Gajari: the Best of Indian Jokes

November 24, 2012

গাধ বনাম হাবিলদাৰ


এবাৰ এখন সৰু চহৰৰ ভিতৰুৱা গাওঁ এখনৰ পথাৰৰ মাজত হঠাত্‍ দেখা হৈ গ’ল এটা গাধ আৰু মোৰ বাল্যকালৰ বন্ধু দত্তৰ ৷ বন্ধু দত্ত তেতিয়া তাৰেই কোনোবা এখন থানাৰ হাবিলদাৰ আছিল ৷ 

দত্তক একেবাৰে সন্মুখত পাই গাধই সুধিলে “ তই কোন বে ?”

হাবিলদাৰ দত্তই ইফালে-সিফালে চাই ওচৰে পাজৰে কাকো নেদেখি অতি গৰ্বৰে বুকু ফিন্দাই উত্তৰ দিলে “মই এইখন জিলাৰ S.P. !! পিছে তই কোন ?” 

গাধটোও মোৰ বন্ধু দত্তৰ দৰেই মূৰটো দাঙি ইফালে-সিফালে চাই লাহেকৈ ক’লে “মই ঘোৰা !!!”

by Kallol Kumar Baruah

ইলাষ্টিক


অমিতাভ বচ্চনে নাতিনী আৰাধ্যাৰ প্ৰথম জন্মদিনতে ২৪ লাখ টকীয়া বি.এম. ডব্লিউ এখন দিছে হেনো | ক’ত বচ্চন চাহাব আৰু ক’ত আমাৰ কলিতা |

সৰু পুতেকে এদিন কলিতাক ক’লে:- পাপা পাপা, এইবাৰ মোৰ জন্মদিনত কিন্তু আণ্ডাৰপেণ্ট এটা দিব‍ই লাগিব কৈ দিছোঁ হ’লে- এইটো পিন্ধি থকা দুবছৰ হ’ল 

কলিতা:- হেৰেউ, ককায়েৰৰ পৰা কিবা এটা শিকচোন | চাৰিবছৰ আগতেই এটা কিনি দিছিলোঁ, এতিয়া ইলাষ্টিক ডাল হে বাকী আছেগৈ, তথাপিও কমপ্লেইন নাই ... তোৰ হে সদায় লাগে লাগে লাগে ...

পুতেক: - ##@@@$#@420#@$

by Changmai

Diploma আৰু আইতাক


আইতাকে হাতত পানীকেচুৱা এটা লৈ গাই আছে

"আমাৰে 'ডিপ্ল'মা' শুবয়ে বাৰিতে বগৰী ৰুব এ
বাৰীৰে বগৰী পকি সৰিলে আমাৰে 'ডিপ্লমা'য়ে বুটলি খাব "

--এনেতে ওচৰৰে এজনীয়ে শুনি মাত লগালে

"অৰি'.. ভূলকৈ কিয় গাইছে? 'ডিপ্লমা' নহয় 'মইনা' হে কিবা??

আইতাকে ক'লে-

নহয় ছোৱালীক দিল্লীলৈ পঠাইছিলো 'ডিপ্লমা' আনিবলৈ। আহোতে এইটো লৈ আহিছে....

by Ractim G

চাংমাই সংবাদম


কলিতা কলিতা কৰি থকাৰ কাৰণে মোৰ বিৰুদ্ধে হেনো কোনোবাই গৈ বাংলাদেশৰ ক’ৰ্টত গৈ গোচৰ তৰি দিছেগৈ | হায় হায়, সঁচা কথাবোৰ লিখোঁতেই ইমান অসন্তোষ; তেনেহ’লে আজি মিছা কথা এটা কে লিখি দিওঁ, সঁচা কৈ কি লাভ ? কলিতা নিলিখি চাংমাই বুলিয়েই লিখি দিওঁচোন | ;)

এই যে চাংমাই বোলা মানুহটো... (ম‍ই নহয় দেই), বৰ খকুৱা বুজিছে নে!!!
এনিটাইম খাওঁ খাওঁ কৈ থাকে | মানুহজনীয়ে আবদাৰ পূৰাই পূৰাই তত নাপায় | 

চাংমাইৰ আক’ কিবা খাবলৈ মন গ’লে লেনিয়াই মিঠাকৈ কোৱাৰ অভ্যাস এটা আছে | তাৰ দ্বাৰা দুটা কাম সমাধা হয়- মানুহজনীৰ মুডটো চেক কৰাও হয় আৰু বস্তুটো ডিমাণ্ড কৰাৰ নিচিনা নালাগি "অনুৰোধ/প্ৰাৰ্থনা" যেন হে দেখে |

এই ধৰক চাংমাইৰ খাবলৈ মন গ’ল গৰম গৰম তেলপিঠা...

