Gajari: the Best of Indian Jokes

December 06, 2016

Gajari Book অসমীয়া অনবদ্য কৌতুকৰ সংকলন

#Gajari_Book

Coming Soon


2016 বছৰটো বহুত উত্থান পতনৰ মাজেৰে গ'ল কিন্তু মোৰ বাবে আটাতইকৈ ভাল খবৰটোও এই বছৰটোৱেই আনিলে, #Gajari_Book প্ৰকাশৰ খবৰটো।
-Angkinee Bora

 কমেও চাৰিশ মানুহে হেঁপাহেৰে গঢ়ি তুলিছে এইখন কিতাপ। দোভাগ নিশালৈকে সম্পাদকে সম্পাদনা কৰিছে, কাৰ্টুনিষ্টে কাৰ্টুন আঁ‌কিছে। বুকুত সাবটি ওঁ‌ঠত হাঁ‌হি বোলাই লৈ নিশ্চিন্তে শুব পৰা এইখন কিতাপ। এমাহ বা তাতোকৈও কম সময়ত আপোনাৰ শিতানত থাকিব এইখন কিতাপ। জীৱন নতুন কৰি তুলিব পৰা এখনি কিতাপ।
#Gajari_Book
- S Changmai

মই লেখক-সাংবাদিক জীৱনত শিকা সমস্ত জ্ঞান ব্যৱহাৰ কৰি কিতাপখন চাই দিছো। এখন ভাল কিতাপ ভালকৈ প্ৰকাশ হ'বলৈ ওলাইছে|
-SKB

যিসকলে নিজৰ হাঁহি ধৰি ৰাখিব নোৱাৰি সততে বাগৰি পৰাৰ অভ্যাস আছে সেইসকলে পৰাপক্ষত এই কিতাপখন নপঢ়াই ভাল হব বুলি মই ভাবো। কাৰন পাছত প্ৰকাশকে একো ৰিস্ক নলয় বুলি আমি গোপন সুত্ৰে গম পাইছো। যিসকলে তথাপিও পঢ়িম বুলি মন বান্ধিছে সেইসকলে কিনিব পাৰে।
অতি শীঘ্ৰে প্ৰকাশৰ পথত  #Gajari_Book
-Bidyut Phukan

ফেচবুকৰ অন্যতম জনপ্ৰিয় গোট গাজাৰী ডট কম _ Gajari Dot Com ৰ ফালৰ পৰা প্ৰকাশ পাবলৈ ওলাইছে এখন আটকধুনীয়া সংকলন। বচা বচা মৌলিক আৰু হাঁহিত পেটৰ নাড়ী ডাল ডাল হব লগীয়া গাজাৰে (কৌতুক) পৰিপূৰ্ণ এখন কিতাপ। গতিকে আকৌ এবাৰ প্ৰাণখুলি হাঁহিবলৈ সাজু হওঁক ৰাইজ। ব্যস্ততাপূৰ্ণ এই জীৱনত অকালতে হেৰাই যোৱা হাঁহিবোৰ আকৌ এবাৰ ঘূৰাই আনো আহক। :)

#Gajari_Book

-Nayanjit

আপুনি যদি হাঁহি ভাল পায়, আপুনাৰ ছাল যদি গড়ঁৰ দৰে ডাঠ হয়, আপুনি যদি কমেন্টৰ ভাষা বুজি পায় গাজাৰী ডট কমলৈ আঁহক , বিদ্যাশপত তাৰ পাচত আপোনাৰ ঘৰৰ মানুহে আপুনাৰ হাঁহি দেখি কি ভাবিব নকঁও আৰু|
-Suntu Ranjan

গাজাৰী ডট কম। ফেচবুকত গঢ় লৈ উঠা এটা সৰু কৌতুকপূৰ্ণ গোট। এটা ৰসাল গোট। গোট বুলি নকৈ এটা সৰু সুখী আৰু ৰঙীয়াল পৰিয়াল বুলি ক'ব পাৰি। গাজাৰী পৰিয়ালটোক লৈ মোৰ অনুভৱ এটা আপডেটতে সীমাবদ্ধ কৰি থব নোৱাৰো প্ৰকৃততে।
-ৰিয়ান ৰাগিনী

