Gajari: the Best of Indian Jokes

November 13, 2012

তীখৰৰ তীখৰ বুদ্ধি


তীখৰৰ কথা মনত আছে নে ? সেই যে প্ৰিয় ফুল কেকটাছ বুলি কৈছিল........ 

এইবাৰ গৰমৰ বন্ধত তীখৰ বাপেকৰ লগত মাছ মাৰিবলৈ গ’ল | দিনৰ দিনটো মাছ মাৰি এটা গৰৈ মাছ হে উঠিল খালৈটোত |তীখৰৰ বৰ হেঁপাহ, সেইটো পুৰি খাব | পিছে বাপেকে সেইটো অকলে পুৰি খোৱাত লাগিল | বৰ হতাশ মনেৰে তীখৰ দেউতাকৰ ফালে চাই ৰ’ল | তাৰ মনৰ ভাৱ বুজি দেউতাকে ক’লে....
দেউতাক : হেৰৌ, তহঁতৰ ঢেৰ দিন পৰি আছে জীৱনত এইবোৰ খাবলৈ,আজি ময়েই খাওঁ দে |

পিছদিনা ৰাতিপুৱা | দেউতাকে টেটুঁফালি আছে তীখৰক পথাৰলৈ যাব লাগে বুলি | ইফালে তীখৰ মহাৰাজ শুই উঠাই নাই | বিছনাৰ পৰাই মাত লগালে...
তীখৰ : দেউতা, আমাৰ গোটেই জীৱনটো পৰি আছে পথাৰলৈ যাবলৈ, আজি তয়েই যাচোন অকলে....

By Sushmita Das

October 06, 2012


চিধা কথা

থুলুকে নিজৰ ফেছবুক একাউন্ট খুলিলে... প্রথমেই ৱাল খন দেখা পালে আৰু ৱাল খন দেখিয়েই একো নাভাবি ডাইৰেক্ট লিখি দিলে

" ইয়াত কুকুৰৰ দৰে পেছাব নকৰিব"

by Mon Zeet

School Ahead...

সৰুতে স্কুলত পঢ়ি থাকোতে থোলোকে এদিন ৰাতিপুৱা স্কুল গৈ পাওঁতে অলপ দেৰী হ’ল । শিক্ষকে সুধিলে – “কিয় দেৰী কৰিলা থোলোক ? টাইমমতে আহিব নোৱাৰা নেকি ?”
থোলোকে গহীনাই উত্তৰ দিলে – "চাৰ, মই ঠিকেই আহি আছিলোঁ । আহি থাকোতে বাটত দেখিলো এখন চাইন্‌বৰ্ড । তাত লিখা আছে ‘school ahead, go slow’ । গতিকে মই নিৰ্দেশ মানি লাহে লাহে আহি থাকোতে অলপ দেৰী হৈ গ’ল ।" 

(সঁচা কথা কলে থোলোক বেয়া ।)

By Pratim P Baruah

ক’ৰ্টত থুলুক

থুলুকৰ ঘৰৰ কাষৰ মানুহটোক পুলিচে ধৰি লৈ গ'ল। নিনিবনো কিয়? মাৰ্ডাৰ, তাকো দুটাকৈ। ক'ৰ্টত ৰায়দান আৰম্ভ হৈছে। থুলুকো গৈছে কিনো শাস্তি দিয়ে শুনিবলৈ। জাজ মহোদয়ে আচামীক শাস্তি শুনোৱাৰ আগতে তাৰ ওপৰত লগা দফাবোৰ কৈ লৈছে। 
"তোমাৰ ওপৰত তোমাৰ পত্নীক হাতুৰীৰে মৰিয়াই হত্যাৰ অভিযোগ আছে। দফা ৩০২"। 

পাছফালে বহি থকা থুলুকে চিঞৰ দিলে: "চাল্লা চুঁৱৰৰ বাচ্ছা!!!"
"তোমাৰ ওপৰত তোমাৰ পত্নীৰ মাকক, মানে তোমাৰ শাহু আইক হাতুৰীৰে মৰিয়াই হত্যাৰ অভিযোগ আছে। দফা ৩০২"।
পাছফালে বহি থকা থুলুকে আকৌ চিঞৰ দিলে: "চাল্লা চুঁৱৰৰ বাচ্ছা!!!"
জাজ: "অৰ্ডাৰ, অৰ্ডাৰ!! আপুনি আৰু এবাৰো যদি চিঞৰে বা বেয়া কথা কয়, মই আপোনাক ক'ৰ্টৰুমৰ পৰা উলিয়াই দিম।"


থুলুক: "মাই লৰ্ড, এই চুঁৱৰৰ বাচ্ছাটোৱে যোৱা দহ বছৰ ধৰি মোৰ ঘৰৰ কাষতে আছিল। চুঁৱৰৰ বাচ্ছাক যেতিয়া মই হাতুৰী আছেনেকি সুধিছিলো, সি নাই বুলি কয়। চাল্লা, চুঁৱৰৰ বাচ্ছা, মহা ফাঁকিবাজ!!"

