেইটা একচেন্স কৰি খালাক। 
নিজৰ নাখলাক।

by Apurba K in Latest Assamese Jokes

আশাকৰো তোমালোক ফিটিং হৈ আছা (New Episode)

মৰমৰ মইনাহঁত,

কিছুদিন তোমালোকৰ লগত কথা পতা হোৱা নাই, আচলতে তোমালোকে আজিকালি ইমান বেছি কথা জানা যে আমি একো কোৱাৰ প্ৰয়োজনেই নাই। তথাপি আজি এজন ত্ৰিকালজ্ঞ পণ্ডিতৰ কিছুমান উপদেশ তোমালোৰ বাবে আগবঢ়ালো, আশাকৰো তোমালোকৰ কামত আহিব।

কিছুদিনৰ আগতে তামিলনাডুৰ এজন জ্ঞানী ব্ৰাহ্মণ পণ্ডিতে আহি গাজাৰীত বসবাস কৰা আৰম্ভ কৰিলেহি। সৰ্বশাস্ত্ৰবিশাৰদ সেই পণ্ডিতৰ উপস্থিতিয়ে গাজাৰীক মহিয়ান কৰি তুলিলে। স্বনামধন্য সেই পণ্ডিতজনাৰ নাম হল ননমংগলম ভণ্ডস্বামী চিৰকুমাৰণ। কথিত আছে সেইজনা পণ্ডিতে নজনা-নুশুনা কথা একোৱেই নাছিল আৰু সকলো বিষয়তে তেওৰ অগাধ পাণ্ডিত্যৰ পৰিচয় দিছিল। তেখেতে পৰীক্ষাৰ বহীত একো নিলিখিছিল, কাৰণ তেওৰ মতে সেই নিম্নস্তৰৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া তেওৰ ‘শান কি খিলাফ’ আছিল, আৰু তেওৰ শিক্ষক সকলেও তেওৰ প্ৰতিভাৰ কথা উপলব্ধি কৰি তেওক পৰীক্ষাৰ বহীত মিঠা-সোৱাদ ৰসগোল্লা একোটাহঁতেৰে পুৰষ্কৃত কৰিছিল। আজি মই তোমালোকক সেই মহান পণ্ডিতজনে দি যোৱা কেইটিমান সাৰুৱা উপদেশৰ বিষয়ে কম। তোমালোকে ইয়াৰ অৰ্থবোৰ হৃদয়ংগম কৰিবলে চেষ্টা কৰিবা, আৰু নুবুজিলে ডাঙৰক সুধি লবা।

১।“মা-মছলা বেছিকে ঢালিবা, ভিনেগাৰেৰে মেৰিনেট কৰিবা, 
তাপ কমাবা, সময় বঢ়াবা, চিকেন তন্দুৰীৰ তেহে সোৱাদ পাবা।”
২। প্ৰেচাৰ বুলি নেখায় লোণ, চাকনাত যায় তিনিগুণ
৩। মোবাইল চাবা গধুলি, লেপটপ চাবা পূৱা, ফেচবুকতে ছোৱালী চাবা, কোন কেনেকুৱা
৪। ইনবক্সত ৰিপ্লাই দিলে “নাং এঞ্জেলিনা জলী”ও ধুনীয়া ছোৱালী।
৫। প্ৰফাইল পিকচাৰ দেখিয়েই নিদিবা ধ্যান, গুগল ইমেজত আপলোডাই লবা তিনি প্ৰমাণ।
৬। দহজনী মানক একেলগে দিবা খেপ, আগতে গৰম কৰিবা জেপ।
৭। ছেংমাত আশ, বনত বাস।
৮। চচালৈ বোৱাৰী চাওঁ , ঘূৰি ঘূৰি মোলৈহে পাওঁ ।
৯। পেপছি খাই ৰিণ্টু কুৱেইট গমিল, চাকনা খাই ভাষ্কো খালত পৰিল।
১০। মূৰ্খ পত্নী হয় যদি এশ বা হেজাৰ, সিহঁতৰ পৰা নাই কোনো অপকাৰ।
১১। গৰু আনিবা পেট সৰু চাই, ছোৱালী আনিবা যাৰ বয়ফ্ৰেণ্ড নাই।
১২। মহন্তৰ চিন মাহনিত, বিজুইৰ চিন ঘাঁহনিত
১৩। ফেচবুক, হোৱাটচ এপত এবছৰ লাগি পতালোগৈ যাক,
ডেটিং মাৰোতেহে গম পালো দুটা ল’ৰাৰ মাক।
১৪। ৰহাৰ ৰহদৈ, তিপামৰ ভাদৈ, শলগুৰিৰ আঘোনী বাই
সকলোকে ৰিকুয়েষ্ট দিবা ভাল দিনবাৰ চাই।
১৫। একেদিনাই সাতজনী পতালো, লোকক নকলো লাজে,
ফে’ক একাউণ্টে ‘হাই’ বুলি ক’লে, তাতে জয়ঢোল বাজে।

এই জ্ঞানগৰ্ভ বাণীসমূহৰ তাৎপৰ্য উপলব্ধি কৰিব পাৰিলে তোমালোকৰ জীৱনো এগাল মান গাৰ্লফ্ৰেণ্ড/ বয়ফ্ৰেণ্ডে ৰূপী চেলাপটি জোকেৰে লেওলওৱাই থাকিব।

ইতি 
মৰমেৰে তোমালোকৰ
হৃত্ত্বিক ৰৌছন খুৰা।

~ by Abhijit

ভৱিষ্যতৰ কাহিনী...

ৰিণ্টুদাৰ ভালেমান বয়স হ’ল| লগতে বৌৰো| বৌৱে অকণমান লৰি-চৰি খাব পাৰে যদিও ৰিণ্টুদাই একেবাৰে নোৱাৰে|

কথাটো গম পোৱাত চচাই ৰিণ্টুদাৰ চোৱা-চিতাৰ কাৰণে ফেয়াৰ এণ্ড লাভলী নাৰ্ছ এজনী থিক কৰিলে| সদায় ৰাতিপুৱা নাৰ্ছজনীয়ে ৰিণ্টুদাক গা ধুৱাই দিয়ে, ব্ৰেকফাষ্ট খুৱাই দিয়ে, গাৰ্ডেনত ফুৰাবলৈ নিয়ে| একো অসুবিধাই পাবলৈ দিয়া নাই| ৰিণ্টুদাইহে মাজে সময়ে চকীখনত একাষৰীয়া হৈ বহিবলৈ বিছাৰে|

ইপিনে ৰিণ্টু বুঢ়া পৰে বুলি নাৰ্ছজনীয়ে ৰিণ্টুদাক আকৌ চকীখনৰ মাজলৈ আনি বহুৱাই দিয়ে| পৰি গ’লে চচাৰ পৰা গালি নেখাব জানো?

