Gajari: the Best of Indian Jokes: August 2016

August 22, 2016

গৌটি ভাইটিৰ সলসলীয়া ইংৰাজী

গৌতি ভাইটিৰ কথা এটা কওঁ; আগতে শুনিছে যদি দায় দোষ নধৰিব:
গৌতি ভাইটি অসমীয়া মাধ্যমৰ পৰা আহি জালুকবাৰীত সোমাল, গৌতি ভাইটিৰ ইংৰাজী আৰু ভাৰতীয় খেলুৱৈৰ অলিম্পিক পাৰ্ফ'মেন্চ প্ৰায় একে |
তাত পাচে চেন্ট মেৰিজ, মহিৰ্ষিৰ আপিবোৰে ইংৰাজী ফটফটাই থাকে, পাৰিলে জালুকবাৰীক পিপাৰবাৰী , নাৰিকলবস্তীক কক'নাট বস্তী বুলিয়ে ক'ব খোজে| গতিকে ভাইটিয়ে তেওঁলোকৰ আগত নিজৰ ঈজ্জত কমাব নুখুজি যিমান পাৰে পাৰ্ফমেন্চ দিয়ে আৰু৷

এদিন ক্লাচত গৌতি ভাইটি লাষ্টত বহিল৷ প্ৰফেচাৰ জনে আকৌ বেছিভাগ কথা ইংৰাজীতে কয়৷
ক্লাচ চলি থকাৰ মাজতে বিদ্যুত বিভাগৰ কৃপাত কাৰেন্টৰ নেটৱৰ্ক নোহোৱা হ'ল৷ গৰম বেছি লগাত প্ৰফেচাৰে পাচফালৰ দূৱাৰখন খুলিবলৈ গৌতিক ইংৰাজীতে কলে You last bencher please open the door!
গৌতিয়ে দৰ্জা খন খুলিবলৈ গৈ দেখিলে দৰ্জা বাহিৰৰ পৰা বন্ধ আছে ৷ কথাটো প্ৰফেচাৰক ইংৰাজীত ক'বলৈ লওঁতেই লাগিল নহয় সমস্যা ৷ দৰ্জাৰ ইংৰাজী door; বাহিৰৰ outside; কিন্তু বন্ধৰ ইংৰাজী বহু চেষ্টা কৰাৰ পাছতো মনলে নাহিল৷
প্ৰফেচাৰে আকৌ সুধিলে "what happened? open the door! "৷
তেনেতে বন্ধৰ ইংৰাজীটো মনলৈ অহাত গৌতিয়ে বিকু ফিন্দাই ডাঙৰ ডাঙৰকে কলে " Sir the door is holiday from outside "৷ 
তাৰপাচৰে পৰাই পিপাৰবাৰীত গৌতি ভাইটিৰ ইংৰাজীক সকলোৱে সন্মান কৰে|

- ধৄৰ্জ্জটি

ভাস্কোৰ ৰহস্যধৰ্মী কবিতা #০৯

ম'গেম্ব'


কবিতা তিৱা
মক্খন মেৱা
বলিয়া হোৱা
মুৱাহ মুৱাহ

আচৰাণী
বলিউডৰ ৰাণী
খাই কাণি
টানি টানি

ম'গেম্ব' দুখী হোৱা৷

গাজাৰী ডট কম- অসমীয়া কৌতুকৰ সৰ্বোত্তম স্থান

An article about Assamese blogs on literature &  Jokes
কুশল দত্ত ডাঙৰীয়াই ইন্টাৰনেটত অসমীয়া ভাষা আৰু সাহিত্য শীৰ্ষক প্ৰবন্ধত অসমীয়া কৌতুকৰ ব্ল’গ গাজাৰী ডট কম-ৰ কথা উল্লেখ কৰিছে| 

অলপ বেছি হ’ল নেকি?

Funny Jokes
Funny Jokes



ৰিন্টুদাৰ বঢ়াই বঢ়াই কোৱা স্বভাৱৰ কথা নো কোনে নাজানে?

দোকানত থিয় হৈ 200 এম.এল. ক’ল্ড ড্ৰিংক খাই আহি ঘৰত ক’বহি- "এই মাত্ৰ 2 লি. থামছ আপ খাই দিলোঁ বুজিছা?"

যোৰহাটৰ গাজাৰী মীট’ৰ পৰা আহি ইন্টাৰেষ্টিং কথা কিছুমান মাধুৰ্য‍ই আমাক ক’লে। 

যদি কোনোবাই কয়- "ম‍ই ক্লাছ টেনত প্ৰথম ভালুক খাইছিলোঁ"; ৰিন্টুদাই কয়- "সেইটো নো কি ডাঙৰ কথা? ম‍ই ক্লাছ চিক্সতে খাইছিলোঁ"

যদি জিতদাই কয়-  "ম‍ই বৰশীত ডেৰ কিলো গৰৈ মাছ এটা ধৰি পাইছোঁ" ; তেতিয়া ৰিন্টুৱে কয়: "তাত আচৰিত হ’বলগীয়া কি আছে? ম‍ই বৰশীৰে 3-4 কেজিৰ মাছ ধৰিয়েই থাকোঁ। "

