Gajari: the Best of Indian Jokes

May 02, 2012

Assamese শ্বায়েৰী

খতৰনাক শ্বায়েৰী


১) প্রেয়সীৰ প্রেমত ম'ৰি গ'ল পিটাৰ
হিৰো'হণ্ডা পেছন ৮০কিমি/লিটাৰ

২)যদি হোৱা বেমাৰ তেনে বিচাৰা কেমিস্ট্
মোৰ নাম খান, এণ্ড আই এম ন'ট্ এ টেৰ'ৰিস্ট

৩) ৰাতি ২ বজাত বজিল ঘ'ৰৰ বেল
দৰজা খোলোতে চকিদাৰে ক'লে অল' ইজ্ ৱেল

৪)কৰিব লাগে নিজৰ খৰছৰ ওপৰত কাবু
এচিকুত সেন্দুৰৰ মূল্য তুমি কি জানিবা ৰমেশ বাবু?

contributed by Nayanjit Deka
হনিমুন স্পেচিয়েল


নব-বিবাহিত মহিলা হনিমুনৰ প'ৰা ঘূৰি অহা পিছত....

বান্ধৱীসকলঃ ক'ত ক'ত ফুৰিলি ?
মহিলাঃ দিল্লী, আগ্রা, জম্মু আৰু মানালী 
বান্ধৱীসকলঃ কি কি দেখিলি ?
মহিলাঃ ছিলিং ফেন।

Contributed by Nayanjit. 

গুৰুম গুৰুম

ছোৱালী ক’ত ?

ভাৰত পাকিস্তানৰ যুদ্ধ

অসমৰ পৰাও কেইটামান গ’ল যুদ্ধলে, আমাৰ নয়নো গ’ল... 

বৰ্ডাৰত গুলিয়াগুলী... 
দুই পক্ষৰ সৈন্য লুকাই আছে |
অলপ পিছত পাকিস্তানৰ ফালৰ পৰা মাত আহিল, "ঐ কলিতা কি খবৰ? "
কলিতাই থিয় হৈ উত্তৰ দিলে, "ভালেই..."
গু-ৰু-ম, কলিতা তাতে বাগৰি পৰিল |
পাকিস্তানৰ পৰা পুনৰ, "ঐ হাজৰিকা, ভাল নে? "
হাজৰিকা থিয় হ’ল, গু-ৰু-ম
এনেকৈ লাহে লাহে বৰুৱা, শ‍ইকীয়া, চেতিয়া, লহকৰ চব এটা এটাকৈ গ’ল...

পাকিস্তানী: ঐ ডেকা, ভাল নে ?
নয়ন ডেকা: নিমাত
পাকিস্তেনী: ভাত খালি নে নাই
নয়ন ডেকা: নিমাত
পাকিস্তানী: ডেকা, বোলোঁ শুলি নেকি?
নয়ন ডেকা: নিমাত, নিশ্চুপ
পাকি্স্তানী: (লগৰ এটাক) ঐ কৰীম চা চোন, এই ছোৱালীজনী দেখিবলৈ ইমান ধুনীয়া...

নয়ন ডেকা থিয় হৈ উত্সুকতাৰ সৈতে: ক’ত? ক’তা? কোনজনী ছোৱালী?

গু-----ৰু-----ম ++++ গু------ৰু-------ম


by Changmai#
|| ভগৱান বিষ্ণুৰ পঞ্চম হাত ||

গোসাঁই এগৰাকিয়ে "কীৰ্ত্তন পুথি" খন ৰাইজক বুজাই বুজাই পঢ়ি আছিল। পঢ়ি পঢ়ি এইটো লাইন পালেগৈ "শংখ, চক্র, গদা, পদ্ম কৰ'তে তোমাৰ"

লগে লগে ৰাইজৰ শেষৰ শাৰিৰ পৰা এজনৰ প্রশ্নঃ "গোসাঁইদেউ, ভগৱান বিষ্ণুৰ ৪ খনহে হাত, শংখ, চক্র, গদা, পদ্মটো হাত চাৰিখনত থাকিল। পিছে কৰত খন ক'ত থব ?

