থুলুক-চিকিত্সা
থুলুকৰ চুবুৰীয়া আমাৰ নগেনৰ ঘৈণীয়েক জেতুকীৰ মন বেয়া। শণিবাৰে পুৱাই পুৱাই আহি থুলুকক গোচৰ দিছেহি। নগেনে সদায় সন্ধিয়া পানী এটুপি খাই আহে। ঘৰত ঘৈণীয়েকৰ লগত চিঞৰি চিঞৰি কাজিয়া কৰে। আৰু তাৰ পাছত মাৰ পিট। তাৰ পাছতহে সি টোপনি যায়। থুলুকে অলপ সময় ভাবিলে। তাৰ পাছত ক'লে। "শুন, এটা ঔষধ আছে। আজি সন্ধিয়া নগেন ঘৰ সোমোৱাৰ লগে লগেই তই পাকঘৰলৈ যাবি। এক চামুচ চেনী, এক চামুচ চাহপাত মিলাই ল'বি। তাৰ পাছত আধা কাপ ঠাণ্ডা পানীত সেইখিনি দি দিবি। এতিয়া মুখত যিমানখিনি পাৰি সিমানখিনি ভৰাই ল'বি। মুখৰ ভিতৰত প্ৰথমে বাওঁফালে কুলু আৰু তাৰ পাছত সোঁফালে কুলু। আকৌ বাওঁফালে কুলু, সোঁফালে কুলু। এই ৰকম কৰি থাকিবি নগেন নোশোৱালৈকে। বুধবাৰে আহি মোক জনাবি। মনত ৰাখিবি কিন্তু, প্ৰথমে বাওঁফালে কুলু।"
বুধবাৰে পুৱাই জেতুকী থুলুকৰ ঘৰত। মুখত এমোকোৰা হাঁহি। "দাদা, আপুনি কি ঔষধ দিলে এইটো!!!! আমাৰ এখেতৰ এইকেইদিন মুখৰ মাতেই নাই। কাজিয়া, মাৰপিট বহুদূৰৰ কথা।"
থুলুক: "দেখিলিটো নিজৰ মুখখন বন্ধ কৰি ৰাখিলে কিমান লাভ!!!!!"
(সঁচা কথা ক'লে থুলুক বেয়া।)
by Rajib Ranjan
No comments:
Post a Comment
Liked it? Please share with your friends.