Gajari: the Best of Indian Jokes: Assamese Blog
Showing posts with label Assamese Blog. Show all posts
Showing posts with label Assamese Blog. Show all posts

February 18, 2023

নামৰ মহিমা

 অনিতাৰ এজনী ভনীয়েক আছে- নীতা।


এতিয়া আলহী সিঁহতৰ ঘৰলৈ গ’লে দিগদাৰ।


"অনিতা" বুলি মাতিলেই দুইজনী দৌৰি আহে- অনিতাই ভাবে তাইক মাতিছে বুলি, নীতাই ভাবে (অ’ নীতা) তাইক মাতিছে বুলি।


সেইকাৰণে এজনীৰ নাম অনিতা, আনজনীৰ নাম অনিডা ৰাখিব লাগিছিল- নহয় নে?

আপুনি কি কয়?


অসমীয়া কৌতুক, Assamese jokes, new jokes, funny jokes 2023, fresh jokes, internet jokes, Facebook jokes

November 12, 2022

হে প্ৰভু

 মনাই: হে প্ৰভু, অহাটো জনমত মোক জেঠীৰ ৰূপত জন্ম দিবা

ঈশ্বৰ: কি? কিন্তু কিয়?


মনাই: আমাৰ এওঁ জেঠীৰ বাদে একোকে ভয় নকৰে


_______________________

Short jokes, funny jokes, indian jokes, assamese jokes


Laughter is the best medicine to improve your immune system.

November 11, 2022

টুডে ইলেভেন নৱেম্বৰ ১১/১১/২২

 নয়নজিত: আজি দিনটোৰ বিশেষত্ব কি? 


অনিতা: আজি ১১ নৱেম্বৰ


নয়নজিত: তেনেকে নহয়, ইংৰাজীত কোৱা


অনিতা: টুডে ইলেভেন নৱেম্বৰ


নয়নজিত: "টুডে ইলেভেন নৱেম্বৰ" নহয় ঔ, "টুডে ইজ ইলেভেন নৱেম্বৰ" হ’ব। মাজৰ ইজ-টো খাই দিলা নেকি?


অনিতা: ইচ, ইজটো কিয় বাৰু খাম? অলপ আগতে একাঁহী ভাত খাইছো কিবা।  


নয়নজিত: হ’ব হ’ব।  "টুডে ইজ ইলেভেন নৱেম্বৰ"। নৱেম্বৰ মাহটো কেইনম্বৰ মাহ?


অনিতা: কেইনম্বৰ মানে? হয় আৰু ৭-৮ নম্বৰ কিবা এটা।


নয়নজিত: নৱেম্বৰটো ১১ নম্বৰ মাহ আঁকৰী। গতিকে, আজি চোৱা- তাৰিখ ১১, মাহো ১১। এতিয়া কোৱাচোন, ১১ যোগ ১১ কিমান হয়?


অনিতা: ১১ + ১১.... হমম ... ২১?


নয়নজিত: ধেত....  ১১ + ১১= ২২ আক’। তো আজি ১১ তাৰিখ ১১ মাহ ২২ চন হয় নে নাই? মানে ১১/১১/২২ হয় নে নাই?


অনিতা: অঁ হয়। কিন্তু তাতে কি হ’ল? 

নয়নজিত: একো নাই হোৱা। মোক আমনি নকৰিবা এঘণ্টা। ম‍ই গাজাৰীৰ ব্ল’গটোলৈ গৈ দুটামান জ’কছ পঢ়ি আঁহো।

অনিতা: মোকো লিংকটো দিয়া, ময়ো পঢ়োঁ

নয়নজিত: https://gajari.blogspot.com/

November 05, 2022

Desi Cricket- Dhyaan se dekho

Watch the video with proper attention-  

মন দি চাওক ভিডিঅ’টো!







