Gajari: the Best of Indian Jokes

September 30, 2016

চাহপাতৰ কেছ

আমাৰ ৰিন্টুদাৰ ঘৰৰ কেছ৷
ৰিন্টুদা ছুটিত আছেহি ঘৰত। প্ৰায় এমাহেই হ'ল৷

যোৱা কালি বৌৰ গা বেয়া হ'ল| এতিয়া ভাত বনোৱা চাহ বনোৱা কাপোৰ ধোৱা... ৰিন্টুদাই কৰিব লগা হৈছে| উপায় নাই, এনেই নবনায় বাৰু ঘৰত থাকিলে ৰজাৰ দৰে থাকে ( সেইবুলি ৰিন্টু দাই কয় )||

তেওঁ চাহ বনাবলৈ গৈ পাকঘৰৰ পৰা চিঞৰিছে, "হেৰা, চাহপাত ক'ত থৈছা? বিচাৰি পোৱা নাই।"
বৌৰ উত্তৰ, "অকণমান বস্তু এটাও বিচাৰি ল'ব নেজানা, ৰহৰ দাইল ৰখা বৈয়ামটো যে দেখিছা।

ৰিন্টুদা: অঁ দেখিছো

বৌ : তাৰ ওপৰত এটা ডালডাৰ টেমা আছে,

ৰিন্টুদা: অঁ আছে কিন্তু মোক চাহপাত হে লাগে ।

বৌ: টেমাটোৰ বাহিৰ ফালে মই 'চেনি' বুলি এটা লেবেল মাৰি থৈছো, সেইটোতে চাহপাত আছে...

- Hirak J G

হাতীৰ সমান বল

ৰাতি চচাৰ টোপনি ধৰো ধৰো অৱস্থাত বিচনাৰ কাষতে হঠাতে গাজাৰী দেৱতাৰ আবিৰ্ভাৱ হ'ল । হাতত দুটা গিফ্ট বক্স । এটা সৰু, এটা ডাঙৰ ।

গাজাৰী দেৱতা - "চচা বোপা , তুমি খোৱা বোৱা বাদ দি, নিজৰ নেট পেক খৰচ কৰি, নিজৰ চেনিমাই জনীকো ইগ্নৰ মাৰি গাজাৰীৰ নামত ৰাতি ৰাতি উজাগৰে থাকি যি অক্লান্ত সেৱা আগবঢ়াইছা তাত খুচ হৈ মই তোমাক কিবা এটা গিফ্টাবলে আহিছোঁ । যি খাই তোমাৰ গাত হাতীৰ সমান বল আহি যাব । কোৱা কোনটো দিম?"

চচা অলপ সময়ৰ বাবে কনফিউজিয়াই গ'ল । কোনটো ল’লে বেছি লাভ হ'ব ?

তেওঁ প্ৰভুক কোনটোত কি আছে ক'বলৈ খাটনি ধৰিলে ।

প্ৰভুৰ চিধা উত্তৰ - "ন’ ৱে!"

চচাও নাচোৰবান্দা । কিবা এটা হ'লেও হিন্ট্ লাগে । উপায়ন্তৰ হৈ প্ৰভুৱে সৰু বক্সটো অলপ খুলি দেখুৱালে । ব্ৰেণ্ডেদ ভালুক এটা।
চচাৰ দিল গাৰ্ডেন গাৰ্ডেন।
সৰুটোত এটা যেতিয়া ডাঙৰটোত নিশ্চয় এক কাৰ্টন ভালুক হ'ব ।
এসপ্তাহ মষ্টি মাৰি খাব পাৰিব । সি ডাঙৰটো খুজি ৰাখিলে।
গিফ্টাই উঠিয়ে প্ৰভু ভেনিচাই গ'ল।
আৰু চচাই ৰংগমনে বক্স খোলাত লাগিল।

