Gajari: the Best of Indian Jokes: জয় চক্ৰবৰ্তীৰ অত্যাধুনিক পদ্য

April 12, 2015

জয় চক্ৰবৰ্তীৰ অত্যাধুনিক পদ্য

অত্যাধুনিক পদ্য 
----------------
যিদিনাই প্ৰেয়সীয়ে পাছ কৰিছিলে টেট, 
ভাবিছিলোঁ গুৱাহাটীত নিব পাৰিম এটি ফ্লেট 
প্ৰেমত লাগিছিল সিদিনা নতুন কনজাংচন, 
চাল্লা, তাতো দেখোন লাগিল কিবা কৰাপচন...!!
মইয়োতো কম পৈদ্যাৰু নহয় ভাই, 
মোৰ পদ্যৰেই কৰাপচন মুক্ত হব তাই...
পদ্য লিখি আজি মই সৰাম,
টোপাটোপে কাষলতিৰ ঘাম, 
ঘামৰেই এখনিনৈ বোৱাম...
তাতে মোৰ প্ৰেয়সীৰ চুলিও ধোৱাম!! 
পিছে ধুবনে মোৰ নৈত চুলিকোছা তাই? 
আকাশত আজি যে উৎকৃষ্টতা নাই,
কিয় আজি বইছে ঘাম ঘাম গন্ধৰ বতাহ?
কিয় আজি হেৰাল কাষলতিৰ দিয়া ডিয়োৰ সুবাহ?
কিয় ঘামৰ গন্ধত আজি মোৰ ৰোমাণ্টিক মাদকতা নাই?
কিয় ঘৰ মোৰ ভাঙিব খোজে বিকৃত বৰদৈচিলাই? 
আবে নিলাজ বৰদৈচিলা... মাঘ, ফাগুন, চ'ত,
যা মৰিবিগৈ তোৰ প্ৰেমীক আছে য'ত...
মোক কিয় ভাৱ বে তই ইমান পৰ... 
যা কচু গছ এটা বিছাৰি চিপলৈ মৰ!! 

No comments:

Post a Comment

Liked it? Please share with your friends.