গোসাঁইদেৱে মনে মনে অলপ ভাবিলে আৰু উত্তৰ দিলেঃ "কিয় কাষলতিৰ তলত আক'"।

Contributed By Nayanjit

Honeymoon Special

বুঢ়াৰ বিলৈ

এটা বুঢ়া এঠাইলৈ ফুৰিবলৈ গৈছিল, তাতে হোটেলত দুদিন থাকিল | লাষ্টৰ দিনা বিল ভৰি বুঢ়া ট্ৰেইন ধৰিবলৈ গ’ল; আদবাটতে মনত পৰিল যে তেওঁৰ ছাতিটো হোটেলৰ ৰূমতে থাকি আহিল দেখোন ...!!!
ৰিক্সা ঘূৰাই বুঢ়া আহি চিধাই হোটেলত ৰূমলৈ গ’ল | কিন্তু বিধিৰ বিপাক, সেই সময়কণতে সেই ৰূমটো হানিমুন কাপল এটাই (মানে নৱ-বিবাহিত দম্পতি আক’) ল’লেই নহয় | 
দুৱাৰত টোকৰ দিবলৈ যাওঁতেই বুঢ়াই শুনিলে ভিতৰৰ পৰা ভাঁহি অহা কথোপকথন :

পতি:- এই চকু কেইটা কাৰ?
পত্নী:- তোমাৰ তোমাৰ...
পতি:- এই চুলিখিনি কাৰ ?
পত্নী:- তোমাৰ... তোমাৰ
পতি:- এই ফুল যেন কোমল হাত খন কাৰ ?
পত্নী:- তোমাৰ তোমাৰ...
পতি:- এই হাঁহিটো কাৰ ?
পত্নী:- তোমাৰ তোমাৰ তোমাৰ...

বুঢ়াই আৰু ৰৈ থাকিব নোৱাৰি মাত দিলে:- ঐ, চব বস্তু তাৰ হ’ব পাৰে...... কিন্তু চুকত যে পৰি আছে ছাতিটো, সেইটো হ’লে মোৰ দেই, কৈ দিছোঁ ...



by Changmai#

Cramming all the way

ভাটৌ বিদ্যা

এটা ল’ৰাক মাষ্টৰে স্কুলত সুধিলে তিনিটা প্ৰশ্ন : 

১/ তোমাৰ ঘৰৰ ইনকাম কোনে কৰে?
২/ মাইকেল শ্বুমেকাৰে কেনেকৈ গাড়ী চলায়?
৩/ মুৰ্গীয়ে কি পাৰে?

ল’ৰাটোৱে এটাও উত্তৰ দিব নোৱাৰি লাজ পালে | তাকে দেখি মাষ্টৰে ক’লে- ঘৰত মাক সুধি শিকি আহিবা, কাইলৈ আকৌ সুধিম এইকেইটা...

ল’ৰাটোৱে মাকক সুধি উত্তৰ কেইটা ঠিক চে মুখস্থ কৰি ল’লে |


পিছদিনা স্কুলত মাষ্টৰে সুধিবলৈ পোৱাৰ আগতেই সি মুখস্থ কৰি থোৱা গোটেইকেইটা উত্তৰ একে উশাহতে দি পেলালে:- "দেউতাই ফুল স্পীডত কণী পাৰে "



by Changmai#

পতি হ’ ত’ এইচা

একান্ত বাধ্য পতি

কলিতানী:- হেৰি, আপুনি নো সদায় সদায় ৰাতিপুৱা মোৰ মুখত (চেহেৰাত) এমগ পানী কেলেই ঢালে? 

কলিতা:- তোমাক বিয়া কৰাওঁতে শহুৰে কৈছিল, মোৰ ছোৱালীজনী একেবাৰে, ফুলৰ দৰে, মৰহি যাবলৈ নিদিবা; সেই কাৰণে ডেইলী পানী ঢালোঁ আক’ ... একো কে নুবুজে পাই...


by Changmai#