পিছদিনা আকৌ নাৰ্ছজনীয়ে ৰিণ্টুদাক গা ধুৱাই দিয়ে, ব্ৰেকফাষ্ট খুৱাই দিয়ে, গাৰ্ডেনত ফুৰাবলৈ নিয়ে| একো অসুবিধাই পাবলৈ দিয়া নাই| ৰিণ্টুদাইহে মাজে সময়ে চকীখনত একাষৰীয়া হৈ বহিবলৈ বিচাৰে|

ইপিনে ৰিণ্টু বুঢ়াই পৰে বুলি নাৰ্ছজনীয়ে ৰিণ্টুদাক আকৌ চকীখনৰ মাজলৈ আনি বহুৱাই দিয়ে|
এনেকৈ কাৰবাৰটো চলি আছে| ৰিণ্টুদাই আল-হাবিবিৰ পৰা চাই দিয়া ছোৱালীজনীৰ লগত ফুৰি চাকি এসপ্তাহ পিছত চচাই ৰিণ্টু বুঢ়াৰ খবৰ লবলৈ গ’ল|

চচা: দাদা গা ভালে আছে নহয়?
ৰিণ্টু: এহ! কিনো কবা আৰু| প্ৰমাদ গণি আছো|
চচা: নাৰ্ছজনীয়ে কেয়াৰ লৈছে নে ভালকৈ? আমাৰ উজানবাজাৰ হস্পিটেলৰ নাৰ্ছ| বেয়া হ’ব নেলাগে|
ৰিণ্টু: খুউব ভাল| টাৰিফ-পে-টাৰিফ কৰিব লগা নাৰ্ছ| এ-টু-জেদ কেয়াৰ লৈছে| মাত্ৰ মোক পাদিবলৈহে নিদিয়ে|

By Shasanka in Assamese Jokes 2016

কলিতাই কিয় বেয়া মাত নামাতে?

ইতিহাসৰ পাত লুটিয়াই: -

কলিতা তেতিয়া ক্লাছ টেনত পঢ়ে| খুব অবাইচ মাত মাতে|
দত্ত মাষ্টৰে এদিন কলিতাক মাতি আনি বুজালে আৰু ক’লে- বেটা, নাপায় নহয়| অবাইচ মাত নামাতিবা|
কলিতা: ওলাই যায় অবাইচ মাত %#%‍##, কি কৰিম কওক *%‍$#?
দত্ত: এটা কাম কৰা, এই জেওৰা খুটি কেইডাল লোৱা আৰু যেতিয়াই অবাইচ মাত এটা ওলায়, এডালকৈ জেওৰা খুটি মোৰ ঘৰৰ বাউণ্ডাৰীত পুতি দিবা|

পিছদিনা কলিতাই ২১ ডাল জেওৰা পুতিব লগা হ’ল| কথাটোত নিজেই লাজ পাই তাৰ পৰবৰ্তী দিনা অলপ কমকৈ অবাইচ মাত মাতিবলৈ যত্ন কৰিলে| সেইদিনা জেওৰা পুতিলে ১৫ ডাল| এনেকৈয়ে দিন যোৱাৰ লগে লগে কলিতাৰ অবাইচ কমি আহি থাকিল আৰু জেওৰাও কমকৈ পুতিব লগা হ’ল|

দত্ত চাৰে কথাটো গম পাই ক’লে: চাবাইছ| এতিয়া যি দিনা তুমি অবাইচ নামাতা, সেইদিনা দুডালকৈ জেওৰা উঘালি পেলাবা...
কলিতা: অ.কে.

এনেকৈয়ে ২৭ দিনত গোটেই জেওৰা উভাল খালে|

শেহৰ দিনাখন দত্ত মাষ্টৰে কলিতা শিষ্যক নি ঠাইডোখৰ দেখুৱালে: "চোৱা, তুমি জেওৰাখন উভালিলা হয়, কিন্তু তাৰ পিছতো গাঁতবোৰ থাকি গ’ল মাটিতেই| তেনেকৈয়েই তুমি অবাইচ মাতিলে মানুহৰ মনত দাগ থাকি যায় নহয়| তাকে বুজি নোপোৱা নেকি কে##, বা%#....., চা..., মা@#@$@%@, চুঁ#$%#.....!!!!

সেইদিনাৰ পৰা কলিতাই এটাও অবাইচ নামাতে|

More Assamese Jokes

January 15, 2016

আশাকৰো তোমালোক ফিটিং হৈ আছা (Episode 1)

[বি.দ্ৰ.:- কিছুদিনৰ পৰা গাজাৰীত অপ্ৰাপ্তবয়স্ক সদস্যৰ আমদানি বৃদ্ধি হোৱাত, বৃদ্ধসকল অলপ বিমোৰত পৰিল। আৰু সেইকাৰণে গাজাৰীৰ শিশুসকলৰ বাবে এটা শিতান আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হ’ল। এই শিতানটোৰ উদ্দেশ্য হ’ল শিশু গাজাৰীসকলৰ মাজত ভেলু এডিচন কৰি তেওলোকক ভৱিষ্যতৰ সু-গাজাৰী হিচাপে গঢ়ি তোলা। এই শিতানটোৰ দ্বায়িত্ব অমুকাক দিয়া হোৱা নাই যদিও, চান্সতে সুবিধা লৈ তেও ইয়াৰ উঠি ৰজা বহি ৰজা হবলৈ পাঙিছে। সেইকাৰণেই কথা নাই বতৰা নাই - শিতান আৰম্ভ কৰি দিয়া হৈছে। কাৰো সন্মতি নোলোৱাকৈ এই শিতানটোৰ নাম ৰখা হৈছে -“আশাকৰো তোমালোক ফিটিং হৈ আছা”। আজিৰ পৰা প্ৰত্যেক দিনাই এই শিতানৰ যোগে শিশু গাজাৰীসকলৰ মানসিক তথা আধ্যাত্মিক উৎকৰ্ষৰ বাবে কিছু বিশেষ প্ৰৱন্ধ প্ৰকাশ কৰা হব।]

** আশাকৰো তোমালোক ফিটিং হৈ আছা

মৰমৰ কণ কণ অকণিহঁত

আজি তোমালোকে যিটো গোটৰ সদস্য হৈ আছা এই গোটটোৰ ইতিহাসে আজি কেইবাহাজাৰ বছৰ চুলেহি। এই সময়খিনিত গাজাৰীৰ বহুতো সদস্যই নিজৰ জ্ঞান, বুদ্ধি তথা দূৰদৰ্শীতাৰ বলেৰে গাজাৰীক বিশ্ব দৰবাৰত এক উচ্চ স্থানত অধিস্থিত কৰিছে। আজি তোমালোকে সেই মহৎ লোকসকলৰ বিষয়ে জনা উচিৎ। কাৰণ তেওলোকৰ আদৰ্শ আৰু পথনিৰ্দেশনাৰ অবিহনে আমি এই সংসাৰ সাগৰত গুৰিবঠাবহীন নাঁৱৰ দৰে উটি ফুৰিব লাগিব। 
আমি সকলোৱেই নিজৰ ইতিহাস আৰু সংস্কৃতিৰ কথা জনা উচিৎ। সেই উদ্দেশ্যেই মই গাজাৰীৰ প্ৰতি সংখ্যাতে এই শিতানত এজনকৈ স্বনামধন্য গাজাৰীৰ জীৱন আৰু কৃতিৰ বিষয়ে তোমালোকক জনাবলৈ সিদ্ধান্ত কৰিছো। আশাকৰো তোমালোকে এইসকলৰ গাজাৰীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নিজৰ জীৱন সথিক দিশেৰে আগবঢ়াই নিব পাৰিবা। এই শিতানত পোন প্ৰথমেই মই তোমালোকক জনাব বিছাৰিছো, গাজাৰীৰ সকলোতকৈ গুৰুত্বপূৰ্ণ লোক তথা হে’ড এডমিন ‘ ছেংমায়ন’ৰ বিষয়ে।