(সঁচা কথা ক'লে থুলুক বেয়া।)

by Rajib Ranjan



মৰিবলৈ ওলাল লুথুক

লুথুকে জীৱনৰ বিফলতাৰ বাবে ভাগ্যক ধিয়াই আত্মহত্যাৰ পথ বাচি ল'লে । তাকো সিদ্ধান্ত চলন্ত ৰেলৰ আগত পৰাৰ ।

 ষ্টেশ্যন ৰ'ডেৰে গৈ থাকোতে ৰাস্তাত গুবিনে লগ পাই সুধিলে --
হেৰৌ লুথুক, এই ভৰ ৰাতিখনত কলৈ যাৱ ?

লুথুকে কান্দি কান্দি উত্তৰ দিলে-"মোৰ জীৱনটোত একো নহ'ল । সেয়ে নিজকে শেষ কৰিবলৈ আহিছো"
গুবিন-"পাগল হোৱা নাইতো ? হাতত যে টিফিনটো লৈ আহিছ কি আছে তাত ? পয়জন নেকি ?
লুথক-"হেৰৌ কালি নাহিলেই । আজিও যদি ট্ৰেইনখন নাহে তেন্তে ভোকত নমৰিমনে ?
(এতিয়া কি কৰে কৰক)

By Bhaskarjyoti Das

পতি-পত্নী

পত্নী : হুহ ! কাম নাই বন নাই ! দিনৰ দিনটো খালি ফেচবুক ফেচবুক ! কোনোবা এদিন ফাঁচী লাগি মৰিম ! চাই থাকা !

পতি : ইমান মিঠা সপোনবোৰ নেদেখুৱাবা সোণজনী !

( কি আছিল.... অ'.... সঁচা কথা ক'লে থুলুক বেয়া )

by Marylene Dutta

থুলুক-চিকিত্সা

থুলুকৰ চুবুৰীয়া আমাৰ নগেনৰ ঘৈণীয়েক জেতুকীৰ মন বেয়া। শণিবাৰে পুৱাই পুৱাই আহি থুলুকক গোচৰ দিছেহি। নগেনে সদায় সন্ধিয়া পানী এটুপি খাই আহে। ঘৰত ঘৈণীয়েকৰ লগত চিঞৰি চিঞৰি কাজিয়া কৰে। আৰু তাৰ পাছত মাৰ পিট। তাৰ পাছতহে সি টোপনি যায়। থুলুকে অলপ সময় ভাবিলে। তাৰ পাছত ক'লে। "শুন, এটা ঔষধ আছে। আজি সন্ধিয়া নগেন ঘৰ সোমোৱাৰ লগে লগেই তই পাকঘৰলৈ যাবি। এক চামুচ চেনী, এক চামুচ চাহপাত মিলাই ল'বি। তাৰ পাছত আধা কাপ ঠাণ্ডা পানীত সেইখিনি দি দিবি। এতিয়া মুখত যিমানখিনি পাৰি সিমানখিনি ভৰাই ল'বি। মুখৰ ভিতৰত প্ৰথমে বাওঁফালে কুলু আৰু তাৰ পাছত সোঁফালে কুলু। আকৌ বাওঁফালে কুলু, সোঁফালে কুলু। এই ৰকম কৰি থাকিবি নগেন নোশোৱালৈকে। বুধবাৰে আহি মোক জনাবি। মনত ৰাখিবি কিন্তু, প্ৰথমে বাওঁফালে কুলু।"

বুধবাৰে পুৱাই জেতুকী থুলুকৰ ঘৰত। মুখত এমোকোৰা হাঁহি। "দাদা, আপুনি কি ঔষধ দিলে এইটো!!!! আমাৰ এখেতৰ এইকেইদিন মুখৰ মাতেই নাই। কাজিয়া, মাৰপিট বহুদূৰৰ কথা।"

থুলুক: "দেখিলিটো নিজৰ মুখখন বন্ধ কৰি ৰাখিলে কিমান লাভ!!!!!"

(সঁচা কথা ক'লে থুলুক বেয়া।)

by Rajib Ranjan