Gajari: the Best of Indian Jokes

January 31, 2014

টিভি কিনিবলৈ ওলাল চেং....

চেং :হৌৰা, এই টিভিটো কেইটকাত দিবা?

দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু নেবেচো!

চেং(এক মাহৰ পিছত দাৰি-চুলি কাটি একদম ফিটফিটিয়া হৈ) :হেৰা, এই টিভিটোৰ দাম কিমান?

দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু নেবেচো!

আকৌ এক মাহৰ পিছত চেং এইবাৰ ফৰ্মেল দ্ৰেছত দন্দায়মান...

চেং(ইংলিচত হে আকৌ) : হাউ মাছ ফৰ দিচ টিভি?

দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু নেবেচো!

ৰণচণ্ডীমূৰ্তি ধৰি চেং এইবাৰ গৰজি উঠিল...

"হৌৰা, বাৰে বাৰে তুমি মোক কেনেকৈ গাঁওলীয়া ভূত বুলি চিনি পোৱা হে?"

দোকানীঃ এইটোক মাইক্ৰৱেভ অভেন বুলি কয় ৰে গৰু!

- Anupam Medhi

গুলী মাৰিলেও নকওঁ: অসমীয়া কৌতুক

দত্তই ১ কোটি টকা আৰু বহুতো সোন চুৰি কৰি পলাই এজন বোবা মানুহৰ ঘৰত লুকাইছিল গৈ !

সেই ঘৰতেই সি টকা আৰু সোন ৰাখি বোবাজনক ক'লে “কাইলৈ নিমহি ” ।

দ্বিতীয় দিনা দত্তই সেই ঠাইলৈ গৈ দেখে যে তাৰ মালখিনি সি ৰখা ঠাইখিনিত নাই, তেতিয়া সি ঘৰৰ মালিক মানে বোবাজনক তাৰ মালৰ কথা সুধিলে । কিন্তু বোবাজনে এনেকুৱা ইঙ্গিত দিলে যে সি সেই বিষয়ে একোকে নাজানে !

ইয়াৰ পাচত দত্তই তাৰ বন্ধু কলিতাক আনিলে যাতে বোবা জনৰ ইংগিতৰ কথা বুজিব পাৰে ।

দত্তই তাৰ বন্ধুক ক'লে, “তাক ক্ .. মাল ক'ত ৰাখিছে, যদি নকয় গুলি কৰি মাৰি পেলাম” ।

বোবা মানুহজনে ভয়তে ইংগিতৰদ্বাৰাই জনালে, “ঘৰৰ পিছফালে যে আম গছজোপা আছে, তাৰ তলতে ৰাখিছে” !

দত্তই বুজিব নোৱাৰি তাৰ বন্ধু কলিতাক সুধিছে, “কি কৈছে বে'... এইটোৱে ?''

বন্ধু কলিতাই ক'লে, “কৈছে যে, গুলি মাৰ তথাপিও মই নকওঁ !!''


# দীপ জ্যোতি নাথ

ওকণি মৰা যন্ত্ৰ: Assamese Jokes

টি. ভি. ত বিজ্ঞাপন দিলে -

‘ওকণী মাৰা যন্ত্ৰ’, মাত্ৰ ১৯৯৯ টকাত ।
ফ্ৰী হোম ডেলিভাৰী ।
২০ বছৰৰ গেৰাণ্টী (যদিহে ব্যৱহাৰ নকৰে)।
লগতে ওকণী ধৰিবৰ বাবে এখন প্লাষ্টিকৰ মজবুত ফনী সম্পূর্ণ বিনামূল্যে ।

বিজ্ঞাপনটো দেখি চেংমাৰ প্ৰডাক্টটো পচণ্ড লাগিল । এনেই ‘মেগী’হেন চুলিখিনত বহুদিনৰে পৰাই ওকণীয়ে অত্যাচাৰ চলাই আছে ।