এসময়ত ফেচবুক হিলাই দিয়া চৰিত্ৰ থুলুকৰ শ্ৰেষ্ঠ কৌতুক কেইটা ধৰি সোণপানী চৰাই আপোনালোকৰ হাতত তুলি দিয়া হ'ব।
গাজাৰীৰ কিতাপখনত পাব কমেও কুৰিটা গেহেৰা থুলুক জুক। 
#gajari_Book
-হীৰক ঘৰফলীয়া

কিতাপৰ খবৰে গমগমাই থকাৰ সময়তে হাঁহি ভালপোৱা আৰু আনক হুহুৱাব পৰা সকলৰ বাবে আহি আছে গাজাৰী ডট কম কিতাপ....................
#gajari_book
- মাধুৰীমা

এখন কিতাপ পঢ়ক আৰু বাগৰি বাগৰি হাঁহক আৰু আনকো হঁহুৱাওক৷যদি আপুনি দুখতো থাকে,এই কিতাপখন পঢ়ি আপুনি যে হাঁহিব সেয়া খাটাং৷
-আশামণি কলিতা বৰা

এখন নতুন কিতাপ আহি আছে। লৰা-বুঢ়া , পুৰুষ - মহিলা, চাকৰিয়াল - অচাকৰিয়াল, নেতা - অনেতা , সকলোকে একেলগে ভাকুট কুটাবলৈ। বছা বছা কৌতুক আৰু ধেমালিৰ মাজেৰে অসমবাসী ৰাইজক হাঁহি বিৰিঙাব সাজু হৈছে গাজাৰী ডট কম, এখন নতুন কিতাপেৰে নতুন বৰ্ষত।কিনিব নাপাহৰিব।
#gajari_book

-সৌগত

"হাঁহক আৰু হঁহুৱঊক"
এখন কিতাপ পঢ়ক আৰু বাগৰি বাগৰি হাঁহক আৰু আনকো হঁহুৱাওক৷যদি আপুনি দুখতো থাকে,এই কিতাপখন পঢ়ি আপুনি যে হাঁহিব সেয়া খাটাং৷
আহি আছে আপোনাৰ ওচৰলৈ
#gajari_book

-অনুলেখা

কিতাপ পঢ়ি ভালপোৱা সকলো লৈ খুৱ এটা ভাল খৱৰ, আৰু কিতাপ পঢ়া ৰ নিচা নথকা সকলোলৈ ও । কাৰন এনে এখন কিতাপ আহি আছে যে যিয়ে নপঢ়ে সিয়েই কিৱা এটা যেন হেৰুৱাব। আজিকালি মানুহে হাঁ‌হিবলৈ ও পাহৰি থাকিলে, উপহাৰ হিচাবে দি চাৱচোন কাৰোবাক, হাঁ‌হি হাঁ‌হি আশিৰ্বাদেৰে ভৰাই দিৱ আপোনাক|
- তৰালী

 হাঁহাৰ আগতেই কিবা এটাত ভালদৰে ধৰি ল'ব।
যাতে হাঁহি হাঁহি বাগৰি নাযায়!
আহি আছে !
#Gajari_Book
-কুলদীপ

আপোনাৰ চিনাকি মানুহবোৰ হৈ পৰিব একো একোটা কৌতুকৰ চৰিত্ৰ ঠিক চান্তা বান্তাৰ দৰেই।হাঁহক আৰু উপহাৰ দি প্ৰিয় জনৰ মুখৰ হাঁহি উপভোগ কৰক।
#Gajari_Book

-বিজয় মহন্ত

অহা এমাহৰ ভিতৰতে আপোনাৰ হাতত পৰিবহি সৰ্বশ্ৰেষ্ঠ অসমীয়া কৌতুকৰ এই সংকলনটি| 
আজিয়েই এই গোটত যোগদান দি আপোনাৰ কিতাপখন বুক কৰক (লগতে নিতৌ পঢ়িবলৈ পাব- নতুন নতুন কৌতুক): https://www.facebook.com/groups/gajaridotcom/

September 30, 2016

তালিকৰ ঘৰুৱা দিহা

ঘৰুৱা দিহাঃ-

১) ঘৰত নিগনি ওলালে কি কৰিব?