October 28, 2022

অসমীয়া কৌতুক সংকলন

Assmese book on jokes
নিৰ্বাচিত অসমীয়া কৌতুক সংকলন


অসমীয়া কৌতুক সংকলন
অসমীয়া কৌতুক 
Assamese Jokes
Gajari dot com
Joy deep and Gnyan
নিৰ্বাচিত কৌতুক

 

ইংৰাজীলৈ অনুবাদ

Funny Meme


ইংৰাজীলৈ অনুবাদ কৰা: মাখন লাল চৰকাৰ ঈশ্বৰ চন্দ্ৰ.................... 

assamese funny jokes

October 19, 2022

হিমন্ত- মোৰ দোষ নাই

Funny joke
Tell me a funny joke

শিক্ষক: হিমন্ত, হ'মৱৰ্কৰ বহীখন ক’ত? 

হিমন্ত: ছাৰ, স্কুললৈ আহি থাকোতে জোৰকৈ দিয়া বতাহ এজাকে উৰুৱাই লৈ গ'ল। 


শিক্ষক: কি যে বাহানা? কিন্তু তোমাৰ স্কুললৈ অহাত পলম কেলেই হ’ল? 

হিমন্ত: ছাৰ, মোৰ দোষ নাই বতাহজাক আকৌ উভতি আহিব বুলি  মই ৰৈ আছিলোঁ।

___________________________________________________

Search Indian funny joke, Latest joke, Joke 2022, Assamese joke

দুটা ভেকুলী

Insurance নথকা কৌতুক দেই
এদিন এটা পুখুৰীৰ পাৰত কচুপাত এখিলাত বহি ভেকুলী এযোৰাই ডেটিং মাৰি আছিল . . .

১নং ভেঃ— টাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
২নং ভেঃ— টাৰ্...ৰ্..ৰ্..ৰ্...ৰ্

অলপ পাছত-
১নং ভেঃ টাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
২নং ভেঃ টাৰ্...ৰ্..ৰ্..ৰ্...ৰ্

আকৌ এবাৰ
১নং ভেঃ টাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
২নং ভেঃ ফাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
১নং ভেঃ— টাৰ্...টাৰ্...টাৰ্...টাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
সোণজনী Topic change নকৰিবিচোন....
____________________________________________
কৌতুক, অসমীয়া ব্ল’গ, Indian jokes

October 14, 2022

আন্দাৰপেন্ট

 নিগনি : (হাতীক উদ্দেশ্যি)... ঐ তোৰ আন্দাৰপেন্টটো কেইদিনমানৰ কাৰণে দিবিনেকি ?

হাতী : .... হা হা হা হা .... কিয় ? তই পিন্ধিবি নেকি ? 

নিগনি : নহয় অ..... ডাঙৰ ছোৱালীজনীৰ বিয়া পাতিছো.... ! ৰভা দিব লাগে ...!
___________________________
Facebook Jokes, Google Jokes, Assamese Jokes

বচ্চন চাহাব- Assamese Joke

অমিতাভ বচ্চনে নাতিনী আৰাধ্যাৰ প্ৰথম জন্মদিনতে ২৪ লাখ টকীয়া বি.এম. ডব্লিউ এখন দিছে হেনো| ক’ত বচ্চন চাহাব আৰু ক’ত আমাৰ কলিতা|


সৰু পুতেকে এদিন কলিতাক ক’লে:- পাপা পাপা, এইবাৰ মোৰ জন্মদিনত কিন্তু আণ্ডাৰপেণ্ট এটা দিব‍ই লাগিব কৈ দিছোঁ হ’লে- এইটো পিন্ধি থকা দুবছৰ হ’ল 

কলিতা:- হেৰেউ, ককায়েৰৰ পৰা কিবা এটা শিকচোন | চাৰিবছৰ আগতেই এটা কিনি দিছিলোঁ, এতিয়া ইলাষ্টিক ডাল হে বাকী আছেগৈ, তথাপিও কমপ্লেইন নাই ... তোৰ হে সদায় লাগে লাগে লাগে ...

