Gajari: the Best of Indian Jokes

May 02, 2012

Double Take

Two to Tango

স্কুলত পঢ়ি থকাৰ দিনৰে কথা:-

১/ নয়নজিতৰ ৰিজাল্ট ওলাল, সি যেনেতেনে টানি-টুনি পাছ কৰিছে আৰু... 
দেউতাক:- গৰু, গাধ, $*#@##, ওচৰৰে দত্তৰ জীয়েকে ৮৯% লৈ পাছ কৰিছে, একেই স্কুল, একেই ক্লাছ, একেই টিউচন মাষ্টৰ, একেই ফেচিলিটী... ত‍ই নো কেনেকৈ ৩২% পাইছ ?

নয়ন:- দত্তৰ জীয়েকক বেছি প্ৰশংসা নকৰিব দেউতা... ক্লাছত, টিউচনত, ৰাস্তাত, ফেচবুকত তাইক চাই চায়েই তো মোৰ এই অৱস্থা ... || হি: হি:

২/ বিজয়: দেউতা দেউতা, ম‍ই পৰীক্ষাত পাচ কৰিলে কি দিবা নো ?
দেউতাক: তোক যি লাগে তাকে দিম... কি লাগে ক’
বিজয়: এখন চাইকেল দিবা?
দেউতাক: দিম দিম
বিজয়: আৰু ফেইল কৰিলে ? হি: হি:
দেউতাক: পোন্ধৰ খন চাইকেল দিম...
বিজয়: ওৱা... এইটো আক’ কেনেকুৱা কথা ?
দেউতাক: ফেইল কৰিলে আৰু স্কুললৈ গৈ ফালিব নালাগে... চাইকেলৰ দোকানকে খুলিবি | হি: হি: .... ||




by Changmai#
The Super Intelligent Chef


গুৱাহাটী ক্লাৱত থকা গাৰ্লচ হো্ষ্টেল এখনৰ ৰান্ধনী গৰাকীয়ে কেলেন্ডাৰখন বৰ মনোযোগেৰে চাই আছে ।আৰু চাই চাই অৱশেষত চিঞৰি উঠিল এইবাৰ চেকেন্ড চেটাৰডে টো সোমবাৰে পৰিছিল ।মই ঘৰৰ পৰাই আহিব পাৰিলোহেতেন ৷

Contributed by Bhabita

ৰাতি পুৱাবলৈ বহুপৰ [Assamese jokes]

Too Drunk!!!
গাজাৰী নহয়, মদাহীৰ কথা। অভাৰ খাই পূৰা আউট। ঘৰলৈ গৈ থাকোতে ৰাস্তাৰ কাষতে ধপংকৈ পৰিল। লগে লগে বমি। সেই সময়তে পথেৰে এটা কুকুৰে গৈ আছিল। তাজা তাজা বমি দেখি লোভ সামৰিব নোৱাৰিলে। জিহ্বা লকলকাই উঠিল। চেলেপ চেলেপকৈ চেলেকিব ধৰিলে। উহ! কি যে সোৱাদ। খাই খাই বপুৰাও শুই পৰিল। ইপিনে নিচাত বেহুচ মদাহীয়ে খেপিয়াই খেপিয়াই থাকোতে কুকুৰ নেজত হাত পৰিল। নেজডাল মোহাৰি মোহাৰি ক’বলৈ ধৰিলে—প্ৰিয়তমা, আনকালে খোপা বান্ধি থাকা। আজি দেখোন বেণী গাঁঠি আছা। তোমাক বৰ ধুনীয়া লাগিছে দেই। শুই থাকা। ৰাতি পুৱাবলৈ বহুপৰ আছে।

Contributed by Ranjit KB

গীটাৰ বজাব শিকিছো [Assamese jokes]

Play yourself on the TV

প্ৰানেশ্বৰ:মই গীটাৰ বজাব শিকিছো 
প্ৰানেশ্বৰী: তেন্তে তুমি টিভিত তোমাৰ টেলেন্ট দেখুৱালে ভাল হ’ব 
প্ৰানেশ্বৰ: মই ইমান ভাল বজাওনে ?? (বুকু ফিন্দাই)
প্ৰানেশ্বৰী:নট ৰিয়েলি ...তেতিয়া এটলিষ্ট মই টিভিটো অফ কৰি থব পাৰিম ৷

Contributed by Ishanjyoti
Tit for Tat


প্ৰানেশ্বৰে দেউতাকক দুখেৰে ক’লে : “দেউতা ৷ মোৰ গাৰ্লফ্ৰণ্ডে মোৰ লগত ব্ৰেক-আপ কৰিলে ৷ তাই নতুন ল’ৰা এটা পটালে ৷ সেই গাধটোৰ লগত উঠা ফটোবোৰ মোলৈ তাই পঠিয়াই দিছে আজি ৷ ”

প্ৰানেশ্বৰৰ দেউতাক: ইমান ছেন্টি ফালিলে নহ’ব ৷ হিম্মত নাহাৰিবি ৷ তই এটা কাম কৰ মোৰ সোনাই ৷ 

প্ৰানেশ্বৰ:কি কাম দেউতা ?

প্ৰানেশ্বৰৰ দেউতাক : ফটোবোৰ তাইৰ দেউতাকলৈ পঠিয়াই দে পষ্ট কৰি ৷ পাওক মজাটো ৷ 


Contributed by Ishanjyoti Bora

Mosquito Masti [Assamese jokes]



মহৰ পোৱালি এটা প্রথম উৰিবলৈ শিকিছে। 

এক পাক উৰাৰ পাছত বাপেকে সুধিলে:-উৰি উৰি কেনে লাগিল?

পোৱালি: খুব ভাল লাগিল পিতাই। যেনিয়ে যাওঁ তেনিয়ে মানুহবোৰে হাত চাপৰি বজায়, হি হি ...


Contributed by Tulika
ৰিচাৰ্জ/ডিছচাৰ্জ


আমাৰ গাজাৰী সকলৰ মাজৰে এজনে যোৱা তিনিবছৰ ধৰি ম’বাইল ফোন কোম্পানী এটাত যে কাম কৰি আছে, আপোনালোকে চাগে’ জানেই। ইমান দিনে গা-মূৰ ঠিকেই আছিল যদিও আজি হঠাৎ তেওঁৰ পেটৰ অসুখ হ’ল। অসুখ মানে অসুখেই__হাত নুশুকায় কোনো মতে। তেওঁ ডাক্তৰৰ ওচৰলৈ গৈ অসুখৰ বিৱৰণ দিলে এনেকৈ:-

: ছাৰ, পুৱাৰ পৰাই ব্যাপক হাৰত আউটগ’য়িং চলি আছে। অনবৰতে পেটৰ নতুন নতুন ৰিংটন শুনিবলৈ পাওঁ। পেটৰ বেলেন্স কেতিয়াবাই শেষ। চ’টা ৰিচার্জ কৰিব খুজিলেও লগে লগে ডিছচার্জ হৈ যায়। প্লিজ ছাৰ, যিমান সোনকালে পাৰে মোৰ এই স্কিমটো বন্ধ কৰক।




Contributed By Tulika