(Move to ...)
Home
Assamese 2
Assamese 3
Assamese 4
Hindi Jokes
▼
Pages
(Move to ...)
Home
Trial 4
Trial 3
Trial 2
▼
An Honest Judgement
ট্ৰেফিক আইন উলংঘা কৰি দ্ৰুতগতিত ছেন্ট্ৰ ’ চলাই যোৱা দেখি নবীনক বাটতে ট্ৰেফিক পুলিচে ধৰিলে। গুৱাহাটীৰ ট্ৰেফিক পুলিচ। এশ-ডেৰশ টকাৰ তলত
কথাই নাপাতে। কেছ গৈ আদালত পালে। এতিয়া আদালতৰ কক্ষত কি হ ’ ল শুনো আহক।
বিচাৰক — মিঃ নবীন , আপুনি যে স্পীডত গাড়ী চলোৱা নাছিল , সেই বিষয়ে আপোনাৰ হাতত কিবা প্ৰমাণ আছেনে ? আপুনি ক ’ লৈ গৈ আছিল ?
( বিচাৰকে ‘ মিষ্টাৰ নবীন ’ বুলি মতাত নবীনৰ বুকুখন চাৰি ইঞ্চিমান ফুলি গ ’ ল। লগতে ‘ আপুনি ’ বুলিও ক ’ লে। সি অলপ আৱেগিক হৈ পৰিল — ইমান সন্মান! মোক এনে সন্মান কোনেও কেতিয়াও যঁচা নাই। সৰু মানুহ বুলি সকলোৱে পেংলাইহে কৰে।)
উৎফুল্লিত
নবীনৰ স্পষ্ট উত্তৰ (অলপ ইংৰাজীও লগাই দিলে। উকিলজনে কৈ থকা শুনি আছে যে) — মাই লৰ্ড , মই সিদিনা পত্নীক শহুৰৰ ঘৰৰ পৰা আনিবলৈহে গৈ আছিলো।
কথা শুনি
বিচাৰকে দ্বিতীয়বাৰ সুধিলে — সঁচা কথা কওক। শহুৰৰ ঘৰলৈ মিছেছক আনিবলৈ
গৈ আছিল নে ?
নবীন — সঁচা , সঁচা। এক্কেবাৰেৰে সঁচা।
বিচাৰক — তেতিয়া হ ’ লে ঠিকেই আছে। কেছ ডিছমিছড।
Contributed by Ranjit KB
No comments:
Post a Comment
Liked it? Please share with your friends.