পুতেক: - No Comment
________________________________________

Gajari dot com, Facebook Assamese Jokes, Google Jokes

June 12, 2014

অসমীয়া কৌতুকৰ কিতাপৰ বাবে বৰঙণি আগবঢ়াওক

Assamese jokes Book













- গোহাৰি -

মৰমৰ গাজাৰীয়ান ৰাইজ,

এই গোটৰ মূল লক্ষ্যৰ ফালে যদি আমি পুনৰবাৰ উভতি চাওঁ, তেন্তে দেখিবলৈ পাম যে আনৰ মুখত হাঁহি বিৰিঙোৱাটোৱেই আমাৰ প্ৰধান ঊদ্দেশ্য আছিল| আজি আমি সেই লক্ষ্যক অধিক মজবুত কৰি বিশ্বৰ ৫০-৬০ খন দেশৰ অসমীয়াৰ মাজৰ আমাৰ ব্ল’গৰ যোগেৰে হাঁহিৰ ভাইৰাছ বিয়পাবলৈ সক্ষম হৈছোঁ| লগতে আপোনালোকৰ আৰু আমাৰ মাজত বন্ধু ভাৱাপন্ন, পৰিয়ালৰ দৰেই এক আত্মীয়তা গঢ় লৈ উঠিছে| তাজমহল, গ্ৰে’ট ৱাল অব চাইনাৰ দৰেই এই সম্পৰ্ক যাতে অক্ষুণ্ণ হৈ থাকে, সেইয়াই আমাৰ আন্তৰিক কামনা|

আজি আপোনালোকৰ মাজলৈ এটি সপোনৰ কুঁহিপাত আগবঢ়াব খুজিছোঁ| বহুদিনৰে সপোন আছিল, যেনেকৈ ইন্টাৰনেট জগতলৈ আমি ৫০০ ৰো অধিক অদ্বিতীয় ৰসৰ কৌতুক/ গাজা আগবঢ়াবলৈ সক্ষম হৈছোঁ; তেনেদৰে অসমীয়া সাহিত্যলৈকো এখন নিৰ্বাচিত কৌতুকৰ পুথি আমি আগবঢ়াব লাগে- বোলোঁ, ইন্টাৰনেট ব্যৱহাৰ নকৰা মানুহসকলেও হাঁহক| এতিয়া যিকেইখন পুথি আছে, সেইকেইখনত গাজাবোৰ ঘিচা-পিটা; আলোচনীত যিবোৰ কৌতুক প্ৰকাশ হয়- সেইবোৰ ১০-১৫ বছৰ আগতেই শুনা মামৰে ধৰা কৌতুক|

আমাতকৈ ভালকৈ এই কাম কোনে কৰিব পাৰিব, নহয় জানো গাজাৰীয়ান ভাই-ভনীসকল?
পিছে, এইয়া সপোনৰ আধাৰশিলা হে| আপোনালোকে এটি দুটি কৈ ইটা, এমুঠি চিমেন্ট, বালি নিদিলে এই পঁজাৰ নিৰ্মাণ হোৱাটো অতি কঠিন হ’ব| কেইবা মাহৰে পৰা আৰম্ভ কৰি আমি আগবাঢ়িব খুজিছোঁৱেই- আজি আপোনালোকৰ মাজত বাতৰিটো এৰি দিলোঁ| এই সপোনক বাস্তৱায়িত কৰিবলৈ সহায় কৰক|

অহা গ্ৰন্থমেলাৰ আগতে আমি ৫০-৭০ পৃষ্ঠাৰ এখনি উত্কৃষ্ট মানদণ্ডৰ কিতাপ প্ৰকাশ কৰিব খুজিছোঁ| আপোনালোকৰ কৌতুক, নাম, বৰঙণিৰ কথা কিতাপত নিশ্চয়েই উল্লেখ কৰা হ’ব| সম্পাদনাৰ কামো ইতিমধ্যে আগুৱাইছে; আপোনালোকৰ কোনোৱে সহায় কৰিব খুজিলে যোগাযোগ কৰিব| প্ৰকাশকে জনোৱাৰ মতে বাজেট হেনো প্ৰায় ২০-২৫,০০০ টকা| আমি বিচাৰোঁ- আপোনালোকৰ প্ৰত্যেকেই এই শুভযাত্ৰাৰ সমভাগী হওক| নিজৰ সুবিধা আৰু সামৰ্থ্য অনুসৰি এই কাৰ্যৰ বাবে অলপ বৰঙণি প্ৰদান কৰক| গোটেই হিচাপ নিকাচ ৰাইজক পিছত দিয়া হ’ব| ধীমান অধিকাৰী দেৱ আৰু মোৰ একাউন্ট নাম্বাৰ তলত দিয়া হ’ল:
একাউন্ট নং:
১/ Dhiman Adhikary
A/c no. 31056981282
State Bank of India
Bongaigaon Branch:
IFSC CODE- SBIN OOO 1684
Phone: 09953091916

