Gajari: the Best of Indian Jokes: A letter to Thuluk

October 06, 2012

A letter to Thuluk


চিঠি

থুলুক কলেজ হোষ্টেলত থাঁকোতে তেওঁৰ মাকে দিয়া চিঠি: 

বেটা থুলুক,

আশা কৰোঁ হোষ্টেলত চব ঠিকেই চলি আছে, কাৰণ আমাৰ ইয়াতো চব ঠিকেই চলি আছে, কেৱল দেউতাৰৰ স্কুটাৰ খন হে মাজে মাজে নচলা হয় | সেইখন বেচি মেলি চাইকেল এখনকে কিনিবলৈ কৈছোঁ, কিন্তু দেউতাৰে কৈছে সেইখন বেচাৰ পিছতো হেনো চাইকেল কিনিবলৈ পইচা কম পৰিব | 

অ’ আখৰবোৰ লাহে লাহে লিখিছোঁ, পাহৰিয়ে গৈছিলোঁ তই খৰ খৰকৈ পঢ়িবলৈ অসুবিধা পাৱ’ বুলি তাতে মোৰ যি হে লতাবৰণীয়া আখৰ! 

আচ্ছা, আমি পুৰণি ঘৰটো বেচি দি নতুনকৈ ভাড়া ঘৰ এটা ল’লোঁ | কাৰণ টো হ’ল, দেউতাৰে ডিচকাভাৰী চেনেলটো চাই থাকোঁতে এদিন দেখিলে যে মানুহৰ হেনো বেছিভাগ এক্সিডেন্ট নিজৰ ঘৰৰ বিশ কি.মি.ৰ ভিতৰতেই ঘটে, সেইকাৰণে আমি গুণা-গঁথা কৰি সেই ঘৰটোৰ পৰা একৈছ কি.মি. দূৰৈলৈ গুছি আহি এই ভাড়া ঘৰটো ল’লো হি- আফটাৰ অল, দেহা থাকিলেহে বেহা, নহয় জানো ? মই তোক এড্ৰেছটো দিম বুলি ভাবিছিলোঁ, কিন্তু প্ৰ’বলেম টো হ’ল, নতুন ঘৰটোৰ হাউছ নাম্বাৰটো নাজানো | কাৰণ আগৰ ভাড়াতীয়া জনে নাম্বাৰ-প্লেটখন উঘালি লৈ গ’ল, যাতে নতুন ঘৰত লগাব পাৰে, আৰু তেওঁলোকৰ এড্ৰেছটো‍ও সলনি নহয় | ক’বই লাগিব- কেনে টেঙৰ মানুহ, নহয় জানো? 

নতুন ঘৰটোত, নতুন ঠাইত থাকি খুবেই ভাল লাগিছে | বতৰো ভাল, যোৱাটো সপ্তাহত দুবাৰ হে বৰষুণ দিছিল- প্ৰথমবাৰ দিওঁতে তিনিদিন আৰু দ্বিতীয়বাৰ দিওঁতে চাৰিদিন থাকিল | আচ্ছা, তই যে কৈছিলি কোটটো কুৰিয়াৰ কৰি দিবলৈ? দেউতাৰে ভাবিলে যে, কোটৰ গধুৰ বুটাম কেইটাৰ কাৰণে মিছা-মিছি কুৰিয়াৰত বেছি কে দাম ভৰিব লাগিব, গতিকে মই বুটাম কেইটা কাটি পকেটতে ভৰাই পঠালোঁ- এতিয়া মাৰ কিমান টেঙৰ বুলি লগৰ সোপাক কৈ নুফুৰিবি আক’- সিঁহতৰ নিজৰ মাকবোৰৰ কথা ভাবি দুখ লাগিব নহয় | 

অ’ পাহৰিছিলোৱেই, সেইদিনা মামাৰ আহিছিল, দেউতাৰ আৰু মোক ফুৰাবলৈ লৈ গ’ল | কিন্তু নমাৰ সময়ত গাড়ীৰ ভিতৰতে চাবিকোচা থাকি গ’ল আৰু মামাৰে ভূলতে বাহিৰৰ পৰা দুৱাৰখন ল’ক কৰি পালে | দুঘন্টা সময় যুঁজি যুঁজি শেষত গ্লাছ ভাঙি হে চাবিটো উলিয়াই পিছফালৰ দুৱাৰখন খুলি আমাক উলিয়াব পাৰিলে, নহ’লে তো আমি গাড়ীৰ ভিতৰতে ৰাতিটো বহি থাকিব লগা হ’ল হয় | মামাৰ নতুন গাড়ীখনলৈ দুখেই লাগে পায় |

অ’ যতীন বৰদেউতাই হুইস্কীৰ ফেক্টৰীটোত কাম কৰি থাকোঁতে টেংকীতে পৰি গ’ল নহয়, মানুহবোৰে টানি উলিয়াবলৈ চেষ্টা কৰোঁতে গালি পাৰি ডুব দি পাৰে মানে মদ খালে, খাই মেলি তাতে পৰি মৰি থাকিল :( | শ্মশানত জ্বলাওঁতে পূৰা তিনিদিন একেৰাহে জ্বলি থাকিল- এইটো চাগে ৱ’ৰ্ল্ড ৰেকৰ্ডেই হ’ব, নে কি কৱ? 


আৰুনো কি লিখিম, দিবলগীয়া একো খবৰ নাই বুলি দেখিছই দেখোন; পিছত চিঠি দিম দে | ভাত বনাবলৈ আছে | 

ইতি, 
মৰমৰ মা

এনভেলপৰ ওপৰত:- ছে: টকা কেইটামান পঠাম বুলি ভাবিছিলোঁ, এনভেলপটো আঠা লগাই বন্ধ কৰি পালোঁ নহয়, ওপৰতে ষ্টেপল মাৰি দিছোঁ, বেয়া নাপাবি দেই |

by Changmai#

No comments:

Post a Comment

Liked it? Please share with your friends.