Gajari: the Best of Indian Jokes: ইংৰাজী ক্লাছত এদিন

October 05, 2022

ইংৰাজী ক্লাছত এদিন

 ইংৰাজী ক্লাছত

মাষ্টৰ: ল’ৰাহঁত, ইংৰাজীত বানান লিখাচোন: ছাহীদ আৰু শ্বহীদ
ছাত্ৰহঁত: Shahid and Shahid, চাৰ
মাষ্টৰ: হীৰক, তুমি কোৱা
হীৰক: ছাহীদ=Sahid শ্বহীদ= Sohid
মাষ্টৰ: ভুল হৈছে হীৰক
হীৰক: চাৰ, আমাৰ ঘৰলৈ পূজা চাবলৈ নাহে নেকি? আজি অষ্টমী বুলি পাঠাৰ মাংস আনি থৈছোঁ|
মাষ্টৰ: অ’.... বানানটো চালোঁ| তোমাৰটো শুদ্ধ হৈছে হীৰক|
হীৰক: আজি ন টা বজাত পোৱাকৈ আহি যাব চাৰ|
ইয়ালৈকে যাৰ হাঁহি নুঠিল, তেওঁ নিজৰ কপালত ভিক্স ঘঁহিব পাৰে|
________________________
নিশা ন বজাত,
মাষ্টৰ হীৰকহঁতৰ ঘৰৰ দুৱাৰত|
হীৰক: আহিল চাৰ? পাঠাটোৰ বানান ইংৰাজীত কওকচোন
মাষ্টৰ: এম ইউ টি টি অ’ এন.... বৰ ধুনীয়া গন্ধ ওলাইছে অ’
হীৰক: বানানটো ভুল হৈছে চাৰ, শুদ্ধটো হৈছে পি এ টি এইচ এ! আপোনাক মাংস নিদিওঁ... অকল জোল হে দিম
মাষ্টৰ: ধেত, কি যে কোৱা| ইমান হেঁপাহত আহিছো....
হীৰক: ঠিক আছে, আৰু এটা চান্স... জোলটো ইংৰাজীত বানান কওক....
মাষ্টৰ: জে ইউ ল.... জোল
হীৰক: আকৌ ভুল হৈছে চাৰ| ভুল হৈছে| শুদ্ধটো হৈছে C U R R Y.....
ইয়ালৈকে যাৰ হাঁহি নুঠিল, তেওঁ নিজৰ কপালত চপৰিয়াব পাৰে!
________________________

Durga Puja Jokes, facebook jokes, Google Jokes, New Jokes 2022

No comments:

Post a Comment

Liked it? Please share with your friends.