২/ Santanu Changmai
State Bank of India
Savings ac no. 31628442992
Bakulani Chariali

# অনুগ্ৰহ কৰি আপোনালোকৰ Good Willৰ বৰঙণি হে প্ৰদান কৰে যেন| যি বৰঙণিত মৰম নাই, সেই বৰঙণি আমি গ্ৰহণ কৰিবলৈ অপাৰগ|
# আপোনালোকৰ পৰামৰ্শ তথা ইচ্ছা-অনিচ্ছাৰ কথা ক’মেন্ট আকাৰে লিখক (অযথা পাতলীয়া কথা নিদিয়ে যেন- মোহাৰি দিয়া হ’ব|)
# এইখন আপোনালোকৰেই কিতাপ| ইয়াত ব্যৱসায়ৰ স্বাৰ্থ জড়িত হৈ থকা নাই| কিবা প্ৰশ্ন থাকিলে আপুনি কৰিব পাৰে|

Please contact us at santanu.changmai@gmail.com for more details.

June 29, 2013

মালিংগা আৰু অপু

মালি চে পাংগা
-------------
মালি গ’ল মুম্বাই ৷ লগত দত্তকাই আৰু অপু ৷
টেক্সি এখন ভাড়া কৰি দিনটো মুম্বাই ফুৰিলে ৷
টেক্সিৱালাই কুতুব মিনাৰ, লাল কিল্লা, তাজ মহল, শংকৰদেৱ কলাক্ষেত্ৰ, হাৱা মহল সকলো দেখুৱালে ৷
মালিহঁতেও গম পাইছে টেক্সিৱালাই ঠগিছে ৷ ক’ত বাৰু মুম্বাইত সেইবোৰ আছে ??
পেটে পেটে তামাম খং উঠি আছে ৷

যি নহওক শেষত আহি হোটেলত নমালে ৷
ভাড়া ৯৯৯ টকা হ’ল ৷
দত্তকাইৰ মতে ৯৯৯ টকা দি বাটাৰ পৰা জোতা কিনা হ’লেই ভাল আছিল ৷

অপুৱে ১০০০ টকাৰ নোট এখন দিলে ৷
টেক্সিৱালাই ক’লে, ‘‘ছুট্টা নেহি হ্যায় ভাউ ৷’’
লগে লগে অপুৱে ক’লে, ‘‘এইটো ক্যা বাত হুৱা বাউ ? লাগিবই ১ টকা ৷’’
টেক্সিৱালাই ক’লে, ‘‘কাহা চে দু , নেহি হ্যায় ৷’’
অপু, ‘‘মই নাজানো ৷ লাগিবই ১ টকা ৷’’
টেক্সিৱালাই ক’লে, ‘‘ঠিক হ্যায় ৷ কৰীনা পচন্ড হ্যায় ? ইয়ে দেখো ১ ৰুপীয়া মে ভিডিও ৷’’
মোবাইলত ১ টকাৰ ভিডিও দেখুৱালে ৷

মালিৰ খং উঠি গ’ল ৷ মনতে ভাবিলে,‘‘দিনটো ঠগিলি ৷ এতিয়া এইবোৰ ?? ৰ !!!’’
মালি, ‘‘ভায়া চাহাব ইয়ে ল’ হামাৰ 16 GBকা মেমৰী কাৰ্ড ৷ ২০০০ ভিডিও দেখ লো ঔৰ ২০০০ ৰুপীয়া নিকালো ৷’’

কৃষ্ণ !!

By Pratibhu Dutta
<