পিছে এয়া কি? ...বক্সৰ ভিতৰত আৰু এটা বক্স , তাৰে ভিতৰত আৰু এটা বক্স... এনেদৰে চাৰি পাঁচটা বক্স খোলাৰ অন্তত ভিতৰত এটা কল আৰু এখন কাগজৰ টুকুৰা পালে ।

তাত লিখা আছিল - "কল কল কল... কল খালে গাত হয় হাতীৰ সমান বল।"

- Chandana

সুখৰ আঁৰৰ ৰহস্য

আজি আমাৰ গাজাৰীৰ শেঠ ৰিন্টুমণিৰ বিবাহবাৰ্ষিকী। ৰিন্টুৱে নিজেই স্বীকাৰ কৰিছে বিয়াৰ অতবছৰৰ পাছতো কেনেকৈ সংসাৰ অতি সুখৰ হৈ আছে। আজি আমাৰ সাংবাদিকে এইবিষয়ত তেওঁক প্ৰশ্ন কৰাত তেওঁ সুখৰ সংসাৰৰ মূলমন্ত্ৰ দুটি ফাদিল কৰে।
সেইদুটা হ'ল:
.
.
১) চিৰিমতীয়ে যেতিয়া কথা কৈ থাকে, সি মাজতে কেতিয়াও নামাতে।
২) চিৰিমতী যেতিয়া নিমাতে থাকে, সি কেতিয়াও নিজে কথা নকয়।

- Utpala in Assamese Jokes

তালিকে লিখা গাজাৰী পদ্য


জয় গোবিন্দম জয় গোপালম
জয় গোৱিন্দম জয় গোপালম

অৰে ৰে ৰে ৰে ই ই ই এ এ এ
জয় গোবিন্দম জয় গোপালম
স্বৰ্গত আছে বোলে কোটি দেৱতা,
গাজাৰী ডট কমো নহয় অবলা?
জয় গোবিন্দম জয় গোপালম
জয় গোবিন্দম জয় গোপালম
হেডমিন আছে শান্তনু চাংমাই,
হাহি নুঠা জুক লিখি পৃথিৱী কপায়।
দীপাংক বুলি এক এডমিন আছে, এ এ এ
গাজাৰীত কোনেও নেদেখে পাছে।
আৰু এক আছে ননজিত ডেকা,
বিয়া নেপাতোতেই কঁকাল বেঁকা।
হিৰ' তেও সকলো বৰলা জুকৰ,
খানা বনোৱাত কিন্তু নহয় ফক্কৰ।
চচাংক বুলি যি পোৱালী এডমিন,
চেন্টি দি দি কন্দুৱাই প্ৰতিদিন।
জয় গোবিন্দম জয় গোপালম
জয় গোবিন্দম জয় গোপালম
আৰু আছে এক বিজয় মহন্ত,
ধদুৱামিৰে কপাই দিগন্ত।
ভাষ্কো ডা গামা নামে আছে সাধু,
জুকৰ নামত লিখে কঁঠালৰ বাদু।
হীৰক নামেৰে আছে যি গুৰু, উ উ উ উ
হেমকোষকে কোবাই লৈ লৰু!
আৰু আছে কেইজন কাশ্যপ নাম লৈ,
খেলি মেলি লাগি যায় কোনজন কোন হয়!
ৰিণ্টুমণি নামে এক শেঠজী আছে
খাৰুৱা তেলতে কাৱৈ মাছ ভাজে।

মনজিত, সৌগত, দুলু আৰু প্লাৱন,
অপু, বাবলু, হিতেশ এণ্ড তপন,
ধুৰ্যটি, কমলেশ, জ্যোতি, হেমন্ত
কিশোৰ, শীৰ্ষ, ত্ৰিদিপ, নীলপদ্ম!
চিদদা, ৰিয়ান ভাই, বৰুৱা ভাষ্কৰ,
দম যদি আছে প্ৰবীণক দি চোৱা তক্কৰ।..হৰি ঔম!!
জুই ভাই নামে আছে যিজন গাজাৰী,
হাতীৰ টিকাত মাৰে তৰাৰ ফৰ্মুটি।