- এদিন দেওবাৰে আপুনি ভগা হেতা আৰু থাল এখন লৈ মজিয়াত বহি যাব। তাৰ পাছত ফোনটো হাতত লৈ এঘণ্টামান কাৰোবাৰ লগত মিহি মিহি কথা পাতিব, যেতিয়ালৈকে সিজনাই নকয়- তোমাৰ মাতটো ইমান মিঠা, গান গালে বৰ ভাল লাগিব।

তাৰ পাছত আপুনি থালখনত হেতাৰে মৰিয়াই মৃদু সংগীত উৎপন্ন কৰি মধুৰ কণ্ঠেৰে গীত গোৱা আৰম্ভ কৰক। আপোনাৰ গীত শুনি নিগনি বিলাক গাতৰ পৰা ওলাই আহি নৃত্য কৰা আৰম্ভ কৰিব।

সিহঁতৰ ভাগৰ লগালৈকে নচুৱাই থাকক। এসময়ত নিগনিবোৰ ভাগৰি মাটিত ঢলি পৰিব। আৰু আপুনি এটা এটাকৈ উঠাই পলিথিন এটা ভৰাই, টানকৈ গাঁঠি মাৰি ডাষ্টবিনত পেলাই দিয়ক।

২) বেছিকে মহ ওলালে কি কৰিব?

- আঠুৱাত ফুটা থাকিলে সেই ফুটাৰে মহ সোমাই আপোনাক বৰ কামুৰিব পাৰে। তেতিয়া আপুনি এটা কাম কৰিব। ফুটাটোৰ বিপৰীত ফালে আঠুৱাখনত আৰু এটা ফুটা কৰি দিব, আৰু দুইটা ফুটাৰ মাজত এডাল পাইপ লগাই দিব। মহ এটা ফুটাৰে সোমাব আৰু পাইপৰ মাজেৰে গৈ ইটো ফুটাৰে বাহিৰ হৈ যাব।

- এইটো উপায়ে কাম নকৰিলে আৰু এটা বুধি কৰিব পাৰে। আঠুৱাখন এফালে অলপ ডাঙি কিছু দেৰি বহি থাকিব।
"সিন্ধি খুজি ফুৰন্তে দুৱাৰে পাইলো পথ" বুলি মহবোৰ হো- হোৱাই আপোনাৰ আঠুৱাৰ ভিতৰলে সোমাব। কিছুদেৰিৰ মুৰত যেতিয়া সকলো মহ আঠুৱাৰ ভিতৰত সোমাব, আপুনি পতকৈ আঠুৱাখনৰ তলফালে গাঁঠি এটা মাৰি বাহিৰত শুই থাকিব। আঠুৱাৰ ভিতৰত মহবোৰ খাবলৈ নেপায় এনেই মৰি যাব। (by Abhijit Kalita. Do not copy without permission)

৩) মাখিৰ উৎপাত কিদৰে ৰোধিব?

- এটা বাতিত চূন আৰু নিমখ মিহলাই পাকঘৰত থৈ দিয়ক। মাখিয়ে সেইটোক মিঠাই বুলি খাই দিব আৰু লগে লগে নিমখৰ কোবত পিয়াহত ৰব নোৱাৰা হব। সি পানী খাবলৈ পুখুৰী বা কুৱাৰ ওচৰলে গ'লেই আপুনি তাক গতা মাৰি পানীত পেলাই দিয়ক। তাৰ পাখি কেইখন তিতি যাব আৰু তাকে শুকুৱাবলৈ সি জুইৰ ওচৰলৈ যাব। সেই সুযুগতে আপুনি জুইত এটা গ্ৰেনেড দলিয়াই দিয়ক। গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈ মাখি হস্পিটেলত পৰি থাকিব। আৰু সেইদিনা ৰাতি আপুনি মনে মনে গৈ তাৰ অক্সিজেনৰ পাইপডাল খুলি দিব। মাখি নমৰিলে পইচা ৱাপচ।

৪) পইতাচোৰা কেনেদৰে নিয়ন্ত্ৰণ কৰিব?