ছেংমায়নঃ- আজিৰ পৰা প্ৰায় তিনিহেজাৰ বছৰৰ আগতে যেতিয়া মানৱ জাতিৰ আন আন সদস্যসকলে প্ৰায় জন্তুৰ দৰে জীৱন নিৰ্বাহ কৰিছিল, তেতিয়াই, গাজৰীৰ সভ্যতাই চূড়ান্ত শিখৰত অৱস্থান কৰিছিল। সেইকালৰ গাজাৰী শ্ৰীশ্ৰী ছেংমায়ন দেৱে এখন গ্ৰন্থ প্ৰণয়ন কৰিছিল, যিখনৰ নাম আছিল “টইলেট সূত্ৰ”। এই গ্ৰন্থখনত পাইখানা কৰাৰ ভিন ভিন নিয়ম আৰু তাৰ উপকাৰ বা অপকাৰ সম্পৰ্কে বিশদ বিৱৰণ দিয়া হৈছে। ইয়াৰ উপৰিও পাইখানা কৰাৰ নানান আসন বা প’জ আৰু তাৰ সুবিধাসমূহ বৰ্ণনা কৰা হৈছে। বিশ্বৰ কোন কোন প্ৰান্তৰ কোন কোন লোকে কেনেদৰে পাইখানা কৰে, পাইখান কৰাৰ আচল সুখ কেনেকে অনুভৱ কৰিব পাৰি, তাৰ ইতিহাস আৰু প্ৰক্ৰিয়া গ্ৰন্থখনত চিত্ৰসহকাৰে দিয়া হৈছিল। এই গ্ৰন্থখনৰ প্ৰভাৱ আজিও আমাৰ সমাজত বিৰাজমান! তাৰ প্ৰমাণস্বৰূপে তোমালোকে হনী সিঙৰ ‘me and friends latring in field’ নামৰ ৭১ জন লোকক টেগোৱা ফটোখনলৈ মন কৰিব পাৰা।
পায়খানা কৰা মানুহ এক সহজাত প্ৰবৃত্তি, হলেও পাইখানা কৰাৰ ইমান বিষদ বিৱৰণ থকা গ্ৰন্থ বিশ্বত বিৰল। বিখ্যাত জাৰ্মান সংস্কৃত পণ্ডিত লানী চিয়নে এই গ্ৰন্থখনৰ সম্পৰ্কে এইবুলি মন্তব্য কৰিছে - Though taking shit is a natural process, it’s still a taboo to talk about it in public, but the great Gajari Chengmayan has studied it is so detail, that too 3000 years back, and turned the mere act of taking shit to a graceful form of Art.
ভাবি চোৱাচোন মইনাহঁত, যিসময়ত আন মানুহে পশুৰ দৰে জীৱন কটাইছিল, নিজৰ পাইখানাকে খাদ্য বুলি গ্ৰহণ কৰিছিল, সেই সময়তে গাজাৰীত পাইখানা কৰাৰ ওপৰত গ্ৰন্থ প্ৰণয়ন কৰা হৈছিল। গতিকে মইনাহঁত, তোমালোকে গাজাৰীৰ ঐতিহ্যৰ সম্পৰ্কে সচেতন হোৱা প্ৰয়োজন, আজিলৈ এৰিলো।

মৰমৰে
তোমালোকৰ
হৃত্ত্বিক ৰৌছন খুড়া।

[কালিলৈ:- তোমালোকে জানা যে পৃথিৱীৰ প্ৰথম মহাকাব্য ৰামায়ন, যাক বাল্মিকীয়ে প্ৰণয়ন কৰিছিল, কিন্তু তোমালোকে হয়তো নেজানা, ৰামায়নতকৈয়ো আগতে এজন গাজাৰীয়ে এখন মহাকাব্য ৰচনা কৰি নিজৰ নাম চিৰযুগমীয়া কৰি থৈ গৈছে। এই বিষয়ে জানিবলৈ অপেক্ষা কৰা কাইলৈৰ সংখ্যালৈ]

(~ Abhijit Kalita)

আশাকৰো তোমালোক ফিটিং হৈ আছা (Assamese Jokes Series)

মৰমৰ অকণিহঁত

তোমালোকে ভৱিষ্যতবাণী মানে কি নিশ্চয় জানা। তোমালোকে জানি ভাল পাবা যে বিশ্বৰ সকলোতকৈ বিখ্যাত ভৱিষ্যতবাণী কৰোঁতাজনো এজন গাজাৰী। তেওৰ নাম হ'ল ভাষ্কোদামাছ বা (দত্ত চাৰৰ মতে) 'ভাষ্কোদামুঁ' । কিছুমান ইতিহাসকাৰে এখেতক ভাষ্কো দা গামা বুলিও কয়, কিন্তু এই তথ্য শুদ্ধ নহয়। কাৰণ যিজন ব্যক্তিয়ে ৰাষ্টাৰ কাষত চুচু কৰাৰ পাছত সেই জমা হোৱা পানীখনিত পৰি গ'লে ডুবি যাম বুলি ভয়তে থৰহৰি কম্পমান হৈ থাকে, তেও বাৰু সাত সাগৰ জাহাজেৰে পাৰ হৈ ভাৰতলে আহিব পাৰিবনে? গতিকে তোমালোকে সেইবিলাক 'ফকটিয়া' কথাত মন নিদিবা।
আজিৰ পৰা প্ৰায় দুহাজাৰ বছৰ আগতেই ভাষ্কোদামুঁয়ে আজিকালি হৈ থকা বহু ঘটনাৰ হুবহু ভৱিষ্যতবাণী কৰি গৈছে- যেনে অমুক গাজাৰীয়ে ডেটিঙ মাৰিবলে যাওতে খৰছা বচাবলে ব্ৰেড আৰু বিচলেৰী বটল লৈ যাব, চেতিয়া দা ভাৰতলে অহাৰ দিনা চুলিত কি ৰং লগাই আহিব ইত্যাদি। জনশ্ৰুতি আছে, যে ভাষ্কোদামুঁয়ে গধূলি সাত মান বজাৰ লগে লগে এবিধ দিব্যবস্তু পান কৰি নিজকে এক ভাৱাতীত বা ট্ৰেন্সেনডেণ্টেল অৱস্থালৈ লৈ গৈছিল আৰু তাহানিৰ ৰংপুৰ চহৰৰ গড়খাৱৈ একোটাত পেটটো ওপৰলে কৰি শুই লৈ অনৰ্গল ভৱিষ্যতবাণী কৰি গৈছিল। তাৰ প্ৰায় সকলোবোৰ ভৱিষ্যতবাণীয়েই আজি সঁচা হৈছে।
ভাষ্কুদামুৰ ভৱিষ্যতবাণী মতে ২০২০ চন মে' মাহৰ ১৫ তাৰিখে গাজাৰীত প্ৰলয় নামিব, আৰু গাজাৰীৰ জুকবোৰ ৩০ ফুট পানীৰ তলত ডুব যাব। সেই সময়ত গাজাৰীক ৰক্ষা কৰিবলৈ ভাষ্কোডামুয়ে নিজে অৱতাৰ লব আৰু সেই প্ৰলয়ৰ পানীবোৰ সেই দিব্যবস্তুবিধৰ লগত মিহলাই খাই পেলাব।

