Gajari: the Best of Indian Jokes

October 06, 2012


চিধা কথা

থুলুকে নিজৰ ফেছবুক একাউন্ট খুলিলে... প্রথমেই ৱাল খন দেখা পালে আৰু ৱাল খন দেখিয়েই একো নাভাবি ডাইৰেক্ট লিখি দিলে

" ইয়াত কুকুৰৰ দৰে পেছাব নকৰিব"

by Mon Zeet

School Ahead...

সৰুতে স্কুলত পঢ়ি থাকোতে থোলোকে এদিন ৰাতিপুৱা স্কুল গৈ পাওঁতে অলপ দেৰী হ’ল । শিক্ষকে সুধিলে – “কিয় দেৰী কৰিলা থোলোক ? টাইমমতে আহিব নোৱাৰা নেকি ?”
থোলোকে গহীনাই উত্তৰ দিলে – "চাৰ, মই ঠিকেই আহি আছিলোঁ । আহি থাকোতে বাটত দেখিলো এখন চাইন্‌বৰ্ড । তাত লিখা আছে ‘school ahead, go slow’ । গতিকে মই নিৰ্দেশ মানি লাহে লাহে আহি থাকোতে অলপ দেৰী হৈ গ’ল ।" 

(সঁচা কথা কলে থোলোক বেয়া ।)

By Pratim P Baruah

ক’ৰ্টত থুলুক

থুলুকৰ ঘৰৰ কাষৰ মানুহটোক পুলিচে ধৰি লৈ গ'ল। নিনিবনো কিয়? মাৰ্ডাৰ, তাকো দুটাকৈ। ক'ৰ্টত ৰায়দান আৰম্ভ হৈছে। থুলুকো গৈছে কিনো শাস্তি দিয়ে শুনিবলৈ। জাজ মহোদয়ে আচামীক শাস্তি শুনোৱাৰ আগতে তাৰ ওপৰত লগা দফাবোৰ কৈ লৈছে। 
"তোমাৰ ওপৰত তোমাৰ পত্নীক হাতুৰীৰে মৰিয়াই হত্যাৰ অভিযোগ আছে। দফা ৩০২"। 

পাছফালে বহি থকা থুলুকে চিঞৰ দিলে: "চাল্লা চুঁৱৰৰ বাচ্ছা!!!"
"তোমাৰ ওপৰত তোমাৰ পত্নীৰ মাকক, মানে তোমাৰ শাহু আইক হাতুৰীৰে মৰিয়াই হত্যাৰ অভিযোগ আছে। দফা ৩০২"।
পাছফালে বহি থকা থুলুকে আকৌ চিঞৰ দিলে: "চাল্লা চুঁৱৰৰ বাচ্ছা!!!"
জাজ: "অৰ্ডাৰ, অৰ্ডাৰ!! আপুনি আৰু এবাৰো যদি চিঞৰে বা বেয়া কথা কয়, মই আপোনাক ক'ৰ্টৰুমৰ পৰা উলিয়াই দিম।"


থুলুক: "মাই লৰ্ড, এই চুঁৱৰৰ বাচ্ছাটোৱে যোৱা দহ বছৰ ধৰি মোৰ ঘৰৰ কাষতে আছিল। চুঁৱৰৰ বাচ্ছাক যেতিয়া মই হাতুৰী আছেনেকি সুধিছিলো, সি নাই বুলি কয়। চাল্লা, চুঁৱৰৰ বাচ্ছা, মহা ফাঁকিবাজ!!"

(সঁচা কথা ক'লে থুলুক বেয়া।)

by Rajib Ranjan



মৰিবলৈ ওলাল লুথুক

লুথুকে জীৱনৰ বিফলতাৰ বাবে ভাগ্যক ধিয়াই আত্মহত্যাৰ পথ বাচি ল'লে । তাকো সিদ্ধান্ত চলন্ত ৰেলৰ আগত পৰাৰ ।

 ষ্টেশ্যন ৰ'ডেৰে গৈ থাকোতে ৰাস্তাত গুবিনে লগ পাই সুধিলে --
হেৰৌ লুথুক, এই ভৰ ৰাতিখনত কলৈ যাৱ ?

লুথুকে কান্দি কান্দি উত্তৰ দিলে-"মোৰ জীৱনটোত একো নহ'ল । সেয়ে নিজকে শেষ কৰিবলৈ আহিছো"
গুবিন-"পাগল হোৱা নাইতো ? হাতত যে টিফিনটো লৈ আহিছ কি আছে তাত ? পয়জন নেকি ?
লুথক-"হেৰৌ কালি নাহিলেই । আজিও যদি ট্ৰেইনখন নাহে তেন্তে ভোকত নমৰিমনে ?
(এতিয়া কি কৰে কৰক)

By Bhaskarjyoti Das

পতি-পত্নী

পত্নী : হুহ ! কাম নাই বন নাই ! দিনৰ দিনটো খালি ফেচবুক ফেচবুক ! কোনোবা এদিন ফাঁচী লাগি মৰিম ! চাই থাকা !

পতি : ইমান মিঠা সপোনবোৰ নেদেখুৱাবা সোণজনী !

