Gajari: the Best of Indian Jokes

September 10, 2012

Funny Names


চীনা পৰিয়াল এটাত... 

প্ৰথম সন্তানৰ নাম দিলে দুয়ো মিলি... " ছিং-ছং- ফং", 

পত্নীয়ে দ্বিতীয় সন্তানৰ নাম ৰাখিলে.. " ছাং-ছিং-কং"

তৃতীয় সন্তানটি ’নিগ্ৰো’ উপজিল..... !!

পতিয়ে নাম দিলে এইবাৰ... " ছাম-থিং-ৰং" !!! 


By Bornaly H

থোলোক


থোলোক ঘৰতে আছিল। বৰষুণ দি আছে গোটেই দিনটো, ক'লৈ নো যাব। লেণ্ডলাইন ফোনটো বাজিল। থোলোকে উঠাইলৈ বোলে হেল্ল'।
সিফালৰ পৰা সুধিছে, "হেল্ল', থোলোক?" "হয়" "ঘৰতে আছানে?"
থোলোকৰ টেমা গৰম হৈ গ'ল। উত্তৰ দিলে: "নাই, ফোনটো ডিঙিত আঁৰি লৈ বজাৰত মাছ কিনিবলৈ আহিছো।"

(সঁচা কথা ক'লেই থোলোক বেয়া)

Contributed by Rajib Ranjan

মালতী

নামেও তৰিব পাৰে
হাতত বন্দুক লৈ ডকাইত : - এতিয়া মই তঁহত দুয়োটাকে এটা এটাকৈ গুলীয়াই মাৰিম | ঐ ছোৱালী নাম কি হা তোৰ? 

কলিতানী: - মা মা... মালতী

ইম’চনেল হৈ ডকাইত: - ছে: যা... মোৰ আইতাৰ নামো মালতী আছিল | ভাগ্য ভাল তোৰ, ত‍ই বাচি গ’লি | পিছে তোৰ মানুহটো কিন্তু নাবাচিব | তোৰ নাম কি হা?

কলিতা: - লটকন, লটকন কলিতা, কিন্তু চবেই মোক মৰমতে "মালতী" বুলিহে মাতে |

by Changmai#

August 25, 2012

Hair- Care, Assamese joke চিন্তা আৰু চুলি


চিন্তা আৰু চুলি


জুনমুন: - মাম্মী মাম্মী... পাপ্পাৰ কেলে চুলি ইমান কম? আগ তপা যে?

মাম্ম্মী: - পাপাই বেছি বেছি চিন্তা কৰে যে.. চিন্তা কৰিলে চুলি সৰেই।  যিমান চিন্তা, সিমানেই চুলি-সৰণ । 

জুনমুন: - অ’ ওৱাও....।  এতিয়া হে বুজিলোঁ তোমাৰ চুলিকোচা কিয় ইমান দীঘল।  খিক খিক । 

by Changmai#

আচল অৰ্থ 

ছোৱালীয়ে কোৱা কিছুমান কথাৰ আচলতে কি অৰ্থ থাকে জানেনে ?আহক,জানি লঁও:

মুখেৰে কয় :মই তোমাক এৰি কেতিয়াও থাকিব নোৱাৰো ৷ 
আচল অৰ্থ: মই তোমাক এৰি কেতিয়াও থাকিব নোৱাৰো যেতিয়ালৈকে বেলেগ এজনক নাপাঁও ৷ 

মুখেৰে কয় :তোমাক এৰি কেতিয়াও নাযাঁও ৷
আচল অৰ্থ: তোমাক এৰি কেতিয়াও নাযাঁও যেতিয়ালৈকে তোমাল লুটি-পুটি শেষ কৰি নিদিঁও ৷

মুখেৰে কয় :তুমি অনলি মোৰহে ৷
আচল অৰ্থ: তুমি অনলি মোৰহে ,বাট মই চবৰে ৷ 

মুখেৰে কয় : ভালপোৱাত টকা-পইচা এইবোৰ মই নামানো ৷ 
আচল অৰ্থ: ভালপোৱাত টকা-পইচা এইবোৰ মই নামানো ৷ কিন্তু কোনোবাই দিলে মই বেয়া নাপাঁও ৷ 

মুখেৰে কয় : তুমি মোক বিয়া পাতিবানে ?
আচল অৰ্থ: তুমি মোক বিয়া পাতিবানে ? নাপাতিলেও নাই !! মোৰ পিছত ঢেৰ ল’ৰা পৰি আছে 

জাগা ল’ৰাবোৰ জাগা !!!!

by Ishaanjyoti

ভাড়াঘৰ

ভাড়াঘৰৰ মালিক: মাহে ৫০০ টকা দিব ৷

ভাড়াতীয়া: সেইটো বাৰু ঠিকেই আছে, কিন্তু আপোনাৰ ঘৰত নিগনিয়ে নাচি আছে দেখোন ৷

ভাড়াঘৰৰ মালিক: চাল্লা.. ৫০০ টকাত নিগনিয়ে নানাচি কি শীলাই “শীলা কী জৱানী” নাচিব নেকি.....

contributed by Abhijit Dehingia

মুৰ্গী অৱতাৰ [Assamese Best Jokes]

পুনৰজনম



কলিতাই এদিন খাই বৈ ফিটিং হৈ ঘৰলৈ উভতিলে | ইমানেই ফিটিং যে খবৰ নাই একো, চিধাই আহি বিচনাত লাং খাই দিলে | 


অলপ পিছত কলিতাৰ আত্মা টো উৰি গৈ স্বৰ্গ পালেগৈ ... কলিতাই দেখে কথা বিষম | যেনে তেনে কাও বাও কৰি মেলি ভগৱানক কাকূতি কৰি আৰু এবাৰৰ বাবে চান্স এটা দিবলৈ সৈমান কৰিলে | ভগৱানে কলিতাক মুৰ্গী বনাই পৃথিৱীলৈ পঠাই দিলে |

কলিতা একদম খুচ... আহিয়েই কণী এটা পাৰিলে; খুব ভাল লাগি গ’ল মনটো | দ্বিতীয় কণীটো পাৰিবলৈ লৈছে হে, তেনেতে মূৰতে কোনোবাই টঙনিয়াই দিলে |

উঠি দেখে- বেলনা মাৰি হাতত লৈ উগ্ৰচণ্ডী কলিতানী:- গেলাসোপা খাই আহিছে তো আহিছেই, এতিয়া টোপনিতে বিচনাতে হাগুও কৰি দিছে... বিপ বিপ বিপ (মানে গালিবোৰ বিপ কৰি দিছোঁ ) বিপ বিপ |

by Changmai#