শান্তনু কৌশিক বুলি আছে মহামুণি,
সপ্তাহত তিনিবাৰ খাই মাণিমুণি।
আৰু আছে বহি হেজাৰ তিনি,
খবৰ লাগে যদি লোৱা তুমি কিনি!
জয় গোবিন্দম জয় গোপালম
জয় গোবিন্দম জয় গোপালম!! হৰি ঔম....
এইখিনি আছিল কেঁচা গাজাৰী, ঈঈঈঈঈঈঈঈ
পকা গাজাৰী হয় হেনো নাৰী ....
জয় গোবিন্দম জয় গোপালম
জয় গোবিন্দম জয় গোপালম!!

নী আৰু তা বুলি আ‍ছে দুই ভনী,
দুয়ু মিলি হয় হেনো নীতা অম্বানি।
হুটপলা নামৰ মহা উকীলনী,
গাজা লিখে পিছে নহয় জমনি।
মেঘা আলী নামে আছে চেলিব্ৰিটি,
লাইক নেমাৰিলে বহলাই পিঠি।
চন্দনা, তৃষ্ণা, আৰু প্ৰণীতা, মৌচুমী,
পল্লৱী অজন্তা কুক..কুক..কুকি।
মণিমালা নামে যি আছে মহাৰাণী, ঈঈঈঈঈঈঈঈ!
কুনকুনি বাইদেৱে কৰি দিয়ে পানী।
এই সকলোৰে এটাই প্ৰব্লেম, অ অ অ অ!
লাইক কমেণ্টৰ সকলো ভক্তম!!
জয় গোবিন্দম জয় গোপালম
আৰে বম বম নাচে তালিক কুমাৰম ...
বম বম বাকু... বম বম বাকু ....বম বম বাকু....

বি. দ্ৰ. :- লাষ্ট পোষ্ট কেইটাত যাৰ নাম নেদেখিলো, তেওলোকৰ কথা নিলিখিলো। 
প্লীজ ব্লেম ইট অন মিশ্ৰণকৰ্তাৰ গৌৰৱ।

Abhijit Kalita

"শিলিখাৰ মায়া ....."

আমাৰ অভিজিত দাদাই পাটীগণিত আৰু কুঁহিপাঠ পঢ়াৰ সময়ৰ কথা ৷ দাদাই পঢ়া প্ৰাথমিক বিদ্যালয় খনৰ চৌহদত আছিল এজোপা ধুনীয়া শিলিখা ৷ বিদ্যালয়ৰ প্ৰাৰ্থনা কৰি উঠি লৰালৰিকৈ সৰি থকা শিলিখা পেন্টত এজেপ ভৰাই লয় ৷ পানীখোৱা ছুটিলৈকে নিজেও খায় আৰু আনকো বিলাই দুই এটা থাকিও যায়গৈ ৷

এদিনা শ্ৰেণীত কনকেশ্বৰ ছাৰে সকলোকে এটা প্ৰাকৃতিক দৃশ্য পাহাৰ, নদী, চৰাই, গছ, বন আঁকিবলৈ দি "আহি চামহি" বুলি কৈ শ্ৰেণীকোঠাৰ পৰা ওলাই গ'ল ৷
তেনেতে আগৰ বেঞ্চত বহা শ্ৰেণীটোৰে সকলোতকৈ ধুনীয়া বুলি নাম থকা ছোৱালীজনীয়ে পিছলৈ ঘুৰি আমাৰ দাদাক সুধিলে - "তোমাৰ ওচৰত শিলিখা আছে নিকি এটা দিয়াচোন !"

