Gajari: the Best of Indian Jokes: চুমিৰ বাবে এটা ল’ৰা চালে মাহীয়েকে

December 23, 2022

চুমিৰ বাবে এটা ল’ৰা চালে মাহীয়েকে

চুমিৰ বাবে এটা ল’ৰা চালে মাহীয়েকে (অসমীয়া কৌতুক)

মাহীয়েক: চুমি, তোমাৰ কাৰণে ল’ৰা এটা চাইছোঁ| সি বহুত ধনী...

চুমি: তুমি মোক কি বুলি ভাবিছা মাহী? মই কিবা টকা চাই বিয়া হ’ম নেকি?
মাহীয়েক: চুমি, তোমাৰ কাৰণে ল’ৰা এটা চাইছোঁ| বহুত গুণী....
চুমি: তুমি মোক কি বুলি ভাবিছা মাহী? মই কিবা গুণ চাই বিয়া হ’ম নেকি?
মাহীয়েক: চুমি, তোমাৰ কাৰণে ল’ৰা এটা চাইছোঁ| বহুত চোকা...
চুমি: তুমি মোক কি বুলি ভাবিছা মাহী? মই কিবা চোক চাই বিয়া হ’ম নেকি?
মাহীয়েক: চুমি, তোমাৰ কাৰণে ল’ৰা এটা চাইছোঁ| বহুত বিখ্যাত...
চুমি: তুমি মোক কি বুলি ভাবিছা মাহী? মই কিবা খ্যাতি চাই বিয়া হ’ম নেকি?
মাহীয়েক: তো কি চাই বিয়া হ’বা?

চুমি: উমম.... মই যে এনেকুৱা ল’ৰা এটা বিচাৰোঁ,
যি মোক এনিটাইম কেয়াৰ কৰে, মোক ট্ৰাষ্ট কৰে,
মোৰ প্ৰতি লয়েল হয়,
কেতিয়াও মোক এৰি যাতে নাথাকে,
লাগিলে পাঁচহেজাৰ টকা দৰমহা হ’লেও হ’ব,
গাড়ী নাথাকিলেও হ’ব, ফ্লেট নাথাকিলেও হ’ব,
দেখিবলৈ বেয়া হ’লেও কথা নাই...
মোক যাতে বহুত ভাল পায়...
আৰু মোক যে...
মাহী....
মাহী?
টোপনি গ’লা দেখোন?

______________________________
match making jokes, couple jokes, love jokes, funny jokes 2023, new jokes, fresh jokes, never heard before, tell me a joke, latest facebook jokes, latest google jokes, instagram jokes

2 comments:

  1. Anonymous12/26/2022

    চুমি বায়ে বাৰু বিচৰা দৰাজনেই পালে নে?? উত্তৰটো জানিবলৈ অধীৰ আগ্ৰহেৰে বাট চালোঁ।

    ReplyDelete
  2. চুমি বায়ে বাৰু বিচৰা দৰাজনেই পালে নে?? উত্তৰটো জানিবলৈ অধীৰ আগ্ৰহেৰে বাট চালোঁ।

    ReplyDelete

Liked it? Please share with your friends.