লগে-লগে চেংমাই নির্দিষ্ট ঠিকনাত মানী অর্ডাৰ যোগে ১৯৯৯ টকা আৰু নিজৰ নাম-ঠিকনা লিখি পঠিয়াই দিলে ।

কেইদিনমান পাছত এটা ডাঙৰ বাকচত ওকণী মাৰা যন্ত্ৰ চেংমাৰ ঘৰ পালেহি ।

বাকচটো ভিতৰলৈ নি আথে-বেথে খুলি দেখিলে তাত দুটা চেংগুটি খেলিব পৰা জোখৰ শিলগুটি, প্লাষ্টিকৰ পকেট ফনী এখন আৰু এখন কাগজৰ বাহিৰে অইন একো নাই !

কাগজখনত লিখা আছিল :-

‘‘এই ‘অত্যাধুনিক’ ওকণী মাৰা যন্ত্ৰ বিধ ১৯৯৯ টকা ভৰি অর্ডাৰ কৰাৰ বাবে ধন্যবাদ । বাকচটোত থকা ফনীখনেৰে নিজৰ মূৰৰ ওকণীবোৰ ধৰি আনি এটুকুৰা শিলত দি আন টুকুৰাৰে হেচা মাৰি নিধন কৰিব ! এই অত্যাধুনিক ‘ওকণী মাৰা যন্ত্ৰ’বিধ ব্যৱহাৰ কৰি আপুনি সুফল পাব বুলি আশা কৰিলো ।

বিঃ দ্ৰঃ - নকলৰ পৰা সাবধান ।

ধন্যবাদ !!’

- আকাশ জ্যোতি

December 11, 2013

পুনৰ দেবুদা... (অসমীয়া কৌতুক, Jokes from Assam)

অফিচত দেবুদাই বাদাম চোবাই চোবাই বহি আছিল|
তেনেতে লেণ্ডলাইন ফোনটো বাজি উঠিল|

দেবু দা: হেল্লো|
আনফালৰ পৰা চিন্তাজৰ্জৰিত মহিলাৰ কণ্ঠ: হেন্নো, জানা নে, মোৰ ইমান টেনছন হৈ আছে?

দেবুদা: কিয় নো?

মহিলা কন্ঠ: গোটেই ঘৰটো লেতেৰা হৈ আছে| কাপোৰ এগাল ধুবলৈ আছে| কিনিবলৈ আছে চাউল, আটা, পাচলি, মচলা, মাংস, মাছ| কামৱালী বাই জনীও নাহিল| আৰু সন্ধিয়ালৈ আহিব আলহী ৪ জন| টেনশ্যন নহ’ব নেকি?

দেবুদা: চিন্তা নকৰিবা| ম‍ই হাফ ছুটী লৈ ল’ম| আহোতে চব বজাৰ কৰি আনিম| আহি কাপোৰ ধুম, ঘৰ চাফা কৰিম| তুমি বহি টিভি চাই থাকিলেই হ’ল| আনকি তৰাকো ময়েই টিউছনলৈ লৈ যাম|

[Do not steal our jokes]

মহিলা: তৰা? তৰা কোন?

দেবুদা: আমাৰ বেটী আক’

মহিলা: এইটো ০৩৬১-২৫১২৩৪ হয় নে?

দেবু দা: এইটো ০৩৬১-২৫১২৩৫ হে হয়...

মহিলা: সেইবোৰ নাজানো, তুমি হাফ ছুটী লৈ জলদি আহি কাম খিনি কৰি পেলোৱা হি...

