Gajari: the Best of Indian Jokes: গাজাৰী ডট কম
Showing posts with label গাজাৰী ডট কম. Show all posts
Showing posts with label গাজাৰী ডট কম. Show all posts

November 16, 2014

ৰিন্টু ঘৰলৈ অহাৰ পিছত... [অসমীয়া কৌতুক]

কৰ্মৰ সংক্ৰান্তত ৰিন্টু কাটাৰত থাকে| অসমলৈ বছৰত এবাৰ দুবাৰ হে আহিবলৈ পায়| এইবাৰ পূজাত ঘৰলৈ আহি ৰিন্টু একেবাৰে খুছ|

কিন্তু পিছদিনা ৰাতিপুৱা ছোৱালীজনীক পঢ়ুৱাওঁতে তাই সুধি দিলে নহয়, "পাপা, শংকৰদেৱৰ চেলফি ফটো কিয় নাছিল?"

উত্তৰ দিব নোৱাৰি ডুডেই বেষ্ট ফ্ৰেণ্ড বোৰক এফালৰ পৰা ফোনাবলৈ ধৰিলে|

ধেমা: - এই কাৰাণেই চেলফি নাছিল, কাৰণ শংকৰদেৱৰ মোবাইলটোত কেমেৰা নাছিল|
ভাস্কো: - নহয় ৰে, চেলফি আছিল, কিন্তু স্কেন কৰি থ’বলৈ স্কেনাৰ নাছিল কাৰণে উঁৱলি গ’ল| ম‍ই চকৰিফুটা বুৰঞ্জীত পঢ়িছোং তো...
দেবু: - আচল কথা তো হ’ল কি| চেলফি খন তুলি গৱৰ্ণামেন্ট ষ্টুডিওত দিলে| আৰু গৱৰ্ণমেন্ট অফিচাৰ বোৰ জানাই.... চব কামচোৰ, জধামূৰ্খৰ দল....
জুই: - হা ৰে, বিদ্যা মা কালী, উত্তৰটো জানিছিলোঁ ৰে... এই জিভাৰ আগলে হে অহা নাই
বিজয়: - ক্ষমা কৰিব, ম‍ই চেলফি মানে কি নাজনু; মোৰ ইংলিছ পাল্লা নপৰেই!
উচ্চজিত্‍: - ... এই কথাটো আৰ.টি. আই মাৰি দিলে কেনেকা হ’ব?
মিতালী: - মাৰা মাৰা, আৰ্টিআই মাৰা, ময়ো আছোঁ|
লুইত: - অনুৰাধাৰ প্ৰিমিয়াৰলৈ আহক; চিনেমাখনতে উত্তৰটো পাব
মাধুৰ্য: - হুমম, চেলফি খন চাগে ভুলতে ডিলিট হৈ গেল?
প্ৰতিভু: - চেলফি কিয় নাছিল? আছিল তো.... ৰ’বা তাৰ আগতে শুনা মোৰ ইঞ্জিনীয়াৰিঙৰ ইন্টাৰেষ্টিং কাহিনী এটা.. শুনিব‍ই লাগিব... এবাৰ কি হ’ল... তেতিয়া ১৯৮৭...

** ধেমা, দেবু, জুই, ৰিন্টু... এইসকল হৈছে গাজাৰী ডট কম পৰিয়ালৰ একেবাৰে ঘৰুৱা সদস্য|