Gajari: the Best of Indian Jokes: অকল মহিলাৰ বাবে [Assamese jokes]

May 03, 2012

অকল মহিলাৰ বাবে [Assamese jokes]

Women are Insatiable




কেইজনীমান বান্ধৱী লগলাগি অলপ দূৰলৈ ফুৰিবলৈ গল। গৈ তাত এখন হোটেল দেখিলে যত লিখা আছিল "অকল মহিলাৰ বাবে"। যিহেতু সিহতে গিৰিয়েক বা বয়ফ্রেণ্ড কেইটাক লগত নিয়া নাছিল, তেওঁলোকে তাতেই থাকিব মন কৰিলে।

সোমায়েই মেনেজাৰক লগ পালে। মেনেজাৰে কথাটো বুজায় দিলে যে সৰ্বমুঠ ৫ টা মহলা আছে। যিটো মহলা ভাল লাগে সেইটোতে থাকিব পাৰিব। আৰু তেওঁলোকৰ সুবিধাৰ কাৰনে কোনটো মহলাত কি আছে তাৰ এখন ফলক প্রত্যক মহলাৰ দুৱাৰমুখত আছে।

বান্ধৱীকেইজনী ওপৰলৈ উঠিল আৰু প্রথম মহলা পালে। তাত লিখা আছিল "এই মহলাৰ সকলোবোৰ পুৰুষ চাপৰ আৰু কেটেঙা"। তেওঁলোকে থিকছে হাঁহিলে আৰু ২য় মহলালৈ গল। 

২য় মহলাত লিখা আছিল "এই মহলাৰ সকলোবোৰ পুৰুষ চাপৰ আৰু ধুনিয়া"। বান্ধৱীকেইজনী তাতেও নৰৈ আৰু ওপৰলে উঠিল।
৩য় মহলাত লিখা আছিল "এই মহলাৰ সকলোবোৰ পুৰুষ ওখ আৰু কেটেঙা"। তেওঁলোকে আৰু কিবা ভাল বিচাৰিছিল, সেইকাৰনে ২টা মহলা বাকি থকাত আকৌ ওপৰলৈ উঠিল।

৪ৰ্থ মহলাৰ ফলকখন পাৰফেক্ট আছিল "এই মহলাৰ সকলোবোৰ পুৰুষ ওখ আৰু ধুনিয়া"।
বান্ধৱীকেইজনী বহুত আনন্দিত হল আৰু ভিতৰত সোমাব খুজিলে। তেতিয়াই অনুভব হল যে এতিয়াও আৰু এটা মহলা বাকি আছে। ৫ম মহলাত নো কি আছে তাকে ভাবি ভাবি গোটেইকেইজনী ওপৰলৈ উঠিল।

৫ম মহলাত গৈ তেওঁলোকে এখন ফলক দেখিলে য'ত লিখা আছিল "ইয়াত কোনো পুৰুষ নাই।এই মহলাটো মাত্র এটা কথা প্রমাণ কৰিবলৈ বনোৱা হৈছিল যে মহিলাসকলক কেতিয়াওঁ কোনোপধ্যেই সন্তুষ্ট কৰিব নোৱাৰি"।

Contributed by Nayanjit Deka

No comments:

Post a Comment

Liked it? Please share with your friends.