মইনাহঁত,
তোমালোকে এই বিখ্যাত গাজাৰীজনৰ কথা শুনি ভাল পালা নিশ্চয়, আজিলৈ এৰো। কাইলৈ মই তোমালোকক গাজাৰীৰ এগৰাকী বীৰাংগনাৰ কথা ক'ম।
মৰমেৰে
তোমালোকৰ
হৃত্বিক ৰৌছন খুড়া।

আশাকৰোঁ তোমালোক ফিটিং হৈ আছা 


(~Abhijit Kalita)

আশাকৰো তোমালোক ফিটিং হৈ আছা (Assamese Jokes Series)

মৰমৰ মইনাহঁত
গাজাৰীৰ মাজত কেৱৰ বীৰ বীৰাংগনাই নহয়, ইয়াত কেইবাজনো যুগান্তকাৰী বিজ্ঞানীও আছে, তেনে দুজন লোকৰ কথা আজি মই তোমালোকক কম।

গাজাৰীৰ আটাইতকৈ বিখ্যাত বিজ্ঞানীগৰাকীৰ নাম হ'ল মৌছুমাইনষ্টাইন। তেওৰ পঢ়া শুনা বৰ বেছি নাছিল, তেও পোষ্ট ডক্টৰেট ফেল'শ্বিপ কৰি থাকোতেই, এটা ইউনিট টেষ্টত ১০০ ভিতৰত ৯৯.৫ পোৱাৰ কাৰণে , তেওক পাঠশালাৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। হ'লেও প্ৰতিভা কেতিয়াও লুকাই নেথাকে। তেও পাঠশালাৰ পৰা বাহৰি হৈয়ো, একান্ত মনে ফেচবুক অধ্যয়ন কৰে, আৰু শেষত "থিঅ'ৰি অৱ ইৰৰিলেটিভিটি" বুলি এটা কোনেও নুশুনা আৰু নুবুজা সূত্ৰ আৱিষ্কাৰ কৰে। আচলতে সেই থিঅ'ৰিটো আজিলৈকে কোনেও বুজা নাই, সেইকাৰণে সকলোৱে বিৰাট ডাঙৰ কিবা এটা বুলি ভাবে। যি কি নহওক, সেই থিঅ'ৰি মতে 'মাছ আৰু এনাৰ্জি' ইণ্টাৰচেঞ্জিয়েবল, মানে মাছক এনাৰ্জিলৈ সলনি কৰিব পাৰি। তাকে অলপ সৰলকৈ বুজালে তোমালোকে বুজি পাবা।
তোমালোকে নিশ্চয় মন কৰিছা, কেঁচা মাছ ভাজিলে তাৰ ওজন কমি যায়, যায় নে নেযায়? কত যায় সেই ওজন খিনি? আকৌ ... ভজা মাছ খিনি খাই পেলালে, মাছ খিনি নাইকিয়া হৈ যায়, কিন্তু মানুহে গাত বহুত এনাৰ্জি পায়, হয়নে নহয়? তাৰ পাছত ৰাতিপূৱা সেই এনাৰ্জি অলপ হালধীয়া বৰণ লৈ বাহৰিলে ওলাই বাগৰি-জুগৰি নদীৰ পানী পাইগৈ, তাকে সাৰ বুলি গ্ৰহণ কৰি কণীৰ পৰা ডাঙৰ ডাঙৰ মাছৰ সৃষ্টি হয়। গতিকে তোমালোকে বুজি পালা, যে মাছক এনাৰ্জিলৈ কনভাৰ্ট কৰিব পাৰি, এণ্ড ভাইচি ভাৰ্চা।

মৌছুমাইনষ্টাইনৰ এই সূত্ৰৰ ওপৰতে ভিত্তি কৰি আন এজন গাজাৰী বিজ্ঞানী "বাহুবলী জয়দ্বীপ হ'কিন্স"এ বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি সম্পৰ্কে The Big বেং Theory আগবঢ়ায়। এই থিঅ'ৰি মতে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি প্ৰকাণ্ড এটা 'বেং' বা ভেকুলীৰ পৰা হৈছে। তাৰ প্ৰমাণ স্বৰূপে তোমালোকে এই কথাটোলৈ মন কৰিবা, ব্ৰহ্মাণ্ডৰ গ্ৰহ, উপগ্ৰহ, তৰা, নক্ষত্ৰ, সকলো গোলাকাৰ.... .সেইদৰেই ভেকুলীৰ কণীও গোলাকাৰ। ব্ৰহ্মাণ্ডত অসংখ্য গ্ৰহ, নক্ষত্ৰ আছে, আৰু বেঙেও এবাৰতে অগণন কণী পাৰে। গতিকে আমি বাস কৰা এই বিশ্ব ব্ৰহ্মাণ্ডখন সেই বেংটোৱে (নে জনীয়ে) পৰা কণীৰ পৰা উদ্ভৱ হোৱা বুলি প্ৰমাণ হয়।
আশাকৰোঁ তোমালোকে এই বিজ্ঞানীসকলে দেখুৱা পথ অনুসৰণ কৰি নিজৰ "হাতৰ কুঠাৰ ভৰিত মাৰিবলে" শিকিব পাৰিবা।

মইনাহঁত,
তোমালোকক আৰু বহুত কাহিনী কবলে আছে, কিন্তু এই এডমিন কেইটাই মোৰ দৰমহা আজিলেকে দিয়া নাই। তাতে "ক্ৰিছ ৬৫" ৰ শ্বুটিঙো চলি আছে, ফ্ল'প হব বুলি জানো, পিছে দেউতাৰ ফিল্ম, নকৰিলে ত্যজ্যপূত্ৰ কৰি দিব পাৰে, তেতিয়া পৈতৃক সম্পত্তি কণৰো মুদা মৰিব। ৰণবীৰ কাপুৰে মোৰ মাৰ্কেট অলপ ডাউন কৰাৰ কাৰণেহে মই এই শিতানটো লিখিছিলো, কিন্তু পইচা নেপালে কি লাভ? পইচা নোপোৱালেকে মই আৰু এই শিতান নিলিখো। বেয়া নেপাবা দেই। ফিটিং থাকিবা। ভৱি‍ষ্যতে লগ পোৱাৰ আশাৰে।

তোমালোকৰ
হৃত্বিক ৰৌছন খুড়া।

(~ Abhijit Kalita)

