Gajari: the Best of Indian Jokes: অসমীয়া ব্ল’গ
Showing posts with label অসমীয়া ব্ল’গ. Show all posts
Showing posts with label অসমীয়া ব্ল’গ. Show all posts

February 18, 2023

ভেলেণ্টাইন ডে’ কৌতুক

 ভেলেণ্টাইন  জুক


চুমি নিজৰ মানুহটোৰ লগত শ্বিলং ফুৰবা গেল।


মানুহটো মৰ্নিঙতে উঠি- আউ, ইমান বিউটিফুল মৰ্নিং।


চকু মোহাৰি উঠি চুমি-- অঁ... সঁচাই, ইমান ভাল পুৱা। 


মানুহটো--- সঁচাই, বহুত ভাল পুৱা।


------------

অসমীয়া কৌতুক, Assamese jokes, new jokes, funny jokes 2023, fresh jokes, internet jokes, Facebook jokes, Valentine's Day jokes, Valentine Jokes 2023

October 14, 2022

পুৰণা অসুখ

থুলুকৰ প্ৰচণ্ড অসুখ। ডাক্তৰৰ ওচৰলৈ গৈ সি নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱালে। ডাক্তৰে বিভিন্ন ধৰণৰ স্বাস্থ্য-সম্বন্ধীয় পৰীক্ষাসমুহ কৰালে যদিও বেমাৰটো ধৰা পেলাব নোৱাৰিলে।


ডাক্তৰ- আপোনাৰ কি হৈছে সেয়া মই সঠিককৈ ক'ব নোৱাৰিম । কিন্তু যেন কিবা এটা কিবা এটা পুৰণা অসুখে আপোনাক আমনি কৰি আছে । মোৰ তেনে ভাৱেই হয় ।

থুলুক- ঠিকেই ধৰিছে । পিচে লাহে লাহে কওক । অসুখটো বৰ ডেঞ্জাৰাচ । বাহিৰতে বহি আছে ।

(এতিয়া কি কৰে কৰক)

April 28, 2014

Assamese joke - "এটি কৰুণ সাধু"


এজনী বৰ ধুনীয়া গাভৰু গছ আছিল।  তাই শব্দ বৰ ভাল পাইছিল।  সেয়েহে গাভৰু গছজোপায়ে কেইবাহালো চৰাইক আশ্ৰয় দিছিল l কুলি, ভাটো, শালিকা, ফেঁচা।  

কুউ, কুউ , নিউ নিউ ইত্যাদি শব্দৰে চৰাইবোৰে ইটো ডালৰ পৰা সিটো ডাললৈ জপিয়াই ফুৰিছিল ! সিহতঁৰ কোলাহলত তাই বৰ আনন্দ পাইছিল ! এনেকৈয়ে দিনবোৰ গৈ থাকিল। 
এদিন খৰাং আহিল। 

গছৰ পাতবোৰ শুকাবলৈ ধৰিলে। 
চৰাইবোৰ এটা দুটাকৈ গছজোপাৰ গুছি গ'ল। 

গাভৰু গছজোপা দিন ৰাতি দুখী হৈ থাকিল। অৱশেষত তাই সিদ্ধান্ত ল'লে তাই ইচ্ছামৃত্যু কৰিব।  অন্ততঃ তাইৰ মৃত্যুৰ পাছত তাইৰ শৰীৰটোৰে কাঠ ফালি মানুহে বিচনা, চোফা বনাব l আৰু তাত সৰু সৰু ল'ৰা-ছোৱালীয়ে, পুৰুষ মহিলায়ে বহি কথা পাতিব l আৰু তাইৰ আত্মাটো সুখত থাকিব l

গাভৰু গছজোপায়ে আত্মহত্যা কৰিলে। 
দিনবোৰ বাগৰিল। 
গাভৰু গছজোপাৰ ধুনীয়া শৰীৰটো এদিন কাঠৰ মিলত সোমাল। 
কিন্তু তাইৰ মৃত্যুৰ পাছতো তাইৰ আত্মায়ে শান্তি নাপালে। 
কিয় জানেনে ?
তাইৰ শৰীৰটোৰে এজন ডাঙৰ মানুহৰ বাবে এখন ব্যয়বহল চকী বনোৱা হ'ল। 
আৰু যোৱা দহবছৰে সেই বিলাসী চকীখনত এজন অঁকৰা মানুহ বহি আছে। আৰু তেওঁ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মদমোহন সিং !