Gajari: the Best of Indian Jokes

May 17, 2022

বাছৰ অভিজ্ঞতা...

বাছত অফিচৰ পৰা ঘৰ গৈ আছো, কাষৰ চিটটোত এজন মানুহ বহিছে, বয়স প্ৰায় ৩৫/৪০ মানৰ ভিতৰত হ'ব... মই কিবা message type কৰি আছো, মানুহজনে বাৰে বাৰে জুপি আছে, অসুবিধা পোৱা যেন লগাত এবাৰ brightness টো কমাই ল'লো.. নাই কাম হোৱা নাই আকৌ মোবাইলতে চকু, এইবাৰ মানুহজনলৈ চালো, লাজ পাই যদি পাওক বোলো... সেইপাতে লগে লগে খিৰিকীৰে প্ৰাকৃতিক দৃশ্য চাই থকা acting কৰিলে, এইবাৰ মই আকৌ message type কৰিব লৈছো, আকৌ চাইছে, কিবা খং উঠিল তেওঁৰ হাতখন টানি আনি মোৰ মোবাইলটো দি কৈছো, "দাদা, আপুনিয়েই টাইপ কৰি দিয়ক, মই কৈ গৈ আছো... !! " মানুহজনে "নাই নাই মাইনা মই কিবা বেলেগ চাই আছিলো, তুমি ভুল বুজিছা" বুলি একেকোবে থিয় হৈ দিলে _______ This Assamese joke is written by Lutfa Akhtara, Guwahati

May 16, 2022

ৰাতি চচাৰ টোপনি ধৰো ধৰো অৱস্থাত বিচনাৰ কাষতে হঠাতে গাজাৰী দেৱতাৰ আবিৰ্ভাৱ হ'ল । হাতত দুটা গিফ্ট বক্স । এটা সৰু , এটা ডাঙৰ ।
গাজাৰী দেৱতা - " চচা বোপা , তুমি খোৱা বোৱা বাদ দি, নিজৰ নেট পেক খৰচ কৰি , নিজৰ চেনিমাই জনীকো ইগ্নৰ মাৰি গাজাৰীৰ নামত ৰাতি ৰাতি উজাগৰে থাকি যি অক্লান্ট সেৱা আগবঢ়াইছা তাত খুচ হৈ মই তোমাক কিবা এটা গিফ্টাবলে আহিছোঁ । যি খাই তোমাৰ গাত হাতীৰ সমান বল আহি যাব । কোৱা কোনটো দিম ? "
চচা অলপ সময়ৰ বাবে কনফিউজিয়াই গ'ল । কোনটো ললে বেছি লাভ হ'ব ?
তেওঁ প্ৰভুক কোনটোত কি আছে ক'বলৈ খাটনি ধৰিলে ।
প্ৰভুৰ চিধা উত্তৰ - " ন ৱে "
চচাও নাচোৰবান্দা । কিবা এটা হ'লেও হিন্ট্ লাগে । উপায়ন্তৰ হৈ প্ৰভুৱে সৰু বক্সটো অলপ খুলি দেখুৱালে । ব্ৰেণ্ডেদ ভালুক এটা । চচাৰ দিল গাৰ্ডেন গাৰ্ডেন । সৰুটোত এটা যেতিয়া ডাঙৰটোত নিশ্চয় এক কাৰ্টন ভালুক হ'ব । এসপ্তাহ মষ্টি মাৰি খাব পাৰিব । সি ডাঙৰটো খুজি ৰাখিলে । গিফ্টাই উঠিয়ে প্ৰভু ভেনিচাই গ'ল । আৰু চচাই ৰংগমনে বক্স খোলাত লাগিল । পিছে এয়া কি ...বক্সৰ ভিতৰত আৰু এটা বক্স , তাৰে ভিতৰত আৰু এটা বক্স.. এনেদৰে চাৰি পাঁচটা বক্স খোলাৰ অন্তত ভিতৰত এটা কল আৰু এখন কাগজৰ টুকুৰা পালে ।
তাত লিখা আছিল - " কল কল কল... কল খালে গাত হয় হাতীৰ সমান বল ।"

Chandana

April 07, 2022

হ'বলগীয়া শহুৰ- Assamese Joke

 হ'বলগীয়া শহুৰেক: "য়ং বয় কোৱাচোন এতিয়া কি কৰি আছা?"