আশাকৰো তোমালোক ফিটিং হৈ আছা (Assamese Jokes Series)

মৰমৰ অকণ অকণিহঁত,

(কালি ২০ টকাৰ লাপু পালোঁ, সেইকাৰণেহে লিখিছো।)

আশাকৰো তোমালোক ফিটিং হৈ আছা

তোমালোকে 'কুফা' দেখিছানে, বহুতে হয়তো দেখিছা, হয়তো তোমালোকৰ দুই এজন নিজেই 'কুফা'। তথাপিও কও, আমাৰ মাজতে কিছুমান মানুহৰ 'স্পেচিয়েল পাৱাৰ' থাকে, তেওলোকে 'মুখ লগোৱা' বুলি খতৰনাক 'জিনিছ' এটা জানে... 'মুখ লাগিল; মানে সকলো চাফা। ধৰা তোমালোকৰ ঘৰত অমিতা এজোপা একদম ভৰি ভৰি লাগিছে,... 'কুফা' এজনে দেখি কৈয়েই দিলে - "আও ..বহুত অমিতা লাগিছে দেই, বৰ ভাল হৈছে..চলৰৌওওপ।" বচ....... লাগিল নহয় মুখ.. সেইজনা গৈ ঘৰ নেপায়গৈয়েই, তোমাৰ অমিতা গছ মাজ কঁকালতে ভাগি... ধুপুছ। আকৌ ... হয়তো তোমাৰ চেহেৰা পাতি দেখি সেইজনাই কৈ গ'ল - "মাজনী, দেখিবলৈ শকত আৱত, বৰ ধুনীয়াজনী হৈছা দেই।" হ'লেই আৰু, পিছদিনাৰ পৰা তেজ হাগনি, মুখত এহেজাৰটা পিম্পল,... 'হট' লুক কা ধ্বজিয়াঁ!! সকলোৱে 'কুফা' বিলাকক বেয়া পায়, দেখিলেই পলায়।

কিন্তু এজন গাজাৰীয়ে এই 'কুফা' সকলক লৈয়ে কামাল কৰি দিলে। তেওৰ নাম, "বিজুই দীননাথ চৌহান মহন্ত
ধুৰিয়াপ্পা", পুৰা নাম। তেওৰ দৰে 'ধুৰ' পৃথিৱীতে নাই বুলি ৰাইজে কয়। সেই সময়ত তেঁও গাজাৰী সেনাবাহিনীৰ সৰ্বাধিনায়ক। ইফালে পাকিস্তানে আমেৰিকাৰ ভিতৰুৱা সহযোগত গাজাৰী আক্ৰমণ কৰি দিলে, ১৯৬৫ চনৰ কথা। পাকিস্তানৰ হাতত আমেৰিকাত নিৰ্মিত 'পেটন টেংক' ‌' লকহীড মাৰ্টিন F16 ফেলকন জে'ট ফাইটাৰ', আৰু ধেৰ কিবা কিবি। আৰু গাজাৰী পাৰ্টিৰ হাতত 'বাবাজী কা থুল্লু', ...মানে ৱিলিক্স জীপ এখনত বন্দুক এটা ফিট কৰি বনোৱা 'জুগাৰু' টেংক, 'শক্তিমান' ফ'ৰ হুইলাৰ ট্ৰাক দুখন মান, 303 (ৰীড এজ থ্ৰী নট থ্ৰী) বন্দুক, নেপালী খুকুৰী, আধাফুট দীঘল মোচ.. এটচেত্ৰা। ধুৰিয়াপ্পা চাৰে গৈ যুদ্ধভূমিৰ সমীক্ষা কৰিলে, গম পালে, সিফালে পাল্লা বহুত ভাৰী, কোনোমতেই জিকাৰ চান্স নাই। কিন্তু এই হেন প্ৰতিকূল পৰিস্থিতিতো তেখেতে নিজৰ 'ধুৰ' মগজ ব্যৱহাৰ কৰি এটা উপায় ভাবি উলিয়ালে।
তেও অসমৰ সকলো গাঁও-ভূঁইৰ পৰা সেই বিশেষ ক্ষমতাসম্পন্ন 'কুফা' বিলাক বিছাৰি আনিলে আৰু পাকিস্তানৰ
সীমান্তত খাড়া কৰি দিলে।অৰ্ডাৰ মতে 'কুফা' বিলাক নিজৰ কামত লাগিল গ'ল-

- "আও, ইমান ধুনীয়া পেটন টেংকখন, মানিব লাগিব দেই" ..কথা শেষ নহ'লেই, সেইফালে টেংকৰ চকা ফুটিল,(টেংকৰ চকাবোৰ লোহাৰ দেই, মন কৰিবা, লোহাৰ চহা ফুটাবলে কিমান পাৱাৰ লাগিব?) .... কেননটো বেঁকা হৈ মাটিত সোমাই গ'ল।

- "বৰ ধুনীয়া প্লে'ন হে এইখন, F-16 , বৰ মৰম লগা, একেবাৰে ৰূপৰ নিচিনাকে জিলিকি আছে" ... হ'লেই আৰু.... F-Series ফেলকন ফাইটাৰৰ ইঞ্জিনত জুই লাগি গ'ল, 'টে'ক অফ মেকানিজম' জেগাৰ পৰা নলৰাই হ'ল।
- "উসস... কি ধুনীয়া M-16 ৰাইফল বনাইছে আমেৰিকাই, ইমান মৰম লগা" ... লগে লগে M-16 বন্দুকৰ পৰা গুলীয়েই নোলোৱা হ'ল.. পাকিস্তানীয়ে ট্ৰিগাৰ ডবাইহে ডবাই ... ..থুছুক... থুছুক....থুছুক!!
সুবিধাতে গাজাৰী আৰ্মীয়ে 303 বন্দুক আৰু বেয়নেটেৰে পাকিস্তানী সৈন্যক তূলা ধুনা দি ধুনি পেলালে। পাকিস্তানী জেনেৰেল "পিয়াজী"য়ে উপায় নেপাই চাৰেণ্ডাৰ কৰিলে।
এইদৰেই, অসমীয়া সংস্কৃতিৰ এক কৌটিকলীয়া পৰম্পৰা ব্যৱহাৰ কৰি ধুৰিয়াপ্পাই গাজাৰীক এক আৱশ্যম্ভাৱী পৰাজয়ৰ পৰা ৰক্ষা কৰিলে।
হে মহান সেনানায়ক BDSM ধুৰিয়াপ্পা, য়ে দেছ তুমহে নমন কৰতা হেঁ।

মৰমেৰে
তোমালোকৰ
হৃত্বিক ৰৌছন খুড়া।

(~ Abhijit Kalita)

আশাকৰোঁ তোমালোক ফিটিঙ হৈ আছা (Assamese Jokes Series)

||আশাকৰোঁ তোমালোক ফিটিঙ হৈ আছা||

মৰমৰ অকণ অকণিহঁত,

[হৃতিক ৰৌশন খুৰাই ভেলাঘৰ ৰখাৰ কামত আৰ্জেন্টলি টিম্বকটুলৈ যাবলগীয়া হোৱাত মোক মাঘ বিহুত তোমালোকক চিঠি লিখাৰ কামত মকৰল কৰি থৈ গ’ল... হিক!]