By Changmai

গাজা চুৰি আৰু গাজা চোৰ: অসমীয়া কৌতুকৰ চুৰি


[1]
এই বিষয়ে আগতে লিখা হৈ গৈছে, আলোচনাও হৈছে|
গাজাৰ মৌলিকতা লৈ, Authenticityক লৈও কথা বতৰা হৈছে|

এই ধৰক আজি গধূলিৰে পৰা ইনবক্সত তিনিজন বন্ধুৱে (সপ্তাহত তিনিবাৰমান এই গোচৰ বিধ পাওঁৱেই) বিভিন্ন গোটৰ লিংকৰ সতে গাজাৰী ডট কমৰ গাজা/কৌতুক বেলেগ গোটত আনে পোষ্ট কৰাটো পৰিলক্ষিত কৰোৱাইছে|

আজিকালি চোৰ ধৰাটো একেবাৰে উজু| কৌতুকটোৰ লাইন দুটা উঠাই গুগ’ল কৰি চাওক- গুগ’লে নিজেই দেখুৱাই দিব ক’ত ক’ত সেই পোষ্টটো আনে ব্যৱহাৰ কৰিছে| নিজেই আচৰিত হৈ যাওঁ, বিশেষ একোটা কৌতুক ফেচবুকৰ ৩-৬ টা গোটত মানুহে আমাৰ পৰা চুৰি কৰি বেলেগ বেলেগ নামেৰে পোষ্ট কৰি তালিয়াঁ লয়| আনকি দুই তিনিটা ব্ল’গ দেখা পাইছোঁ- য’ত হুবহু আমাৰ গাজা চুৰি কৰি পোষ্ট কৰে| তাৰে দুটাত Adsenseৰ বিজ্ঞাপনো আছে| মানে আমাৰ কষ্টৰে আনে টকাও ঘটিছে|

ফেচবুকৰ জনপ্ৰিয় গোট যেনে "ৰগৰ", ব্ল’গ যেনে axomiyajokes আদিত আমাৰ ব্ল’গ আৰু গোটৰ কৌতুক হুবহু ৰূপত বহুতে চুৰি কৰি পোষ্ট কৰা অনেক ৰাইজে দেখিবলৈ পাইছে|

এতিয়া আমি কি কৰিম?
গাজা লিখা বন্ধ কৰি দিম??
হাঁহিবলৈ বন্ধ কৰি দিম???

যি চোৰে চুৰি কৰি ক্ৰেডিট কণ দিয়াৰো সত্‍ সাহস নাৰাখে, তেওঁলোকক আৰু আমি কি ক’ম?

উদাহৰণ স্বৰূপে ধৰকচোন- চেংমা, দত্ত, দেবুদা, এইবোৰ লৈ তেওঁলোকে নো ক’ৰ পৰা কৌতুক লিখিবলৈ ধৰিলে? গতিকে Authenticityৰ টো কথাই নাহে|

চোৰে চোৰৰ কাম কৰক, আমি আমাৰ কাম কৰোঁ|

তেওঁলোকৰ কু-কাৰ্যৰ কাৰণে আমি ব্লাড প্ৰেছাৰ বঢ়াই হাঁহিবলৈ এৰি গোমোঠা মাৰি নাথাকোঁ|

[2]

একেবাৰে সৰল কথা: - আন গোটত কপি পেষ্ট হোৱা কৌতুক/ গাজা আৰু ডাইৰেক্ট অনুবাদিত কৌতুকৰ চাৰ্কুলেশ্যন হয়|

আৰু গাজাৰী ডট কমত গাজাৰীয়ান সকলে চিন্তা কৰি কৰি, মাথা মাৰি মাৰি, মাল-মছলা লগাই ধুনীয়া (হাহাপেনাডাডা) গাজাৰ সৃষ্টি কৰে যিবোৰ মৌলিক হয় বা মৌলিকতকৈও উত্তমম হয় আৰু সেইবোৰ ইয়াৰ পৰা চুৰি কৰি আনে আন গোট/ পেজত কপি- পেষ্ট কৰে|

[3]
গোট গোট আখৰেৰে লিখা আছে- Do not Copy without permission!

চোৰসকলক ঊদ্দ্যেশি: - আপোনাৰ মা দেউতাই মুঠেও বিচৰা নাছিল যে আপুনি এজন "চোৰ" হওক| বেজী চোৰো চোৰ, হাতী চোৰো চোৰ! গতিকে নিৰ্লজ্জৰ দৰে ইয়াৰ পৰা চুৰি কৰাৰ আগতে কথাষাৰ দুনাই ভাবিব|



*Assamese Jokes

November 12, 2013

Welcome to our Family.

