Gajari: the Best of Indian Jokes: অসমীয়া কৌতুক: ফ্ৰীজ এটা কিনক না প্লিজ

October 01, 2013

অসমীয়া কৌতুক: ফ্ৰীজ এটা কিনক না প্লিজ

দিল্লীৰ চিলেক্ট চিটিৱাক নামৰ শ্বপিং ম'লটোলৈ ডীপা এদিন ফুৰিবলৈ গ'ল| ফুৰিবলৈ মানে একো কিনাৰ মন নাই, এনেই আৰু ফুৰি ফুৰি শ্ব'ৰূমবোৰৰ বস্তু চোৱাৰ মন!

এখন দোকানৰ আগেৰে পাৰ হৈ যাওঁতে বিক্ৰেতা বয় এজনে মাতিলে: মেডাম! ফ্ৰিজ লাগিব নি ফ্ৰিজ? 20% অফ চলি আছে...
ডীপা: নালাগে পাই...

অলপ আগলৈ যোৱাৰ পিছত, আন এগৰাকী বিক্ৰেতা: মেডাম, এইটো ইটালীয়ান চালাড! খাই চাওক... ফ্ৰী ফ্ৰী!
ফ্ৰী বুলি কোৱাৰ কাৰণে ডীপাই চালাড এটুকুৰা তুলি লৈ মুখত দিলে|

... ও... ৱা...ক্...
ডীপা: এইখিনি দেখোন পচা চালাড! কিমান পুৰণা?

বিক্ৰেতা: হয় মেডাম| এইখিনি তিনিদিনৰ পুৰণি চালাড! সেইকাৰণেই তো ফ্ৰিজ কিনিব লাগে| নহ'লে খানা বেয়া হৈ যায়! বুজিলে তো? কিনক না ফ্ৰীজ এটা... 20% অফ চলি আছে! হি হি হি...

By Changmai

ফেচবুকত আমাৰ সতে যোগাযোগ কৰিবলৈ তলৰ ঠিকনাত ক্লিক কৰক:
গাজাৰী ডট কম পৰিয়াল

No comments:

Post a Comment

Liked it? Please share with your friends.