( কি আছিল.... অ'.... সঁচা কথা ক'লে থুলুক বেয়া )

by Marylene Dutta

থুলুক-চিকিত্সা

থুলুকৰ চুবুৰীয়া আমাৰ নগেনৰ ঘৈণীয়েক জেতুকীৰ মন বেয়া। শণিবাৰে পুৱাই পুৱাই আহি থুলুকক গোচৰ দিছেহি। নগেনে সদায় সন্ধিয়া পানী এটুপি খাই আহে। ঘৰত ঘৈণীয়েকৰ লগত চিঞৰি চিঞৰি কাজিয়া কৰে। আৰু তাৰ পাছত মাৰ পিট। তাৰ পাছতহে সি টোপনি যায়। থুলুকে অলপ সময় ভাবিলে। তাৰ পাছত ক'লে। "শুন, এটা ঔষধ আছে। আজি সন্ধিয়া নগেন ঘৰ সোমোৱাৰ লগে লগেই তই পাকঘৰলৈ যাবি। এক চামুচ চেনী, এক চামুচ চাহপাত মিলাই ল'বি। তাৰ পাছত আধা কাপ ঠাণ্ডা পানীত সেইখিনি দি দিবি। এতিয়া মুখত যিমানখিনি পাৰি সিমানখিনি ভৰাই ল'বি। মুখৰ ভিতৰত প্ৰথমে বাওঁফালে কুলু আৰু তাৰ পাছত সোঁফালে কুলু। আকৌ বাওঁফালে কুলু, সোঁফালে কুলু। এই ৰকম কৰি থাকিবি নগেন নোশোৱালৈকে। বুধবাৰে আহি মোক জনাবি। মনত ৰাখিবি কিন্তু, প্ৰথমে বাওঁফালে কুলু।"

বুধবাৰে পুৱাই জেতুকী থুলুকৰ ঘৰত। মুখত এমোকোৰা হাঁহি। "দাদা, আপুনি কি ঔষধ দিলে এইটো!!!! আমাৰ এখেতৰ এইকেইদিন মুখৰ মাতেই নাই। কাজিয়া, মাৰপিট বহুদূৰৰ কথা।"

থুলুক: "দেখিলিটো নিজৰ মুখখন বন্ধ কৰি ৰাখিলে কিমান লাভ!!!!!"

(সঁচা কথা ক'লে থুলুক বেয়া।)

by Rajib Ranjan


-নবীন আৰু থুলুকৰ শেহতীয়া ৰিজলিউছন-

সৰুৰে পৰা বিজ্ঞানী বা উদ্ভাৱক বা মহত্‍ লোক হোৱাৰ বাসনাক পুহি ৰখা নবীন আৰু থুলুকে বিভিন্ন ধৰনৰ সুত্র বা নতুন কিবা আবিষ্কাৰ বা নতুন মহত্‍ লোকৰ বানীৰ উদ্ভাৱনৰ বাবে আপেল গছৰ পৰা আইফিল টাৱাৰলৈকে , ভুগোলৰ পৰা গুগুললৈকে , ৰাসায়ন বিজ্ঞানৰ পৰা মহাভাৰত ৰামায়নলৈকে সকলো ঘুৰি পঢ়ি চলাথ কৰিলে । আৰু চার্ভেটো শেষ হোৱাৰ পিছত দুয়ো ভালকে কথা বোৰ জুকিয়াই চাই মন কৰিলে যে সিহতে উদ্ভাবন কৰিব বিছৰা প্রায় সকলোবোৰ আবিষ্কাৰ বা মহৎ লোকাৰ বানী নিউটন অইন্ষ্টাইন কলম্বাছ ৰামানুজন শংকৰদেৱ ডাক আদিকে ধৰি বহুকেইজন মহান মনিষীয়ে ইতিমধ্যে উদ্ভাৱন কৰিয়েই পেলাইছে । সেয়ে ইহত দুয়োটাৰ ভাগত আবিষ্কাৰ কৰিবলে একোয়েই নাপালে । এই অৱস্থাত হতাশ হৈ দুয়ো এতিয়া এটা উমৈহতীয়া সিদ্ধান্তত উপনিত হ'ল যে 

" আজি নিউটন দা হ'তে যেনেকৈ দুদিন আগতে পৃথিবীলে অহাৰ সুবিধা লৈ আমাৰ বাবে একো আবিষ্কাৰ কৰিবলে নোথোৱাকে স্বার্থপৰৰ দৰে সব আবিষ্কাৰ কৰি পেলালে। আমি দুয়ো কিন্তু নতুন প্রজন্মৰ বাবে তেনে স্বার্থপৰৰ দৰে কাম নকৰো । আজি লেকে যি হ'ল হ'ল আৰু, বাকী নতুন হ'ব লগিয়া কিবা আৱিষ্কাৰ বা মহৎ লোকৰ বানী আছে যদি সেইবোৰ নতুন প্রজন্মক দিলো উদ্ভাৱন কৰিবলে । আমি সেই বোৰ আবিষ্কাৰ কৰি নতুনৰ উদ্যম বা আকাংক্ষাক আশাহত নকৰো কাহানীও । "

এই বুলি দুয়ো বিজ্ঞানী হোৱাৰ বাসনাক মাকৰ ঘৰলে পথাই নিজৰ নিজৰ সংসাৰত ব্যস্ত হৈ পৰিল | ধন্যবাদ |

By Mon Zeet