Gajari: the Best of Indian Jokes: শ্ব’পিং ম’লত

November 16, 2012

শ্ব’পিং ম’লত


এজন বৃদ্ধ আৰু তেওঁৰ নাতিয়েক প্ৰথম বাৰৰ বাবে গাঁৱৰ পৰা গুৱাহাটী ফুৰিবলৈ গ’ল | এটা শ্বপিং মলত সোমাই তেওঁলোক থৰ লাগিল- ইমান ধুনীয়া ধুনীয়া বস্তু চাৰিওফালে, ইমান চাফ-চিকুণ, ইমান ৰঙীণ লাইট ... | তেনেতে তেওঁলোকে দেখিলে এজনী বুঢ়ী লাখুটি ডালত ভৰ দি দি বেৰ এখনৰ কাষলৈ গ’ল, তাত ৰঙা বুটাম এটা টিপিলে আৰু দুৱাৰ খন খোল খাই গ’ল | হতবাক হৈ দুয়ো চাই থাকোঁতেই বুঢ়ীজনী ভিতৰলৈ সোমাই গ’ল আৰু বেৰখনে বুঢ়ীক খাই পেলালে |

বৃদ্ধ আৰু নাতিয়েক টো এক্কে বাৰে অবাক্টেড ...!!!!

চকু কপালত তুলি সেইফালে চাই থাকোঁতেই বেৰখন খোল খালে- আৰু তাৰ পৰা "কঁকাল খামুচীয়া, গাল গুলপীয়া" ষোড়শী গাভৰু এজনী ওলাই আহিল |

দুই মিনিট মান থৰ লাগি থকাৰ পিছত বৃদ্ধ‍ই নাতিয়েকক চাই ক’লে- " যা সোণাই, জল্দি জল্দি আইতাৰক গাঁৱৰ পৰা লৈ আহ গৈ যা, দেৰি নকৰিবি..."

by Changmai

No comments:

Post a Comment

Liked it? Please share with your friends.