Gajari Blog is a collection of the best Indian New Jokes from Facebook, Google and others. Edited, maintained and updated by Santanu Changmai. Spread the laughter! Keep smiling.
May 17, 2022
বাছৰ অভিজ্ঞতা...
বাছত অফিচৰ পৰা ঘৰ গৈ আছো, কাষৰ চিটটোত এজন মানুহ বহিছে, বয়স প্ৰায় ৩৫/৪০ মানৰ ভিতৰত হ'ব...
মই কিবা message type কৰি আছো, মানুহজনে বাৰে বাৰে জুপি আছে, অসুবিধা পোৱা যেন লগাত এবাৰ brightness টো কমাই ল'লো.. নাই কাম হোৱা নাই আকৌ মোবাইলতে চকু, এইবাৰ মানুহজনলৈ চালো, লাজ পাই যদি পাওক বোলো...
সেইপাতে লগে লগে খিৰিকীৰে প্ৰাকৃতিক দৃশ্য চাই থকা acting কৰিলে, এইবাৰ মই আকৌ message type কৰিব লৈছো, আকৌ চাইছে, কিবা খং উঠিল তেওঁৰ হাতখন টানি আনি মোৰ মোবাইলটো দি কৈছো, "দাদা, আপুনিয়েই টাইপ কৰি দিয়ক, মই কৈ গৈ আছো... !! "
মানুহজনে "নাই নাই মাইনা মই কিবা বেলেগ চাই আছিলো, তুমি ভুল বুজিছা" বুলি একেকোবে থিয় হৈ দিলে
_______
This Assamese joke is written by Lutfa Akhtara, Guwahati
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment
Liked it? Please share with your friends.