মুড অফ?
জীৱনত বহুত দুখ আছে?
কষ্টবোৰে বিচাৰি বিচাৰি আপোনাকেই খেদা মাৰি আহে?
আপোনাৰ নিচিনা দুৰ্ভাগ্যবান প্ৰাণী পৃথিৱীতে নাই দৰে লাগে?
কোনেও আপোনাক ভালেই নাপায়, কোনেও মৰম নকৰে, কোনেই আদৰি নলয়?
কোনেও আথে বেথে আপোনাক নোসোধে- " কেনে আছা ভাই/ ভন্টী/ বন্ধু?"

আৰে, হাম হেই না!!!

এট গাজাৰী ডট কম, ইউ আৰ এ পাৰ্ট অব দা বিগ হেপ্পী ফেমিলী, হুৱেৰ পিপো’ল উইল মে’ক ইউ স্মাইল এণ্ড লাফ ফ’ৰ ফ্ৰী!

বিনা কাৰণত মানুহে আজিকালি ৫০ প‍ইচা এটাও নিদিয়ে|
এই পৰিয়ালত আপুনি বিনামূল্যেই পাইছে- হাঁহি, লাইক, ক’মেন্ট, মিতিৰালি, ধিতিঙালি, কামোৰ, ফুচুৰি, গাজা, ৰস, আমোদ, ইনফ’ৰমেশ্যন, দৰ্শন, ফটোশ্বপ’ৰ কাৰচাজি, বাৰ্থ-ডে কে’ক আৰু যে কত কি?

দেৰি কিহৰ?
আপোন কৰি লওক এই পৰিয়ালক|

আকোঁৱালি লওক দুহাত মেলি সকলো কপট-কলুষতা-বেজাৰ পাহৰি...

JOIN US


[ The best Assamese Blog, The Best Assamese Jokes at One place] 

November 07, 2013

Dutta's বিজনেচ

আমাৰ দত্তৰ মন বেয়া ৷
চেং দিল্লীগৈ পইছা কমাই ফূৰ্টি কৰি ঘূৰিছে আৰু দত্তই সদায় চেম অফিচ, চেম কাম, চেম বচৰ গালি বোৰ হৈগৈছে আৰু ৷ পেপচিৰ পাৰ্টিত কথাটো স্থান পালে ৷ কলিতাই বুদ্ধি দিলে বাহিৰলৈ বিজনিচ কৰিবলৈ ৷ কাৰন বিজনিচ বোলে তেমাম লাভ ৷ কিন্তু কৰিব কি দত্তৰ প্ৰশ্ন? কলিতা ওচৰত মাতি কাণত ফুচফুচাই কিবা কলে ৷ কথাটো শুনি দত্তৰ মূখত হাহি বিৰিঙিল ৷ ভবা মতে কাম পিচদিনাই দত্ত ট্ৰেইন ধৰি Punjab পালেগৈ বিজনিচৰ বাবে ৷ দত্ত ভী খুছ কলিতা ফিলং প্ৰাউদ ৷
কাহিনীটো খতম ...................

ও ৰৱ ৰৱ কি বা হল দত্তচোন তিনিমাহতে ঘূৰি আহিল ৷বম ফ্লপ মাৰিলে বোলে বিজনেচ বহুত লোকচান হল ৷ দত্তই কলিতাক মাতবোলও নকৰা হল ৷ কলিতাৰ কথা ওলালে গালি পাৰে ৷ কলিতাৰো গাত কিনো ভূল কলিতাচোন দত্তক ভাল আইদিয়া দিছিল ৷ কলিতাই দত্তক Punjab গৈ চেলুন খুলিব দিছিল ৷

দেৱা ৰে দেৱা !!!

By কালু দি কলা কুকুৰ