Gajari: the Best of Indian Jokes: আশাকৰো তোমালোক ফিটিং হৈ আছা (New Episode)

January 29, 2016

আশাকৰো তোমালোক ফিটিং হৈ আছা (New Episode)

মৰমৰ মইনাহঁত,

কিছুদিন তোমালোকৰ লগত কথা পতা হোৱা নাই, আচলতে তোমালোকে আজিকালি ইমান বেছি কথা জানা যে আমি একো কোৱাৰ প্ৰয়োজনেই নাই। তথাপি আজি এজন ত্ৰিকালজ্ঞ পণ্ডিতৰ কিছুমান উপদেশ তোমালোৰ বাবে আগবঢ়ালো, আশাকৰো তোমালোকৰ কামত আহিব।

কিছুদিনৰ আগতে তামিলনাডুৰ এজন জ্ঞানী ব্ৰাহ্মণ পণ্ডিতে আহি গাজাৰীত বসবাস কৰা আৰম্ভ কৰিলেহি। সৰ্বশাস্ত্ৰবিশাৰদ সেই পণ্ডিতৰ উপস্থিতিয়ে গাজাৰীক মহিয়ান কৰি তুলিলে। স্বনামধন্য সেই পণ্ডিতজনাৰ নাম হল ননমংগলম ভণ্ডস্বামী চিৰকুমাৰণ। কথিত আছে সেইজনা পণ্ডিতে নজনা-নুশুনা কথা একোৱেই নাছিল আৰু সকলো বিষয়তে তেওৰ অগাধ পাণ্ডিত্যৰ পৰিচয় দিছিল। তেখেতে পৰীক্ষাৰ বহীত একো নিলিখিছিল, কাৰণ তেওৰ মতে সেই নিম্নস্তৰৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া তেওৰ ‘শান কি খিলাফ’ আছিল, আৰু তেওৰ শিক্ষক সকলেও তেওৰ প্ৰতিভাৰ কথা উপলব্ধি কৰি তেওক পৰীক্ষাৰ বহীত মিঠা-সোৱাদ ৰসগোল্লা একোটাহঁতেৰে পুৰষ্কৃত কৰিছিল। আজি মই তোমালোকক সেই মহান পণ্ডিতজনে দি যোৱা কেইটিমান সাৰুৱা উপদেশৰ বিষয়ে কম। তোমালোকে ইয়াৰ অৰ্থবোৰ হৃদয়ংগম কৰিবলে চেষ্টা কৰিবা, আৰু নুবুজিলে ডাঙৰক সুধি লবা।

১।“মা-মছলা বেছিকে ঢালিবা, ভিনেগাৰেৰে মেৰিনেট কৰিবা, 
তাপ কমাবা, সময় বঢ়াবা, চিকেন তন্দুৰীৰ তেহে সোৱাদ পাবা।”
২। প্ৰেচাৰ বুলি নেখায় লোণ, চাকনাত যায় তিনিগুণ
৩। মোবাইল চাবা গধুলি, লেপটপ চাবা পূৱা, ফেচবুকতে ছোৱালী চাবা, কোন কেনেকুৱা
৪। ইনবক্সত ৰিপ্লাই দিলে “নাং এঞ্জেলিনা জলী”ও ধুনীয়া ছোৱালী।
৫। প্ৰফাইল পিকচাৰ দেখিয়েই নিদিবা ধ্যান, গুগল ইমেজত আপলোডাই লবা তিনি প্ৰমাণ।
৬। দহজনী মানক একেলগে দিবা খেপ, আগতে গৰম কৰিবা জেপ।
৭। ছেংমাত আশ, বনত বাস।
৮। চচালৈ বোৱাৰী চাওঁ , ঘূৰি ঘূৰি মোলৈহে পাওঁ ।
৯। পেপছি খাই ৰিণ্টু কুৱেইট গমিল, চাকনা খাই ভাষ্কো খালত পৰিল।
১০। মূৰ্খ পত্নী হয় যদি এশ বা হেজাৰ, সিহঁতৰ পৰা নাই কোনো অপকাৰ।
১১। গৰু আনিবা পেট সৰু চাই, ছোৱালী আনিবা যাৰ বয়ফ্ৰেণ্ড নাই।
১২। মহন্তৰ চিন মাহনিত, বিজুইৰ চিন ঘাঁহনিত
১৩। ফেচবুক, হোৱাটচ এপত এবছৰ লাগি পতালোগৈ যাক,
ডেটিং মাৰোতেহে গম পালো দুটা ল’ৰাৰ মাক।
১৪। ৰহাৰ ৰহদৈ, তিপামৰ ভাদৈ, শলগুৰিৰ আঘোনী বাই
সকলোকে ৰিকুয়েষ্ট দিবা ভাল দিনবাৰ চাই।
১৫। একেদিনাই সাতজনী পতালো, লোকক নকলো লাজে,
ফে’ক একাউণ্টে ‘হাই’ বুলি ক’লে, তাতে জয়ঢোল বাজে।

এই জ্ঞানগৰ্ভ বাণীসমূহৰ তাৎপৰ্য উপলব্ধি কৰিব পাৰিলে তোমালোকৰ জীৱনো এগাল মান গাৰ্লফ্ৰেণ্ড/ বয়ফ্ৰেণ্ডে ৰূপী চেলাপটি জোকেৰে লেওলওৱাই থাকিব।

ইতি 
মৰমেৰে তোমালোকৰ
হৃত্ত্বিক ৰৌছন খুৰা।

~ by Abhijit

4 comments:

  1. Enter your comment...অতি সুন্দৰতম

    ReplyDelete
  2. হাঁহিছো দেই

    ReplyDelete
  3. পঢ়িলোং ৷ বেয়া নাপ ব ৷

    ReplyDelete

Liked it? Please share with your friends.