ম‍ইনাহঁত,
তোমালোকে ইতিহাসৰ পাত লুটিয়াওঁতে কেইবাগৰাকী বীৰাংগনাৰ কাহিনী পঢ়িছা চাগে, আৰু তাৰ পৰা অনুপ্ৰেৰণাও লাভ কৰিছা| আজি তোমালোকক তেনে এগৰাকী ইতিহাসৰ পাতত নথকা পাৱাৰপেকড নাৰীৰ কথা ক’ম| শ্বৰ্টকৈ ক’ম... দীঘলকৈ লিখিবলৈ মোৰ ধৈৰ্য নাই.... হিক!

এই কথা তেতিয়াৰে যেতিয়া মোৰ "চোলজাৰ চোলজাৰ, মিথি বাতেঁ বোল কৰ..." চিনেমাখন ৰিলিজ হোৱা নাছিল| অসমৰ মৰিছাছ নামৰ গাওঁ এখনত এগৰাকী পাহুৱাল ঘৈণী আৰু এজন মেমেৰা গিৰিয়েক বাস কৰিছিল| (এতিয়া নুসুধিবা "বাস" কেনেকৈ কৰে| কাৰণ ম‍ই আজিলৈকে বাস কৰি পোৱা নাই, সদায় গাড়ীতেই ঘূৰোঁ তো... বাস কৰিবলৈ হ’লে উজানবজাৰৰ বাস ষ্টপেজৰ ৰৈ কাছাৰীলৈকে ১৭ নং বাস ধৰিব পৰা যায়)|

মাঘ বিহুৰ সময়ৰ কথা| এদিন মেমেৰা গিৰিয়েকে বিহু অলপ খাই আহি সন্ধ্য়া চোতালত বিহু ডেন্সাই আছিল| পাহুৱাল ঘৈণীয়েকে ওলাই সুধিলে, "ঐ মৰিব নজনা| বিহু বুলিয়েই গেলাসোপা খাই আহিব লাগে বুলি ক’ৰবাত লিখা আছে নেকি?"
মেমেৰাই উত্তৰ দিলে: "খাই আহিব নালাগে বুলি ক’ৰবাত লিখা আছে নেকি হাঁ?"
"চুঙা চাই সোপা দিলোঁ" বুলি ভাবি আনন্দতে মেমেৰাই খুব নাচিবলৈ ধৰিলে| লাজে অপমানে জৰ্জৰিত হৈ সেই পাহুৱাল মানুহজনীয়ে মাঘবিহুলৈ বুলি আনি থোৱা আটাইকেইটা কাঠ-আলু, মিঠা-আলু খাই ডায়বেটিছ হৈ ঢুকাই থাকিল|
কালক্ৰমত সেইজনী পাহুৱালনীয়েই অসমৰ আন এখন ঠাইত জন্ম হৈ মেমেৰাক মাৰিবলৈ জিম জ‍ইন কৰি কেইবাটাও ডামবেলক সদগতি প্ৰদান কৰে|

ম‍ই তোমালোকক নকওঁ তাইৰ নাম কি আছিল; তোমালোকে মোক তেওঁৰ নামটো পোষ্টকাৰ্ডত লিখি পঠাবা দেই... হিক!
আজিলৈ এৰোঁ| জল-যোগৰ সময় হৈছে, যোগ কৰি আহোঁগৈ|

ইতি
তোমালোকৰ মৰমৰ
ববী দেউল বৰদেউতা

আশাকৰোঁ তোমালোক ফিটিং হৈ আছা (Assamese Joke Series)

॥ আশাকৰোঁ তোমালোক ফিটিং হৈ আছা ॥

মৰমৰ মইনাহঁত
তোমালোকে গাজাৰীৰ ৰাজকুমাৰ কাম সন্যাসী চচাৰ নাম শুনিছানে। নাই শুনা যদি ভাল কথা, কিছুমান কথা নুশুনিলেই মংগল। তথাপিও, আজি মই তোমালোক সেইজন মহাপুৰুষৰ জীৱনৰ বিষয়ে কবলৈ ওলাওছো, কিদৰে তেও গাজাৰীৰ প্ৰেম আৰু সম্প্ৰীতিৰ (বিশেষকৈ প্ৰেমৰ) বাণী প্ৰচাৰ কৰিছিল।

গাজাৰীৰ ৰাজবংশত অতীতৰ এক মাহেন্দ্ৰক্ষণত ৰাজকুমাৰ চচাৰ জন্ম হৈছিল, তেও সৰুৰে পৰা অতি লাহ বিলাহৰ মাজত ডাঙৰ হৈছিল, তেও কেতিয়াও ডেডবডী বা বেমাৰী মানুহ দেখা নাছিল।তেও এনিটাইম আঠুৰ মুৰত পৰা হাফপেণ্ট আৰু ফটা গেঞ্জী পিন্ধিছিল কাৰণে তেওক মানুহে খঙতে “চেমি নেকেড ফকীৰ’ বুলি কৈছিল। তেওৰ সৰুৰে পৰা মতিগতি বৰ ভাল নাছিল আৰু সুন্দৰী নাৰী কন্যা-কুমাৰী দেখিলেই ফুটুংকৈ প্ৰেমত পৰি গৈছিল। এইদৰে প্ৰায় ৪৫৭ গৰাকী প্ৰেমিকাৰ লগত হলিগলি কৰাৰ অন্তত তেও তাৰে এগৰাকীৰ লগত বিবাহ পাশত আৱদ্ধ হয়।পিছে কথাতেকয় নহয় – বাচোতে বাচোতে গেলা বৰালি... বাকী জানাই নহয়।

চচানী অলপ, অলপ নহয় ভালেখিনিয়েই আৰু, ডাকুনী টাইপৰ মানুহ আছিল। মানে চচাক এনিটাইম নগুৰ নাগতি কৰি থাকিছিল- গতিকে চচাই বিয়াৰ তিনিমাহ মানৰ পাছৰে পৰা, ডাকুনীৰ পৰা ‘কাটি’ খোৱাৰ চান্স বিছাৰি আছিল।
এদিন চচাই ৰাজপ্ৰসাদৰ বাৰাণ্ডাত বহি বাটৰ ধুনীয়া ছোৱালীবোৰ জুপি জুপি চাই থাকোতে – এটা ডেডবডী আৰু এজন ৰুগীয়া মানুহ দেখা পালে। লগে লগে চচাৰ মগজুলৈ এটা বাম্পাৰ অৰিজিনেল আইডিয়া আহিল। তেও চচানীক ক’লে- “মই আৰু এই মানুহৰ ৰোগ, শোক, জৰা, মৃত্যু সহ্য কৰিব নোৱাৰিছো, গতিকে ইয়াৰ সমাধান বিছাৰি মই ধ্যান কৰিবলৈ যাও”। আৰু চচানীক হা না একো কবলৈ সুযোগ নিদিয়েকে চচা দৌৰ মাৰি মানুহ ভীৰৰ মাজত হেৰাই গ’ল।
তাৰ পাছৰ ২০ বছৰ চচাই ক’ত আছিল, কি কৰি আছিল সেই বিষয়ে ইতিহাস নিমাত। তথাপিও তেওৰ ধ্যানৰ ফলাফললৈ চাই কিছু অনুমান কৰিব পৰা যায়। চচাৰ মতে – তেও হেনো এই বিশ বছৰ কঠোৰ ধ্যান কৰি কটায়। তেওৰ ধ্যান দেখি ভয় খাই দেৱৰাজ ইন্দ্ৰই হেনো তেওৰ ওচৰলৈ ননষ্টপ ৰম্ভা, মেনকা, উৰ্বশী চাপ্লাই কৰিবলে লয়। অনিচ্ছাস্বত্তেই তেওলোকৰ নাচ-গান চচাই উপভোগ কৰিব লগাত পৰে যদিও, এদিন মৰ আঁউসীৰ ৰাতি, ঔ-টেঙা গছ এজোপাৰ তলত ফেঁচাৰ চিঞৰ শুনি শুনি চচাই পৰমজ্ঞান লাভ কৰে। তেওৰ সেই পৰমজ্ঞানৰ কেইটামান চেম্পল তলত দিয়া হ’ল: -