চাংমাই:- হেৰা....... | ব.... হু... হু ... হু.... উ উ উ উ উ...ত দিন.....
মানুহজনী:- কি নো? 

এই "কি নো" টোৰ উষ্ণতাটো জুখিয়েই চাংমায়ে বাকীখিনি কথা কয় |
চাংমাই:- হে হে হে, মানে বহুত দিন ম‍ই গৰম গৰম তেলপিঠা, মৰমৰীয়াকৈ ভজা যে.... খোৱাই নাই অ’ ... (মূখখন দুখতে ওলোমাই দিয়ে) 
মানুহজনী:- (মিচিকিয়াই) ও আই, মোক ক’লেই হয়; এতিয়াই বনাই আছোঁ দেই :-)

পিছে যিদিনা মানুহজনীৰ মুড অফ থাকে সেইদিনাখন একা?

চাংমাই:- হেৰা....... | ব.... হু... হু ... হু.... উ উ উ উ উ...ত দিন.....
মানুহজনী:- (ঘোপাকৈ চাই) কি নো? কি হ’ল? কি বহুউউউ.....ত দিন ?

চাংমাই:- হে হে, মানে বহু-----ত দিন ম‍ই বাচন ধোৱা নাই অ’, ধুবলৈ বৰকে মন গৈ আছে ....

by Changmai

নিগনি আৰু হাতী


নিগনি : (হাতীক উদ্দেশ্যি)... ঐ তোৰ আন্দাৰপেন্টটো কেইদিনমানৰ কাৰণে দিবিনেকি ?
হাতী : .... হা হা হা হা .... কিয় ? তই পিন্ধিবিনেকি ? 
.......
.......
.......
.......
নিগনি : নহয় অ..... ডাঙৰ ছোৱালীজনীৰ বিয়া পাতিছো.... ! ৰভা দিব লাগে ...!

by Madhurjya Gogoi

মধুৰ মধুচন্দ্ৰিকা


মধুচন্দ্ৰিকাৰ নিশা-
পতি-পত্নীৰ কথোপকথন ।

ৰোমান্টিক মুডত পতি- "জান, তুমিয়েই মোৰ আশা, তুমিয়েই মোৰ মনমল্লিকা, তুমিয়েই মোৰ অপৰাজিতা, তুমিয়েই মোৰ ..."
.
.
.
.
.
.
.
.
.
.
.

পত্নীয়ে স্বামীক সাৱটি ধৰি ক'বলৈ ধৰিলে- "প্ৰিয়তম, আপুনিয়েই মোৰ গাঁঠিৰাম, আপুনিয়েই মোৰ নবীন, আপুনিয়েই মোৰ থুলুক..."

পতি- "$%^&*$%^$!"

by Bhaskarjyoti Das

বিবাহ বিচ্ছেদ


বিবাহ-বিচ্ছেদৰ আবেদন কৰিবলৈ ভলং উকীলৰ ওচৰলৈ গ’ল |

উকীল: - আৰ ইউ চিউৰ? কাৰণ বিচ্ছেদ হোৱাৰ পিছত কিন্তু আপোনাৰ পত্নীক প্ৰতিমাহে আধা দৰমহা দি থাকিব লাগিব !

ভলং: - তেনেহ’লে তো দেৰি কৰাৰ সকামেই নাই... এতিয়া দেখোন তেওঁ পূৰা দৰমহাকে ৰাখি থয়, পিছত কম চে কম আধাখিনি তো পাম... হুৱেৰ টু চাইন মাই চুইট নেম পিলিজ?

by Changmai