Gajari: the Best of Indian Jokes: অভিজিত কলিতাৰ খুহুতীয়া পদ্য

September 04, 2014

অভিজিত কলিতাৰ খুহুতীয়া পদ্য

তিনি এডমিন ফুৰিবলে গৈ পালে সাগৰৰ পাৰ
পেপছি খাই হাল্লা কৰি খালে মাধ মাৰ!!
মনৰ দুখত আৰু দুবটল পেপছি কিনি লৈ
অকলশৰীয়া চুক এটাত আকৌ বহিলে গৈ ।
হঠাৎ দেখোন আগত ওলালহি আলাউদিনৰ জিন
বোলে ভাইহঁত তহতৰ দুখত মই হৈ গ’লো ক্ষীণ।
তিনিটাকে একোটাকৈ ৱিছ কৰিম মই গ্ৰাণ্ট
নাউ ইউ টেল মি হোৱাট ডু ইউ ৱাণ্ট?
ধেমাদাদাই চান্স লৈ প্ৰথমেই মাত দিলে,
ৰাজহাড় পোনাই, খেকাৰি পাৰি মুখ ফুটাই ক’লে।
চুইজাৰলেণ্ডৰ আল্পছ পৰ্বতত ফাৰ্ম হাউছ এটা লাগে
৫০ টা আৰবী ঘোঁৰা, আনলিমিটেড পেপছি, থাকিব ভাগে ভাগে।
এনে কৰা যেন টকা পইচাৰ চিন্তা, কৰিব নলগা হব,
লগতে ব্ল'ণ্ড ঘৈনী এজনী !!!!! বেয়া নেলাগিব।
ৱিছ গ্ৰাণ্টেট- বুলি জিনিয়ে প'জ মাৰি ক’লে
তিলিকিতে ধেমা গৈ চুইজাৰলেণ্ড পালে।
এইবাৰ আমাৰ দীপাংকৰ পৰিল ৱিছৰ পাল
ৱিছ শুণি জিনিৰো লাল হৈ গ’ল গাল!
চুইছ বেংকৰ একাউণ্ট আৰু হাৱাইত এটা দ্বীপ,
১০ খন ক্ৰুইজ লাইনাৰৰ এটা পাৰ্ছনেল ফ্লীট!
লছ এঞ্জেলছত ঘৰ এটা, অল এক্সপেনছেজ পেইড,
সেই ঘৰত কাম কৰিবলে ২০ জনী ধুনীয়া মেইড!
'তু ভি ক্যা য়াদ ৰখেগা' - বুলি জিনিয়ে মানি ল’লে,
দুই মিনিটতে দীপাংকই নিজকে হাৱাই দ্বীপত পালে।
লাষ্ট বাট নট দা লিষ্ট, চাচাংকই ক’লে, ইফালে সিফালে চাই,
মোক বেলেগে একো নেলাগে, মোৰ একো আশা নাই!
কিন্তু এই #₹%@#₹ দুটাৰ লাইফত ইমান মস্তি হব,
সেইটো আমি নাগা মানুহখান কিনকে বৰদাস্ত কৰিব?
মোৰ ৱিছ হ’ল দুইটাকে আকৌ ঘুৰাই আন,
এই বালিতে বহি দুইটাই কৰক পেপছি পান।
যি বিলাক বস্তু সিঁহতি ল’লে ছব ঘুৰাই ল,
এয়ে মোৰ ফাইনেল ৱিছ বুজিলি নে নাই ক?
ফুৰৰ....ফুৎৎৎৎৎৎ....ফুৰৰৰৰ........ফচক...ফোঁট..
চচাংকৰ ৱিছ গ্ৰাণ্ট কৰি জিনি পলাই ফুট!!!!!!

_________________________

*অসমীয়া কৌতুক
* Assamese Jokes

No comments:

Post a Comment

Liked it? Please share with your friends.