১। মানুহ মৰিবই, তাৰ অন্যথা নাই (লা মাইলা, মেৰেক’ ত’ পতাইছ নেই থা)
২। বেমাৰ হোৱাও প্ৰকৃতিৰ নিয়ম, বেমাৰ হ’লে ডাক্তৰৰ ওচৰলে যাব লাগে (য়ে চহী হেঁ ৱীৰু)
৩। তালিকৰ দৰে বৃদ্ধসকল, যাৰ আয়ুসত আৰু বেছি দিন নাই, তেওলোকে ধৰ্ম-কৰ্ম, শাস্ত্ৰ পাঠ আদি কৰি সময় নষ্ট কৰিব নেলাগে। বৰঞ্চ জীৱনৰ বাকী থকা দিন কেইটা ‘ফুলটু মস্তি’ কৰি কটাবৰ সাধনা কৰিব লাগে।(বলেত' – “দেখ লে..আখোঁ মেঁ আখেঁ ডাল..চিখলে”, এইচা মাফিক না?)
৪। হিংসা বৰ বেয়া বস্তু। ঘৰত বহি হিংসা কৰি, মুখৰ খজুৱতি মাৰি কাকো একো অপকাৰ কৰিব নোৱাৰি।দৰকাৰ হ’লে ডুবাই ভাইক চুপাৰী দি সেই শত্ৰুবিলাকক চাফা দি দিব লাগে।(থুক্ক’ তাল্লি)
৫। মাছ মাংস খোৱা পাপ। সেইকাৰণে সেই পাপ খণ্ডন কৰিলে আমিষ ভোজনৰ লগত সদায় ভাষ্কোদামুঁৰ দিব্যবস্তুকণ পান কৰিব লাগে।(কিধৰ? কিধৰ হেঁ..জল্দি মংগাও..)
৫। মানুহ মৰিলে ভুত হয়।(মা কচম, ঔৰ কুছ ভী ব’লেগা না, আপুন তেৰা চুপাৰী দে দেগা)

মইনাহঁত,
এইজন মহাপুৰুষে দেখুৱা পথেৰে বাট বুলিলে তোমালোকৰ জীৱনো কাল অমানিশাৰ চন্দ্ৰটোৰ দৰে উজলি উঠিব। গতিকে সময় থাকোতেই, গাজাৰী এৰি তোমালোকে “কনফেচন অৱ LOVE/ হহুৱাই হহুৱাই মাৰি পেলাম তোমাক/ fecbuk4evryfone/ গুপুত বিয়নি মেল” আদি গোটত যোগদান কৰা।

মৰমেৰে তোমালোকৰ
হৃত্ত্বিক ৰৌছন খুড়া

[~ Abhijit Kalita]

আশাকৰোঁ তোমালোক ফিটিং হৈ আছা (Assamese Joke Series)

॥ আশাকৰোঁ তোমালোক ফিটিং হৈ আছা॥

মৰমৰ অকণ অকণিহঁত

তোমালোকে নোৱা (Noah) ৰ সাধুটি শুনিছানে? সেইযে পৃথিৱীত প্ৰলয় আহিল, আৰু ভগৱানে নোৱাক এখন নাও সাজিবলে হুকুম দিলে। সেই নাৱত নোৱাই সকলো প্ৰাণী আৰু গছৰ গুটি লৈ ৪০ দিন উটি ভাঁহি ফুৰিলে, তাৰ পাছত পানী শুকুৱাত সেইবোৰেৰে সৃষ্টিখন ৰক্ষা কৰিলে।
নিশ্চয় শুনিছা। কিন্তু তোমালোকে জানিবলে পালে সুখী হবা যে, এজন গাজাৰীৰ বাবেই পৃথিৱীখন তেনে এটা ধ্বংসৰ মুখৰ পৰা বাছিল, মাত্ৰ কেইদিন মান আগতে।

পৃথিৱীত পাপ বেছি হৈ, তেনেই ধপাত হোৱাৰ গতি দেখি ভগৱানে আকৌ এবাৰ এনেদৰে পৃথিৱীখন ধ্বংস কৰিবলে মন মেলিলে, মানে প্ৰলয় আনিব খুজিলে, যত পাপীবোৰ পানীত ডুবি মৰিব আৰু এজন ভাল মানুহে সকলো বস্তুৰে সঁচ ৰাখি থব। পিছে নোৱা তো কেতিয়াবাই মৰি ভূত হ’ল, হাড়ত বন গজিল, গতিকে তেও বহুত ভাৱি গুনি আমাৰ মাজৰে গাজাৰী চিৰিমান চিখৰক সেই কামটো দিবলে সিদ্ধান্ত কৰিলে।

