Gajari: the Best of Indian Jokes: Assamese Humor
Showing posts with label Assamese Humor. Show all posts
Showing posts with label Assamese Humor. Show all posts

December 23, 2022

চুমিৰ বাবে এটা ল’ৰা চালে মাহীয়েকে

চুমিৰ বাবে এটা ল’ৰা চালে মাহীয়েকে (অসমীয়া কৌতুক)

মাহীয়েক: চুমি, তোমাৰ কাৰণে ল’ৰা এটা চাইছোঁ| সি বহুত ধনী...

চুমি: তুমি মোক কি বুলি ভাবিছা মাহী? মই কিবা টকা চাই বিয়া হ’ম নেকি?
মাহীয়েক: চুমি, তোমাৰ কাৰণে ল’ৰা এটা চাইছোঁ| বহুত গুণী....
চুমি: তুমি মোক কি বুলি ভাবিছা মাহী? মই কিবা গুণ চাই বিয়া হ’ম নেকি?
মাহীয়েক: চুমি, তোমাৰ কাৰণে ল’ৰা এটা চাইছোঁ| বহুত চোকা...
চুমি: তুমি মোক কি বুলি ভাবিছা মাহী? মই কিবা চোক চাই বিয়া হ’ম নেকি?
মাহীয়েক: চুমি, তোমাৰ কাৰণে ল’ৰা এটা চাইছোঁ| বহুত বিখ্যাত...
চুমি: তুমি মোক কি বুলি ভাবিছা মাহী? মই কিবা খ্যাতি চাই বিয়া হ’ম নেকি?
মাহীয়েক: তো কি চাই বিয়া হ’বা?

চুমি: উমম.... মই যে এনেকুৱা ল’ৰা এটা বিচাৰোঁ,
যি মোক এনিটাইম কেয়াৰ কৰে, মোক ট্ৰাষ্ট কৰে,
মোৰ প্ৰতি লয়েল হয়,
কেতিয়াও মোক এৰি যাতে নাথাকে,
লাগিলে পাঁচহেজাৰ টকা দৰমহা হ’লেও হ’ব,
গাড়ী নাথাকিলেও হ’ব, ফ্লেট নাথাকিলেও হ’ব,
দেখিবলৈ বেয়া হ’লেও কথা নাই...
মোক যাতে বহুত ভাল পায়...
আৰু মোক যে...
মাহী....
মাহী?
টোপনি গ’লা দেখোন?

______________________________
match making jokes, couple jokes, love jokes, funny jokes 2023, new jokes, fresh jokes, never heard before, tell me a joke, latest facebook jokes, latest google jokes, instagram jokes

November 04, 2022

মোৰ লগতেই কিয় হয় এনেকুৱা?

 কাহিনীৰ নাম: মোৰ লগতেই এনেকুৱা কিয় হয়?

___________________________________________________
বাপ্পা ঐ, AQI Delhi, Rafael Nadal, Fed rate hike, Cricket score বিচাৰিব নালাগে; 2022 যাবৰেই হ’ল, এইটো ঘটনা শুনক:

লুতফা বহুতদিন ধৰি চিংগল। বহুত দিন মানে এই ৬-৮ দিনেই হ’ল বয়ফ্ৰেণ্ড এটা নাই- কম দুখৰ কথানে?

কিটিং... কিটিং।
Facebook মেছেঞ্জাৰত জিলিকি উঠিল নতুনকৈ ফ্ৰেণ্ড যোগ হোৱা এজন ল’ৰাৰ মেছেজ: "হাই, কি খবৰ?"
লুতফাৰ চেহেৰাটো ২৫ ৱাট LED bulb ৰ নিচিনাকৈ জিলিকি উঠিল।

তাই ল’ৰাটোৰ লগত ৪৫ মিনিট চাট কৰিলে। Facebook Chat কৰি বেয়া নালাগিল দেখোন!

ল’ৰাটোৱে অৱশেষত সুধিলে: "তুমি মোৰ লগত কফি খাবলৈ যাবানে?"
লুতফা: "না, নাযাওঁ..."

ল’ৰাটো: "তেন্তে, চাহ খাবা নে? মোৰ লগত?"
লুতফা: "না, চাহো নাখাওঁ মই..."

