Gajari: the Best of Indian Jokes: ভূদা, কলিতা, মমো আৰু মটৰ গুটি

June 29, 2013

ভূদা, কলিতা, মমো আৰু মটৰ গুটি

ভূ দা আৰু কলিতাই ম’মো ঘৰত বহি হাফ প্লেট VEG মমো কিনি শ্বেয়াৰ কৰি খাই আছিল|

কলিতা: ম‍ই ছোৱালীবোৰক আজিলৈকে বুজি নাপালোঁ ভূ দা

ভূ দা: কিয়? ম‍ই তো আজিলৈকে কেইবা জনীকো বুজি পালোঁ দেখোন?

কলিতা: হেই, আপোনাৰ কথা বেলেগ... আপুনি তো খিলাড়ী মানুহ....

ভূ দা: কেছ টো নো কি হ’ল কোৱা চোন?

কলিতা: হা ৰে, সেইদিনা ৰাতি ম‍ই নতুনকৈ চিনাকি হোৱা সেই যে... সন্দিকৈ কলেজৰ থাৰ্ড ইয়েৰত পঢ়ি থকা আপীজনীৰ লগত চাটিং কৰি আছিলোঁ|

ভূ দা: তাৰ পিছত?

কলিতা: আৰু কি? ৰোমাঞ্চ তুংগত আছিল, ময়ো এটা চায়েৰী দি দিলোঁ, মালিয়ে লিখা চায়েৰী...

ভূ দা: কোনটো চায়েৰী? তাৰ চায়েৰী বোৰ কিন্তু মোৰ বিৰাটেই ভাল লাগে জানা?

কলিতা: চায়েৰীটো আছিল-

"সেই মটৰ গুটিটো‍ও চাগে কিমান লাকী জানা নে সোণজনী
যি টো মটৰগুটি ৰাতিপুৱা ওলাই অহাৰ পাছত তুমি ফ্লাছ কৰি দিলা...
কাৰণ
কাৰণ
এবাৰ হ’লেও তো মটৰগুটিটোৱে তোমাৰ ওঁঠৰ চুম্বন লাভ কৰিছিল... !"

তাৰ পিছত সন্দিকৈৰ আপীটোৱে মোক ডাইৰেক্ট ব্ল’ক কৰি দিলে!

ভূ দা: বাকীখিনি মমো তুমিয়েই খোৱা, ম‍ই মালিক ফোন লগাই এখন চায়েৰীৰ কিতাপ উলিয়াবলৈ কওঁ... !

কলিতা: VEG MOMOত মটৰগুটি নাথাকে নি বাউ?

by Changmai.

Jokes from ASSAM

No comments:

Post a Comment

Liked it? Please share with your friends.