এখন স্কুলত এটা বৈদ্য গাধা ষ্টুডেন্ট আছিল, তাৰ নাম আছিল টিংকু|
ইমানেই গাধা আছিল যে সি একো সমীকৰণ মনত ৰাখিব নোৱাৰিছিল, গ্ৰামাৰ তো দূৰৰে কথা|
চবেই তাক জোকাইছিল|
এদিন তাক শৰ্মা চাৰেও বৰ বেয়াকৈ ইনচাল্ট দিলে, "তই লাইফত একো বনিব নোৱাৰিবি, গাধ... মূৰ্খ...!!!"
টিংকুৰ মাকে বৰ দুখ পাই পণ ল’লে যে টিংকুক কিবা এটা ডাঙৰ বনাই হে এৰিব|
তেওঁ টিংকুক লৈ বেলেগ এখন চহৰলৈ গুচি গ’ল|
২০ বছৰৰ পিছৰ কথা|
সেই শৰ্মা চাৰৰ হাৰ্টৰ অসুখ হ’ল| ভাৰতৰ ডাঙৰ ডাঙৰ ডাক্তৰে লাগিও ঠিক কৰিব নোৱাৰিলে|
লাষ্টত এদিন তেওঁ দিল্লীৰ হাৰ্ট ইনষ্টিটিউটত চাৰ্জাৰী কৰালেগৈ|
চাৰ্জনজনৰ নাম আছিল ড০ টি. বেনাৰ্জী|
অপাৰেশ্যনৰ পিছত শৰ্মা চাৰে চকু মেলি ড০ক চাই বিস্ময়ত চকু বহল হৈ গ’ল|
ই কেনেদৰে সম্ভৱ? ইমান ডাঙৰ বেমাৰ এইজন ডক্তৰে ঠিক কৰি দিলে|
ঠিক তেতিয়াই তেওঁৰ উশাহ লোৱাত কষ্ট হ’বলৈ ধৰিলে| ৰূমত ঝাৰু দিবলৈ অহা মানুহজনে ভুলতে অক্সিজেনৰ পাইপডাল আঁতৰাই দিলে| শৰ্মা চাৰ সেইফালেই সিফলীয়া হ’ল|
ড০ টি. বেনাৰ্জীয়ে ঝাৰুৱালাটোলৈ চাই গালি দি ক’লে: "মূৰ্খ, একো কে নাজান’ নেকি? সেইডাল কেলে উলিয়ালি? টিংকু, তই গাধ আছিলি আৰু গাধই থাকিবি!"
ম’ৰেল: - কোনে কোনে ভাবিছিল যে টিংকু ডাঙৰ হৈ ডাক্তৰ হ’ল? সিঁহতে হাত দাঙিব লাগে|
~ Changmai
গাজাৰী ডট কম
No comments:
Post a Comment
Liked it? Please share with your friends.