ল’ৰাটো: "অস, টাটা বাই বাই! এনেই মোক টাইম পাছ কৰালা।"
লুতফাই আচলতে টাইপ কৰি আছিল: "মই চাহ কফি ভাল নাপাওঁ। শুনা না, মোক ভাল ৰেষ্টুৰেণ্ট এখনত ভাত খুৱাবা নেকি?"

কিন্তু দুখৰ কথা, তেতিয়ালৈকে ল’ৰাটোৱে তাইক ব্লকাই দিছিল।
লুতফাই ফেচবুকত ষ্টেটাছ লিখিলে: মোৰ লগতেই এনেকুৱা কিয় হয়? ফিলিঙ চেড চেড....
_____________________________________________________________________
Assamese jokes, very funny jokes, latest jokes 2022, short funny jokes, Facebook jokes.





October 05, 2022

সত্য নাৰায়ণৰ পূজা

অপৰাজিতাৰ ঘৰত সত্য নাৰায়ণৰ পূজা পাতিছিল শনিবাৰে। তাইৰ মৰমৰ বান্ধৱী জপৰাজিতা আৰু আন দুজনীমানকো মাতিলে।

পূজা শেষ হোৱাৰ পিছত প্ৰসাদ বিতৰণ চলি আছে।
অপৰা: জপৰা এটা কাম কৰাচোন, পুৰোহিতে মাহ প্রসাদ বিলাব তুমি উপহাৰ খিনি বিলাই দিয়া।
জপৰা: ঠিক আছে দিয়া।
জপৰাই পূজা থলীত চাৰিওফালে বিচাৰিও উপহাৰৰ খৰাহীটো বিচাৰি নাপালে।
জপৰা: ঐ অপৰা উপহাৰ কত থৈছা?
অপৰা: কেলে সৌ ষ্টীলৰ চৰিয়াটোতেই আছে দেখোন।
জপৰা: সেইটোত দেখোন ৰঙা ৰঙা কিবা লিকটীয়া বস্তু এসোপা হে আছে।
অপৰা: উৱা সেইয়াই উপহাৰ। বজাৰলৈ গৈ 5 বিধ ফলমূল বিচাৰি নাপালোঁ সেইকাৰণে মই উপহাৰৰ কাৰণে মিক্সড ফ্ৰুইট জে'ম (mixed fruit jam) চাৰিবটল লৈ আহিছো।
শুনামতে জপৰা তিনিদিন তাতেই ঢাপলাং হৈ পৰি আছিল।"

____________________________

September 23, 2022

গৰু বন্ধু

বহুত দিনৰ মূৰত দুটা গৰু বন্ধুৱে লগ পালে।

সৰুতে একেলগে খেলি ডাঙৰ হোৱা গৰু। এতিয়া কৰ্মসূত্ৰে এটা শিৱসাগৰত থাকে, আনটো নলবাৰীত।

গৰু ১ঃ আৰু ক'চোন, তোৰ ল'ৰাটোৰ নাম কি ৰাখিছ?
গৰু ২ঃ হাম্বা। আৰু তোৰ ছোৱালীজনীৰ নাম?

January 15, 2016

আশাকৰোঁ তোমালোক ফিটিঙ হৈ আছা (Assamese Jokes Series)

||আশাকৰোঁ তোমালোক ফিটিঙ হৈ আছা||

মৰমৰ অকণ অকণিহঁত,

[হৃতিক ৰৌশন খুৰাই ভেলাঘৰ ৰখাৰ কামত আৰ্জেন্টলি টিম্বকটুলৈ যাবলগীয়া হোৱাত মোক মাঘ বিহুত তোমালোকক চিঠি লিখাৰ কামত মকৰল কৰি থৈ গ’ল... হিক!]

ম‍ইনাহঁত,
তোমালোকে ইতিহাসৰ পাত লুটিয়াওঁতে কেইবাগৰাকী বীৰাংগনাৰ কাহিনী পঢ়িছা চাগে, আৰু তাৰ পৰা অনুপ্ৰেৰণাও লাভ কৰিছা| আজি তোমালোকক তেনে এগৰাকী ইতিহাসৰ পাতত নথকা পাৱাৰপেকড নাৰীৰ কথা ক’ম| শ্বৰ্টকৈ ক’ম... দীঘলকৈ লিখিবলৈ মোৰ ধৈৰ্য নাই.... হিক!