ঘপককৈ আমাৰ দাদাই ছবি অঁকা পেঞ্চিল ডাল হাতত লৈয়ে শিলিখা উলিয়াবলৈ পেন্টৰ জেপত হাত ভৰালে ৷ জেপৰ ভিতৰৰ পাতল কাপোৰখন পেঞ্চিলৰ জোঙা আগটোৰে ভেদি গাৰ ছালত খোঁচ বহাই ৰঙা কৰি দিলে যদিও আমাৰ দাদাই আস্ বুলি মুখত মাত আহিবলৈকে নিদিলে ৷

"এইটো লোৱা" বুলি নিমজ ধুনীয়া শিলিখাটো আগবঢ়াই দিলে ৷ ছোৱালীজনীয়ে মিচিকি হাঁহি এটিৰে শিলিখাটো হাতত ল'লে৷

সেইদিন ধৰি আমাৰ দাদাই নিমজ ধুনীয়া মঙহাল চাই ভালৰ ভালটো বাচি হে শিলিখা জেপত থোৱা হ'ল ৷ মনত অপাৰ আশা- শিলিখা এটা খোজক ৷ কিন্তু দুখৰ কথা এসপ্তাহৰ পাছতে ছোৱালীজনী চহৰৰ নামী বিদ্যালয়লৈ বদলি হৈ গুছি গ'ল ৷ পিছে শিলিখাৰ প্ৰতি আমাৰ দাদাৰ মনত মায়া লগাই থৈ গ'ল ৷ আজিও আমাৰ দাদাই পেন্টৰ জেপত নিমজ ধুনীয়া শিলিখা এটা হ'লেও লৈ ফুৰে ৷
আমাৰ দাদাৰ মনৰ আশা, কিজানিবা কেতিয়াবা ক'ৰবাত এই প্ৰশ্নটোৰ সন্মুখীন হোৱাৰ শুভক্ষণ আহেই - "তোমাৰ ওচৰত শিলিখা আছে নিকি এটা দিয়াছোন ...."

- Tapan Neog

কথা সাধু


কথা সাধু:

এখন দেশত এজন ৰজা আছিল ৷ ৰজাই ৰাজ্যত ঢোল পিটি আদেশ দিলে যে কোনে কিমান ভাল গাজা লিখি তেওক আপ্যায়িত কৰিব তাকে পুৰস্কৃত কৰিব ৷

বহু গাজাৰী আহিল আৰু নিজৰ নিজৰ জুকচ বোৰ এটাৰ পিচত এটাকৈ শুনাব ধৰিলে কিন্তু ৰজাৰ পচন্দ নহল ৷
শেষত ৰজাই ব'ৰ হৈ কলে যে লটাৰী কৰি তিনিটা চিলেক্ট কৰা হব ৷ আৰু চিলেক্টেড জুকটো যদি ব'ৰিং হয় তেওক পোতাশাললৈ প্ৰেৰণ কৰা হব ৷ কথা শুনি সকলোৱে ভয়তে নিজৰ নিজৰ নাম Withdraw কৰিলে ৷
কেৱল এজনে নকৰাকৈ কনফিডেন্টলি থাকি গ'ল ৷ সেইজন ব্যক্তি আছিল আমাৰ ডি ৱান এণ্ড অনলি হিমু কাই!

এতিয়া জুকটো শুনা:

হিমুকাইৰ ল'ৰাই স্কুলৰ ৰিপ'ৰ্ট কাৰ্ড আনি বাপেকক দি কলে- "দেটা, চাইন কৰি দে ৷"

হিমুকাই অলপ দেৰি চাই লিৰিকি বিদাৰি কলে - "মোৰ বুঢা আঙুলি টোত অলপ চিয়াহী লগা৷"

"কিন্তু দেটা, তইটো পঢ়া শুনা কৰা মানুহ, টিপ চহী কিয় মাৰিছ?"

হিমুকাইয়ে এটা হুমনিয়াহ কাঢ়ি কলে - "সেই কাৰনেই মাৰিছো যাতে তোৰ নম্বৰ চাই মাষ্টৰে ভাবিবই নোৱাৰে যে তোৰ বাপেৰও পঢা শুনা কৰিছিলে ৷"

****
হিমুকাই পোতাশাল গল নে জিন্দা থাকিল সেই বিষয়ে বুৰঞ্জীবিদ সকল নিমাত৷

Hemanta Kakati