Gajari: the Best of Indian Jokes

November 13, 2012

গাঁঠিৰাম


এটা ল’ৰা নতুনকৈ এজনী ছোৱালীৰ প্ৰেমত পৰিল ৷ ছোৱালীজনী বহুত মডাৰ্ণ ৷ কথা-বতৰা,খোৱা-বোৱা,কাপোৰ-কানি চব মডাৰ্ণ ৷ ল’ৰাটো তামাম গাৱঁলীয়া ৷ সি দিনে-ৰাতিয়ে চেষ্টা কৰিছিল ,যাতে গাৰ্লফ্ৰেণ্ডৰ ওচৰত তাৰ ইম্প্ৰেছন বেয়া নহয় ৷ ইংৰাজীও দুটামান ক’বলৈ শিকিলে ৷ গাৰ্লফ্ৰেণ্ডৰ আগত সি গাৱঁলীয়া কথা-কাণ্ডবোৰ যিমান পাৰি বাদ দিবলৈ ধৰিলে ৷ লাহে লাহে সিও মডাৰ্ণ হৈ আহিল ৷ 
এদিনৰ কথা ৷ দুপৰীয়াৰ সময় ৷ ল’ৰাটোৰ ঘৰৰ ফোনটো তাল-ফাল কৰি বাজি উঠিল ৷ মাকে ফোনটো উঠালে ৷ 
-অ হেলেউ ৷ কোনেনো ক’লা ?
- হেল্ল’ ! এইটো বাৰু গাঁঠিৰামৰ ঘৰ হয়নে ? 
- অ হয় আকৌ ! তুমি নো কোনে ক’লা ?
-মই তাৰ গাৰ্লফ্ৰেণ্ড ৷ সি ক’ত গ’ল ?
- সি বাৰীৰ চুকত বহি শৌচ কৰি আছে ৷ এতিয়াই নাহে ৷ এক ঘন্টাৰ পাছত ফোন মাৰিবা দেই ৷ 
- (চাইলেন্ট)
[সেইদিনাৰ পৰা গাঁঠিৰামক সেইজনী ছোৱালীৰ লগত কোনেও দেখা নাপালে ৷ ]

by Ishaan Jyoti B.

পাতবেঙ আৰু থুলুক


থুলুকক যিয়েই লগ পাই সিয়েই যা-তা কথা কয় আৰু গালি পাৰে । যেনে ধৰক মূৰ্খ, মগজহীন, গাধ.. ইত্যাদি ইত্যাদি । এদিন আবেলি সি আমনজিমনকৈ ঘৰলৈ গৈ আছে । এনেতে এটা পাতবেঙ জাঁপ মাৰি তাৰ সমুখতে ৰৈ তাক ক'লে- ঐ মূৰ্খ । তোৰ মুৰত ঘিউ আছেনে নাই ?
থুলুক- আছে ।
পাতবেঙ- নাই ।
থুলুক- আছে আছে।
পাতবেঙ- নাই নাই। 
থুলুক- আছে পাই।
পাতবেঙে নাই বুলি কৈ কাষৰ পুখুৰিটোত জাঁপ দিলে ।

থুলুকৰ প্ৰতিক্ৰিয়া- এস, ইমান সৰু কথাতে চুইচাইড কৰিব লাগেনে ?

by Bhaskarjyoti Das

থুলুকৰ খঙ

থুলুকৰ নবীনৰ ওপৰত তামাম খং উঠি আছে। গোলোকৰ ওচৰত কৈ আছে: "এই নবীন ডাল। ভিখাৰী চাল্লা। খালী পইচা নাই, পইচা নাই।" গোলোকে বোলে, "কি হ'ল ঔ, তোক ধাৰলৈ পইচা খুজিছিল নেকি?" থুলুকৰ উত্তৰ: "নহয় ঔ, মইহে খুজিছিলো। যেতিয়াই খোজো, তেতিয়াই খালী পইচা নাই। চাল্লা ভিখাৰী"।

by Rajib Ranjan

হীৰাৰ আঙুঠি


থুলুক: জানমণি, এইটো লোৱা |
ঘৈণীয়েক: এইটো কি?
থুলুক: হীৰাৰ আঙুঠি...
ঘৈণীয়েক: আ আ আ ... মোৰ বিশ্বাসেই নহয়; ইউ আৰ চ’ চুইইইইইট | কিন্তু তুমি মোক স্কুটী এখন হে দিয়াৰ কথা আছিল ?
থুলুক: ধেই, স্কুটী কিবা নকলী পাই নেকি ? হি হি হি


by Shantichaya D.