- নোৱাৰে, আৰু পাৰিলেও নকৰিব। সেইটোৱেই একমাত্ৰ বস্তু যিটোলৈ আপোনাৰ পত্নীয়ে ভয় কৰে।

Abhijit kalita

চাহপাতৰ কেছ

আমাৰ ৰিন্টুদাৰ ঘৰৰ কেছ৷
ৰিন্টুদা ছুটিত আছেহি ঘৰত। প্ৰায় এমাহেই হ'ল৷

যোৱা কালি বৌৰ গা বেয়া হ'ল| এতিয়া ভাত বনোৱা চাহ বনোৱা কাপোৰ ধোৱা... ৰিন্টুদাই কৰিব লগা হৈছে| উপায় নাই, এনেই নবনায় বাৰু ঘৰত থাকিলে ৰজাৰ দৰে থাকে ( সেইবুলি ৰিন্টু দাই কয় )||

তেওঁ চাহ বনাবলৈ গৈ পাকঘৰৰ পৰা চিঞৰিছে, "হেৰা, চাহপাত ক'ত থৈছা? বিচাৰি পোৱা নাই।"
বৌৰ উত্তৰ, "অকণমান বস্তু এটাও বিচাৰি ল'ব নেজানা, ৰহৰ দাইল ৰখা বৈয়ামটো যে দেখিছা।

ৰিন্টুদা: অঁ দেখিছো

বৌ : তাৰ ওপৰত এটা ডালডাৰ টেমা আছে,

ৰিন্টুদা: অঁ আছে কিন্তু মোক চাহপাত হে লাগে ।

বৌ: টেমাটোৰ বাহিৰ ফালে মই 'চেনি' বুলি এটা লেবেল মাৰি থৈছো, সেইটোতে চাহপাত আছে...

- Hirak J G

হাতীৰ সমান বল

ৰাতি চচাৰ টোপনি ধৰো ধৰো অৱস্থাত বিচনাৰ কাষতে হঠাতে গাজাৰী দেৱতাৰ আবিৰ্ভাৱ হ'ল । হাতত দুটা গিফ্ট বক্স । এটা সৰু, এটা ডাঙৰ ।

গাজাৰী দেৱতা - "চচা বোপা , তুমি খোৱা বোৱা বাদ দি, নিজৰ নেট পেক খৰচ কৰি, নিজৰ চেনিমাই জনীকো ইগ্নৰ মাৰি গাজাৰীৰ নামত ৰাতি ৰাতি উজাগৰে থাকি যি অক্লান্ত সেৱা আগবঢ়াইছা তাত খুচ হৈ মই তোমাক কিবা এটা গিফ্টাবলে আহিছোঁ । যি খাই তোমাৰ গাত হাতীৰ সমান বল আহি যাব । কোৱা কোনটো দিম?"

চচা অলপ সময়ৰ বাবে কনফিউজিয়াই গ'ল । কোনটো ল’লে বেছি লাভ হ'ব ?

তেওঁ প্ৰভুক কোনটোত কি আছে ক'বলৈ খাটনি ধৰিলে ।

প্ৰভুৰ চিধা উত্তৰ - "ন’ ৱে!"

চচাও নাচোৰবান্দা । কিবা এটা হ'লেও হিন্ট্ লাগে । উপায়ন্তৰ হৈ প্ৰভুৱে সৰু বক্সটো অলপ খুলি দেখুৱালে । ব্ৰেণ্ডেদ ভালুক এটা।
চচাৰ দিল গাৰ্ডেন গাৰ্ডেন।
সৰুটোত এটা যেতিয়া ডাঙৰটোত নিশ্চয় এক কাৰ্টন ভালুক হ'ব ।
এসপ্তাহ মষ্টি মাৰি খাব পাৰিব । সি ডাঙৰটো খুজি ৰাখিলে।
গিফ্টাই উঠিয়ে প্ৰভু ভেনিচাই গ'ল।
আৰু চচাই ৰংগমনে বক্স খোলাত লাগিল।

পিছে এয়া কি? ...বক্সৰ ভিতৰত আৰু এটা বক্স , তাৰে ভিতৰত আৰু এটা বক্স... এনেদৰে চাৰি পাঁচটা বক্স খোলাৰ অন্তত ভিতৰত এটা কল আৰু এখন কাগজৰ টুকুৰা পালে ।

তাত লিখা আছিল - "কল কল কল... কল খালে গাত হয় হাতীৰ সমান বল।"

- Chandana

সুখৰ আঁৰৰ ৰহস্য

আজি আমাৰ গাজাৰীৰ শেঠ ৰিন্টুমণিৰ বিবাহবাৰ্ষিকী। ৰিন্টুৱে নিজেই স্বীকাৰ কৰিছে বিয়াৰ অতবছৰৰ পাছতো কেনেকৈ সংসাৰ অতি সুখৰ হৈ আছে। আজি আমাৰ সাংবাদিকে এইবিষয়ত তেওঁক প্ৰশ্ন কৰাত তেওঁ সুখৰ সংসাৰৰ মূলমন্ত্ৰ দুটি ফাদিল কৰে।
সেইদুটা হ'ল:
.
.
১) চিৰিমতীয়ে যেতিয়া কথা কৈ থাকে, সি মাজতে কেতিয়াও নামাতে।
২) চিৰিমতী যেতিয়া নিমাতে থাকে, সি কেতিয়াও নিজে কথা নকয়।

