Gajari: the Best of Indian Jokes: চাংমাই সংবাদম

November 24, 2012

চাংমাই সংবাদম


কলিতা কলিতা কৰি থকাৰ কাৰণে মোৰ বিৰুদ্ধে হেনো কোনোবাই গৈ বাংলাদেশৰ ক’ৰ্টত গৈ গোচৰ তৰি দিছেগৈ | হায় হায়, সঁচা কথাবোৰ লিখোঁতেই ইমান অসন্তোষ; তেনেহ’লে আজি মিছা কথা এটা কে লিখি দিওঁ, সঁচা কৈ কি লাভ ? কলিতা নিলিখি চাংমাই বুলিয়েই লিখি দিওঁচোন | ;)

এই যে চাংমাই বোলা মানুহটো... (ম‍ই নহয় দেই), বৰ খকুৱা বুজিছে নে!!!
এনিটাইম খাওঁ খাওঁ কৈ থাকে | মানুহজনীয়ে আবদাৰ পূৰাই পূৰাই তত নাপায় | 

চাংমাইৰ আক’ কিবা খাবলৈ মন গ’লে লেনিয়াই মিঠাকৈ কোৱাৰ অভ্যাস এটা আছে | তাৰ দ্বাৰা দুটা কাম সমাধা হয়- মানুহজনীৰ মুডটো চেক কৰাও হয় আৰু বস্তুটো ডিমাণ্ড কৰাৰ নিচিনা নালাগি "অনুৰোধ/প্ৰাৰ্থনা" যেন হে দেখে |

এই ধৰক চাংমাইৰ খাবলৈ মন গ’ল গৰম গৰম তেলপিঠা...

চাংমাই:- হেৰা....... | ব.... হু... হু ... হু.... উ উ উ উ উ...ত দিন.....
মানুহজনী:- কি নো? 

এই "কি নো" টোৰ উষ্ণতাটো জুখিয়েই চাংমায়ে বাকীখিনি কথা কয় |
চাংমাই:- হে হে হে, মানে বহুত দিন ম‍ই গৰম গৰম তেলপিঠা, মৰমৰীয়াকৈ ভজা যে.... খোৱাই নাই অ’ ... (মূখখন দুখতে ওলোমাই দিয়ে) 
মানুহজনী:- (মিচিকিয়াই) ও আই, মোক ক’লেই হয়; এতিয়াই বনাই আছোঁ দেই :-)

পিছে যিদিনা মানুহজনীৰ মুড অফ থাকে সেইদিনাখন একা?

চাংমাই:- হেৰা....... | ব.... হু... হু ... হু.... উ উ উ উ উ...ত দিন.....
মানুহজনী:- (ঘোপাকৈ চাই) কি নো? কি হ’ল? কি বহুউউউ.....ত দিন ?

চাংমাই:- হে হে, মানে বহু-----ত দিন ম‍ই বাচন ধোৱা নাই অ’, ধুবলৈ বৰকে মন গৈ আছে ....

by Changmai

No comments:

Post a Comment

Liked it? Please share with your friends.