ৰশ্মি ৰেখা চুতীয়া হাজৰিকা: -
প্ৰাইমেৰী স্কুলত পঢ়ি থকা দিনৰে কথা। মোৰ দাদা আৰু ভাইটি বৰ খটাসুৰ আছিল। সিহঁতে প্ৰায়েই বিচনাৰ ওপৰত উঠি ফাইট কৰে। সিহঁতৰ এই ফাইটটোক দেউতাই ’কুকুৰ ধেমালি’ বুলি কয়।।
এনেকৈ এদিন আমাৰ স্কুল বন্ধৰ দিনা মা স্কুললৈ গ’ল, দেউতা ডিউটি। ঘৰত আমি তিনিওটা। এটা সময়ত তাঁহাতৰ কুকুৰ ধেমালি আৰম্ভ। তেনেকৈ খেলি থাকোঁতেই এপাকত দেউতাই আনি থোৱা নতুন টিউব লাইটটোত কিবাকে লাগি পৰি ভাঙিলে। দুইটাৰ ভয়ত তত নাই। দুইটাই ভঙা টিউব টো আকৌ পেকেটত ভৰাই থলে।
সেইদিনা আক' দেউতাই সোনকালে আহি টিউবলাইট টো লগাবলৈ লওক। পেকেটটো লওঁতেই ভঙা লাইটটো ওলাল। দেউতাৰ খঙে চুলিৰ আগ পালেগৈ। কোনে ভাঙিলে সুধিছে। কোনেও একো কোৱা নাই। খঙতে দেউতাই এচাৰি এডাল লৈ আহিল। এছাৰিৰ ভয়ত দাদাই আৰু ভাইটি চুপ মাৰিলে। ভাইটি ইমান সৰু, তাতে দেউতাৰ এছাৰিৰ কোব খালে কি হব চিন্তা কৰি মই উপযাচি মই ভাঙিলো বুলি কলোঁ। আচলতে, সিহঁতে মাৰ খালে মোৰ বৰ বেয়া লাগে। কিন্তু সিহঁতৰ নালাগে। সেই কথা তেতিয়াহে বুজিলোঁ যেতিয়া দেউতাই মোক নামাৰি ঘৰৰ সন্মুখেৰে যোৱা ৰাস্তাত কান ধৰাই থলে। সিহঁতি আঁতৰৰ পৰা চাই হাঁহি আছিল। এনেকুৱা খং আৰু দুখ লাগিছিল নহয়!!! মা স্কুলৰ পৰা আহি মোক তেনে অৱস্থাত দেখি ভিতৰলৈ লৈ গল। মই মাৰ বুকুত সোমাই খুব কান্দিলোঁ। পাছত হয়তো দেউতাই সঁচা কথা গম পালে। সেয়ে পাছত দেউতাই ভাইটিক বচাবলৈ গলেই প্ৰায়েই কয় " বায়েকেই ভায়েকক বেয়া কৰিবি।" কিন্তু মই ভাগ্যবান, যে মই যিমানেই তাঁহাতক বচালেও ভাইটি কোনোদিনে বেয়া ন”ল। দাদাও নহ’ল। কোনো বেয়া অভ্যাসো নহ’ল। আজি দুয়োজন সু-প্ৰতিষ্ঠিত।
ৰুমী গগৈ: -
পঞ্চম শ্ৰেণীত। তিনিজনী বান্ধৱী। স্কুললৈ যোৱাৰ পথত বাগিচাৰ মেনেজাৰৰ কোৱাৰ্টাৰ। দেখিলো নহয় ঢাপৰ মধুৰীজোপাত মধুৰীয়ে মোক খা মোক খা কৰি আছে। লগৰ এজনী অলপ দালুৱা, তাইৰ আইদিয়া মতে মিছন মধুৰী। তাই ডাঙৰ খালটো জপিয়াই গৈ ফেঞ্চিঙত উঠি এটা ভৰি মধুৰী ডালত, এটা ফেন্সীংৰ ওপৰত। মই ইজনীক ৰাষ্টাত বেগৰখীয়া পাতি একে জাপে খালৰ সিপাৰ। ধৰি আছো তাইক ভৰিতে সাৱটি পৰি নাযাবলৈ।
তেনেতে শুনিলো- ভৌ ভৌ ভৌ ইটালীয়ান ভুকনি (কুকুৰ দুটা ইটালীৰ পৰা অনা বুলি জানিছিলোঁ)| এতিয়া তাই নামিব নোৱাৰা হল। নাৰ্ভাছ নাৰ্ভাছ... আক্ৰমণৰ বলি তাই হে হৈ আছে। মইও তাইক এৰি আহিব নোৱাৰা হলো। ইফালে বেগৰখীয়া জনীয়ে আমাৰ অবস্থা দেখি হাঁহিত বাগৰি পৰিছে। ইফালে মোৰ পাপাশ্ৰী একেটা ৰাষ্টাৰে স্কুলৰপৰা আহি এই পাওঁহি এই পাওঁহি... এনেকৈ দেখিলে মোক ৰাষ্টাৰ ওপৰতে ধিন্ চাক ছাক্. .. কান্দি কাটি যেন তেন পাৰ হলো খালটো। তাৰ পাছত অলপ দিনৰ বাবে,ছাতিৰে মুখ ঢাকি মধুৰী গছৰ আগেদি অহা যোৱা কৰা হ’লো।
বি:দ্ৰ:- মধুৰী দেখিলে এতিয়াও ৰাজীৱ গান্ধী আংকলৰ চচুৰেকৰ দেশলৈ মনত পৰি যায়।
সত্যজিত্ শইকীয়া: -
আমাৰ পৰিয়াল যৌথ আছিল বৰদেউতা আৰু দেউতাৰ। বৰদেউতাৰ ছোৱালী বা মোতকৈ 6 বছৰ ডাঙৰ আছিল। মই তাইক স্কুল যোৱা দেখি মইও যাবলৈ উৎপাত লগাওঁ সদায়| দেউতা স্কুলত চাকৰি কৰিছিল| বায়েও তাতে পঢ়িছিল। মই উৎপাত কৰা দেখি চাৰে চাৰিবছৰৰ পৰা বা্ৰ লগত দেউতা্ৰ স্কুললৈ যোৱা আৰম্ভ কৰিলোঁ...। ক/খ বোৰ লিখিবলৈ শিকাইছে আৰু স্কুলত লাহে লাহে মুধন্য" ঠ " তো লিখিব শিকাই আছে স্কুলত হাতীবৰুৱা বাইদেউ য়ে...|
নাই মই লিখিব নোৱাৰো হে নোৱাৰো... ঘৰলৈ আহি কান্দি কাটি হাইৰাণ... মোৰ মাও স্কুলত চাকৰি কৰিছিল কাৰণে বৰমায়ে মোক লিখিবলৈ শিকাইছিল... মই ঘৰত আহি বৰমাক কোৱা আজিও মনত আছেযে মুধন্য ঠ তো দেখিবলৈ নহৰু ফুটা নিচিনা ন? মই কান্দি কান্দি কৈছিলোঁ "অ বৰমা বৰমা আজি স্কুলত নহৰু ফুটা লিখিবলৈ শিকাইছে মই নোৱাৰো নহৰু ফুটাটো লিখিবলৈ তই শিকাই দে চোন... ভেঁ ভেঁ ভেঁ"
পিছদিনা দেউতাই ষ্টাফত সবৰে আগত কৈ দিলে কাহিনীটো .. তাৰ পিছৰে পৰা সৱে মোক জোকায় "নহৰু ফুটা" বুলি... বহুত দিনলৈকে|