এপাকত মাধুৱে ক’লে: "মোৰ চাৰে পাঁচ বছৰ হওঁতেই ম‍ই দেউতাৰ চাইকেলখন হাফ পেডেল মাৰি চলাবলৈ লৈছিলোঁ। "

ৰিন্টু: "সেইটো নো কি ডাঙৰ কথা হে? মোৰ চাৰে পাঁচ বছৰ হওঁতেই মোৰ চাৰে ছয় বছৰ হৈছিল| আৰু বাইক চলাওঁতে মোৰ বয়স 7 হৈছিল।  তাকো ৰাজদূত চলাইছিলোঁ 6 নম্বৰ গীয়েৰত...."
___________________________________________
Latest jokes,
Funny Jokes,
Facebook Assamese jokes

লাইক মাতাই কৈ গৈছে....

 লাইক মাতাই কৈ গৈছে....

বিবেক অবেৰয়ৰ উপাধিটো প্ৰথমে "ৰয় " আছিল।তেওঁ যেতিয়া স্কুলত পঢ়ি আছিল তেতিয়া লগৰবোৰে অবে ৰয়,অবে ৰয় বুলি মাতি মাতি উপাধিটো অবেৰয় কৰি পেলালে।

জোঁৱাইৰ উপস্থিত উত্তৰ

বহুতদিন পিছত চহৰীয়া জোঁৱাই শহুৰেকৰ ঘৰলৈ গ’ল|
শাহুৱেকে আথে-বেথে বহিবলৈ দিলে|

দুপৰীয়া ভাত-পানী খোৱাৰ পিছত-

শহুৰেক: জোঁৱাই, তুমি হেনো মদো খোৱা| মই কালিহে গম পালো| বেয়া কথা দেই....

জোঁৱাই: আপোনাৰ জীয়েকেও তেজ খায়| কেতিয়াবা কৈছিল জানো? বিয়াৰ পিছত হে গম পালোঁ|


Assamese Jokes 2016

হিমুদাৰ বিয়াৰ কাহিনী

বহু জল্পনা কল্পনাৰ পিছত হিমুদাই সিদ্ধান্ত ললে যে অতি হিচাপী আৰু কৰাইচ ছোৱালী আনিলেহে এইটো যুগত চলিব পৰা যাব৷
সকলোকে কৃপণ ছোৱালী বিচাৰিবলৈ লগাই দিয়া হ’ল আৰু এদিন ৰিণ্টুদাই শুভবাৰ্তাটো আনিলে- এজনী অতি কৰাইচ ছোৱালী পোৱা গৈছে এখন গাৱঁত ।

হিমুদাক লগত লৈ ৰিণ্টুদা, অভিদা আৰু চাৰিজন সাংগো-পাংগো ওলালগৈ মানুহ ঘৰত ।

লিভিং ৰুমত সোমায়েই হিমুদাৰ দিল খুচ । পীৰা ৫ খনৰ বাদে একোৱেই নাই৷
অলপ পিচত কইনা আহিল হাতত চাহ লৈ ।
উৰি বাবা, এইয়া কি -- ? ভীমকল এটা তিনিডোখৰ কৰি দিছপ’জেবল গ্লাছত ৰঙা চাহ ।

হিমুদাই মনে মনে ভাবিলে --- এক্কেবাৰে সঠিক জেগালৈকেই আহিছো ।

চাহৰ পৰ্বৰ পিছত এইবাৰ ভাত খোৱাৰ নিমন্ত্ৰণ আহিল ।

আটাইকেইটা হাত চাত ধুই সাজু--- ভাত আহিল৷ কাষতে দালিৰ নামত কেৱল পানী । হিমুদাই পানীৰ লগত তিনিটামান দালি ঢালি অনা বাতিটোৰ ফালে চাই ৰ’ল । কইনাৰ মাকে মাত লগালে --- বোপাই খোৱা দেই । দাইলৰ যিহে দাম৷ এনেকৈয়ে আৰু ।

হিমুদাও কম নহয় -- মইতো কেতিয়াবা এটা জলকীয়া দিয়েই ভাত খাই দিওঁ । বজাৰত পাচলিৰ যিহে জুই চাই দাম৷ (Assamese Jokes from গাজাৰী ডট কম)

জলকীয়াৰ কথা ওলোৱাৰ লগে লগে ছোৱালীৰ মাকে কলে --- "আইজনী পাকঘৰত কালি বাৰীৰ পৰা আনি থোৱা জলকীয়া তিনিটা আছে তাৰে এটা তিনিফাল কৰি লৈ আহ৷"
কথা মতেই কাম ।
কইনা গ’ল জলকীয়া ফালিবলৈ৷ কিন্তু বহু সময় ধৰি ওলাই নহাত মাকে মাত লগালে -- কি হ’ল ঔ আইজনী ?

আইজনীয়ে লাজ লাজকৈ ওলাই আহিল --- মানে জলকীয়াটো ফালোতে জলকীয়াৰ গুটি তিনিটা
তলত পৰিলে৷ দুটা পালো । আনটো বিচাৰি আছিলো ।


হিমুদাই লগে লগে বিয়াৰ তাৰিখ ফিক্স কৰি থৈ গুচি আহিল৷