এই কথা তেতিয়াৰে যেতিয়া মোৰ "চোলজাৰ চোলজাৰ, মিথি বাতেঁ বোল কৰ..." চিনেমাখন ৰিলিজ হোৱা নাছিল| অসমৰ মৰিছাছ নামৰ গাওঁ এখনত এগৰাকী পাহুৱাল ঘৈণী আৰু এজন মেমেৰা গিৰিয়েক বাস কৰিছিল| (এতিয়া নুসুধিবা "বাস" কেনেকৈ কৰে| কাৰণ ম‍ই আজিলৈকে বাস কৰি পোৱা নাই, সদায় গাড়ীতেই ঘূৰোঁ তো... বাস কৰিবলৈ হ’লে উজানবজাৰৰ বাস ষ্টপেজৰ ৰৈ কাছাৰীলৈকে ১৭ নং বাস ধৰিব পৰা যায়)|

মাঘ বিহুৰ সময়ৰ কথা| এদিন মেমেৰা গিৰিয়েকে বিহু অলপ খাই আহি সন্ধ্য়া চোতালত বিহু ডেন্সাই আছিল| পাহুৱাল ঘৈণীয়েকে ওলাই সুধিলে, "ঐ মৰিব নজনা| বিহু বুলিয়েই গেলাসোপা খাই আহিব লাগে বুলি ক’ৰবাত লিখা আছে নেকি?"
মেমেৰাই উত্তৰ দিলে: "খাই আহিব নালাগে বুলি ক’ৰবাত লিখা আছে নেকি হাঁ?"
"চুঙা চাই সোপা দিলোঁ" বুলি ভাবি আনন্দতে মেমেৰাই খুব নাচিবলৈ ধৰিলে| লাজে অপমানে জৰ্জৰিত হৈ সেই পাহুৱাল মানুহজনীয়ে মাঘবিহুলৈ বুলি আনি থোৱা আটাইকেইটা কাঠ-আলু, মিঠা-আলু খাই ডায়বেটিছ হৈ ঢুকাই থাকিল|
কালক্ৰমত সেইজনী পাহুৱালনীয়েই অসমৰ আন এখন ঠাইত জন্ম হৈ মেমেৰাক মাৰিবলৈ জিম জ‍ইন কৰি কেইবাটাও ডামবেলক সদগতি প্ৰদান কৰে|

ম‍ই তোমালোকক নকওঁ তাইৰ নাম কি আছিল; তোমালোকে মোক তেওঁৰ নামটো পোষ্টকাৰ্ডত লিখি পঠাবা দেই... হিক!
আজিলৈ এৰোঁ| জল-যোগৰ সময় হৈছে, যোগ কৰি আহোঁগৈ|

ইতি
তোমালোকৰ মৰমৰ
ববী দেউল বৰদেউতা

June 06, 2013

অসমীয়া কৌতুক: সমস্যা

সমস্যা#

অতিপাত হেণ্ডচাম হোৱাটো‍ও এটা দুৰ্ঘোৰ অপৰাধ|
সঁচা কথা কৈছোঁ|
বেছি হেণ্ডচাম হ’লে নিজৰ মুখখনকেই থেতেলিয়াই অলপ বেঁকা কৰি ল’ব লাগে| নহ’লে ধেৰ সমস্যা| এই ধৰকচোন: -

১/ বাকী মতাবোৰে হিংসা কৰে, ভাবে- "এইটো ইমান হেণ্ডচাম, আৰু মোৰ পেটডালেই ইমান ডাঙৰ যে গাড়ী চলাওঁতেই উশাহ বন্ধ হৈ যায়"