- Utpala in Assamese Jokes

তালিকে লিখা গাজাৰী পদ্য


জয় গোবিন্দম জয় গোপালম
জয় গোৱিন্দম জয় গোপালম

অৰে ৰে ৰে ৰে ই ই ই এ এ এ
জয় গোবিন্দম জয় গোপালম
স্বৰ্গত আছে বোলে কোটি দেৱতা,
গাজাৰী ডট কমো নহয় অবলা?
জয় গোবিন্দম জয় গোপালম
জয় গোবিন্দম জয় গোপালম
হেডমিন আছে শান্তনু চাংমাই,
হাহি নুঠা জুক লিখি পৃথিৱী কপায়।
দীপাংক বুলি এক এডমিন আছে, এ এ এ
গাজাৰীত কোনেও নেদেখে পাছে।
আৰু এক আছে ননজিত ডেকা,
বিয়া নেপাতোতেই কঁকাল বেঁকা।
হিৰ' তেও সকলো বৰলা জুকৰ,
খানা বনোৱাত কিন্তু নহয় ফক্কৰ।
চচাংক বুলি যি পোৱালী এডমিন,
চেন্টি দি দি কন্দুৱাই প্ৰতিদিন।
জয় গোবিন্দম জয় গোপালম
জয় গোবিন্দম জয় গোপালম
আৰু আছে এক বিজয় মহন্ত,
ধদুৱামিৰে কপাই দিগন্ত।
ভাষ্কো ডা গামা নামে আছে সাধু,
জুকৰ নামত লিখে কঁঠালৰ বাদু।
হীৰক নামেৰে আছে যি গুৰু, উ উ উ উ
হেমকোষকে কোবাই লৈ লৰু!
আৰু আছে কেইজন কাশ্যপ নাম লৈ,
খেলি মেলি লাগি যায় কোনজন কোন হয়!
ৰিণ্টুমণি নামে এক শেঠজী আছে
খাৰুৱা তেলতে কাৱৈ মাছ ভাজে।

মনজিত, সৌগত, দুলু আৰু প্লাৱন,
অপু, বাবলু, হিতেশ এণ্ড তপন,
ধুৰ্যটি, কমলেশ, জ্যোতি, হেমন্ত
কিশোৰ, শীৰ্ষ, ত্ৰিদিপ, নীলপদ্ম!
চিদদা, ৰিয়ান ভাই, বৰুৱা ভাষ্কৰ,
দম যদি আছে প্ৰবীণক দি চোৱা তক্কৰ।..হৰি ঔম!!
জুই ভাই নামে আছে যিজন গাজাৰী,
হাতীৰ টিকাত মাৰে তৰাৰ ফৰ্মুটি।

শান্তনু কৌশিক বুলি আছে মহামুণি,
সপ্তাহত তিনিবাৰ খাই মাণিমুণি।
আৰু আছে বহি হেজাৰ তিনি,
খবৰ লাগে যদি লোৱা তুমি কিনি!
জয় গোবিন্দম জয় গোপালম
জয় গোবিন্দম জয় গোপালম!! হৰি ঔম....
এইখিনি আছিল কেঁচা গাজাৰী, ঈঈঈঈঈঈঈঈ
পকা গাজাৰী হয় হেনো নাৰী ....
জয় গোবিন্দম জয় গোপালম
জয় গোবিন্দম জয় গোপালম!!

নী আৰু তা বুলি আ‍ছে দুই ভনী,
দুয়ু মিলি হয় হেনো নীতা অম্বানি।
হুটপলা নামৰ মহা উকীলনী,
গাজা লিখে পিছে নহয় জমনি।
মেঘা আলী নামে আছে চেলিব্ৰিটি,
লাইক নেমাৰিলে বহলাই পিঠি।
চন্দনা, তৃষ্ণা, আৰু প্ৰণীতা, মৌচুমী,
পল্লৱী অজন্তা কুক..কুক..কুকি।
মণিমালা নামে যি আছে মহাৰাণী, ঈঈঈঈঈঈঈঈ!
কুনকুনি বাইদেৱে কৰি দিয়ে পানী।
এই সকলোৰে এটাই প্ৰব্লেম, অ অ অ অ!
লাইক কমেণ্টৰ সকলো ভক্তম!!
জয় গোবিন্দম জয় গোপালম
আৰে বম বম নাচে তালিক কুমাৰম ...
বম বম বাকু... বম বম বাকু ....বম বম বাকু....