A Letter from Thuluk


"চিঠি ফ্ৰ’ম থুলুক" 

ৰাইজে কিছুদিন আগতে থুলুকৰ মাকে থুলুকলৈ দিয়া চিঠিখন পঢ়িছিল | এইবাৰ থুলুকে মাকলৈ বুলি লিখা চিঠিখন পঢ়ক | থুলুক তেতিয়া ১৪-১৫ বছৰৰ চেঙেলীয়া এটা | 

মোৰ মৰমৰ মা জনী ঐ

মৰমবোৰ ল’বি | পিতাইলৈ লিখিবলৈ ভয় লাগে কাৰণে তোলৈকে লিখিছোঁ | 
কথাটো অলপ গম্ভীৰেই | ওচৰৰ কলিতা খুড়াৰ কামকৰা ছোৱালী ভেলেঙীৰ লগত এইয়া মই বাছত উঠি পলাই গৈ আছোঁ | ক’লৈ যাওঁ সেইটো নুসুধিবি, নকওঁ – কেনেবাকৈ পিতাইয়ে গম পালে ফুল স্পীডত জীপখন দৌৰাই আহি বাছখন ৰখাই লৈ বাটতে চবৰে আগত ভলুকা বাঁহৰ এচাৰিৰে মোৰ পিঠিত বলধ গৰুক কোবোৱাদি কোবাব | থাকিল, ভেলেঙীৰ কথা- হ’ব পাৰে তাইৰ বহুত বদনাম আছে চুবুৰীৰ কেইবাটাৰ লগতো হলিগলি আছে বুলি, কিন্তু মা ঐ, তাই সেইবোৰ লিলিমাই হে কৰে; আচল ভালপোৱাটো হেনো মোৰ প্ৰতিয়েই আছে | হি হি | আৰু তাইৰ চকু এটা কেঁৰা বা দেখিবলৈ বেয়া বুলি দুখ নকৰিবি, দুখ কৰি লাভ-টো নাই! কাৰণ এতিয়া যে তাই তোৰ বোৱাৰী হ’লহি! দেখিবলে ভাল নহ’লেও তাইৰ মনটো খুব ভাল, চবকে তাই সমানে ভাল পায়- চবৰে চিঠিৰ উত্তৰ দিয়ে, চবৰে এচ.এম.এচৰ ৰিপ্লাই দিয়ে, চবৰে ফোন তোলে, ভালকৈ লগ ধৰিলে চবৰে লগতে চান্স চাই ইলোৰা হলত চিনেমা চাবলৈকো যায় | ইমান মৰমিয়াল ছোৱালীজনীক চেহেৰাৰ ৰূপেৰে জুখিলে হ’ব জানো তয়েই ক’চোন ? 

এনেকৈ পলাই যাবলৈ মন নাছিল বুইছ? বিয়াখন তঁহতৰ সন্মতি মতেই পাতিম বুলি ভাবিছিলোঁ, মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছতে তহঁতক কথাটো কাণ চোৱালো হয় | চাৰিবাৰকৈ মেট্ৰিক দি দি আমনি লাগিছে, কিমান আৰু তঁহতৰ কেটেৰা-জেঙেৰা শুনিম, ভেলেঙীৰ মৌ মিঠা মাত সদায় শুনিবলৈ পালে তঁহতৰ সেইবোৰো বৰদাস্ত কৰিব পাৰিম বাৰু (হি হি) | যি কি নহওক, পলোৱাৰ কথা নাছিলেই, তাই হে পৰহি ক’লে যে তাইৰ পেটত হেনো তোৰ নাতি | নাতি নে নাতিনী, এতিয়ালৈকে কনফাৰ্ম হোৱা নাই ৰ’, চাৰিমাহ হৈছে হে | পিছত চিঠি দি জনাম বাৰু কি হ’লগৈ | সি ডাঙৰ হ’লে এদিন আকৌ উভতি আহিম, তেতিয়া আৰু চাগে পিতাইয়ে মোক দগৰা পিটন নিদিব (হি হি) |

থওঁ দে, চিঠিখন তঁহতি পাৱ মানে আমি ডিব্ৰুগড়, শিৱসাগৰ জিলা পাৰেই হ’ম চাগে |
ভালে থাকিবি দেই |