২/ ছোৱালীবোৰে ফেচবুকত বা বাস্তৱ জীৱনত দেখি ভাবে- "এই ল’ৰাটো ইমান তুষাৰ/ অতিপাত/ ভীষণ হেণ্ডচাম, নিশ্চয়েই ইয়াৰ ১০-১৫ জনীমান গাৰ্লফ্ৰেণ্ড থাকিব‍ই| সেইকাৰণে ম‍ই চেষ্টা নকৰাই ভাল|"

এই সমস্যাটোৰ কাৰণেইতো পেটুৱা পেটুৱা মানুহৰ বিয়া হৈ গৈছে আৰু আমি হেণ্ডচামসোপা যেনে নয়ন. মনাই, শেখৰ. জ্ঞান, চেংমাই, মেৰীলিন, অপু, দীপাংকৰ, শশাংক, ভাচকৰ, কৌ-চিক, কল্লোল, গিতু আৰু কেইবাটাও অবাইচ সুপুৰুষ এতিয়ালৈকে বৰলা হৈ আছোঁ!

by Changmai

ভগৱানৰ নাম

খোৱা বোৱাৰ আগতে আপোনাৰ ঘৰত ভগৱানৰ নাম লয় নে.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.লঁও লঁও
হে ভগৱান আজিও একে সোপাকে খাব লাগিব ৷

by Bhaskor Barukial

অসমীয়া কৌতুক: কামকৰা বাই

ঘৰৰ মালিকনীক মন মাৰি থকা দেখি ঘৰৰ কামকৰা বাইজনীয়ে সুধিলে -

বাই :- বাইদেউ, আপুনি আজি কিয় ইমান মনমাৰি আছে ?

মালিকনী :- কি কবি, মই আজিহে গ'ম পালো, তোৰ মালিকৰ অ'ফিচৰ কোনোবা ছোৱালীৰ

লগত লিলিমাই আছে । মই আৰু জীয়াই থকাৰ একো লাভ নাই বুজিলি ......।

বাই :- কি..ই..ই, এইটো কেতিয়াও হ'ব নোৱাৰে । মালিক কেতিয়াও ইমান নিষ্ঠুৰ হ'ব নোৱাৰে ।

মালিকে মোক কেতিয়াও ধৌকা দিব নোৱাৰে .......। (শেষ )

-- পালে গ'ম?
 যদি গাজাৰীত কোনোবা কামকৰা বাই আছে তেনেহ'লে সাৱধান ---


********** আপোনাৰ আজিৰ দিনতো বিন্দাছ হওঁক ***********

by Kandarpa Borthakur

Some Text Missing

১৪+
এক ল'ৰা আৰু এক ছোৱালীয়ে
.
.
.
.
.
.
গছৰ তলত কৰি আছে কিছিং
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
এতিয়া চর্ম টেস্ক মি্চিং

.
.
.
.
কাৰণ এতিয়াও এই কথা জানিবলৈ ৪ বছৰ স্মলিং

by Gitu Pan

স্বামীৰ এক্সিডেন্ট: অসমীয়া কৌতুক

পুলিচঃ বাইদেউ... দৰ্জাখন খোলকচোন, আপোনাৰ স্বামীৰ এক্সিডেন্ট হৈছে; ট্ৰাকৰ তলত পৰি তেওঁ পাপড়ৰ দৰে চেপেটা হৈ গ’ল

ভদ্ৰ মহিলাঃ (ভিতৰৰ পৰাই) তেতিয়াহ’লে দৰ্জাখননো কিয় খুলিব লাগিছে, দৰ্জ্জাৰ তলৰ ফাঁকেৰেই সৰকাই দিয়ক... 

by Jnan Jyoti

May 27, 2013

Assamese Jokes: Google best funny jokes

Google: Assamese Jokes



Best Assamese jokes on internet
Facebook jokes, Google jokes, new jokes, latest jokes
Indian jokes, laughing jokes, Funny jokes, fresh jokes
অসমীয়া কৌতুক, অসমীয়া লিখনি, অসমীয়া ব্ল’গ
Blog in assamese, blogs in assamese, blogs from assam

অসমীয়া কৌতুক @Google

Google অসমীয়া কৌতুক

May 11, 2013

সঁচা ক’লে থুলুক বেয়া...


