Gajari: the Best of Indian Jokes

May 11, 2012


AGAR MEIN KAHOON...

'ৰা : অগৰ মে কহু....... মুঝে তুমছে মোহবত হে......... মেৰি বছ য়েহি চাহত হে ত' ক্যা কহোগে ??

ছোৱালী: মে তুমঝে কহোংগি...... য়েই বাত অগৰ তুম কহি খানা খিলাকে কহতে.... জাৰা মবাইল মেঁ বেলেঞ্চ দালৱাকে কেহতে ত' আচ্চা হোতা...............

Contributed by Ishanjyoti

Plz Don't Change the Topic
পুখুৰীৰ পাৰত কচুপাত এখিলাত বহি ভেকুলী এযোৰাই ডেটিং মাৰি আছিল . . .

১নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
২নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্

আকৌ……
১নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
২নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্

আকৌ . . .
১নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
২নং ভেঃফাৰ্...ৰ্..ৰ্..ৰ্...ৰ্

১নং ভেঃটাৰ্...টাৰ্...টাৰ্...টাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
সোণজনী Topic change নকৰিবিচোন....

Contributed By Abhijit Dehingia


অনুশোচনা
বেংকৰ পৰা ঋণ লৈ ৰাকেশে বলেৰএখন কিনিলে। কিন্তু কি হব। ঋণ পৰিশোধ কৰিব নোৱাৰাত এদিন বেংকৰ পৰা মানুহ গৈ বলেৰখন টানি লৈ গল। ৰাকেশৰ আক্ষেপজীৱনত ডাঙৰ ভুল এটা কৰিলোঁ। বন্ধুৱে ভাবিলে ঋণ লৈ গাড়ী কিনা বাবে ৰাকেশে এতিয়া দুখ কৰিছে। বন্ধুৱে ৰাকেশক সান্ত্বনা দি কলেযি হ, ল আৰু দুখ কৰিব নালাগে। এতিয়া গাড়ীখন কিদৰে ওভতাই আনিব পাৰি, সেই ব্যৱস্থা কৰিব লাগে।

ৰাকেশঃ মই সেইটো চিন্তা কৰা নাই। মোৰ ভুল হল; বিয়াখনো বেংকৰ পৰা লো্ন লৈ কৰিব লাগিছিল।

Contributed By Ranjit KB

An Intelligent Husband
পত্নীয়ে আলোচনী এখন পঢ়ি আছিল। আগেয়ে আলোচনীত fill up the gap  কৰি মানে গল্প, উপন্যাস আদি পেজত লগোৱাৰ পিচত খালী ঠাই থাকিলে তাতে এটা কবিতা লগাই অসমীয়া কবিতাৰ সেৱা কৰা বুলি সভাই সমিতিয়ে গামোছা লোৱা ধুৰন্ধৰ সম্পাদকে আজিকালি সেইটো কৰিব নোৱাৰা হল। কবিতাৰ followers  বাঢ়িল। বেপাৰৰ সুবিধাও অলপ বঢ়িল। গতিকে এটা সম্পূৰ্ণ পৃষ্ঠাৰ ব্যৱস্থা হল। খালী হৈ থকা তেনে এঠাইত লগাই থোৱা বিচিত্ৰ বাৰ্তা এটা পঢ়ি বিবাহিতৰ পত্নীৰ মূৰতো অলপ গৰমেই হল। স্বামীক কলে “চাওকচোন আজিও পৃথিৱীত এনে জাতি আছে হেনো, ঘোঁৰাৰ বিনিময়ত পত্নী বিক্ৰী কৰে। এইখনতে লিখিছে, কেনিয়াত হেনো তেনে জাতি আছে। কথাখিনি পঢ়ি ভয়েই লাগিছে। তুমিও যদি মোক তেনেকুৱা কৰা |”

স্বামীঃ ইচচ্ মোক কিবা তুমি ইমানেই বুৰ্বক বুলি ভাবিছা নে। তোমাক ঘোঁৰাৰ বিনিময়ত বিক্ৰী কৰিম? সেয়া হবই নোৱাৰে। কমচে কম মাৰুতি এখন লম|”
সমীয়া মানুহৰ বুধিয়েই বেলেগ।


