Gajari: the Best of Indian Jokes

August 25, 2012

Hair- Care, Assamese joke চিন্তা আৰু চুলি


চিন্তা আৰু চুলি


জুনমুন: - মাম্মী মাম্মী... পাপ্পাৰ কেলে চুলি ইমান কম? আগ তপা যে?

মাম্ম্মী: - পাপাই বেছি বেছি চিন্তা কৰে যে.. চিন্তা কৰিলে চুলি সৰেই।  যিমান চিন্তা, সিমানেই চুলি-সৰণ । 

জুনমুন: - অ’ ওৱাও....।  এতিয়া হে বুজিলোঁ তোমাৰ চুলিকোচা কিয় ইমান দীঘল।  খিক খিক । 

by Changmai#

আচল অৰ্থ 

ছোৱালীয়ে কোৱা কিছুমান কথাৰ আচলতে কি অৰ্থ থাকে জানেনে ?আহক,জানি লঁও:

মুখেৰে কয় :মই তোমাক এৰি কেতিয়াও থাকিব নোৱাৰো ৷ 
আচল অৰ্থ: মই তোমাক এৰি কেতিয়াও থাকিব নোৱাৰো যেতিয়ালৈকে বেলেগ এজনক নাপাঁও ৷ 

মুখেৰে কয় :তোমাক এৰি কেতিয়াও নাযাঁও ৷
আচল অৰ্থ: তোমাক এৰি কেতিয়াও নাযাঁও যেতিয়ালৈকে তোমাল লুটি-পুটি শেষ কৰি নিদিঁও ৷

মুখেৰে কয় :তুমি অনলি মোৰহে ৷
আচল অৰ্থ: তুমি অনলি মোৰহে ,বাট মই চবৰে ৷ 

মুখেৰে কয় : ভালপোৱাত টকা-পইচা এইবোৰ মই নামানো ৷ 
আচল অৰ্থ: ভালপোৱাত টকা-পইচা এইবোৰ মই নামানো ৷ কিন্তু কোনোবাই দিলে মই বেয়া নাপাঁও ৷ 

মুখেৰে কয় : তুমি মোক বিয়া পাতিবানে ?
আচল অৰ্থ: তুমি মোক বিয়া পাতিবানে ? নাপাতিলেও নাই !! মোৰ পিছত ঢেৰ ল’ৰা পৰি আছে 

জাগা ল’ৰাবোৰ জাগা !!!!

by Ishaanjyoti

ভাড়াঘৰ

ভাড়াঘৰৰ মালিক: মাহে ৫০০ টকা দিব ৷

ভাড়াতীয়া: সেইটো বাৰু ঠিকেই আছে, কিন্তু আপোনাৰ ঘৰত নিগনিয়ে নাচি আছে দেখোন ৷

ভাড়াঘৰৰ মালিক: চাল্লা.. ৫০০ টকাত নিগনিয়ে নানাচি কি শীলাই “শীলা কী জৱানী” নাচিব নেকি.....

contributed by Abhijit Dehingia

মুৰ্গী অৱতাৰ [Assamese Best Jokes]

পুনৰজনম



কলিতাই এদিন খাই বৈ ফিটিং হৈ ঘৰলৈ উভতিলে | ইমানেই ফিটিং যে খবৰ নাই একো, চিধাই আহি বিচনাত লাং খাই দিলে | 


অলপ পিছত কলিতাৰ আত্মা টো উৰি গৈ স্বৰ্গ পালেগৈ ... কলিতাই দেখে কথা বিষম | যেনে তেনে কাও বাও কৰি মেলি ভগৱানক কাকূতি কৰি আৰু এবাৰৰ বাবে চান্স এটা দিবলৈ সৈমান কৰিলে | ভগৱানে কলিতাক মুৰ্গী বনাই পৃথিৱীলৈ পঠাই দিলে |

কলিতা একদম খুচ... আহিয়েই কণী এটা পাৰিলে; খুব ভাল লাগি গ’ল মনটো | দ্বিতীয় কণীটো পাৰিবলৈ লৈছে হে, তেনেতে মূৰতে কোনোবাই টঙনিয়াই দিলে |

উঠি দেখে- বেলনা মাৰি হাতত লৈ উগ্ৰচণ্ডী কলিতানী:- গেলাসোপা খাই আহিছে তো আহিছেই, এতিয়া টোপনিতে বিচনাতে হাগুও কৰি দিছে... বিপ বিপ বিপ (মানে গালিবোৰ বিপ কৰি দিছোঁ ) বিপ বিপ |

by Changmai#

May 11, 2012


AGAR MEIN KAHOON...

'ৰা : অগৰ মে কহু....... মুঝে তুমছে মোহবত হে......... মেৰি বছ য়েহি চাহত হে ত' ক্যা কহোগে ??

ছোৱালী: মে তুমঝে কহোংগি...... য়েই বাত অগৰ তুম কহি খানা খিলাকে কহতে.... জাৰা মবাইল মেঁ বেলেঞ্চ দালৱাকে কেহতে ত' আচ্চা হোতা...............

Contributed by Ishanjyoti

Plz Don't Change the Topic
পুখুৰীৰ পাৰত কচুপাত এখিলাত বহি ভেকুলী এযোৰাই ডেটিং মাৰি আছিল . . .

১নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
২নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্

আকৌ……
১নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
২নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্

আকৌ . . .
১নং ভেঃটাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
২নং ভেঃফাৰ্...ৰ্..ৰ্..ৰ্...ৰ্

১নং ভেঃটাৰ্...টাৰ্...টাৰ্...টাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
সোণজনী Topic change নকৰিবিচোন....

Contributed By Abhijit Dehingia


অনুশোচনা
বেংকৰ পৰা ঋণ লৈ ৰাকেশে বলেৰএখন কিনিলে। কিন্তু কি হব। ঋণ পৰিশোধ কৰিব নোৱাৰাত এদিন বেংকৰ পৰা মানুহ গৈ বলেৰখন টানি লৈ গল। ৰাকেশৰ আক্ষেপজীৱনত ডাঙৰ ভুল এটা কৰিলোঁ। বন্ধুৱে ভাবিলে ঋণ লৈ গাড়ী কিনা বাবে ৰাকেশে এতিয়া দুখ কৰিছে। বন্ধুৱে ৰাকেশক সান্ত্বনা দি কলেযি হ, ল আৰু দুখ কৰিব নালাগে। এতিয়া গাড়ীখন কিদৰে ওভতাই আনিব পাৰি, সেই ব্যৱস্থা কৰিব লাগে।

ৰাকেশঃ মই সেইটো চিন্তা কৰা নাই। মোৰ ভুল হল; বিয়াখনো বেংকৰ পৰা লো্ন লৈ কৰিব লাগিছিল।

Contributed By Ranjit KB