 এবাৰ চাকৰিসূত্ৰে থুলুক গৈ খ্ৰীষ্টীয়ান ক’লনি এখনত থাকিব লগা হ’ল|

চব ঠিকেই চলি আছিল, পিছে এবাৰ কিবা এটা উত্সৱৰ সময়ত খ্ৰীষ্টীয়ান সকলে এমাহৰ কাৰণে মাছ-মঙহ খোৱাৰ পৰা বিৰত থাকিব লগীয়া হ’ল| 

কিন্তু থুলুকে পুৱা-গধূলি মলমলাই যোৱাকৈ চিকেন ফ্ৰাই, চিকেন মাখনী, চিকেন জ্বলা য়াম য়াম কাৰী ইত্যাদি ৰান্ধি উপভোগ কৰি থাকিল| চিকেনৰ ঘ্ৰাণ নিতৌ নাসিকাৰে গ্ৰহণ কৰি খ্ৰীষ্টীয়ান লোকসকলৰ জিভাৰ পানী পৰিবলৈ ধৰিলে; কিন্তু বেচেৰাহঁতে কৰিব নো কি? নিয়ম যে নিয়মেই- এমাহলৈ লোভ সম্বৰণ কৰিব‍ই লাগিব| আৰু সিফালে থুলুকে তো নিৰৱচ্ছিন্ন ভাৱে কুকুৰা মঙহৰ সোৱাদ লৈ পৰমানন্দৰ সতে উগাৰ মাৰি ফুৰিছে|

কথাটো সাত পাঁচ গুণি খ্ৰীষ্টীয়ান কেইটাই গৈ গীৰ্জাৰ পাদ্ৰীৰ ওচৰত গোচৰ তৰিলেগৈ| 

পাদ্ৰীয়েও গমি পিতি চাই থুলুকক মতোৱাই আনি তাক দিহা দিলে: - যিহেতু তুমি আমাৰ সতেই বাস কৰা, তুমি আমাৰ ধৰ্মলৈ গুচি নাহা নো কিয়?

থুলুকেও বতৰ চাই কঠীয়া পৰাৰ দৰে “হ’ব” বুলি কৈ দিলে|

থুলুকক ধৰ্মান্তৰ কৰা হ’ল| 

পাদ্ৰীয়ে মন্ত্ৰ মাতিলে, “তুমি হিন্দু হৈ জন্ম লৈছিলা, কিন্তু তুমি আজিৰ পৰা খ্ৰীষ্টীয়ান হ’লা” এই বুলি কৈ থুলুকৰ ওপৰত পবিত্ৰ জল ছটিওৱা হ’ল| 

চবৰে মনত শান্তি; আজিৰ পৰা আৰু চিকেন টিকেন বন্ধ|

কিন্তু সেই ৰাতিও থুলকৰ ঘৰৰ পৰা মলমলীয়া সুঘ্ৰাণ বতাহৰ বিয়পিবলৈ ধৰিলে| 

মানুহবোৰ খঙত দল বান্ধি থুলুকৰ ঘৰলৈ ঢাপলি মেলিলে|
দুৱাৰ খোলা আছিল|

দেখা গ’ল… থুলুকে চিকেন ড্ৰাই ফ্ৰাই ডাইনিং টেবুলত লৈ খাবলৈ বহিছে, আৰু পবিত্ৰ জল (হোলী ৱাটাৰ) ছটিয়াই ছটিয়াই চিকেনখিনিক কৈছে: - “তুমি মুৰ্গী হৈ জন্ম লৈছিলা, কিন্তু আজিৰ পৰা তুমি আলু হ’লা” 

by Changmai

May 04, 2013

ডাক্তৰী বিদ্যাৰ কিটিপ [Assamese jokes]


একেবাৰে Clean গাজা:

মেডিকেল কলেজত নতুনকৈ এডমিশ্যন লোৱা ছাত্ৰ-ছাত্ৰীসোপাক লৈ চেংমাই ডাক্তৰ লে’বলৈ গ’ল|
চেংমাই: - ল’ৰা ছোৱালীহঁত, ম‍ই আজি তোমালোকক এজন সফল ডাক্তৰ হোৱাৰ ৰহস্য ক’ম|
প্ৰথমটো ৰহস্য- ডাক্তৰে একো বস্তুকে ঘিণ নকৰে! এইয়া মোক চোৱা...