সেইমতেই এদিন ভগৱানে চিখৰক সোঁশৰীৰে লগ কৰি আদেশ কৰিলে, - "বোপাই, তই নাও এখন সাজ যেনেতেনে, আৰু প্ৰাণীবোৰো গোটা, - ছমাহ সময় দিলো তোক।"
পিছে চিখৰে সেই সময়ত গাজাৰীৰ জুক পঢ়ি হাঁহি আছিল বাবে কথাটো তাৰ বৰ ভালকে কাণত নোসোমাল, আৰু কেইদিন মানৰ পাছত পাহৰি থাকিল।
তিনিমাহ পাৰ হ’ল, ভগৱানে ফোন কৰি খবৰ ল’লে- কাম কিমান আগবাঢ়িছে। তেতিয়াহে চিখৰৰ মনত পৰিল, আৰু ক'লে
- "এইকেইদিন মানে বিৰাটেই বিজি বুইছে, কামৰ পৰা মুৰ ডাঙিবই পৰা নাই। চিন্তা নকৰিব- মই গাত ল’লো যেতিয়া কাম হৈ যাব।"
চাৰিমাহ- ‘অ’ চাৰ, কাঠ পাবলে নাই নহয় ইয়াত আজিকালি। আৰু যিকিখন বি ক্লাছ তক্তা পাইছো, কেবি ৭০০ টকাকে লাগে। তথাপিও চিন্তা নকৰিব, মই চেনেল এটা লগাইছো, মানুহ এটাই দুই নম্বৰী কাঠ দিম বুলি কৈছে, ৫০০ টকা মানকেই পাই যাম।‘
চাৰে চাৰি মাহ:- ‘বৰ ডাঙৰ কথা হ’ল নহয় চাৰ, গোটেই কাঠ খিনি ফৰেষ্টে ধৰিলে, এতিয়া কি কৰো মই ভাবিৱেই পোৱা নাই। ‘
পাঁচ মাহ:- ‘চিখৰৰ ফোন দুসপ্তাহ ধৰি চুইচ অফ।‘
পাঁচ মাহ ২০ দিন:- ‘নকব আৰু চাৰ, আগৰ ফোনটো মোৰ হেৰালে নহয়, আপোনাৰ নম্বৰটোও পাহৰিলো, আপুনি ফোন কৰি বৰ ভাল কৰিলে। হেৰি নহয়, কামটোটো ডাঙৰ, বহুত খৰছা পৰিব- অলপ এডভান্স কিবা দিব পৰা যাব নেকি? আপুনি চিন্তা নকৰিব, নাও হৈ যাব টাইমত।‘
পাঁচ মাহ ২২ দিন:- ‘ভাল খবৰ চাৰ, একদম সস্তাত কাঠ পাইছো, ভাল কাঠ। লোডিং হৈ আছে ট্ৰাকত। মোৰ মিস্ত্ৰী ৰেডী, কাঠ আহি পালেই ধাম ধুম কাম লাগি যাম। ইফালে আপোনাৰ কথা মতে মনিপুৰীয়া গৰু এহালো কিনিলো, এতিয়া বাকী জীৱজন্তু কেইটা গোটালেই হৈ গ’ল।‘
পাঁচ মাহ ২৮ দিন:- ‘চাৰ বৰ ডাঙৰ ঘটনা হ’ল নহয়। ট্ৰাকখন এক্সিডেণ্ট হ’ল, এতিয়া কাঠখিনি পুলিচে ধৰি থৈছে। মই গৈ আছো, কেনেবাকে মেনেজ কৰি উলিয়াই আনিম।আপুনি চিন্তা নকৰিব‘
ছমাহ পুৰা হোৱাৰ দিনা আগৰ প্ৰগ্ৰেম মতেই, আকাশ ডাৱৰীয়া হৈ আহিল, কলহৰ কাণে বৰষিবলে লাগিল। ভগৱানে কিবা অলপ সন্দেহ কৰি এইবাৰ নিজেই আহিল।
চিখৰ ফস্তি মাৰি শুই আছে।

- ‘কি হ’ল? নাও ক’ত- আৰু জীৱ জন্তু? গছ-গছনি? হোৱাট ইজ দিছ?’
- ‘চাৰ, কি কম আৰু আপোনাক, কালিৰ পৰাই মানুহজনীৰ গাটো বেয়া, গোটেই ঘৰৰ কাম কাজ কৰিব লগা হৈছে, একদম সময়েই পোৱা নাই।‘

ভগৱানে কিবা অলপ চিন্তা কৰিলে, আৰু অলপ পাছতে আকাশ মুকলি হৈ আহিল, বৰষুণো এৰিলে।
চিখৰে সুধিলে- কি হ’ল চাৰ, প্ৰলয় কেনচেল নেকি?
- অ’ কেনচেল, প্ৰলয়েৰে পৃথিৱীৰ পাপৰ বোজা কমোৱা আইডিয়াটোৱেই কেনচেল। তঁহতবোৰ জীয়াই থাকিও মৰা, তহতক মাৰি কি লাভ?
এইদৰেই চিখৰৰ বুদ্ধিমত্তাৰ বাবে পৃথিৱী ধ্বংসৰ পৰা বাছি গ’ল।

মৰমেৰে তোমালোকৰ
হৃত্ত্বিক ৰৌছন খুড়া

~ Abhijit Kalita

আশাকৰো তোমালোক ফিটিং হৈ আছা (Assamese jokes series)


মৰমৰ মইনাহঁত,
আজি মই তোমালোকক যিজন গাজাৰীৰ বিষয়ে কবলৈ ওলাইছো,তেওৰ কথা শুনাৰ পাছত তোমালোকৰ মন গৌৰৱত ফুলি উঠিব।
বাল্মিকীয়ে ৰামায়ণ লিখাৰ বহুদিনৰ আগৰ কথা, আচলতে তেতিয়া বাল্মিকীয়ে অ আ ক খ শিকিয়েই আছিল। সেই সময়তে বাল্মিকীৰ জ্যেষ্ঠ ভাতৃ লাল-মিকীয়ে ('লাল' টো কেপিটেল লেটাৰত) পৃথিৱীৰ প্ৰথমখন 'ভিতৰপকীয়া' মহাকাব্য "কামায়ন" লিখি উলিয়াইছিল। মহান পণ্ডিত লাল্মিকীয়ে এই খন গ্ৰন্থ বিক্ৰী কৰি অপাৰ ধন সম্পত্তি আৰ্জন কৰিছিল, কিন্তু পিছত তেও নিজৰ ভুল উপলব্ধি কৰে আৰু তাৰ প্ৰায়শ্চিত্ত কৰিবলৈ কঠোৰ সাধনাত মগ্ন হয়। জনশ্ৰুতি মতে তেওৰ সাধনা ইমানেই কঠোৰ আছিল যে, তেওৰ গাত চাল-ওকনি, চিকৰা আদিয়ে বাঁহ বান্ধিছিল। হাজাৰ বছৰ জোৰা সাধনাৰ পাছত তেও দিব্যজ্ঞান লাভ কৰে আৰু তেতিয়াৰ পৰাই তেও আগৰ বেয়া স্বভাৱ বিলাক এৰি এজন বিশ্বত্ৰাস ডকাইত হিচাপে জীৱন নিৰ্বাহ কৰিবলৈ লয়। তাৰ পছৰ পৰা তেও ৰাইজৰ মাজত ' হতচিৰি হতচিৰি দানৱাদিদানৱ দৈত্যবন্ধু ডাকু ৰিণ্টুকৰ সিং টোমাৰ বামানয়শাস্ত্ৰী' নামে পৰিচিত হয়। পিছত এল পি স্কুলৰ হে'ডচাৰে নামটো দীঘল হোৱাযেন দেখি তাক ছুটি কৰি শ্ৰী ৰিণ্টুমণি দত্ত কৰি দিয়ে।

মইনাহঁত, আজিলৈ এৰো, কাইলৈ তোমালোকে বিশ্বৰ সকলোতকৈ বিখ্যাত ভৱিষ্যতবাণী কৰোঁতা গাজাৰীজনৰ বিষয়ে পঢ়িবলৈ পাবা।

মৰমেৰে
তোমালোকৰ
হৃত্বিক ৰৌছন খুড়া।


~ Abhijit kalita