Gajari: the Best of Indian Jokes: থুলুক ফৌজীত থকাৰ দিনৰ কথা

April 20, 2013

থুলুক ফৌজীত থকাৰ দিনৰ কথা


থুলুক ফৌজীত থকাৰ দিনৰ কথা । কাৰ্গিল সীমান্তৰ ডিউটী । ছুটী পোৱা বৰ মুস্কিল । তথাপিও বিহু বুলি এসপ্তাহৰ ছুটীৰ দৰ্খাস্ত লৈ আমাৰ থুলুক মেজৰৰ ওচৰ পালেগৈ । থুলাকৰ হাতত দৰ্খাস্ত দেখিয়েই মেজৰ গৰজি উঠিল । কলে বোলে ,"যা আগতে সিপাৰৰ পৰা টেংক এখন ধৰি লৈ আহ , ছুটী-তুটী পাচত দেখা যাব "

যেনে মেজৰ তেনে জোৱান । সঁচাকে পাছদিনা থুলুক পাকিস্তানৰ টেংক এখন লৈ মেজৰ আগত হাজিৰ ।

মেজৰে খুচ হৈ কলে ,'চাব্বাচ , কোনটো ডিভিজনৰ পৰা আনিলি ?'
.
.
.
.
.
.

থুলুক : ছাৰ এইখন আমাৰেই । যোৱাৱাৰ ঈদত ছুটী লবলে ৰহিমে লৈ গৈছিল |

by Subrat Chetia

No comments:

Post a Comment

Liked it? Please share with your friends.