Gajari: the Best of Indian Jokes: Assamese Joke 2016
Showing posts with label Assamese Joke 2016. Show all posts
Showing posts with label Assamese Joke 2016. Show all posts

January 15, 2016

আশাকৰো তোমালোক ফিটিং হৈ আছা (Assamese Jokes Series)

মৰমৰ অকণ অকণিহঁত,

(কালি ২০ টকাৰ লাপু পালোঁ, সেইকাৰণেহে লিখিছো।)

আশাকৰো তোমালোক ফিটিং হৈ আছা

তোমালোকে 'কুফা' দেখিছানে, বহুতে হয়তো দেখিছা, হয়তো তোমালোকৰ দুই এজন নিজেই 'কুফা'। তথাপিও কও, আমাৰ মাজতে কিছুমান মানুহৰ 'স্পেচিয়েল পাৱাৰ' থাকে, তেওলোকে 'মুখ লগোৱা' বুলি খতৰনাক 'জিনিছ' এটা জানে... 'মুখ লাগিল; মানে সকলো চাফা। ধৰা তোমালোকৰ ঘৰত অমিতা এজোপা একদম ভৰি ভৰি লাগিছে,... 'কুফা' এজনে দেখি কৈয়েই দিলে - "আও ..বহুত অমিতা লাগিছে দেই, বৰ ভাল হৈছে..চলৰৌওওপ।" বচ....... লাগিল নহয় মুখ.. সেইজনা গৈ ঘৰ নেপায়গৈয়েই, তোমাৰ অমিতা গছ মাজ কঁকালতে ভাগি... ধুপুছ। আকৌ ... হয়তো তোমাৰ চেহেৰা পাতি দেখি সেইজনাই কৈ গ'ল - "মাজনী, দেখিবলৈ শকত আৱত, বৰ ধুনীয়াজনী হৈছা দেই।" হ'লেই আৰু, পিছদিনাৰ পৰা তেজ হাগনি, মুখত এহেজাৰটা পিম্পল,... 'হট' লুক কা ধ্বজিয়াঁ!! সকলোৱে 'কুফা' বিলাকক বেয়া পায়, দেখিলেই পলায়।

কিন্তু এজন গাজাৰীয়ে এই 'কুফা' সকলক লৈয়ে কামাল কৰি দিলে। তেওৰ নাম, "বিজুই দীননাথ চৌহান মহন্ত
ধুৰিয়াপ্পা", পুৰা নাম। তেওৰ দৰে 'ধুৰ' পৃথিৱীতে নাই বুলি ৰাইজে কয়। সেই সময়ত তেঁও গাজাৰী সেনাবাহিনীৰ সৰ্বাধিনায়ক। ইফালে পাকিস্তানে আমেৰিকাৰ ভিতৰুৱা সহযোগত গাজাৰী আক্ৰমণ কৰি দিলে, ১৯৬৫ চনৰ কথা। পাকিস্তানৰ হাতত আমেৰিকাত নিৰ্মিত 'পেটন টেংক' ‌' লকহীড মাৰ্টিন F16 ফেলকন জে'ট ফাইটাৰ', আৰু ধেৰ কিবা কিবি। আৰু গাজাৰী পাৰ্টিৰ হাতত 'বাবাজী কা থুল্লু', ...মানে ৱিলিক্স জীপ এখনত বন্দুক এটা ফিট কৰি বনোৱা 'জুগাৰু' টেংক, 'শক্তিমান' ফ'ৰ হুইলাৰ ট্ৰাক দুখন মান, 303 (ৰীড এজ থ্ৰী নট থ্ৰী) বন্দুক, নেপালী খুকুৰী, আধাফুট দীঘল মোচ.. এটচেত্ৰা। ধুৰিয়াপ্পা চাৰে গৈ যুদ্ধভূমিৰ সমীক্ষা কৰিলে, গম পালে, সিফালে পাল্লা বহুত ভাৰী, কোনোমতেই জিকাৰ চান্স নাই। কিন্তু এই হেন প্ৰতিকূল পৰিস্থিতিতো তেখেতে নিজৰ 'ধুৰ' মগজ ব্যৱহাৰ কৰি এটা উপায় ভাবি উলিয়ালে।
তেও অসমৰ সকলো গাঁও-ভূঁইৰ পৰা সেই বিশেষ ক্ষমতাসম্পন্ন 'কুফা' বিলাক বিছাৰি আনিলে আৰু পাকিস্তানৰ
সীমান্তত খাড়া কৰি দিলে।অৰ্ডাৰ মতে 'কুফা' বিলাক নিজৰ কামত লাগিল গ'ল-

- "আও, ইমান ধুনীয়া পেটন টেংকখন, মানিব লাগিব দেই" ..কথা শেষ নহ'লেই, সেইফালে টেংকৰ চকা ফুটিল,(টেংকৰ চকাবোৰ লোহাৰ দেই, মন কৰিবা, লোহাৰ চহা ফুটাবলে কিমান পাৱাৰ লাগিব?) .... কেননটো বেঁকা হৈ মাটিত সোমাই গ'ল।

- "বৰ ধুনীয়া প্লে'ন হে এইখন, F-16 , বৰ মৰম লগা, একেবাৰে ৰূপৰ নিচিনাকে জিলিকি আছে" ... হ'লেই আৰু.... F-Series ফেলকন ফাইটাৰৰ ইঞ্জিনত জুই লাগি গ'ল, 'টে'ক অফ মেকানিজম' জেগাৰ পৰা নলৰাই হ'ল।
- "উসস... কি ধুনীয়া M-16 ৰাইফল বনাইছে আমেৰিকাই, ইমান মৰম লগা" ... লগে লগে M-16 বন্দুকৰ পৰা গুলীয়েই নোলোৱা হ'ল.. পাকিস্তানীয়ে ট্ৰিগাৰ ডবাইহে ডবাই ... ..থুছুক... থুছুক....থুছুক!!
সুবিধাতে গাজাৰী আৰ্মীয়ে 303 বন্দুক আৰু বেয়নেটেৰে পাকিস্তানী সৈন্যক তূলা ধুনা দি ধুনি পেলালে। পাকিস্তানী জেনেৰেল "পিয়াজী"য়ে উপায় নেপাই চাৰেণ্ডাৰ কৰিলে।
এইদৰেই, অসমীয়া সংস্কৃতিৰ এক কৌটিকলীয়া পৰম্পৰা ব্যৱহাৰ কৰি ধুৰিয়াপ্পাই গাজাৰীক এক আৱশ্যম্ভাৱী পৰাজয়ৰ পৰা ৰক্ষা কৰিলে।
হে মহান সেনানায়ক BDSM ধুৰিয়াপ্পা, য়ে দেছ তুমহে নমন কৰতা হেঁ।

মৰমেৰে
তোমালোকৰ
হৃত্বিক ৰৌছন খুড়া।

(~ Abhijit Kalita)