Gajari: the Best of Indian Jokes: নিউটন আৰু তেওঁৰ সূত্ৰসমূহ- Behind the Story

March 04, 2013

নিউটন আৰু তেওঁৰ সূত্ৰসমূহ- Behind the Story


আপেলে খুন্দা মৰাৰ ফলত যে নিউটনৰ মাথাৰ টিউব লাইট জ্ব্লি উঠিছিল আৰু সেই লাইটৰ পোহৰতে নিউটনে মধ্যাকৰ্ষণ বলটো বিচাৰি পাইছিল সেইটো চবে জনা কথা । পিছে কি ঘটনাক্ৰমত পৰি তেখেতে গতি বিষয়ক সূত্ৰ কেইটা পটককৈ লিখি পেলালে সেইটো সৌ সিদিনালৈকে অন্ধকাৰতে আছিল ।

শুনিবলৈ পোৱা মতে সেইদিনা নিউটনৰ ছাগলীতো কেনেবাকে ৰচী ছিঙি মুকলি হ’ল আৰু মুকলি হৈয়ে চেঁকুৰ মেলিলে । নিউটনো সুদাই এৰা ভকত নহয় , তেথেতেও লগালে পাছে পাছে লৰ । আগে আগে ৰচী ছীগা ছাগল , পাছে পাছে আমাৰ আইজাক পাগল ।

এবাৰত যেনে তেনে নিউটনে ছাগলীৰ নেজত থাপ মাৰি ধৰি ৰখালে আৰু লগে লগেই বোলে লিখি পেলালে প্ৰথমটো গতি সূত্ৰ “বাহিৰৰ পৰা বল প্ৰয়োগ নকৰা পৰ্য্ন্ত, স্থিতিশীল বস্তু এটা স্থিতাৱস্তাত আৰু গতিশীল বস্তু এটা একে গতিৰে সৰলৰৈখিক দিশত গতি কৰে”

লিখি উঠিয়েই নিউটনে খঙত ছাগলীৰ টিকাত সোধালে প্ৰচন্ড গোৰ । গোৰ (F)খাই ছাগলীয়ে বেবালে ,”মে (MA)” । আৱিস্কাৰ হ’ল মাজুটো সূত্ৰ "F=MA"

সূত্ৰ লিখি উঠিছিল কি নাই ছাগলীয়েও দিলেহি নিউটনক প্ৰচন্ড খুন্দা । খুন্দা সহিব নোৱাৰি নিউটন চিত ভোলোঙা খাই বাগৰি পৰিল । তেতিয়াই বোলে তেখেতে অনুভৱ কৰিলে ,”প্ৰতিটো ক্ৰিয়াৰে একোটা সমান আৰু বিপৰীত মুখী প্ৰতিক্ৰিয়া থাকে” ।

আৰু এই অনুভৱেই পাচলৈ তৃতীয়টো সূত্ৰ হিচাপে জনাজাত হ’ল

(টোকা : কথাখিনি মোৰ নিজৰ নহয় । দায়-দোষ নধৰিব । যি ভাগে শুনিছো মাথো তাকে ৰাইজক জনালো)

by Subrat Chetia

2 comments:

  1. Anonymous3/20/2013

    1) সেইদিনা নিউটনৰ ছাগলীতো কেনেবাকে > সেইদিনা নিউটনৰ ছাগলীটো কেনেবাকৈ
    2) প্ৰচন্ড > প্ৰচণ্ড

    ReplyDelete
    Replies
    1. Thanks Anonymous, appreciate it!

      Delete

Liked it? Please share with your friends.