হ'বলগীয়া শহুৰেকৰ কথা শুনি বুকুত সাহ পাই ক'লে, "খুড়া ক'বলৈ লাজেই লাগে যদিও সুধিছে যেতিয়া ক'বই লাগিব, বৰ্তমান মই হ'বলগীয়া শহুৰৰ স'তে কথা হৈ আছোঁ।"


হ'বলগীয়া শহুৰেক: আয়ু ডিমা! 


__________________


~ Haren Dowarah

অনুৰাধাৰ স্কুুটী (Assamese Jokes)

অনুৰাধাৰ স্কুুটীখন বেয়া হৈছিল; মেকানিক দেখুৱাইছিল

স্কুুটীৰ মেকানিক :- বাইদেউ স্কুটীখনৰ ইঞ্জিনৰ সমস্যা আছে ৷ ব্ৰেকদালেও কাম কৰা নাই৷
অনুৰাধা:- এইবোৰ সৰু সুৰা খেলিমেলি থাকেই , তুমি মাত্ৰ Mirror খন ঠিক কৰি দিয়া৷

____________________
~ Prashant Borah

চাইকেল vs Uber

 চিদ: চেং, তুমিতো মেথছত বহুত ভাল। প্ৰশ্ন এটা শুনা আৰু উত্তৰ দিয়া।

চেং: আৰে, সোধক না, বিন্দাছ!

চিদ: ধৰি লোৱা যে নয়নজিত চাইকেল লৈ পুৱাই ওলাই গ’ল। ৫০ কিমি চাইকেল চলাবলৈ তাৰ লাগিল ৪ ঘণ্টা। এতিয়া সেই ৫০ কিমি উভতি আহিবলৈ তাৰ কিমান সময় লাগিব?
চেং: যাবলৈ লাগিল ৪ ঘণ্টা। উভতি আহিবলৈকো মোটামুটি ৪ ঘণ্টামানেই লাগিব, এই ধৰক ৪ ঘণ্টা ১৫ মিনিট।
চিদ: হা হা হা! ভুল, তুমি ভুল।
চেং: কেনেকৈ?

চিদ: নয়নজিতক অনিতাই মাতি পঠালত সি "Uber" বুক কৰি ১:২০ ঘণ্টাত ঘৰ পাই গ’লহি!
চেং: আৰু কিবা?
________________________


~ Siddhanta M Kashyap

April 06, 2022

10 years of Gajari Dot Com



This is a "Good Morning" sample post from Gajari Dot Com.


 

এপ্ৰিল ফুল

এটি মনোমোহা এপ্ৰিল ফুল জুক আপোনালোকলৈ আগবঢ়ালোঁ- কেচ্চ কৰিব।

টীচাৰ: চুমি, তুমি ডাঙৰ হৈ কি হ’বা?

চুমি: চাৰ, মই ডাঙৰ হৈ ডাক্তৰ হ’ম।

১৫ বছৰ পাছত- 

টীচাৰ: হেই, চুমি, তুমি দেখোন ডাক্তৰ নহৈ টীচাৰ হে হ’লা? কিয় মিছা মাতিছিলা ১৫ বছৰ আগতে?

চুমি: চাৰ, আপুনি মোক সোধাৰ দিনা কি তাৰিখ আছিল, কওকচোন?

টীচাৰ: ১ এপ্ৰিল, ২০০৮ চন আছিল। 

চুমি: হে হে হে, ১ এপ্ৰিল আছিল। মই আপোনাক "এপ্ৰিল ফুল" বনালোঁ- হে হে হে!

টীচাৰ: অ’স শ্বিট! 

_____________________________________

~ Changmai