Gajari: the Best of Indian Jokes: ওকণি মৰা যন্ত্ৰ: Assamese Jokes

January 31, 2014

ওকণি মৰা যন্ত্ৰ: Assamese Jokes

টি. ভি. ত বিজ্ঞাপন দিলে -

‘ওকণী মাৰা যন্ত্ৰ’, মাত্ৰ ১৯৯৯ টকাত ।
ফ্ৰী হোম ডেলিভাৰী ।
২০ বছৰৰ গেৰাণ্টী (যদিহে ব্যৱহাৰ নকৰে)।
লগতে ওকণী ধৰিবৰ বাবে এখন প্লাষ্টিকৰ মজবুত ফনী সম্পূর্ণ বিনামূল্যে ।

বিজ্ঞাপনটো দেখি চেংমাৰ প্ৰডাক্টটো পচণ্ড লাগিল । এনেই ‘মেগী’হেন চুলিখিনত বহুদিনৰে পৰাই ওকণীয়ে অত্যাচাৰ চলাই আছে ।

লগে-লগে চেংমাই নির্দিষ্ট ঠিকনাত মানী অর্ডাৰ যোগে ১৯৯৯ টকা আৰু নিজৰ নাম-ঠিকনা লিখি পঠিয়াই দিলে ।

কেইদিনমান পাছত এটা ডাঙৰ বাকচত ওকণী মাৰা যন্ত্ৰ চেংমাৰ ঘৰ পালেহি ।

বাকচটো ভিতৰলৈ নি আথে-বেথে খুলি দেখিলে তাত দুটা চেংগুটি খেলিব পৰা জোখৰ শিলগুটি, প্লাষ্টিকৰ পকেট ফনী এখন আৰু এখন কাগজৰ বাহিৰে অইন একো নাই !

কাগজখনত লিখা আছিল :-

‘‘এই ‘অত্যাধুনিক’ ওকণী মাৰা যন্ত্ৰ বিধ ১৯৯৯ টকা ভৰি অর্ডাৰ কৰাৰ বাবে ধন্যবাদ । বাকচটোত থকা ফনীখনেৰে নিজৰ মূৰৰ ওকণীবোৰ ধৰি আনি এটুকুৰা শিলত দি আন টুকুৰাৰে হেচা মাৰি নিধন কৰিব ! এই অত্যাধুনিক ‘ওকণী মাৰা যন্ত্ৰ’বিধ ব্যৱহাৰ কৰি আপুনি সুফল পাব বুলি আশা কৰিলো ।

বিঃ দ্ৰঃ - নকলৰ পৰা সাবধান ।

ধন্যবাদ !!’

- আকাশ জ্যোতি

No comments:

Post a Comment

Liked it? Please share with your friends.