Gajari: the Best of Indian Jokes

July 05, 2013

ধৰা হ’ল...

ভু-দাই হোটেলত ভাত খাই আছে ।

ওৱেটাৰ :-- হাউ !! ছাৰ, আপুনি সুদাই সুদাই ভাত খাইছে যে, আপোনাক দাইল, চবজি কিবা আনি দিমনে ?

ভু-দা :-- আহ্‌, তই জাননে মইযে এজন অঙ্ক বিভাগৰ শিক্ষক, মই ইয়াত বহি অঙ্ক কৰি আছো, মোক দিগদাৰ নিদিবি.....

ওৱেটাৰ :-- কি অঙ্ক কৰিছে ছাৰ ?

ভু-দা :-- ধৰা হ'ল, ভাতৰ লগত ডালি আছে.....

* (ভূ দা এজন ভাল লেখক আৰু অংকবিদ)

by Deep Jyoti Nath

Thuluk and Swami ji

থুলুক: স্বামীজী, মোৰ বিয়াৰ পাঁচ বছৰ হ'ল। কিন্তু কোনো সন্তানৰ মুখ দেখিবলৈ পোৱা নাই এতিয়ালৈকে।
স্বামীজী: চিন্তা নকৰিবা বৎস। মই বৈষ্ণোদেৱীলৈ গৈ আছোঁ। তাতে তোমাৰ হৈ চাকি জ্বলাম। আই সুপ্ৰসন্ন হ'ব। ঔঁ

দহ বছৰৰ পাছত...

স্বামীজী থুলুকৰ ঘৰলৈ আহিছে। ওচৰ চুবুৰীয়া সকলো গোট খাইছে। দহটা ল'ৰা-ছোৱালীৰে থুলুকৰ পত্নীয়ে সেৱা লৈছে।

স্বামীজী: তোমাৰ পতিদেৱ ক'ত আই?
থুলুকৰ পত্নী: বৈষ্ণোদেৱীলৈ গৈছে, চাকি নুমুৱাবলৈ।

By Rajib Ranjan

Intelligent Thuluk

যাত্ৰী: ধত্ চালা তই মোৰ জেপত হাত কিয় দিছা?????

থুলুক: নহয় মানে মোক লাইটাৰটো লাগিছিল ৷

যাত্ৰী: তোক লাইটাৰ লাগে,,,,,,, বিৰি লাগে মোক খুজিব নোৱাৰা নেকি মুখ নাই,,,,, হুহহ!!!!!

থুলুক: নহয় মানে মই অচিনাকি মানুহৰ লগত কথা নাপাতো,,,,,,,,,, চো,,,,,,,,,,,,, ৷৷৷৷৷

by Dwipen Kalitha 

প্ৰেমিক প্ৰেমিকা আৰু ...

"21+ ONLY"

প্ৰেমিকা: কৰা না
প্ৰেমিক: নকৰোঁ

কা: কৰা না জানটো
ক: না, নকৰোঁ

কা: প্লীজ আৰু এবাৰ কৰা
ক: পাগল নেকি? গোটেই ৰাতি কৰি থাকিব পাৰি নেকি কিবা?

কা: আগতে দেখোন ইমানবাৰ কৰিছিলা, আজি মাত্ৰ চাৰিবাৰ কৰিছা... কৰা না
ক: হুই, আগৰ কথা বেলেগ, তুমি নতুন আছিলা

কা: এতিয়া ম‍ই পুৰণা কাৰণে নকৰা হ’লা ন’?
ক: নহয় ঔ, নাই

কা: আছে, ম‍ই জানো
ক: নাই

কা: আছে আছে, কৰা
ক: নাই ঔ, SMS Pack নাই, কাইলৈ পেক ভৰাই গোটেই ৰাতি sms কৰিম দেই

কা: হি হি হি
ক: হো হো হো

by Changmai

ৰেলত মালি

মালি মাজতে ঘৰৰ ফালে গৈছিল ৷ আচলতে দেবুৰ ঘৰত তাক প্ৰায়ে উপদেশ দি থকা হয় বিয়াখন সোনকালে পাতিব লাগে বুলি ৷ গতিকে বিয়া ঠিক কৰিবলৈ বুলি এদিন নিশা মালি ৰেলত উঠিলে ৷

ৰেলৰ ভিতৰৰ দৃশ্য -

যুৱতী : মই ইয়াত বহিব পাৰো নে ?

মালি : আৰে !! কিয় নোৱাৰিবা ? তোমাৰ ছিট বুলিয়ে ধৰি লোৱা ৷

যুৱতী : পানী অকনমান খাওঁ নে ?

মালি : আৰে সেইটো সুধিব লাগে নেকি কিবা ?? নিজৰ বুলি নাভাবা ন তুমি ?

ঝক ঝক ৰেল গৈ আছে ........
যুৱতী : দাদা কোনটো ষ্টেচন পালো বাৰু ?

মালি : আৰে মোৰ মাথাত GPS লগাই থোৱা নাই নহয় যে মাজ নিশা কি ষ্টেচন পালো কৈ দিব পাৰিম ৷ চাওঁ উঠা ছিটৰ পৰা ৷ মোৰ টোপনি ধৰিছে ৷

*মালি> মালিংগা> চেংমাই

by Pratibhu Dutta

Asaamese Joke: মহিলা সকলে কিয় একেলগে...

GIRL LOGIC <gajari dot com>

ছোৱালীবোৰে একেলগে বাথৰূমলৈ যাবলৈ ভাল পায়, কাৰণ

তেওঁলোকে লাইনত থিয় হৈ থাকোঁতে কথা পাতি ভাল পায়, কাৰণ

লেডিজ বাথৰূমৰ সমুখত সদায়েই অলপ দীঘল লাইন থাকে, কাৰণ

............................................................

by Changmai

June 29, 2013

অসমীয়া কৌতুক: গেন্ধেলাৰ ল’ৰাটো

১৮ + Assamese Joke

গেন্ধেলাৰ ল'ৰাটো মানে ছেদেলা হঠাৎ অসুস্থ হ'ল। ১২ বছৰীয়া ল'ৰাটোয়ে পিছে টেবলেট খাবই নিবিচাৰে। সমস্যা সমাধানৰ উদ্দেশ্যে গেন্ধেলা আৰু গেন্ধেলীয়ে মিলি ছদেলাক ডাঃ অপুৰ চেম্বাৰলৈ নি সমাধান বিচাৰিলে।

ডাঃ অপুই গেন্ধেলীক আঁতৰলৈ মাতি নি কাণে কাণে কিবা এটা ক'লে …. তিনিও ঘৰলৈ উভতিল।

ঘৰলৈ আহি গেন্ধেলীয়ে ডঃ অপুৰ সিদ্ধান্ত মতে
সিজা কণীৰ ভিতৰত টেবলেট সোমাই দি ছেদেলাক খাবলৈ দিলে…
কিছুপৰ পিছত গেন্ধেলীয়ে ল'ৰাটোক সুধিলে…
বাবা, কণীটো খালা নে ?
.
.
.
.
.
.

.
.
.
.
.
.
ছেদেলা: হয় আই, খালো
কণীটোৰ ভিতৰত গুটি এটা আছিলে সেইটো পেলাই দিলোঁ।
ইচ কিযে ভেজালৰ দিন চলিছে কণীতো গুটি, এনেই মানুহ বোৰক বেমাৰে পায়নে?…

By Joy Chakraborty