Gajari: the Best of Indian Jokes: গৌটি ভাইটিৰ সলসলীয়া ইংৰাজী

August 22, 2016

গৌটি ভাইটিৰ সলসলীয়া ইংৰাজী

গৌতি ভাইটিৰ কথা এটা কওঁ; আগতে শুনিছে যদি দায় দোষ নধৰিব:
গৌতি ভাইটি অসমীয়া মাধ্যমৰ পৰা আহি জালুকবাৰীত সোমাল, গৌতি ভাইটিৰ ইংৰাজী আৰু ভাৰতীয় খেলুৱৈৰ অলিম্পিক পাৰ্ফ'মেন্চ প্ৰায় একে |
তাত পাচে চেন্ট মেৰিজ, মহিৰ্ষিৰ আপিবোৰে ইংৰাজী ফটফটাই থাকে, পাৰিলে জালুকবাৰীক পিপাৰবাৰী , নাৰিকলবস্তীক কক'নাট বস্তী বুলিয়ে ক'ব খোজে| গতিকে ভাইটিয়ে তেওঁলোকৰ আগত নিজৰ ঈজ্জত কমাব নুখুজি যিমান পাৰে পাৰ্ফমেন্চ দিয়ে আৰু৷

এদিন ক্লাচত গৌতি ভাইটি লাষ্টত বহিল৷ প্ৰফেচাৰ জনে আকৌ বেছিভাগ কথা ইংৰাজীতে কয়৷
ক্লাচ চলি থকাৰ মাজতে বিদ্যুত বিভাগৰ কৃপাত কাৰেন্টৰ নেটৱৰ্ক নোহোৱা হ'ল৷ গৰম বেছি লগাত প্ৰফেচাৰে পাচফালৰ দূৱাৰখন খুলিবলৈ গৌতিক ইংৰাজীতে কলে You last bencher please open the door!
গৌতিয়ে দৰ্জা খন খুলিবলৈ গৈ দেখিলে দৰ্জা বাহিৰৰ পৰা বন্ধ আছে ৷ কথাটো প্ৰফেচাৰক ইংৰাজীত ক'বলৈ লওঁতেই লাগিল নহয় সমস্যা ৷ দৰ্জাৰ ইংৰাজী door; বাহিৰৰ outside; কিন্তু বন্ধৰ ইংৰাজী বহু চেষ্টা কৰাৰ পাছতো মনলে নাহিল৷
প্ৰফেচাৰে আকৌ সুধিলে "what happened? open the door! "৷
তেনেতে বন্ধৰ ইংৰাজীটো মনলৈ অহাত গৌতিয়ে বিকু ফিন্দাই ডাঙৰ ডাঙৰকে কলে " Sir the door is holiday from outside "৷ 
তাৰপাচৰে পৰাই পিপাৰবাৰীত গৌতি ভাইটিৰ ইংৰাজীক সকলোৱে সন্মান কৰে|

- ধৄৰ্জ্জটি

No comments:

Post a Comment

Liked it? Please share with your friends.