Contributed By Ranjit KB

Shop like a Wise Man


Ranjit দা আজি গধূলি পাচলি আনোগৈ বুলি বজাৰৰ ফালে ওলাই গৈছিল । ইটো সিটোকে পাচলিৰ দামবোৰ সোধিলে । জিকা দুটামান দেখি খুব মন গ'ল দাদাৰ মাছৰ স'তে জিকা দিয়া এসাঁজ খাবলে'
ভবা মতেই কাম, বেপাৰীক সুধিলে __ বোলো ককাই জিকাৰ দাম কিমান ?
বেপাৰীয়ে ক'লে __ আধা কেজিত ২৫ টকা দাদা ।
আমাৰ ৰণজিৎদাই 'লে __ আউ বৰ দাম হে, ইমান দামী পাচলি খাব নোৱাৰিম দেই ।
জিকা খোৱাৰ কথা মনতে সামৰি দাদাই বেপাৰীক সোধিলে: দাংবদিৰ দাম কিমান ?
বেপাৰী কাইটিয়ে ক'লে __ পোৱাত ১৫ টকা দাদা ।
;"> আমাৰ দাদাই ক'লে__ দিয়া তাকেই এপোৱা দিয়া, জিকা বৰ দাম ! আজি দাংবদিকে খাওঁ ।
 Contributed by Tulika


An Honest Judgement 
ট্ৰেফিক আইন উলংঘা কৰি দ্ৰুতগতিত ছেন্ট্ৰচলাই যোৱা দেখি নবীনক বাটতে ট্ৰেফিক পুলিচে ধৰিলে। গুৱাহাটীৰ ট্ৰেফিক পুলিচ। এশ-ডেৰশ টকাৰ তলত কথাই নাপাতে। কেছ গৈ আদালত পালে। এতিয়া আদালতৰ কক্ষত কি হল শুনো আহক। 
বিচাৰকমিঃ নবীন, আপুনি যে স্পীডত গাড়ী চলোৱা নাছিল, সেই বিষয়ে আপোনাৰ হাতত কিবা প্ৰমাণ আছেনে? আপুনি কলৈ গৈ আছিল?
(
বিচাৰকে মিষ্টাৰ নবীনবুলি মতাত নবীনৰ বুকুখন চাৰি ইঞ্চিমান ফুলি গল। লগতে আপুনিবুলিও কলে। সি অলপ আৱেগিক হৈ পৰিলইমান সন্মান! মোক এনে সন্মান কোনেও কেতিয়াও যঁচা নাই। সৰু মানুহ বুলি সকলোৱে পেংলাইহে কৰে।)

উৎফুল্লিত নবীনৰ স্পষ্ট উত্তৰ (অলপ ইংৰাজীও লগাই দিলে। উকিলজনে কৈ থকা শুনি আছে যে)মাই লৰ্ড, মই সিদিনা পত্নীক শহুৰৰ ঘৰৰ পৰা আনিবলৈহে গৈ আছিলো।

কথা শুনি বিচাৰকে দ্বিতীয়বাৰ সুধিলেসঁচা কথা কওক। শহুৰৰ ঘৰলৈ মিছেছক আনিবলৈ গৈ আছিল নে?
নবীনসঁচা, সঁচা। এক্কেবাৰেৰে সঁচা।
বিচাৰকতেতিয়া হলে ঠিকেই আছে। কেছ ডিছমিছড।
Contributed by Ranjit KB


Supreme Knowledge

এবাৰ এজন জীৱ-বিজ্ঞানৰ শিক্ষক,গণিতৰ শিক্ষক আৰু ৰসায়ন বিজ্ঞানৰ শিক্ষকে তেওঁলোকৰ পাণ্ডিত্য দেখুৱাবলৈ নদী এখনলৈ গ'
জীৱ-বিজ্ঞানৰ শিক্ষক জনে ক'লে : মই নদীত থকা সকলোবোৰ প্রাণী আৰু উদ্ভিদৰ তথ্য দিব পাৰিম | (এইবুলি কৈ নদীত জাঁপ দিলে)
.
গণিতৰ শিক্ষক জনে ক'লেঃ মই নদী খনৰ দৈর্ঘ্য আৰু প্ৰস্হ উলিয়াব পাৰিম |(এইবুলি কৈ পানীত জাঁপ দিলে)
.
ৰসায়ন বিজ্ঞানৰ শিক্ষক জনে ক'লে (তেওঁলোকে উঠি আহিব বুলি ৫ ঘন্টা ধৰি অপেক্ষা কৰি থাকিল আৰু নদীৰ পৰা উঠি নহা দেখি): মই নিশ্চিত হৈ ক'ব পাৰো যে তেওঁলোক দুজন পানীত দ্রৱণীয়..!!

Contributed By Jyoti Rekha