Gajari: the Best of Indian Jokes: Time

August 01, 2013

Time

ৰেলৰ ষ্টে'চনত এজন বৃদ্ধই ৰেল অহালৈ বুলি বাট চাই আছে । তেনেতে এজন ডেকা ল’ৰাই আহি তেওঁক সুধিলে, “খুড়া, সময় কিমান হ’ল ?”

বৃদ্ধ – মই নাজানোঁ ।

ল’ৰা – কিন্তু, আপোনাৰ হাতত দেখোল ঘড়ী আছে । অনুগ্ৰহ কৰিছোঁ সময়টো কিমান হল জনাওকচোন ?

বৃদ্ধ – মই নকওঁ..

লৰা – কিন্তু কিয় ?

বৃদ্ধ – কাৰণ, যদি মই তোমাক সময় কিমান হ’ল জনাই দিওঁ তেন্তে তুমি মোক ধন্যবাদ বুলি ক’বা আৰু নিজৰ নামটো ক’বা, তাৰপাছত মোৰ নাম-কাম আদিবোৰ সুধিব ধৰিবা । তাৰপাছত আমি এনেকৈ কথা-বতৰা পতা আৰম্ভ কৰি দিম, দুয়ো-দুয়োকে চিনা-জনা হৈ যাম । আৰু সম্ভৱ ৰেলখন অহালৈকে মোৰ কাষতে বহি থাকিবা, হয়তো এইটোও হ’ব পাৰে যে ৰেলখনত মই বহা কাষৰ চিটটোত তুমিও বহি ল’বা । আৰু তাৰপাছত তুমি সেইটো ষ্টে’চনতেই নামিবা য’ত মই নামিবলগীয়া আছিল । তাত মোৰ ছোৱালী গৌৰী (যিজনি দেখিবলৈ বৰ ধুনীয়া) ৰৈ থাকিব মোক নিবলৈ । তুমি মোৰ লগত থাকিবা যেতিয়া তাইকতো নিশ্চয় দেখিবা, তায়ো তোমাক দেখিব আৰু হয়তো চাৰিচকুৰ মিলন হৈ দুয়োটাই প্ৰেমত পৰিবা আৰু এদিন বিয়া কৰাৱলৈ মোৰ ঘৰলৈ আহিবা । সেইবাবেই বোপাই ক্ষমা কৰিবা, মই এনেকুৱা এজন ভিক্ষাৰীলৈ মোৰ ছোৱালী বিয়া দিব নোৱাৰো যিজনৰ হাতত সময় চাবলৈ সাধাৰণ ঘড়ী এটাও নাই ।

By Deep Jyoti Nath

No comments:

Post a Comment

Liked it? Please share with your friends.