ইতি তোৰ জীউ
থুলুক 

পুনৰ:- বেছিকে টেনচন নল’বি, ওপৰৰ চিঠিখন গোকাট মিছা | নহ’লে তোৰ প্ৰেছাৰ বাঢ়িব | ইমানো ডঙুৱা নহয় তোৰ পুতেৰ যে ইমান আনস্মাৰ্ট কাম এটা কৰি বংশৰ নাম ডুবাব | দীঘলকৈ উশাহ ল’চোন, অলপ মিচিকিয়াই হাঁহি পেলা | অঘটনটো যে নঘটিল, তাৰ বাবে ঈশ্বৰক ধন্যবাদ দে |

আচল কথাটো হ’ল, আজি মেট্ৰিকৰ ৰিজাল্ট যে আনিবলৈ গৈছিলোঁ, চিঠিখন পঢ়ি পাহৰিলিয়েই চাগে? এইবাৰো তোৰ পুতেক সৰকিব নোৱাৰিলে | দুখ নকৰিবি, গাওঁবুঢ়াৰ পিতেক মলক আৰু সেই যে কেণপাই, সিঁহত দুটাও মোৰ লগতে লাগি ধৰিলে | তঁহতে পিটিবি বুলিয়েই এই চিঠিখনৰ তিনি কপি কৰি আমি নিজৰ নিজৰ ঘৰলৈ পঠাইছিলোঁ | এতিয়া বুজিলি তো, যে মেট্ৰিকত ফেইল কৰাতকৈও ডাঙৰ ডাঙৰ বিপদ ঘটি যাব পাৰে | (হি হি) |

পিতনিখনৰ পিছফালে থকা আঁহতজোপাৰ পিছফালেই আমি তিনিওটা লুকাই আছোঁ | যদি নিবলৈ আহ, আহিবি, কিন্তু চাবি আক’, পিতাইৰ হাতত হালোৱা এচাৰিডাল দেখিলে মইি পিতনিতে জাঁপ দি মৰি যাম | যোৱাবাৰৰ পিটন খাই মোৰ পিঠিখন দমলা-দমল হৈছিল, এতিয়াও চেৰেং চেৰেং কৈ মনত পৰে সেই পিটন | 
আহিবি মা, তোলৈ বাট চাম | হি হি |

তাৰিখ: আজি আবেলি
স্থান: নামঘৰটোৰ পিছফালে থকা পিতনিখন |

by Changmai

আপুনি কি কৰিব বাৰু?


সমুহ গাজাৰীয়ান লৈ মুকলি প্রশ্ন

ধৰি লওক আপুনি আমন জিমনকৈ বহি আছিল ৷ হৰ্ঠাৎ আপোনাৰ আঙ্গুলি এটা নাকত সোমোৱাই দিয়াত আপুনি হেঙুনৰ টুকুৰা এটা পালে ৷ এতিয়া কি কৰিব সেই টুকুৰা ???

১/ বিচনাৰ চুকত লগাই থব
২/ বেৰত সানি থব
৩/ হাততে লৈ আঙ্গুলিৰে মোহাৰি বল বনাব 

উত্তৰ নিদিয়া কেইজনক গম পাম যে তেঁও লোকে সেই বস্তুটো খাই পেলালে ৷

by Bhaskor Barukial

কোন বেছি ভাল ?


কলিতা: মাম্মী বেছি ভাল নে পাপ্পা ?
পুতেক: দুইজনেই ভাল
কলিতা: নহয়, এজনৰ নাম কোৱা, মাম্মী নে পাপ্পা?
পুতেক: দুয়োজনেই ....

কলিতা: বাৰু, ধৰা মাম্মী দিল্লীলৈ আৰু পাপ্পা কলকাতালৈ গ’ল; কাৰ লগত যাবা তুমি ?
পুতেক: দিল্লীলৈ যাম, বৰ ধুনীয়া ঠাই হেনো... 
কলিতা: ওহ, আৰু ধৰা মাম্মী কলকতা আৰু পাপ্পা দিল্লীলৈ গ’ল, তেতিয়া তো মোৰ লগত দিল্লীলৈ যাবা?
পুতেক: নেযাওঁ, কলকাতালৈ যাম; কাৰণ দিল্লী দেখোন অলৰেডি গৈয়েই আহিলোঁ ...
কলিতা #$%%#@##


by Changmai