বি. দ্ৰ. :- লাষ্ট পোষ্ট কেইটাত যাৰ নাম নেদেখিলো, তেওলোকৰ কথা নিলিখিলো। 
প্লীজ ব্লেম ইট অন মিশ্ৰণকৰ্তাৰ গৌৰৱ।

Abhijit Kalita

"শিলিখাৰ মায়া ....."

আমাৰ অভিজিত দাদাই পাটীগণিত আৰু কুঁহিপাঠ পঢ়াৰ সময়ৰ কথা ৷ দাদাই পঢ়া প্ৰাথমিক বিদ্যালয় খনৰ চৌহদত আছিল এজোপা ধুনীয়া শিলিখা ৷ বিদ্যালয়ৰ প্ৰাৰ্থনা কৰি উঠি লৰালৰিকৈ সৰি থকা শিলিখা পেন্টত এজেপ ভৰাই লয় ৷ পানীখোৱা ছুটিলৈকে নিজেও খায় আৰু আনকো বিলাই দুই এটা থাকিও যায়গৈ ৷

এদিনা শ্ৰেণীত কনকেশ্বৰ ছাৰে সকলোকে এটা প্ৰাকৃতিক দৃশ্য পাহাৰ, নদী, চৰাই, গছ, বন আঁকিবলৈ দি "আহি চামহি" বুলি কৈ শ্ৰেণীকোঠাৰ পৰা ওলাই গ'ল ৷
তেনেতে আগৰ বেঞ্চত বহা শ্ৰেণীটোৰে সকলোতকৈ ধুনীয়া বুলি নাম থকা ছোৱালীজনীয়ে পিছলৈ ঘুৰি আমাৰ দাদাক সুধিলে - "তোমাৰ ওচৰত শিলিখা আছে নিকি এটা দিয়াচোন !"

ঘপককৈ আমাৰ দাদাই ছবি অঁকা পেঞ্চিল ডাল হাতত লৈয়ে শিলিখা উলিয়াবলৈ পেন্টৰ জেপত হাত ভৰালে ৷ জেপৰ ভিতৰৰ পাতল কাপোৰখন পেঞ্চিলৰ জোঙা আগটোৰে ভেদি গাৰ ছালত খোঁচ বহাই ৰঙা কৰি দিলে যদিও আমাৰ দাদাই আস্ বুলি মুখত মাত আহিবলৈকে নিদিলে ৷

"এইটো লোৱা" বুলি নিমজ ধুনীয়া শিলিখাটো আগবঢ়াই দিলে ৷ ছোৱালীজনীয়ে মিচিকি হাঁহি এটিৰে শিলিখাটো হাতত ল'লে৷

সেইদিন ধৰি আমাৰ দাদাই নিমজ ধুনীয়া মঙহাল চাই ভালৰ ভালটো বাচি হে শিলিখা জেপত থোৱা হ'ল ৷ মনত অপাৰ আশা- শিলিখা এটা খোজক ৷ কিন্তু দুখৰ কথা এসপ্তাহৰ পাছতে ছোৱালীজনী চহৰৰ নামী বিদ্যালয়লৈ বদলি হৈ গুছি গ'ল ৷ পিছে শিলিখাৰ প্ৰতি আমাৰ দাদাৰ মনত মায়া লগাই থৈ গ'ল ৷ আজিও আমাৰ দাদাই পেন্টৰ জেপত নিমজ ধুনীয়া শিলিখা এটা হ'লেও লৈ ফুৰে ৷
আমাৰ দাদাৰ মনৰ আশা, কিজানিবা কেতিয়াবা ক'ৰবাত এই প্ৰশ্নটোৰ সন্মুখীন হোৱাৰ শুভক্ষণ আহেই - "তোমাৰ ওচৰত শিলিখা আছে নিকি এটা দিয়াছোন ...."

- Tapan Neog