Gajari: the Best of Indian Jokes: পাপৰ আৰু জেলেপী

November 13, 2012

পাপৰ আৰু জেলেপী


থুলুক আৰু নবীন দুৰ্গাপুজা চাবলৈ চহৰলৈ গ'ল । পকেটত দুয়োটাৰে মুঠ দহ টকা আছিল। তাৰে জেলেপী ৪ খন কিনি খাই বৈ দুয়োটাই ৰাতি এপৰলৈকে পুজা চালে । লাহে লাহে দুয়োটাৰে ভোক লাগিল । ঘৰলৈ বুলি ওভটি আহোতে এটা বিৱাহ ভৱন দেখি থুলুকে ক'লে-
ঔ নবীন, এইখন বিয়া যেন পালো, দেখিছনে কেনেকৈ বেন্ডপাৰ্টিয়ে বজাই আছে ।
নবীন- ও বিয়ায়েই হয় । ব'ল ব'ল ঘৰলৈ যাও । দেৰি হৈছে ।
থুলুক- হেৰৌ বিয়াঘৰ যেতিয়া ভাতপানীৰ ভাল আয়োজনেই হ'ব । মানুহো ঢেৰ আছে । তাতে পেটত কেঁচু কুমটিয়ে উৎপাত লগাইছে । ব'ল খাই লও ।
নবীন-হেৰৌ চিনন নাই জানন নাই ইয়াত কোনো । মই হ'লে যোৱাত নাই দেই । তোৰ মন গৈছে গৈ থাক ।
থুলুকে 'ৰ তেন্তে' বুলি ভিতৰত সোমাল আৰু দুই মিনিটমানৰ ভিতৰতে ওলাই আহি ক'লেহি - হেৰৌ বিয়া পাতিছে আৰু । যিখনহে খাবলৈ দিছে । প্ৰথমে পাপৰ এখন দিছে আৰু সেইখন খাবলৈ এখন চামুচ । কি যে সেৰেকা পাপৰ ! তই অকনমান খাই চাছোন ।
"এৰা অ', জ্বলাও নহয়, নিমখীয়াও নহয়, কি যে সেৰেকা"-নবীনে থুলুকে লৈ অনা টিচু পেপাৰখনৰ চোবাই থকা টুকুৰাটো থুৱাই উত্তৰ দিলে ।

(এতিয়া কি কৰে কৰক)

by Bhaskarjyoti Das


No comments:

Post a Comment

Liked it? Please share with your friends.