Gajari: the Best of Indian Jokes: ডেকা, এবটল বীয়েৰ আৰু এডাল সাপ আৰু এডাল কেঁচু

November 16, 2012

ডেকা, এবটল বীয়েৰ আৰু এডাল সাপ আৰু এডাল কেঁচু


||ডেকা, এবটল বীয়েৰ আৰু এডাল সাপ আৰু এডাল কেঁচু ||

ডেকাই কোৱা সঁচা কাহিনী | বিশ্বাস কৰিলে কৰিব, নকৰিলে নো মোৰ কি ডাল আহে যায় ...!!! ;)
গৰমৰ দিন, দেওবাৰ | কি কৰিব ভাবি ভাবি ডেকাই এহাতত বৰশী আৰু এহাতত এটা ঠাণ্ডা বিয়েৰ লৈ বিলৰ পুখুৰীটোলেই মাছ মাৰিবলৈ ওলাই গ’ল | তালৈ গৈ হে মনত পৰিল যে মাছক দিবলৈ টোপ আনিবলৈ পাহৰিলেই নহয় | ইফালে সিফালে অলপ পায়চাৰি কৰাৰ পিছত দেখিলে সাপ এটাই কেঁচু এডাল মুখত লৈ লাঞ্চ কৰিবলৈ লৈছে | সাপডালৰ নেগুৰত গচকি ডেকাই কেঁচুডাল কাঢ়ি আনিলে | 

কাঢ়ি আনিলে হয়, কিন্তু কিছু পৰৰ পিছতে ডেকা অনুশোচনাৰ অগনিত দগ্ধপ্ৰায় হ’বলৈ ধৰিলে- এটা নিৰীহ প্ৰাণীৰ পৰা তাৰ ভোজন কাঢ়ি অনাটো কোনো পধ্যেই প্ৰকৃত মানৱৰ লক্ষণ নোহে | আত্মগ্লানিৰ অগ্নিত দহি ছাই হৈ যোৱাৰ আগতেই ডেকাই গৈ সাপটোৰ মুখত হাতত থকা বীয়েৰ বটল টোৰ পৰা দুটোপমান ঢালি দিলেগৈ- খা, ইয়াকে খাই তোৰ ভোক নিবাৰণ কৰ- বুলি | 

তত্পশ্চাত্‍ নিশ্চিন্তমনেৰে ডেকাই সুহুৰি বজাই বজাই কেঁচুৰ টোপ লগাই বৰশী বাই আছে | খন্তেক পিছত ভৰিত চেঁচা চেঁচা কিবা অনুভৱ হোৱাত ডেকাই তললৈ লৈ দেখে- সেই সাপডালে মুখত আৰু তিনিডাল কেঁচু আনি তাৰ ভৰিৰ ওচৰত থৈছেহি | 

সাপ:- আৰু যিমান কেঁচু লাগে আনি দিম, কিন্তু আৰু দুই চিপ মাৰিবলৈ দে না.... পিলিজ |

by Changmai

No comments:

Post a Comment

Liked it? Please share with your friends.