এই বুলি কৈ চেংমাইয়ে এক বাটি বমিত আঙুলি এটা ডুবাই আঙুলিটো উলিয়াই চুপিবলৈ ধৰিলে|
ছাত্ৰ-ছাত্ৰীবোৰৰ অৱস্থা কাহিল...

চেংমাই: - এতিয়া তোমালোকেও ট্ৰাই কৰা... ঘিণ নকৰিবা

যেন তেন চেষ্টা কৰি ৪-৫ টা আহি বমি আঙুলিত লগাই চুহিবলৈ ধৰিলে| আধা ঘন্টাত প্ৰায় খিনি ছাত্ৰ-ছাত্ৰীয়েই আঙুলি বমিত ডুবাই ডুবাই কামফেৰা কৰিলে| কেইজনীমানে তো হকহকাই বমিয়েই কৰি দিলে|

চেংমাই: - অলৰাইট, এতিয়া ৰহস্য নম্বৰ দুই:
একাগ্ৰতা! নহ’লে ডাক্তৰ হোৱাটো বৃথা...| খুব ধ্যান দি কাম কৰিব লাগিব|
তোমালোকে চাগে মন কৰা নাছিলা. ম‍ই বমিৰ বাটিত ডুবাইছিলোঁ তৰ্জনী আঙুলিটো আৰু চুপিছিলোঁ অনামিকা আঙুলিটো হে| হি হি হি হি|

by Changmai

দত্তৰ ডায়েৰী (Assamese funny jokes)


১৮+

দত্তৰ ডায়েৰীৰ পাতৰ পৰা চুৰি কৰি অনা কাহিনী: -

এদিন তেওঁ পলাশবাৰীৰ পৰা দেৰগাঁৱলৈ বাইকত বহি হেডফোনত গান শুনি শুনি গৈ আছিল| খালী ৰাস্তা|
তেনেতে এখন ফ্লাই-অ’ভাৰ আহিল| দত্ত‍ই দেখিলে এজনী ছোৱালীয়ে ফ্লাইঅ’ভাৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰিবলৈ উদ্যত হৈছে|

ততাতৈয়াকৈ দৌৰি গৈ দত্ত‍ই তাইৰ হাতত ধৰিলেগৈ|
দত্ত: কি কৰা কি কৰা?
তাই: মোক মৰিবলৈ দিয়া, জীয়াই থাকিবলৈ মোৰ অকণ্ণো ইচ্ছা নাই

দত্ত: (অলপ ভাবি) ঠিক আছে, কিন্তু মৰিবাই যেতিয়া মৰাৰ আগতে মোক "চুম" এটি খাই যোৱা না
তাই: (অলপ ভাবি) ঠিক আছে...

"......................"

দত্ত: ৱাহ, কি অপৰূপ| ইমান সৌন্দৰ্য আৰু গুণৰ অধিকাৰী হৈও তুমি কিয় মৰিবলৈ ওলাইছা?
তাই: বহুত ট্ৰেজেদি| ল’ৰা হৈ জন্ম লৈছিলোঁ, কিন্তু ছোৱালীৰ নিচিনাকৈ মেক-আপ কৰি ছোৱালীৰ ড্ৰেছ পিন্ধি থাকিবলৈ ভাল পাওঁ| তাকে ঘৰৰ মানুহে বুজি নাপায়... মোক ল’ৰাৰ লগত হলি-গলি কৰিবলৈকো নিদিয়ে, সেই কাৰণেই মৰিবলৈ ওলাইছোঁ| থেংকছ ফ’ৰ দা কিছ চুইটো...

by Changmai

March 07, 2013

Doctor's Advice: Assamese Jokes

Ram: Toi xodai tolor faale mur kori kiyo khuj karho?

Shyam: Nokobi aru, Doctore muk mur petor khayal rakhibole koise je... xei karone ako
http://ads.cpxcenter.com/cpxcenter/s_landing.php?nid=4&pid=18083&sid=18238&cid=8692&cuid=k2rit6d&ad=9317&subid=&opt1=&opt2=